সমললৈ যাওক

প্ৰভাতৰ দেৱতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰভাতৰ দেৱতা (ইংৰাজী: dawn god) বা দেৱী (goddess) হৈছে বহুদেৱতাবাদী ধৰ্মীয় পৰম্পৰাত কোনোবা নহয় কোনোবা অৰ্থত দোকমোকালি বা পুৱা লগত জড়িত দেৱ/দেৱী। এই দেৱতাসকলে ৰাতিপুৱাৰ বা দিনটোৰ আৰম্ভণিৰ সৈতে কিছু সম্পৰ্ক দেখুৱায় আৰু কিছুমান ক্ষেত্ৰত একেধৰণৰ সৌৰ দেৱতাৰ সৈতে সংযুক্ত হৈ পৰে।

আফ্ৰিকা

[সম্পাদনা কৰক]

ইজিপ্তৰ পৌৰাণিক কাহিনীত বৰ্ণনা কৰা টেফনূটক আৰ্দ্ৰতা, আৰ্দ্ৰ বায়ু, নিয়ৰ আৰু বৰষুণৰ দেৱী বুলি গণ্য কৰা হয়।[1] তেওঁ বায়ুৰ মিচৰীয় দেৱতা শ্বুৰ ভগ্নী তথা পত্নী আৰু গেব আৰু নূটৰ মাতৃ।

আমেৰিকা

[সম্পাদনা কৰক]

ছিউক্স পৌৰাণিক কাহিনীত বৰ্ণিত দোকমোকালিক প্ৰতিনিধিত্ব কৰা আত্মা আনপাওৰ দুখন মুখ থাকে।

ইণ্ডো ইউৰোপীয়ান

[সম্পাদনা কৰক]

হিন্দু ধৰ্মৰ বৈদিক ধৰ্মত ঊষা পূৰ্বাহ্ণৰ দেৱী।[2][3] ঋকবেদৰ শ্লোকত দেৱীৰ উল্লেখ সঘনাই হোৱা দেখা যায়। ডেভিদ কিন্সলীৰ মতে, তেওঁ "ধাৰাবাহিকভাৱে তেওঁক পূৰ্বাহ্ণৰ সৈতে চিনাক্ত কৰা হয়, জগতলৈ দৈনন্দিন পোহৰৰ আগমনৰ সৈতে নিজকে প্ৰকাশ কৰা, নিপীড়নকাৰী অন্ধকাৰক খেদি পঠিওৱা, দুষ্ট দানৱক খেদি পঠিওৱা, সকলো জীৱনক জগাই তোলা, সকলো বস্তু স্থাপন কৰা দেৱী গতিশীল, সকলোকে নিজৰ কৰ্তব্য পালন কৰিবলৈ আগবঢ়াই দিয়ে।" [4] তেওঁ সকলো জীৱৰ জীৱন, কৰ্ম আৰু উশাহৰ প্ৰেৰণা, বিশৃংখলতা আৰু বিভ্ৰান্তিৰ শত্ৰু, হিন্দু ধৰ্মত ঋত নামৰ মহাজাগতিক আৰু নৈতিক ব্যৱস্থাৰ শুভ উত্তেজক।[4]

আমে-ন′-উজুমে জাপানৰ শ্বিণ্ট' ধৰ্ম অনুসৰি দোকমোকালি, হাস্য, ধ্যান, আমোদ-প্ৰমোদ আৰু কলাৰ দেৱী৷

উগাৰিট - ক্নাইট

[সম্পাদনা কৰক]

শ্বাহৰ (Shahar) উগাৰিট আৰু ক্নাইট ধৰ্মৰ এজন পুৱাক প্ৰতিনিধিত্ব কৰা দেৱতা৷ উগাৰিটত (বৰ্তমান ৰাছ শ্বামৰা, ছিৰিয়া) পোৱা শিলালিপিত তেওঁৰ বিষয়ে প্ৰথম উল্লেখ কৰা হৈছে।[5]

ৰোমান চিৰিয়া আৰু গালীল

[সম্পাদনা কৰক]

বাইবেলৰ লুচিফাৰ আৰু যীশু দুয়োকে “ৰাতিপুৱাৰ তৰা” বুলি কোৱা হয় কাৰণ প্ৰাচীন কালত ৰাতিপুৱাৰ তৰাটোক মহান শক্তিৰ সত্তা বুলি কোৱা হৈছিল।

ফিলিপাইন

[সম্পাদনা কৰক]

মুনাগ সুমালা (Munag Sumalâ) আৰিং চিনুকুয়ানৰ সোণালী কাপাম্পাংগান সাপৰ সন্তান; পুৱাক প্ৰতিনিধিত্ব কৰে[6]

তালা (Tala) টাগালগ তৰাৰ দেৱী;[7] বাথালাৰ কন্যা আৰু হানানৰ ভগ্নী;[8] বুলক তালা বুলিও কোৱা হয়, ৰাতিপুৱাৰ তৰাৰ দেৱতা, দোকমোকালিত দেখা শুক্ৰ গ্ৰহ৷[9]

হানান (Hanan) ৰাতিপুৱাৰ টাগালগ দেৱী; বাথালাৰ কন্যা আৰু তালাৰ ভগ্নী[8]

