প্ৰভাত বৰা
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
প্ৰভাত বৰা অসমীয়া সাহিত্যজগতৰ এগৰাকী আগশাৰীৰ সমালোচক। অসমীয়া সাহিত্য-সমালোচনাৰ ক্ষেত্ৰখনলৈ বিশিষ্ট বৰঙণি যোগোৱা সমালোচক প্ৰভাত বৰাই স্কুলীয়া আৰু কলেজীয়া শিক্ষা শিৱসাগৰত সম্পন্ন কৰি পৰৱৰ্তীসময়ত উচ্চশিক্ষাৰ বাবে এলাহাবাদ বিশ্ববিদ্যালয়লৈ যায় আৰু প্ৰফেছৰ বি. ডি. এন. সাহায়, প্ৰফেছৰ ৱাই. পি. সাহায় আদি প্ৰসিদ্ধ শিক্ষাগুৰুৰ সান্নিধ্যত গুৰুমন্ত্ৰ লাভ কৰে। অধ্যয়নৰ বিস্তাৰ আৰু গভীৰতাৰ সত্ত্বেও স্বভাৱজাত আলস্যৰ বাবেই প্ৰভাত বৰাৰ প্ৰকাশিত ৰচনাৰ সংখ্যা যথেষ্ট কম। তথাপি সাহিত্য-সমালোচনামূলক ৰচনাসমূহৰ ফালৰ পৰা প্ৰভাত বৰা অসমীয়া আধুনিক সাহিত্যৰ যুগত হীৰেন গোহাঁইৰ পাছতে এখন গুৰুত্বপূৰ্ণ স্থান পাবলগীয়া সমালোচক।[উদ্ধৃতিৰ প্ৰয়োজন] যথাৰীতি তেওঁৰ একমাত্ৰ সমালোচনামূলক গ্ৰন্থ।