সমললৈ যাওক

প্ৰমথনাথ বিশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰমথনাথ বিশী
জন্ম ১১ জুন ১৯০১
জোৱাড়ি গাঁও, নাটোৰ জিলা, ইংৰাজশাসিত ভাৰত
মৃত্যু ১০ মে', ১৯৮৫ (৮৩ বছৰ)
কলকাতা, পশ্চিমবঙ্গ, ভাৰত
দেশ ভাৰতীয়
বঁটা ৰবীন্দ্ৰ পুৰস্কাৰ (১৯৬০), বিদ্যাসাগৰ স্মৃতি পুৰস্কাৰ (১৯৮২), জগত্তাৰিণী স্বৰ্ণপদক (১৯৮৩)

প্ৰমথনাথ বিশী (ইংৰাজী: Pramathanath Bishi; ১১ জুন ১৯০১ – ১০ মে' ১৯৮৫) এগৰাকী ভাৰতীয় সাহিত্যিক, শিক্ষাবিদ আৰু পশ্চিম বংগৰ প্ৰাক্তন সংসদ সদস্য। তেখেত আছিল পশ্চিম বংগ বিধান সভাৰ প্ৰাক্তন সদস্য (১৯৬২–১৯৬৮) আৰু ১৯৭২ চনৰপৰা ১৯৭৮ চনলৈকে ৰাজ্যসভাৰ মনোনীত সদস্য আছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯০১ চনৰ ১১ জুনত ৰাজশাহীৰ জোৱাড়ি গাঁৱৰ নলিনীনাথ বিশী আৰু সৰোজবাসিনী দেৱীৰ ঘৰত প্ৰমথনাথ বিশীৰ জন্ম।[1] শান্তিনিকেতনৰ ব্ৰহ্ম বিদ্যালয়ত তেখেতে সোতৰ বছৰ কাল অধ্যয়ন কৰিছিল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢি় তুলিছিল। [2] শান্তিনিকেতনৰ পৰা মেট্ৰিক (১৯১৯) পাছ কৰি কেইবাবছৰৰ বিৰতি লৈ আই এ (১৯২৭) সম্পূৰ্ণ কৰে আৰু ৰাজশাহী মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ বি এ (১৯২৯) উত্তীৰ্ণ হয়৷ ইয়াৰ পাছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বাংলা বিষয়ত প্ৰথম শ্ৰেণীত প্ৰথম স্থান লাভ কৰি এম এ (১৯৩২) পৰীক্ষাত উত্তীৰ্ণ হয়৷ ৰামতনু লাহিড়ী ৰিচাৰ্চ ফেল’শ্বিপ (১৯৩৩-১৯৩৬)লৈ তেখেতে গৱেষণা কৰিছিল৷

কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰিপন কলেজ (১৯৩৬–১৯৪৬) আৰু তাৰ পাছত কলিকতা বিশ্ববিদ্যালয় (১৯৫০) বাংলা ভাষাৰ অধ্যাপক হিচাপে তেখেতে যোগদান কৰিছিল৷[3] তেখেত কলিকতা বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ অধ্যাপক আৰু বাংলা বিভাগৰ মুৰব্বী আছিল (১৯৬৩–৬৬)। তেখেতে শান্তিনিকেতনৰ সম্পাদক (১৯৩১) আৰু আনন্দবজাৰ পত্ৰিকা (১৯৪৬–১৯৪৯)ৰ সহকাৰী সম্পাদক হিচাপেও কাম কৰিছিল। তেখেতে ১৯৭১ চনত অৱসৰ গ্ৰহণ কৰে। তেখেত পশ্চিম বংগ বিধান সভাৰ (১৯৬২) সদস্যও আছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

প্ৰমথনাথ বিশী কবিতা, ব্যংগ, চুটিগল্প, উপন্যাস, নাটক, ৰচনা আৰু সমালোচনা আদি কেইবাটাও ধাৰাৰ লেখক আছিল।[4]

