সমললৈ যাওক

প্ৰবীৰ ঘোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰবীৰ ঘোষ

নিজ গৃহত প্ৰবীৰ ঘোষ
জন্ম সাঁচ:জন্ম তাৰিখ
ফৰি‍দপুৰ, বেঙ্গল প্ৰেসিডেন্সি, ব্ৰিটিশ ভাৰত (বৰ্তমান সাঁচ:পতাকা আইকন বাংলাদেশ)
মৃত্যু ০৭ এপ্ৰিল, ২০২৩ (৭৮ বছৰ)
পেচা লেখক[1]
ৱেবছাইট
www.prabirghosh.com

প্ৰবীৰ ঘোষ (জন্ম ১ মাৰ্চ, ১৯৪৫ – ৭ এপ্ৰিল, ২০২৩) কলকাতাত অৱস্থিত ভাৰতীয় বৈজ্ঞানিক আৰু যুক্তিবাদী সন্থাৰ মুৰব্বী আৰু মানৱতাবাদী সন্থাৰ সভাপতি আছিল। ভাৰতীয় বৈজ্ঞানিক আৰু যুক্তিবাদী সন্থাৰ তেওঁ আছিল প্ৰতিষ্ঠাপক।[2] বিজ্ঞান আৰু যুক্তিবাদী সমাজৰ হৈ প্ৰবীৰ ঘোষে যিকোনো ধৰণৰ অলৌকিক শক্তিৰ প্ৰমাণ দিব পৰা ব্যক্তিক ৫০ লাখ ভাৰতীয় টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। তেওঁ কেইবাজনো জ্যোতিষী আৰু অলৌকিক শক্তিৰ অধিকাৰী বুলি দাবী কৰা লোকৰ অপপ্ৰচাৰক অসাৰ বুলি‍ প্ৰমাণ কৰিছিল। [3] এনে কিছু ঘটনাক লৈ চেনেল ফোৰে নিৰ্মাণ কৰি উলিয়াইছিল ‘গুৰু বাষ্টাৰছ’ নামৰ এখন তথ্যচিত্ৰ।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৪৫ চনত ফৰিদপুৰত প্ৰবীৰ ঘোষে জন্মগ্ৰহণ কৰিছিল। অৱশ্যে তেওঁ তেওঁৰ কিশোৰ কালচোৱা পশ্চিম বংগৰ খৰগপুৰত অতিবাহিত কৰিছিল। স্কুলীয়া শি‍ক্ষা সাং কৰাৰ পিছত খড়গপুৰৰ পৰা কলকাতালৈ আহি ডুমডুম মতিঝিল কলেজত নামভৰ্তি কৰে। [4] তেওঁ দীৰ্ঘদিন ভাৰতীয় ষ্টেট বেংকত সেৱা আগ বঢ়াইছিল। ১৯৮৫ চনত তেওঁ আৰু গোটাদিয়েক লোক মিলি‍ কলকাতাত বিজ্ঞান আৰু যুক্তিবাদী সমিতি‍ গঠন কৰি তথাকথিত অতিপ্ৰাকৃতিক শক্তি থকা লোকৰ বিৰুদ্ধে দীৰ্ঘম্যাদী আন্দোলনৰ নেতৃত্ব দিছিল। [5] এটা সময়ত তেওঁ যুক্তিবাদী সমিতিৰ অভ্যন্তৰীণ বিষয়ত আৰু নিজৰ মনোবিজ্ঞানৰ ডিগ্ৰীক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল। ১৯৯৯ চনত প্ৰবীৰ ঘোষে চাকৰি এৰি পূৰ্ণকালীনভাৱে যুক্তিবাদী সংগঠনৰ কাম-কাজত মনোনিৱেশ কৰে। [6] [7]

দীৰ্ঘদিন ধৰি প্ৰবীৰ ঘোষ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। ২০২৩ চনৰ ৭ এপ্ৰিলত দমদমৰ দেৱীনিবাস পথত থকা নিজৰ বাসভৱনত তেওঁৰ মৃত্যু হয়। [8] [9]

বাংলা ভাষাত লিখা কিতাপ

[সম্পাদনা কৰক]

যুক্তিবাদ প্ৰচাৰ আৰু অতিপ্ৰাকৃতিকতাবাদৰ বিৰোধিতা কৰা কেইবাখনো গ্ৰন্থৰ লেখক প্ৰবীৰ ঘোষ। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল: [10]

  • অলৌকিক নয় লৌকিক ( ৫ খণ্ডত সমাপ্ত)
  • আমি কেন ঈশ্বৰে বিশ্বাস কৰি না
  • জ্যোতিষীৰ কফিনে শেষ পেৰেক
  • মনেৰ নিয়ন্ত্ৰণ যোগ ও মেডিটেসান
  • সংস্কৃতিঃ সংঘৰ্ষ ও নিৰ্মাণ
  • আমি কেন ঈশ্বৰে বিশ্বাস কৰি না
  • পিংকি ও অলৌকিক বাবা
  • অলৌকিক ৰহস্য জালে পিংকি
  • ধৰ্ম-সেবা-সম্মোহন
  • কাশ্মীৰ সমস্যা: এক ঐতিহাসিক দলিল
  • ‘যুক্তিবাদীৰ চোখে গীতা, ৰামায়ণ, মহাভাৰত ইত্যাদি’
  • ‘গোলটেবিলে সাফ জবাব’ প্ৰভৃতি।

