সমললৈ যাওক

প্ৰফুল্ল চাকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰফুল্ল চন্দ্ৰ চাকী
স্থানীয় নাম প্ৰফুল্ল চন্দ্ৰ চাকী
জন্ম প্ৰফুল্ল চাকী
১০ ডিচেম্বৰ, ১৮৮৮
বগুড়া, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান ৰাজশাহী, বাংলাদেশ)
মৃত্যু ২ মে', ১৯০৮ (১৯ বছৰ)
মোকামা, পাটনা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান বিহাৰ, ভাৰত)
পেচা ভাৰতৰ স্বাধীনতা সংগ্ৰামী
সংস্থা যুগান্তৰ
জনা যায় ভাৰতীয় স্বাধীনতা সংগ্ৰামত ভূমিকা
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন

প্ৰফুল্ল চন্দ্ৰ চাকী // ( শুনক) (ইংৰাজী: Prafulla Chandra Chaki) (১০ ডিচেম্বৰ ১৮৮৮ – ২ মেʼ ১৯০৮) ওৰফে দীনেশ চন্দ্ৰ ৰায়, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতৰ স্বাধীনতা নিশ্চিত কৰাৰ প্ৰয়াসত ব্ৰিটিছ ঔপনিৱেশিক বিষয়াৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱা যুগান্তৰ বিপ্লৱী গোটৰ সৈতে জড়িত হৈ আছিল।

প্ৰফুল্ল আৰু ক্ষুদিৰাম বসুৱে জিলা ন্যায়াধীশ মিষ্টাৰ ডগলাছ কিংছফৰ্ডক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে কিংছফৰ্ডে যাত্ৰা কৰা বুলি ভবা গাড়ী এখনত বোমা নিক্ষেপ কৰিছিল, কিন্তু আচলতে তেওঁ গাড়ীখনত নাছিল আৰু তাৰ পৰিৱৰ্তে দুগৰাকী ব্ৰিটিছ মহিলাৰহে মৃত্যু হৈছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ ওলোৱাৰ সময়তে প্ৰফুল্লই আত্মহত্যা কৰিছিল। ইফালে ক্ষুদিৰামক গ্ৰেপ্তাৰ কৰি মহিলা দুগৰাকীৰ হত্যাৰ গোচৰত বিচাৰ কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।[1][2] মহাত্মা গান্ধীয়ে এই হিংসাক ধিক্কাৰ দি মহিলা দুগৰাকীৰ মৃত্যুৰ বাবে অনুশোচনা কৰিছিল। তেওঁ কয় যে "এই পদ্ধতিসমূহৰ জৰিয়তে ভাৰতীয় জনসাধাৰণে স্বাধীনতা লাভ নকৰে।" [3][4][5][6] কিন্তু বাল গংগাধৰ তিলকে তেওঁৰ কেসৰী কাকতত, যুৱক দুজনক ৰক্ষা কৰি তাৎক্ষণিকভাৱে স্বৰাজৰ আহ্বান জনাইছিল। ইয়াৰ পিছতে ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে দেশদ্ৰোহৰ অভিযোগত তিলককো গ্ৰেপ্তাৰ কৰিছিল।[7]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৮৮৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে, তদানীন্তন বেংগল প্ৰেচিডেঞ্চি (বৰ্তমানৰ বাংলাদেশ)ৰ বগুড়া জিলাৰ বিহাৰ নামৰ গাঁও এখনত প্ৰফুল্ল চন্দ্ৰ চাকীৰ জন্ম হৈছিল।[8] তেওঁৰ পিতৃৰ নাম আছিল ৰাজনাৰায়ণ চাকী আৰু মাতৃৰ নাম আছিল স্বৰ্ণময়ী দেৱী। ৰাজনাৰায়ণৰ পূৰ্বপুৰুষ প্ৰাণকৃষ্ণ চাকী (তেওঁৰ ককা) চাঁচকীয়াৰ বাসিন্দা আছিল। তেওঁ পৰিয়ালটোৰ পঞ্চম সন্তান আছিল। তেওঁৰ পিতৃ ৰাজনাৰায়ণ আছিল নগৰ ৰাজ্যৰ এগৰাকী কৰ্মচাৰী। নমুজা জনদা প্ৰসাদ ইংৰাজী বিদ্যালয় নামৰ বগুড়াৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনত তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰিছিল। প্ৰাথমিক শিক্ষা সমাপ্ত কৰি তেওঁ ককায়েক প্ৰতাপ চন্দ্ৰ চাকীৰ সৈতে ৰংপুৰলৈ যায়। ককায়েক প্ৰতাপৰ শহুৰেক ৰংপুৰৰ এগৰাকী সুনামধন্য ব্যক্তি আছিল। পূব বংগৰ আইন উলংঘা কৰি ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ-কাৰ্যসূচীত অংশ লোৱাৰ বাবে তেওঁক ৰংপুৰ জিলা বিদ্যালয়ৰ নৱম শ্ৰেণীৰপৰা বহিষ্কাৰ কৰা হৈছিল। ইয়াৰ পিছত তেওঁ ৰংপুৰ জাতীয় বিদ্যালয়ত যোগদান কৰিছিল যʼত তেওঁ বিপ্লৱীসকলৰ সংস্পৰ্শলৈ আহি বিপ্লৱী দৰ্শনৰ বিশ্বাসী আৰু সাধক হৈ পৰে।[9]

