প্ৰবীণ ফুকন
প্ৰবীণ ফুকন | |
---|---|
মৃত্যু | ১৪ এপ্ৰিল ১৯৮৫ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, অভিনেতা |
উল্লেখযোগ্য কৰ্ম | মণিৰাম দেৱান (নাট) লাচিত বৰফুকন (নাট) |
প্ৰবীণ ফুকন (ইংৰাজী: Prabin Phukan; মৃত্যু ১৪ এপ্ৰিল ১৯৮৫) এজন অসমীয়া নাট্যকাৰ, চলচ্চিত্ৰ আৰু নাট পৰিচালক, অভিনেতা তথা এজন সুদক্ষ খেলুৱৈ আছিল।[1] তেওঁ সপ্তম অসমীয়া চলচ্চিত্ৰ পাৰঘাটৰ পৰিচালক আছিল। লাচিত বৰফুকন (১৯৬১) তেওঁ লক্ষ্যধৰ চৌধুৰীৰ সৈতে যুটীয়াভাবে পৰিচালনা কৰিছিল। বিভিন্ন নাটকত অভিনয় কৰাৰ উপৰিও তেওঁ দুখনকৈ অসমীয়া ছবি- পাৰঘাট (১৯৪৯)[2] আৰু লখিমীৰ (১৯৫৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[3]
কাল পৰিণয় শীৰ্ষক নাটকেৰে নাট্যকাৰ ৰূপে আত্মপ্ৰকাশ কৰা ফুকনৰ দ্বাৰা ৰচিত নাটকৰ সংখ্যা প্ৰায় ৩০খন।তেওঁৰ কেইখনমান নাটক হ’ল- আসাম হলিউড, মণিৰাম দেৱান, লাচিত বৰফুকন, শতিকাৰ বান, বিশ্বৰূপা আদি। বহুৰূপী, দুই দোস্ত, কমাৰ্চিয়েল মেৰেজ, বংশধ্বজৰ কীৰ্তি, বহ্বাৰম্ভে লঘূক্ৰিয়া, ৰাম-টাঙোন আদি কেইখনমান তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য প্ৰহসন। তেওঁ অঁনাতাৰ কেন্দ্ৰৰ বাবেও নাট ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত আছে- নদ আৰু নদী, ছাইক্লন, নপতা ফুকন, অভাৰব্ৰিজ, চতুৰঙ্গী, সমিধান, নীলমাধৱ আদি।[1]
অসমীয়া চলচ্চিত্ৰ লাচিত বৰফুকন (১৯৬১) আৰু মণিৰাম দেৱানৰ (১৯৬৪) কাহিনী আৰু চিত্ৰনাট্য ফুকনৰ একে নামৰ মঞ্চনাটৰ আধাৰত ৰচনা কৰা হৈছিল।[4][5]
১৯৮৫ চনৰ ১৪ এপ্ৰিলত ফুকনৰ মৃত্যু হয়।[1]
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 "প্ৰবীণ ফুকনৰ মণিৰাম দেৱান". Sapatgram College. http://sapatgramcollegeonline.co.in/attendence/classnotes/files/1590224976.pdf। আহৰণ কৰা হৈছে: 10 March 2022.
- ↑ মঞ্চলেখা, পৃঃ ৩০৯, অতুল চন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী. ১৯৯৫.
- ↑ অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৫৮). শশী শিশু প্ৰকাশন, গুৱাহাটী.
- ↑ মঞ্চলেখা, পৃষ্ঠা ৩২৩, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭.
- ↑ অৰুণলোচন দাস (২০০১). এবাৰ উভতি চাওঁ. প্ৰকাশক গুৱাহাটী: শিশুসাৰথি প্ৰকাশন.