সমললৈ যাওক

প্ৰফুল্ল চন্দ্ৰ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰফুল্ল চন্দ্ৰ বৰা
জন্ম ২০ আগষ্ট, ১৯৪৩চন
নাহৰণি, অসম
মৃত্যু ১ এপ্ৰিল, ২০১৫ চন
পেচা গল্পকাৰ, নিবন্ধকাৰ, ঔপন্যাসিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

প্ৰফুল্ল চন্দ্ৰ বৰা (ইংৰাজী: Prafulla Chandra Bora;১৯৪৩-২০১৫) আছিল এজন দায়বদ্ধ আৰু সমাজ সচেতন ব্যক্তি। তেওঁ একাধাৰে গল্পকাৰ, নিবন্ধকাৰ, ঔপন্যাসিক আৰু সফল জীৱনীকাৰ আছিল।

প্ৰফুল্ল চন্দ্ৰ বৰাৰ জন্ম হৈছিল ১৯৪৩ চনৰ ২০ আগষ্ট তাৰিখে নাহৰণিৰ পাচনি বৰাগাঁৱত। [1]


কৰ্মজীৱন

[সম্পাদনা কৰক]

নাহৰণি হাইস্কুলৰ শিক্ষক ৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ইয়াৰ পিছত দেৰগাঁৱৰ সংস্কৃত বিদ্যালয়ত অলপ দিন শিক্ষকতা কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগদান কৰে। শেষত দেৰগাঁৱৰ কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ গোলাঘাট জিলা সাহিত্য সভাৰ দুবছৰ সভাপতি আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰূপে দায়িত্ব পালন কৰিছিল।


সাহিত্যৰাজি

[সম্পাদনা কৰক]

চুটিগল্প সংকলন

[সম্পাদনা কৰক]
  • সোঁত সলনি হৈছে
  • মোৰ দাপোনত
  • ৰং সনা মানুহৰ ৰং
  • ডালিম পুখুৰীৰ সংকেত
  • মৃত্যুহীন পৰিধি
  • জোনাকৰ অভিষেক
  • তাত নদী আছিল
  • আত্ম-প্ৰকৃতি

উপন্যাস

[সম্পাদনা কৰক]
  • সুৰীয়া শব্দৰ মায়া
  • সুৱাগমণি
  • ছত্ৰভংগ
  • ভোগদৈ বালিৰ জোনাক
  • কন্যা
  • নৱজীৱনৰ পদধ্বনি
  • ছাঁ আৰু পোহৰত

জীৱনী গ্ৰন্থ

[সম্পাদনা কৰক]

সমালোচনামূলক গ্ৰন্থ

[সম্পাদনা কৰক]
  • অসমীয়া সাহিত্য : আধুনিক যুগ
  • ধলফাঁট-ধলপুৱা-দোকমোকালি- কাহিলিপুৱা


সম্পাদনা গ্ৰন্থ

[সম্পাদনা কৰক]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

অসমীয়া সাহিত্যৰ এইজনা স্বনামধন্য ব্যক্তিয়ে মগজুৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ২০১৫ চনৰ ১ এপ্ৰিল তাৰিখে মৃত্যুক সাৱটি লয়।।[2]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. নৰ্থ লখিমপুৰ কলেজ আলোচনী, জ্যোতিষ্মান দাস(সম্পাদক), দ্বিপঞ্চাশত্তম সংখ্যা, ২০১৪-২০১৫ বৰ্ষ, পৃষ্ঠা নং: ৪৩
  2. নৰ্থ লখিমপুৰ কলেজ আলোচনী, জ্যোতিষ্মান দাস (সম্পাদক), দ্বিপঞ্চাশত্তম সংখ্যা, ২০১৪-২০১৫ বৰ্ষ,পৃষ্ঠা নং:৪৩