সমললৈ যাওক

প্ৰফুল্ল বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰফুল্ল বৰা
জন্ম ৩০ ছেপ্টেম্বৰ, ১৯৪২ চন
দ পৰ্বতীয়া, তেজপুৰ
মৃত্যু ২০ নৱেম্বৰ, ২০০৬
দ পৰ্বতীয়া, তেজপুৰ ( নিজা বাসভৱন )
পেচা নাট্যকাৰ, চিত্ৰনাট্যকাৰ, সাহিত্য আলোচনী 'প্ৰাসংগিক' ৰ প্ৰতিষ্ঠাপক সম্পাদক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা কলা শাখাৰ স্নাতক
ধৰণ অসমীয়া সাহিত্য
উল্লেখনীয় কৰ্মৰাজি নাটক - সীমান্তৰ জুই, সাঁকো, উপপথ, সময়, বান, সূৰ্যস্নান

অনাতাঁৰ নাট - বৰুৱাৰ সংসাৰ, সন্ধ্যাতৰা, সপোন সন্ধ্যা, উৰ্মিমালা, মন আমাৰ মন

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক - তেজীমলা, দেৱযানী, নৰ্তকী, অলংকাৰ, অংগীকাৰ , আশীৰ্বাদ, পাহাৰৰ জুই, স্নেহবন্ধন, মন্থন আদি।
দাম্পত্যসংগী প্ৰণতি বৰা