লিৱেৱে (Liwayway) টাগালগ পুৱাৰ দেৱী; বাথালাৰ এগৰাকী কন্যা[10]

ভাৰত-ইউৰোপীয়

[সম্পাদনা কৰক]

হাউছছ প্ৰাক-ইণ্ডো-ইউৰোপীয় পৌৰাণিক কাহিনীত দোকমোকালিক প্ৰতিনিধিত্ব কৰা দেৱীৰ পুনৰ্গঠিত প্ৰাক-ইণ্ডো-ইউৰোপীয় নাম।[11]

পেণ্ড্ৰে আলবেনীয়ান পুৱাৰ দেৱী৷

আয়গ, আৰ্ছালুইছ আৰ্মেনিয়ান পুৱাৰ দেৱী৷

ইঅ'ছ প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনী আৰু ধৰ্ম অনুসৰি দোকমোকালিৰ দেৱী আৰু ব্যক্তিত্ব৷ এই দেৱীয়ে প্ৰতিদিনে পুৱা অ'চেনাছ নদীৰ প্ৰান্তত অৱস্থিত নিজৰ আৱাসৰ পৰা উঠি ৰাতিৰ আন্ধাৰ আঁতৰাই পোহৰ বিলাই দিয়ে বুলি বিশ্বাস কৰা হয়। গ্ৰীক পৰম্পৰা আৰু কবিতাত তেওঁক অতি কামুক দেৱী হিচাপে চিহ্নিত কৰা হৈছে, তেওঁ অসংখ্য মানৱ প্ৰেমিকৰ সৈতে নিজৰ সন্তুষ্টিৰ সম্পৰ্ক স্থাপন কৰিছিল আৰু তেওঁলোকৰ সন্তানৰ মাতৃ হৈছিল।

ইঅ'ছষ্ট্ৰে জাৰ্মান পুৱাৰ দেৱী৷

ঊষা হিন্দু বৈদিক পুৱাৰ দেৱী৷

ডেলিংগৰ (Dellingr) নৰ্ছ শ্ৰুতিকথাৰ পুৱাৰ দেৱতা৷

অৰোৰা ৰোমান পৌৰাণিক কাহিনী আৰু লেটিন কবিতাত বৰ্ণিত দোকমোকালিক প্ৰতিনিধিত্ব কৰা দেৱী।

জ′ৰ্য়া স্লাভিক লোককথাৰ এগৰাকী ব্যক্তিত্ব, দোকমোকালিৰ নাৰীসুলভ ব্যক্তিত্ব, সম্ভৱতঃ দেৱী।

ব্ৰিজিড (Brigid) আইৰিছ শ্ৰুতিকথাৰ পুৱাৰ দেৱী৷

অশ্ৰা (Aušra) বা অশ্ৰিন (Aušrinė) লিথুৱেনিয়ান শ্ৰুতিকথাৰ পুৱাৰ দেৱী৷

অষ্ট্ৰা লাটভিয়ান শ্ৰুতিকথাৰ পুৱাৰ সত্বা৷

আয়া মেছপটেমিয়াম শ্ৰুতিকথাৰ পুৱাৰ দেৱী৷

অ-ইণ্ডো-ইউৰোপীয়

[সম্পাদনা কৰক]
  • ইট্ৰুস্কান – থেছান, আলবিনা (সম্ভৱতঃ)
  • জৰ্জিয়ান – ডালি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. The Routledge Dictionary of Egyptian Gods and Goddesses, George Hart আই.এচ.বি.এন. 0-415-34495-6
  2. Constance Jones; James D. Ryan (2006). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 472. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC&pg=PA472. 
  3. Apte, Vaman Shivram (1965), The Practical Sanskrit Dictionary (4th সম্পাদনা), প্ৰকাশক New Delhi: Motilal Banarsidass, ISBN 81-208-0567-4 , p. 304.
  4. 4.0 4.1 David Kinsley (1988). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition. University of California Press. পৃষ্ঠা. 7–8. ISBN 978-0-520-90883-3. https://archive.org/details/hindugoddessesvi0000kins. 
  5. Golan, 2003, p. 82. "The name of the Canaanite deity of the setting sun Salim, or Salem, [...] The names [of Sahar and Salim] are rendered in modern scholarly texts as Shakhar and Shalim [...]"
  6. Nicdao, A. (1917). Pampangan Folklore. Manila.
  7. Calderon, S. G. (1947). Mga alamat ng Pilipinas. Manila : M. Colcol & Co.
  8. 8.0 8.1 Jocano, F. L. (1969). Philippine Mythology. Quezon City: Capitol Publishing House Inc.
  9. Pardo, F. (1686–1688). Carte [...] sobre la idolatria de los naturales de la provincia de Zambales, y de los del pueblo de Santo Tomas y otros cicunvecinos [...]. Sevilla, Spain: Archivo de la Indias.
  10. Romulo, L. (2019). Filipino Children's Favorite Stories. China: Tuttle Publishing, Periplus Editions (HK) Ltd.
  11. Mallory & Adams 2006, পৃষ্ঠা. 409–410, 432.