বিপ্লৱী কাৰ্যকলাপ

[সম্পাদনা কৰক]

বৰিণ ঘোষে প্ৰফুল্লক কলিকতালৈ আনিছিল আৰু তেওঁক যুগান্তৰ দলত নামভৰ্তি কৰা হৈছিল। তেওঁৰ প্ৰথম এচাইনমেণ্ট আছিল পূব বংগ আৰু অসমৰ নামৰ নতুন প্ৰদেশখনৰ প্ৰথম লেফটেনেণ্ট গৱৰ্ণৰ ছাৰ জোচেফ বেম্পফাইল্ড ফুলাৰ (১৮৫৪-১৯৩৫)ক হত্যা কৰা। অৱশ্যে সেই পৰিকল্পনা বাস্তৱায়িত হোৱা নাছিল।

ইয়াৰ পিছত ক্ষুদিৰাম বসুৰ সৈতে প্ৰফুল্লাক বিহাৰৰ মুজাফ্ফৰপুৰৰ দণ্ডাধীশ কিংছফৰ্ডক হত্যা কৰাৰ বাবে নিৰ্বাচিত কৰা হয়। কলিকতাৰ মুখ্য প্ৰাদেশিক দণ্ডাধীশ হিচাপে পূৰ্বৰ কাৰ্যকালত কিংছফৰ্ডে বংগৰ যুৱ ৰাজনৈতিক কৰ্মীসকলৰ ওপৰত কঠোৰ আৰু নিষ্ঠুৰ শাস্তি প্ৰদানৰ বাবে অ-জনপ্ৰিয় আছিল। এনে শ্ৰমিকসকলক শাৰীৰিক শাস্তি প্ৰদানৰ বাবেও তেওঁ বিখ্যাত আছিল। ইয়াৰ ফলত তেওঁৰ হত্যাৰ পৰিকল্পনা কৰা হয় আৰু এই কাম সম্পন্ন কৰিবলৈ চাকী আৰু বসুক বাছনি কৰি মুজাফ্ফৰপুৰলৈ পঠিওৱা হয়।[10] এই অভিযানত প্ৰফুল্লই দীনেশ চন্দ্ৰ সত্যজিৎৰ ভুৱা নাম লৈছিল।[11]

মুজাফ্ফৰপুৰ হত্যাকাণ্ড

[সম্পাদনা কৰক]

ক্ষুদিৰাম আৰু প্ৰফুল্লই কিংছফৰ্ডৰ সাধাৰণ গতিবিধি চাই তেওঁক হত্যা কৰাৰ পৰিকল্পনা যুগুত কৰিছিল। ১৯০৮ চনৰ ৩০ এপ্ৰিলৰ সন্ধিয়া তেওঁলোক দুয়োৱে ইউৰোপীয় ক্লাবৰ গেটৰ সন্মুখত কিংছফৰ্ডৰ গাড়ীখন আহিবলৈ অপেক্ষা কৰি আছিল। গেটৰপৰা এখন বাহন ওলাই অহাত তেওঁলোকে গাড়ীখনলৈ উদ্দেশ্যে কৰি বোমা নিক্ষেপ কৰিছিল। তেওঁলোকে গাড়ীখন ভুলকৈ চিনাক্তকৰণ কৰিছিল, কিয়নো গাড়ীখনত স্থানীয় কংগ্ৰেছী সদস্য এগৰাকীৰ পত্নী আৰু তেওঁৰ কন্যা আছিল। দুয়োজনেই বোমাত নিহত হয় আৰু বিপ্লৱীসকল পলায়ন কৰে।[10]

অনুসন্ধান আৰু আত্মহত্যা

[সম্পাদনা কৰক]

প্ৰফুল্ল আৰু ক্ষুদিৰামে পলায়নৰ বাবে পৃথক পৃথক পথ গ্ৰহণ কৰিছিল।[10] একেটা দমতে যাত্ৰা কৰা নন্দলাল বন্দ্যোপাধ্যায় নামৰ এগৰাকী আৰক্ষী বিষয়াই প্ৰফুল্লৰ ওপৰত সন্দেহ বাঢ়ি আহি মোকামা ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত তেওঁক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰিছিল। কিন্তু প্ৰফুল্লই নিজৰ ৰিভলভাৰ ব্যৱহাৰ কৰি নিজকে গুলীয়াই আত্মহত্যা কৰে।[12] তেওঁৰ মূৰটো শৰীৰৰপৰা দ্বিখণ্ডিত কৰি কলিকতালৈ পঠিওৱা হয় যাতে ক্ষুদিৰামে চিনাক্ত কৰিব পাৰে আৰু দুৰ্ভাগ্যজনকভাৱে বন্দী হয়।[10]