পূৰ্ণাঙ্গ নাটক
  1. ঋণং কৃত্যা
  2. ঘৃতং পিবেৎ (চানিভিলা)
  3. ডিনামাইট
  4. সাবিত্ৰীৰ স্বয়ংবৰ
  5. দক্ষিণপাড়াৰ মেয়েৰা
  6. মৌচাকে ঢিল
  7. গভৰ্মেণ্ট-ইন্সপেক্টৰ (নিকোলাই গোগোল ৰচিত একই নামেৰ একটি নাটকেৰ অনুবাদ[5])
  8. পাৰমিট
  9. ভূতপূৰ্ব স্বামী
  10. হিন্দী উইদাউট টিয়াৰ্স
  11. জাতীয় উন্মাদাশ্ৰম
একাঙ্ক নাটক
  1. পশ্চাতেৰ আমি
  2. পৰিহাস-বিজল্পিতম্
  3. বেনিফিট অব ডাউট
  4. কে লিখিল মেঘনাদবধ কাব্য
অসম্পূৰ্ণ নাটক
  1. স্বৰ্গ
  2. আফিঙেৰ ফুল

১৯৬০ চনত কেৰী সাহেবেৰ মুন্সী উপন্যাসখনক বাবে‍ প্ৰমথনাথ বিশীয়ে ৰবীন্দ্ৰ পুৰস্কাৰ লাভ কৰে। ইয়াৰ উপৰিও তেখেতে বিদ্যাসাগৰ স্মৃতি পুৰস্কাৰ (১৯৮২) আৰু কলকাতা বিশ্ববিদ্যালয় প্ৰদত্ত জগত্তাৰিণী স্বৰ্ণপদকও (১৯৮৩) লাভ কৰিছিল৷

১৯৮৫ চনৰ ১০ মে’ত কলিকতাত তেখেতৰ মৃত্যু হয়।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "প্ৰমথনাথ, চিত্ৰ-চৰিত্ৰ". https://www.anandabazar.com/patrika/unknown-stories-of-indian-author-educationist-and-parliamentarian-pramathanath-bishi-1.809106 আহৰণ কৰা হৈছে: 23 July 2024.
  2. "ছাত্ৰেৰ কাছে জব্দ ৰবি". https://www.anandabazar.com/rabibashoriyo/rabindranath-tagore-had-to-bow-down-to-student-pramathanath-bishi-1.657225 আহৰণ কৰা হৈছে: 23 July 2024.
  3. (en ভাষাত) Accolades. Trafford Publishing. 2013-05-01. ISBN 978-1-4669-8811-8. https://books.google.com/books?id=7ea7ntWc8q0C&dq=pramathanath+bishi+Ripon+college&pg=PR12.
  4. SHARMA, PEEYUSH (2021-06-11) (en ভাষাত). BRAHMAN ITIHASA: FORGOTTEN HISTORY OF BHARATVARSHA. PEEYUSH SHARMA. ISBN 979-8-5188-2870-4. https://books.google.com/books?id=spddEAAAQBAJ&dq=pramathanath+bishi&pg=PA292.
  5. ‘নাটক পৰিচিতি’, নাটক সমগ্ৰ, প্ৰমথনাথ বিশী, সম্পাদনা: বিজিতকুমাৰ দত্ত, মিত্ৰ ও ঘোষ পাবলিশাৰ্স প্ৰাঃ লিঃ, কলকাতা, ১৪০৫ সংস্কৰণ, পৃ. ৮৩১
  6. সেলিনা হোসেন ও নুৰুল ইসলাম সম্পাদিত; বাংলা একাডেমী চৰিতাভিধান; দ্বিতীয় সংস্কৰণ: ফেব্ৰুয়াৰি, ১৯৯৭; পৃষ্ঠা: ২৩১, আই.এচ.বি.এন. 984-07-4354-6