প্ৰভা ৰাও
প্ৰভা ৰাও | |
|---|---|
![]() প্ৰভা ৰাও - ৱাসু | |
| ১৮ তম ৰাজস্থানৰ ৰাজ্যপাল | |
| কাৰ্যকাল ২ ডিচেম্বৰ ২০০৯ – ২৬ এপ্ৰিল ২০১০ | |
| পূৰ্বসূৰী | শিলেন্দ্ৰ কুমাৰ সিং |
| উত্তৰসূৰী | শিৱৰাজ পাটিল |
| ১৬ তম হিমাচল প্ৰদেশৰ ৰাজ্যপাল | |
| কাৰ্যকাল ১৯ জুলাই ২০০৮ – ২৪ জানুৱাৰী | |
| পূৰ্বসূৰী | বিষ্ণু সদাশিৱ কোকজে |
| উত্তৰসূৰী | উৰমিলা সিং |
| সংসদ সদস্য, লোকসভা | |
| কাৰ্যকাল (১৯৯৯ – ২০০৪) | |
| পূৰ্বসূৰী | দত্ত মেঘে |
| উত্তৰসূৰী | সুৰেশ গণপত ৱাগমাৰে |
| সমষ্টি | ৱৰ্ধা |
| মহাৰাষ্ট্ৰ বিধানসভা ৰ সদস্য। | |
| কাৰ্যকাল (১৯৯৫ – ১৯৯৯) | |
| পূৰ্বসূৰী | সৰোজ ৰবি কাশীকাৰ |
| উত্তৰসূৰী | ৰঞ্জিত কাম্বলে |
| সমষ্টি | পুলগাঁও |
| কাৰ্যকাল (১৯৮৫ – ১৯৯০) | |
| পূৰ্বসূৰী | মাণিক মহাদেওৰাও সবানে |
| উত্তৰসূৰী | সৰোজ ৰবি কাশীকাৰ |
| সমষ্টি | পুলগাঁও |
| কাৰ্যকাল (১৯৭২-১৯৭৮), (১৯৭৮ – ১৯৮০) | |
| পূৰ্বসূৰী | এন আৰ কালে |
| উত্তৰসূৰী | মাণিক মহাদেওৰাও সবানে |
| সমষ্টি | পুলগাঁও |
| মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। | |
| কাৰ্যকাল (১৯৮৫-১৯৮৮), (২০০৪ – ২০০৮) | |
| পূৰ্বসূৰী | এন এম কাম্বলে |
| উত্তৰসূৰী | পতংগৰাও কদম |
| ব্যক্তিগত তথ্য | |
| জন্ম | ৪ মাৰ্চ, ১৯৩৫ খণ্ডৱা জিলা, মধ্যপ্ৰদেশ |
| মৃত্যু | ২৬ এপ্ৰিল, ২০১০ (৭৫ বছৰ) নতুন লিল্লী, ভাৰত |
| দাম্পত্যসঙ্গী | এচ আনন্দ ৰাও |
| সন্তান | ২ |
| সম্বন্ধীয় | ৰঞ্জিত কাম্বলে (ভতিজা) |
| বাসস্থান | ৱৰ্ধা জিলা, মহাৰাষ্ট্ৰ। |
প্ৰভা ৰাও (ইংৰাজী: : Prabha Rau ৪ মাৰ্চ ১৯৩৫ – ২৬ এপ্ৰিল ২০১০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু মৃত্যুৰ সময়ত ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজ্যপাল আছিল। ২০১০ চনৰ ২৫ জানুৱাৰীত শিমলাত উৰ্মিলা সিঙে দায়িত্ব লোৱাৰ পিছত হিমাচল প্ৰদেশৰ ৰাজ্যপালৰ পৰা বদলি হোৱাৰ পিছত তেওঁক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়।[1] প্ৰথম অৱস্থাত ৰাজস্থানৰ পূৰ্বৰ ৰাজ্যপাল এছ. সিঙে হিমাচল প্ৰদেশৰ ৰাজ্যপালৰ দায়িত্বৰ লগতে ৰাজস্থানৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব লাভ কৰে।[2] ২০০৮ চনৰ ১৯ জুলাইৰ পৰা হিমাচল প্ৰদেশৰ ৰাজ্যপালৰ দায়িত্ব পালন কৰি মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ৱৰ্ধাৰ পৰাই আহিছিল আৰু তেওঁৰ অৰুণ ৱাছু নামৰ এজন ভাতৃ আছে।
ত্ৰয়োদশ লোকসভাত সংসদৰ সদস্য আছিল আৰু মহাৰাষ্ট্ৰৰ ৱাৰ্ধা (লোকসভা সমষ্টি)ৰ পৰা নিৰ্বাচিত হৈছিল।[3] ১৯৭২ চনত পুলগাঁৱৰ পৰা প্ৰথমবাৰৰ বাবে মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হয়।
তেওঁ এগৰাকী প্ৰাক্তন খেলুৱৈ আছিল আৰু তেওঁ মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল লং জাম্প, হাই জাম্প, হাৰ্ডলছ, ডিস্কাছ থ্ৰ’, আৰু দৌৰত। সংগীত শিল্পী হিচাপে ৰাজনীতি আৰু সংগীতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
মৃত্যু
[সম্পাদনা কৰক]২০১০ চনৰ ২৬ এপ্ৰিলত নতুন দিল্লীৰ যোধপুৰ ঘৰত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৰাউৰ মৃত্যু হয়। তেওঁ ৰাজস্থানৰ একেৰাহে দ্বিতীয়গৰাকী ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি মৃত্যুবৰণ কৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "President appoints Governors". Press Information Bureau, New Delhi Press release dated 16 January 2010. http://www.pib.nic.in/newsite/erelease.aspx?relid=57002। আহৰণ কৰা হৈছে: 22 October 2013.
- ↑ "GOVERNOR OF HIMACHAL PRADESH GETS ADDITIONAL CHARGE OF RAJASTHAN". Rashtrapati Bhavan, New Delhi Press Release Dated. 2009-12-02. http://pratibhapatil.nic.in/pr021209.html। আহৰণ কৰা হৈছে: 22 October 2013.
- ↑ Lok Sabha Members – Prabha Rau Profile Archived 3 July 2011 at the Wayback Machine Lok Sabha
- ↑ Rajasthan Governor Prabha Rau passes away[সংযোগবিহীন উৎস] The Hindu
