সমললৈ যাওক

প্ৰবোধ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰবোধ শৰ্মা অসমৰ সামাজিক, শৈক্ষিক আৰু জ্যোতিষবিদ্যাৰ ক্ষেত্ৰত এক পৰিচিত নাম। তেওঁ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ জ্যোতিষ শাখাৰ সভাপতি[1] আৰু নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ, অসমৰো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ প্ৰকাশক।[2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

তেওঁ মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সম্পাদক হিচাপে শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত আছিল। ইয়াৰ উপৰি, তেওঁ অসম জ্যোতিষ সভাৰো প্ৰাক্তন সম্পাদক আছিল।

জ্যোতিষ শাস্ত্ৰলৈ অৱদান

[সম্পাদনা কৰক]

ড° শৰ্মাই বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ গণনাকাৰী আৰু প্ৰকাশক হিচাপে জ্যোতিষশাস্ত্ৰৰ ক্ষেত্ৰখনলৈ এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ "গাৰ্গী জ্যোতিষ আলোচনী"ৰ মুখ্য সম্পাদক হিচাপেও নিজৰ দায়িত্ব পালন কৰি আহিছে।

নাট্যকাৰ হিচাপে

[সম্পাদনা কৰক]

এগৰাকী নাট্যকাৰ হিচাপেও তেওঁৰ পৰিচয় আছে। তেওঁৰ উল্লেখযোগ্য নাটসমূহ হ'ল:

  • সংঘাত আৰু কবৰ
  • কঁপি উঠে কিয় তাজমহল
  • ট্ৰিমুখানিত্যাভিনয়
  • অভিনয়ত ভূত
  • ফাঁচিকাঠৰ চকুলো

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তেওঁৰ অসাধাৰণ অৱদানৰ বাবে তেওঁ বিভিন্ন বঁটা আৰু সন্মানেৰে বিভূষিত হৈছে। তাৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ'ল:

  • জ্যোতিষ সম্ৰাট
  • জ্যোতিষ শিৰোমণি
  • জ্যোতিষ ভাস্কৰ
  • বাস্তু বিশাৰদ
  • ৰত্ন বিশাৰদ
  • তন্ত্ৰ বিশাৰদ
  • ডক্টৰ অফ এষ্ট্ৰুলজী
  • গ্লোদ ক্ৰাউণ্ড
  • জীৱন জোৰা সাধনা বঁটা
  • গ্লড মেডেলিষ্ট অফ এষ্ট্ৰুলজী
  • অসমীয়া পঞ্জিকা জ্যোতি
  • জ্যোতিষ ৰত্ন বঁটা
  • ড° আম্বেদকাৰ বঁটা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]