সমললৈ যাওক

প্ৰফুল্ল ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰফুল্ল ভূঞা
জন্ম বেবেজিয়া, নগাঁও, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ
শিক্ষানুষ্ঠান কটন কলেজ, কলিকতা বিশ্ববিদ্যালয়
পেচা কবি, শিক্ষক, প্ৰশাসনিক বিষয়া
উল্লেখযোগ্য কৰ্ম এজন মানুহৰ প্ৰাণ এজনতে, অন্য এক যীশু খৃষ্টৰ ক্ৰুছবিন্ধন
বঁটা, সন্মান, পুৰস্কাৰ আদি মৃণালিনী দেৱী সোঁৱৰণী বঁটা (২০০৫)

প্ৰফুল্ল ভূঞা এগৰাকী প্ৰখ্যাত অসমীয়া কবি, শিক্ষক আৰু প্ৰশাসনিক বিষয়া। ষাঠিৰ দশকৰ আৰম্ভণিত ৰামধেনু পত্ৰিকাত প্ৰকাশ পোৱা তেওঁৰ কবিতা বিহুৰ জৰিয়তে তেওঁ আধুনিক অসমীয়া কবিকূলৰ অন্যতম সদস্য হিচাপে পৰিগণিত হয়। সাহিত্যৰ লগতে তেওঁ শিক্ষা আৰু চৰকাৰী সেৱাতো উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

জন্ম আৰু শিক্ষাজীৱন

[সম্পাদনা কৰক]

প্ৰফুল্ল ভূঞাৰ জন্ম নগাঁৱৰ বেবেজিয়াত হৈছিল। তেওঁ কটন কলেজৰ পৰা স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ যোৰহাটৰ জে. বি. কলেজত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। কিছুবছৰৰ পাছত শিক্ষকতাৰ চাকৰি ত্যাগ কৰি অসমৰ অসামৰিক সেৱাত যোগদান কৰে আৰু অন্ততঃ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ উচ্চ পদত কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে।

সাহিত্য জীৱন

[সম্পাদনা কৰক]

তেওঁ সাহিত্যক্ষেত্ৰতো সমানে সক্ৰিয় আছিল। তেওঁৰ কবিতাৰ বিষয়বস্তুত আত্মজিজ্ঞাসা, সমাজ আৰু মানৱতাৰ গভীৰ অনুভূতি প্ৰকাশ পাইছে।

  • নিৰ্জনতা
  • এজন মানুহৰ প্ৰাণ এজনতে
  • অন্য এক যীশু খৃষ্টৰ ক্ৰুছবিন্ধন

কাব্যসংকলন

[সম্পাদনা কৰক]
  • পৰিব্ৰাজক (২০০৪)
  • মৃণালিনী দেৱী সোঁৱৰণী বঁটা – অসম কবি সমাজ, ২০০৫

তথ্য উৎস

[সম্পাদনা কৰক]
  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