প্ৰফুল্ল বৰা (ইংৰাজী : Prafulla Borah ) স্বাধীনোত্তৰ কালৰ অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ, কবি, গীতিকাৰ, গল্পকাৰ, ঔপন্যাসিক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা। সীমান্তৰ জুই, সাঁকো, উপপথ, বৰুৱাৰ সংসাৰ, সময়, বান, সূৰ্যস্নান, তেজীমলা , দেৱযানী, আশীৰ্বাদ, অলংকাৰ, পাহাৰৰ জুই প্ৰফুল্ল বৰাৰ বহু চৰ্চিত নাটক।[1][2] ভ্ৰাম্যমাণ থিয়েটাৰত মৌলিক অসমীয়া নাটকৰ বাটকটীয়া আছিল প্ৰফুল্ল বৰা। ভ্ৰাম্যমাণ থিয়েটাৰৰ অগ্ৰণী নাট্যদল অসম ষ্টাৰ থিয়েটাৰৰ মঞ্চত অভিনীত প্ৰফুল্ল বৰাৰ দেৱযানী নাটখন ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ৰচিত প্ৰথম মৌলিক অসমীয়া পাণ্ডুলিপি।[3] প্ৰফুল্ল বৰা ৰচিত ভ্ৰাম্যমাণ থিয়েটাৰৰ বহু সমাদৃত নাটক হৈছে তেজীমলা, দেৱযানী, অলংকাৰ, অনুৰাগ, অপৰাধ, আশীৰ্বাদ, মৰমতৃষ্ণা, পাহাৰৰ জুই, জীৱনতৃষ্ণা, সূৰ্যসন্ধান, আকাশী গংগা, প্ৰিয়তমা, মন্থন, মাটিৰ মৰম, অনুপমা মোৰ, স্নেহবন্ধন আদি।[4][5] কাঞ্চন বৰুৱাৰ বহুপঠিত উপন্যাস অসীমত যাৰ হেৰাল সীমা প্ৰথমবাৰৰ বাবে প্ৰফুল্ল বৰাই দিয়া নাট্যৰূপ কহিনুৰ থিয়েটাৰ তথা ভ্ৰাম্যমাণ থিয়েটাৰ ইতিহাসৰ উল্লেখযোগ্য কৃতি।[6]লুইতক ভেটিব কোনে, সিহঁত নমৰে, সাপ আৰু ভেকুলী, কথা আৰু কাহিনী,গলি আৰু ৰাজপথ আদি প্ৰফুল্ল বৰা ৰচিত অসংখ্য একাংক নাটকে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ নাটকৰ সন্মান লাভ কৰাৰ লগতে প্ৰফুল্ল বৰা ৰচিত সাঁ‌কো নামৰ পূৰ্ণাংগ নাটখনে শ্ৰেষ্ঠ নাটকৰ ৰাষ্ট্ৰীয় স্বীকৃতি আৰু উপপথ নামৰ পূৰ্ণাংগ নাটকে আন্তঃৰাষ্টীয় সন্মান লাভ কৰে।[7][8] বৰুৱাৰ সংসাৰ, সন্ধ্যাতৰা, সপোন সন্ধ্যা, মন আমাৰ মন, উৰ্মিমালা ,হৃদয়ৰ চিঞৰ প্ৰফুল্ল বৰা ৰচিত জনপ্ৰিয় অনাতাঁৰ ধাৰাবাহিক।প্ৰাসংগিক নামৰ বহুল প্ৰচলিত অসমীয়া সাহিত্য আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰফুল্ল বৰা। কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ বাবে কাহিনী, গীত আৰু চিত্ৰনাট্য ৰচনা কৰা প্ৰফুল্ল বৰাই নিজা কাহিনী, চিত্ৰনাট্য, প্ৰযোজনা আৰু পৰিচালনাৰে নিৰ্মাণ কৰিছিল অসমীয়া চলচ্চিত্ৰ বংশধৰ। উল্লেখযোগ্য যে প্ৰফুল্ল বৰা ৰচিত নাটক বৰুৱাৰ সংসাৰ নিপ বৰুৱাৰ পৰিচালনাত আৰু উপপথ হেমন্ত দত্তৰ পৰিচালনাত সাৰ্থক চলচ্চিত্ৰৰ ৰূপ পাই ক্ৰমে ১৯৭০ আৰু ১৯৮০ চনত। ১৯৭১ চনত মুক্তি লাভ কৰা ইন্দুকল্প হাজৰিকাৰ মানৱ আৰু দানৱ চলচ্চিত্ৰখনিৰ সংলাপ ৰচনা কৰিছিল প্ৰফুল্ল বৰাই। প্ৰফুল্ল বৰাৰ মৃত্যু হয় ২০০৬ চনৰ ২০ নৱেম্বৰত। প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেজপুৰ চহৰত অৱদান সাংস্কৃতিক গোষ্ঠীয়ে বাণ থিয়েটাৰ আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত প্ৰতি বছৰে প্ৰফুল্ল বৰা নাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে।[9]ওপজা গাঁও দ-পৰ্ব্বতীয়াত প্ৰফুল্ল বৰাৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা মাধৱ মন্দিৰ মহুমুখী প্ৰকল্পই প্ৰফুল্ল বৰা বঁ‌টা প্ৰদান কৰি অহাৰ লগতে সদৌ অসম ভিত্তিত প্ৰফুল্ল বৰা সোঁ‌ৱৰণী একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। দ-পৰ্ব্বতীয়াতে প্ৰফুল্ল বৰাৰ স্মৃতিত অসম নাট্য সন্মিলনৰ এটি শাখা গঠন কৰা হৈছে।[10] তদুপৰি অসম সাহিত্য সভাই ২০ নৱেম্বৰ প্ৰফুল্ল বৰা স্মৃতি দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰি আহিছে।[11]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৪২ চনৰ ৩০ ছেপ্টেম্বৰত তেজপুৰ চহৰৰ পশ্চিম প্ৰান্তত অৱস্থিত দ পৰ্বতীয়া গাঁৱত জন্মগ্ৰহণ কৰা প্ৰফুল্ল বৰাৰ পিতৃ ৰবিৰাম বৰা আৰু মাতৃ হিৰণময়ী বৰা।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

প্ৰাসংগিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰফুল্ল বৰা। ১৯৮০ চনত প্ৰফুল্ল বৰা ৰচিত উপপথ নাটকৰ কাহিনীৰ আধাৰত হেমন্ত দত্তৰ পৰিচালনাত নিৰ্মাণ হৈছিল অসমীয়া চলচ্চিত্ৰ উপপথ। [12]

দাম্পত্য জীৱন

[সম্পাদনা কৰক]

১৯৭৪ চনৰ ১০ মাৰ্চ তাৰিখে নগাঁও নিৱাসী শশীকান্ত বৰাৰ সৰু জীয়ৰী প্ৰণতি বৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

অন্যান্য সামাজিক কৰ্ম

[সম্পাদনা কৰক]

ওপজা গাঁও দ পৰ্বতীয়াত অৱস্থিত মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পৰ প্ৰতিষ্ঠাপক সম্পাদক।

বঁটা, সন্মান, স্বীকৃতি

[সম্পাদনা কৰক]

• অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল কহিনুৰ থিয়েটাৰে প্ৰফুল্ল বৰাক আনুষ্ঠানিকভাৱে 'দৰদী নাট্যকাৰ 'উপাধি প্ৰদান কৰিছিল।

• ১৯৯৬ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ।

• পদ্মনাথ গোহাঞিবৰুৱা শাখা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ তদানীন্তন সভাপতি নগেন শইকীয়াৰ দ্বাৰা আনুষ্ঠানিকভাৱে 'শোণিত গৌৰৱ 'উপাধি প্ৰদান।

•অসম চৰকাৰৰ দ্বাৰা ১৭ জানুৱাৰী, ২০০১ চনত শিল্পী বঁটা প্ৰদান।

•২০০৩ চনত অসম নাট্য সন্মিলনৰ নলবাৰী অধিবেশনত সুধাকন্ঠ ড°ভূপেন হাজৰিকাৰ দ্বাৰা বিশেষ সম্বৰ্ধনা।

•গুৱাহাটীৰ জ্যোতিৰূপাৰ বঁটা আৰু বিশেষ সম্বৰ্ধনা।

• নাট্যক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে মুনলাইট মিডিয়া বঁটা ৯৮।

•পুৰণি গুদাম, নগাঁ‌ৱৰ জাতীয় নাট্য সংগ্ৰহালয়ৰ দ্বাৰা 'নাট্যজ্যোতি' উপাধি প্ৰদান।

•দৈনিক অগ্ৰদূত কাকতগোষ্ঠীয়ে ২৮ জুন, ২০০৭ চনত তেজপুৰ চহৰত মৰণোত্তৰভাৱে প্ৰফুল্ল বৰালৈ আগবঢ়ায় বঁটা আৰু সম্বৰ্ধনা।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ অসমীয়া নাট্য সাহিত্য | ড° সত্যেন্দ্ৰনাথ শৰ্মা
  2. ↑ আধুনিক অসমীয়া সাহিত্যৰ পৰিচয় | সম্পাদনা: ড° লীলা গগৈ
  3. ↑ ভ্ৰাম্যমাণ থিয়েটাৰৰ মৌলিক নাট আৰু নাট্যকাৰ প্ৰফুল্ল বৰা | দশৰথ দাস | প্ৰান্তিক | ১৬- ৩১ ডিচেম্বৰ, ২০১৪
  4. ↑ ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পীৰ পৃথিৱীত এভূমুকি | অতুল মজুমদাৰ
  5. ↑ ভ্ৰাম্যমাণ থিয়েটাৰ | সম্পাদনা: ড° পংকজ গোস্বামী
  6. ↑ এই যাত্ৰা জয়যাত্ৰা | অতুল মজুমদাৰ
  7. ↑ ডেৰশ বছৰৰ নিৰ্বাচিত অসমীয়া নাট্য সংকলন | তৃতীয় খণ্ড | অসম নাট্য সন্মিলন
  8. ↑ নাট্য আৰু চেতনা | ড° জগদীশ পাটগিৰী | প্ৰকাশক: চতুৰংগম গুৱাহাটী
  9. ↑ "প্ৰফুল্ল বৰা নাট সমাৰোহ". assam.news18.com. https://assam.news18.com/news/assam/at-tezpur-celebrated-the-dramatist-prafulla-bora-memorial-day-dd-local18-500620.html। আহৰণ কৰা হৈছে: 2026-05-21.
  10. ↑ "নাট্য সন্মিলন,প্ৰফুল্ল বৰা শাখা". asomiyapratidin.in. https://www.asomiyapratidin.in/assam/assam-natya-sammelan-forms-da-parbatia-prafulla-bora-branch। আহৰণ কৰা হৈছে: 20026-03-02.
  11. ↑ "অসম সাহিত্য সভাৰ প্ৰফুল্ল বৰা স্মৃতি দিৱস পালন". etvbharat. https://www.etvbharat.com/assamese/assam/state/darrang/smiriti-day-celebrate-by-sahitya-sabha/assam20201120220232421। আহৰণ কৰা হৈছে: 2026-05-21.
  12. ↑ "প্ৰফুল্ল বৰা ৰচিত উপপথ নাটৰ কাহিনীৰ আধাৰত চলচ্চিত্ৰ". niyamiyabarta. https://www.niyomiyabarta.com/assam/renowned-playwright-and-lyricist-hemanta-dutta-passes-away-grief-all-around/। আহৰণ কৰা হৈছে: 2026-05-21.