সমললৈ যাওক

প্ৰপঞ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰপঞ্চৰ এটা দৃশ্যত সুলোচনা
পৰিচালক মধুকৰ পাঠক
চিত্ৰনাট্য জি ডি মাদগুলকৰ
কাহিনী জি ডি মাদগুলকৰ
প্ৰযোজক গোবিন্দ ঘানেকৰ
অভিনয়ত
  • সুলোচনা (পাৰো কুম্ভৰ)
  • সীমা দেও (চম্পা)
  • শ্ৰীকান্ত মোঘে (শংকৰ কুম্ভৰ)
  • অমৰ শেখ (দেৱ কুম্ভৰ)
চিত্ৰগ্ৰহণকাৰী কে বি কামাত ঘানেকৰ
সম্পাদনা ভানুদাস দিবেকৰ
সংগীত পৰিচালক সুধীৰ ফাড়কে
প্ৰযোজনা
কোম্পানী
ইণ্ডিয়ান নেচনেল পিকচাৰ্ছ
মুক্তি
৭ আগষ্ট ১৯৬১ (1961-08-07)
দৈৰ্ঘ্য
১০০ মিনিট
দেশ ভাৰত
ভাষা মাৰাঠী

প্ৰপঞ্চ (ইংৰাজী: Prapanch ) ১৯৬১ চনৰ মধুকৰ পাঠকৰ দ্বাৰা পৰিচালিত আৰু ইণ্ডিয়ান নেচনেল পিকচাৰ্ছৰ দ্বাৰা প্ৰযোজিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন পাৰিবাৰিক নাট্যধৰ্মী ছবি।[1] ইয়াত সুলোচনা, শ্ৰীকান্ত মোঘে, সীমা দেও, কুসুম দেশপাণ্ডে, অমৰ শেখে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[2] প্ৰপঞ্চে নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে সৰ্বভাৰতীয় স্তৰত চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।[3] এই ছবিখনে প্ৰথম মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাতো শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ সন্মান পায়।[4]

দেৱ কুম্ভৰ আৰু তেওঁৰ পত্নী পাৰুৰ এগাল ল’ৰা-ছোৱালী। বৃত্তিত দেৱ এজন কুমাৰ। কিন্তু তেওঁৰ সীমিত অৰ্জনেৰে পৰিয়াল চলাব নোৱাৰে। মূৰৰ ওপৰত অজস্ৰ ধাৰ। ইতিমধ্যে দেৱৰ মৰমৰ ভায়েক শংকৰে প্ৰশিক্ষণ লৈ আহি পাত্ৰ তৈয়াৰ কৰা এটা আধুনিক কাৰখানা তৈয়াৰ কৰিবলৈ প্ৰস্তুতি চলায়। তাৰবাবে তেওঁ ভালেমান টকা-পইচাও গোটায়। শংকৰেই দেৱ আৰু পাৰুৰ আশা-ভৰষাৰ স্থল। কিন্তু গাঁওৰ ধন ধাৰে দিয়া মহাজনে শংকৰৰ পৰিকল্পনাৰ কথা গম পাই মামলা কৰি কাৰখানা স্থাপন কৰিবলৈ সংগ্ৰহ কৰা সকলো ধন হস্তগত কৰে। সেই দুখত দেৱৰো মৃত্যু হয়।[5]

শংকৰে এই সমগ্ৰ পৰিস্থিতিক সাহসেৰে মোকাবিলা কৰিবলৈ প্ৰস্তুত হয়। ইতিমধ্যে গাঁৱৰে ছোৱালী চম্পাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কও সমাপ্তিৰ দিশলৈ গতি কৰে। পাৰোই উপলব্ধি কৰে যে তেওঁ শংকৰৰ ওপৰত বোজা হৈ থকাটো অন্যায়। সেয়েহে তেওঁ ল’ৰা-ছোৱালীকেইটা লৈ বোম্বাইলৈ গুছি যায়। তাতো তেওঁ এক কঠিন পৰিস্থিতিৰ সন্মুখীন হয়; দুটা সন্তান অধঃপাতে যায়, দুটাৰ মৃত্যু হয়। এদিন পাৰোই এজন সমাজকৰ্মীয়ে পৰিয়াল নিয়ন্ত্ৰণৰ সুফল আৰু প্ৰয়োজনীয়তাৰ বিষয়ে কৈ থকা শুনে। তেওঁ উপলব্ধি কৰে যে এই বাৰ্তা যদি আগতেই পালেহেঁতেন, তেন্তে জীৱনত ইমানখিনি যন্ত্ৰনা নাপালেহেঁতেন। তেওঁ সংকল্প লয় যে জীৱনৰ বাকীচোৱা দিন পৰিয়াল পৰিকল্পনাৰ এই বাৰ্তা তেওঁ জনসাধাৰণৰ মাজলৈ কঢ়িয়াই লৈ যাব।[5]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • সুলোচনা (পাৰো কুম্ভৰ)
  • সীমা দেও (চম্পা)
  • শ্ৰীকান্ত মোঘে (শংকৰ কুম্ভৰ)
  • অমৰ শেখ (দেৱ কুম্ভৰ)
  • কুসুম দেশপাণ্ডে
  • আশা ভেণ্ডে
  • জয়ন্ত ধৰ্মধিকাৰী
  • প্ৰভাকৰ মজুমদাৰ
  • বাপু সালভি
  • বাবুৰাও আঠানে
  • বালকোবা গোখলে
নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬১)
  • তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট)[5]
প্ৰথম মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ পৰিচালক- মধুকৰ পাঠক
  • শ্ৰেষ্ঠ অভিনেত্ৰী- সুলোচনা
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- কুসুম দেশপাণ্ডে
  • শ্ৰেষ্ঠ সংগীত পৰিচালক- সুধীৰ ফাড়কে
  • শ্ৰেষ্ঠ গীতিকাৰ- জি ডি মদগুলকৰ

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "प्रपंच" (en-US ভাষাত). मराठी चित्रपट सूची. https://www.marathifilmdata.com/chitrapat/prapanch/। আহৰণ কৰা হৈছে: 2024-10-28. 
  2. "Prapanch Movie: Showtimes, Review, Songs, Trailer, Posters, News & Videos | eTimes" (en ভাষাত). timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/entertainment/marathi/movie-details/prapanch/amp_movieshow/67641870.cms?amp_gsa=1&amp_js_v=a9&usqp=mq331AQIUAKwASCAAgM=#amp_tf=From%20%251$s&aoh=17301038224946&referrer=https://www.google.com&ampshare=https://timesofindia.indiatimes.com/entertainment/marathi/movie-details/prapanch/movieshow/67641870.cms। আহৰণ কৰা হৈছে: 2024-10-28. 
  3. "Directorate of Film Festival". 2016-12-02. Archived from the original on 2016-12-02. https://web.archive.org/web/20161202115652/http://iffi.nic.in/Dff2011/Frm9thNFAAward.aspx। আহৰণ কৰা হৈছে: 2024-10-28. 
  4. सुधीर वासुदेव नांदगावकर, चैतन्य कुंटे (2014). शिल्पकार चरित्रकोश खंड ७ – चित्रपट, संगीत. https://archive.org/details/20190823_20190823_0935. 
  5. 5.0 5.1 5.2 "State Awards for films". https://www.dff.nic.in/images/Documents/105_9thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 13-10-2019. "State Awards for films". https://www.dff.nic.in/images/Documents/105_9thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 13-10-2019. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]