ইংৰাজী ভাষাত লিখা গুৰুত্বপূৰ্ণ কিতাপসমূহ হ'ল

[সম্পাদনা কৰক]
  • পেৰানাৰ্মেল এক্সপোজড! (অস্বাভাৱিকতা প্ৰকাশ! )
  • গড দাচ নট এক্সিট (ঈশ্বৰৰ অস্তিত্ব নাই)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Some legislators are close to Satyananda Astrologers' boom". The Week. http://www.the-week.com/25apr17/currentevents_article1.htm। আহৰণ কৰা হৈছে: 30 April 2025. 
  2. "Debating Teresa's legacy to Calcutta". BBC News. http://news.bbc.co.uk/2/hi/south_asia/4724931.stm। আহৰণ কৰা হৈছে: 30 April 2025. 
  3. "Prabir Ghosh: যদি ধাপ্পাবাজি ধৰা পড়ে, যেওনা তাৰ কাছে! প্ৰবীৰ ঘোষেৰ ৫০ লক্ষ টাকাৰ চ্যালেঞ্জ 'কেউ নেয়নি ভয়ে' | Kolkata 24x7-Latset Bengali News" (en-US ভাষাত). 2023-04-07. https://kolkata24x7.in/offbeat-news/remembering-prabir-ghosh-the-late-bengali-rationalist-and-activist/। আহৰণ কৰা হৈছে: 2023-04-07. 
  4. "প্ৰয়াত প্ৰবীৰ ঘোষ, আজীবন লড়েছেন কুসংস্কাৰেৰ বিৰুদ্ধে, ৭৮ বছৰে থামল লড়াই" (bn ভাষাত). Hindustantimes Bangla. 2023-04-07. https://bangla.hindustantimes.com/lifestyle/prabir-ghosh-founder-of-biggyan-o-juktibadi-samiti-died-at-78-in-dumdum-31680870989082.html। আহৰণ কৰা হৈছে: 2023-04-08. 
  5. সংবাদদাতা, নিজস্ব. "প্ৰয়াত ‘ভাৰতীয় বিজ্ঞান ও যুক্তিবাদী সমিতি’ৰ প্ৰতিষ্ঠাতা প্ৰবীৰ ঘোষ, বয়স হয়েছিল ৭৮ বছৰ" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/west-bengal/founder-of-juktibadi-samity-and-the-face-anti-superstition-movement-prabir-ghosh-passed-away-dgtl/cid/1420540। আহৰণ কৰা হৈছে: 2023-04-08. 
  6. "বই পাঠক - উইকিমিডিয়া". bookreader.toolforge.org. https://bookreader.toolforge.org/bn/%E0%A6%AF%E0%A7%8C%E0%A6%AC%E0%A6%A8%E0%A7%87%E0%A6%B0%20%E0%A6%AC%E0%A6%9C%E0%A7%8D%E0%A6%B0%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A7%8D%E0%A6%98%E0%A7%8B%E0%A6%B7%20-%20%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AC%E0%A7%80%E0%A6%B0%20%E0%A6%98%E0%A7%8B%E0%A6%B7.pdf#page/90/mode/2up। আহৰণ কৰা হৈছে: 2023-04-07. 
  7. Quack, Johannes (2012) (en ভাষাত). Disenchanting India: Organized Rationalism and Criticism of Religion in India. Oxford University Press, USA. ISBN 978-0-19-981260-8. https://books.google.com/books?id=55wFpydSZ8oC&newbks=0&printsec=frontcover&pg=PA168&dq=%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AC%E0%A7%80%E0%A6%B0+%E0%A6%98%E0%A7%8B%E0%A6%B7+%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%80+%E0%A6%B8%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BF&hl=en. 
  8. "Prabir Ghosh: বুজৰুকদেৰ আতঙ্ক যুক্তিবাদী প্ৰবীৰ ঘোষ প্ৰয়াত | Kolkata 24x7-Latset Bengali News" (en-US ভাষাত). 2023-04-07. https://kolkata24x7.in/west-bengal/prabir-ghosh-rationalist-leader-and-activist-dies-at-72/। আহৰণ কৰা হৈছে: 2023-04-07. 
  9. "প্ৰবীৰ ঘোষেৰ জীবনাবসান" (bn ভাষাত). Eisamay. Archived from the original on ২০২৩-০৪-০৮. https://web.archive.org/web/20230408053654/https://eisamay.com/west-bengal-news/kolkata-news/indian-scientific-and-rational-society-prabir-ghosh-died/articleshow/99331799.cms। আহৰণ কৰা হৈছে: 2023-04-08. 
  10. উপাত্ত, ◄ ঘপ্ৰবীৰ ঘোষ জীবনী মিডিয়া. "প্ৰবীৰ ঘোষ - উইকিসংকলন একটি মুক্ত পাঠাগাৰ" (bn ভাষাত). bn.wikisource.org. https://bn.wikisource.org/wiki/%E0%A6%B2%E0%A7%87%E0%A6%96%E0%A6%95:%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AC%E0%A7%80%E0%A6%B0_%E0%A6%98%E0%A7%8B%E0%A6%B7। আহৰণ কৰা হৈছে: 2023-04-07.