শ্বহীদ প্ৰফুল্ল চাকী, সমাধি অনুষ্ঠান (সমুখ)
শ্বহীদ প্ৰফুল্ল চাকী, সমাধি অনুষ্ঠান ( বাঁওফালে)

পিছত ক্ষুদিৰামক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়া হৈছিল। এই ঘটনাৰ পিছতে শ্ৰীশ পাল আৰু ৰনেন গাংগুলী নামৰ দুগৰাকী যুৱ বিপ্লৱীয়ে পৰিদৰ্শক নন্দলালক হত্যা কৰে।[13] তেওঁলোকৰ আত্মীয় পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ আৰু দক্ষিণ দিনাজপুৰত থাকে। প্ৰতাপ চন্দ চাকীৰ প্ৰপৌত্ৰ সুব্ৰত চাকিৰ ঘৰ কলিকতাত।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Calcutta High Court Khudiram Bose vs Emperor on 13 July, 1908". Indian Kanoon. https://indiankanoon.org/doc/1765978/। আহৰণ কৰা হৈছে: 5 June 2018. 
  2. Arun Chandra Guha (1971). First spark of revolution: the early phase of India's struggle for independence, 1900-1920. Orient Longman. পৃষ্ঠা. 131. OCLC 254043308. "Khudiram was suspected and arrested there [at Waini station] ... Khudiram was tried ... was sentenced to death and hanged in the Muzaffarpur jail ... on 19 August 1908." 
  3. Rama Hari Shankar (1996). Gandhi's encounter with the Indian revolutionaries. Siddharth Publications. পৃষ্ঠা. 48. ISBN 978-81-7220-079-4. https://books.google.com/books?id=F0duAAAAMAAJ. 
  4. Lakshiminiwas Jhunjhunwala (2015). Panorama. Ocean Books Pvt. Limited. পৃষ্ঠা. 149. ISBN 978-81-8430-312-4. https://books.google.com/books?id=NmtsCwAAQBAJ&pg=PA149. 
  5. Mahatma Gandhi (1962). Collected works. Publications Division, Ministry of Information and Broadcasting, Govt. of India. পৃষ্ঠা. 223. https://books.google.com/books?id=tz9uAAAAMAAJ. 
  6. Bhaskar Chandra Das; G. P. Mishra (1978). Gandhi in to-day's India. Ashish. পৃষ্ঠা. 51. ISBN 9788170240464. OCLC 461855455. https://books.google.com/books?id=EnceAAAAMAAJ. 
  7. . 2015-08-08. https://www.hindustantimes.com/brunch/the-story-of-our-independence-six-years-of-jail-for-tilak/story-vC1VtfmXEj4WfMPC2qiR5J.html. 
  8. "Chaki, Prafulla". Banglapedia. http://en.banglapedia.org/index.php?title=Chaki,_Prafulla। আহৰণ কৰা হৈছে: 2020-01-11. 
  9. "Prafulla Chandra Chaki". istampgallery.com. 5 December 2014. https://www.istampgallery.com/prafulla-chandra-chaki/। আহৰণ কৰা হৈছে: 2020-01-11. 
  10. 10.0 10.1 10.2 10.3 Ritu Chaturvedi (2007). Bihar Through the Ages. Sarup & Sons. পৃষ্ঠা. 340. ISBN 978-81-7625-798-5. https://books.google.com/books?id=Cn9AcbAL0m4C&pg=PA340. 
  11. Hitendra Patel (2008). Khudiram Bose: Revolutionary Extraordinaire. Publications Division, Ministry of Information and Broadcasting. পৃষ্ঠা. 43. ISBN 978-81-230-1539-2. https://archive.org/details/khudiramboserevo00hite/page/43/mode/1up. 
  12. Arun Chandra Guha (1971). First spark of revolution: the early phase of India's struggle for independence, 1900-1920. Orient Longman. পৃষ্ঠা. 131. OCLC 254043308. "A Bengali police officer, Nandalal Banerji was also travelling in the same compartment ... Nandalal suspected Prafulla and tried to arrest him. But Prafulla was quite alert; he put his revolver under his own chin and pulled the trigger ... This happened on the Mokama station platform on 2nd May, 1908." 
  13. Subodh ch. Sengupta & Anjali Basu, Vol - I (2002). Sansad Bangali Charitavidhan (Bengali). প্ৰকাশক Kolkata: Sahitya Sansad. পৃষ্ঠা. 541. ISBN 978-81-85626-65-9. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]