সমললৈ যাওক

প্ৰমাণ (ভাৰতীয় দৰ্শন)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰমাণ (সংস্কৃত: प्रमाण; IAST: Pramāṇa) শব্দটোৰ আক্ষৰিক অৰ্থ "সত্য প্ৰতিষ্ঠা” আৰু “জ্ঞান লাভৰ উপায়”।[1][2] ভাৰতীয় জ্ঞানতত্ত্বৰ এক কেন্দ্ৰীয় ধাৰণা হিচাপে প্ৰমাণে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ বিচাৰে: সঠিক জ্ঞান কেনেকৈ পোৱা যায়, মানুহে কেনেকৈ জানে, কেতিয়া “জনা” বুলি ভাবিলেও আচলতে জনা নহয়, আৰু কোনো বস্তু, ব্যক্তি বা ঘটনা সন্দৰ্ভত জ্ঞানৰ সীমা কিমান দূৰলৈ বিদ্যমান।[3][4]

ভাৰতীয় দৰ্শনসমূহত প্ৰমাণৰ সংখ্যা একে নহয়। বহু প্ৰাচীন আৰু মধ্যযুগীয় দৰ্শনত ছটা প্ৰমাণক বহুলভাৱে উল্লেখ কৰা হয়, যদিও কিছুমান বিদ্বানে আঠ বা দহটা প্ৰমাণৰো উল্লেখ কৰে।[5] ছটা বহুলভাৱে পৰিচিত প্ৰমাণ হ’ল: প্ৰত্যক্ষ, অনুমান, শব্দ বা শব্দপ্ৰমাণ, উপমান, অৰ্থাপত্তি, আৰু অনুপলব্ধি।[6][7]

এই সকলোকে সকলো দৰ্শন পৰম্পৰাই একে ধৰণে গ্ৰহণ নকৰে; ক’ত কোনটো অধিক বিশ্বাসযোগ্য, ক’ত কোনটো আন এটা প্ৰমাণৰ পৰা নিৰ্গত বুলি ধৰা যায়, এই বিষয় লৈ তৰ্ক-বিতৰ্ক বহুলভাৱে প্ৰচলিত।[8]

ব্যুৎপত্তি আৰু ধাৰণাৰ আধাৰ

[সম্পাদনা কৰক]

"প্ৰমাণ" শব্দটো প্ৰমা (সঠিক/নিশ্চিত জ্ঞান)ৰ পৰা আহিছে। সংস্কৃত ভাষাত প্ৰৰ অৰ্থ “সন্মুখলৈ" বা "বাহিৰলৈ”, আৰু মাৰ অৰ্থ “মাপ”; সেয়ে প্ৰমাৰ অৰ্থ “সঠিক মাপ-অনুযায়ী লভিত ধাৰণা”, আৰু প্ৰমাণৰ অৰ্থ “সেই সঠিক জ্ঞান লাভ কৰোৱাৰ উপায়”।[9][10]

ভাৰতীয় জ্ঞানতত্ত্বত তিনিটা শব্দ একেলগে প্ৰায় ব্যবহৃত: প্ৰমাতৃ (জানোঁতা/বিষয়), প্ৰমেয় (জানিবলগীয়া বস্তু/বিষয়বস্তু) আৰু প্ৰমাণ (জ্ঞান লাভৰ উপায়)।[11] অৰ্থাৎ জ্ঞান কেৱল “উত্তৰ” নহয়; জানোঁতা, জানিবলগীয়া বস্তু, আৰু জনাৰ উপায়, এই তিনিও মিলিহে জ্ঞানৰ গঠন নিৰ্ধাৰিত হয়।

হিন্দু পৰম্পৰাত ছয় প্ৰমাণ

[সম্পাদনা কৰক]

হিন্দু দৰ্শনৰ কেইবাটাও শাখাই ছয় প্ৰমাণক তালিকাভুক্ত কৰে: প্ৰত্যক্ষ, অনুমান, উপমান, অৰ্থাপত্তি, অনুপলব্ধি, আৰু শব্দ।[4][6][7]

পিচে প্ৰত্যেক হিন্দু দৰ্শনে আতাইকেইটা প্ৰমাণ স্বীকাৰ নকৰে আৰু সময়ে সময়ে এই বিষয়ত মতো সলনি হৈ আহিছে। উদাহৰণ হিচাপে, তৈত্তিৰীয় আৰণ্যকত (প্ৰায় খ্ৰীষ্টপূৰ্ব ৯ম–৬ষ্ঠ শতিকা) “সঠিক জ্ঞান লাভৰ চাৰিটা উপায়” বুলি স্মৃতি/শাস্ত্ৰ, প্ৰত্যক্ষ, ঐতিহ্য/বিশেষজ্ঞ-সাক্ষ্য, আৰু অনুমানৰ উল্লেখ আছে।[12][13]

প্ৰত্যক্ষ

[সম্পাদনা কৰক]

প্ৰত্যক্ষ হ'ল ইন্দ্ৰিয় বা মানসিক অনুভৱৰ দ্বাৰা পোৱা জ্ঞান। ইয়াক বাহ্য (পাঁচ ইন্দ্ৰিয় আৰু বস্তুৰ সংযোগ) আৰু অন্তঃ (মন/অন্তৰিন্দ্ৰিয়ৰ জ্ঞান) দুয়ো ৰূপে ব্যাখ্যা কৰা হয়।[14][15]

অনেক দৰ্শনে সঠিক প্ৰত্যক্ষৰ বাবে চৰ্তসমূহ এনেদৰে উল্লেখ কৰিছে - বস্তুৰ সৈতে ইন্দ্ৰিয়-সংযোগ, কাণেৰে শুনা কথাৰ ওপৰত নিৰ্ভৰ নকৰি প্ৰত্যক্ষ অনুভৱ, একে ধৰণে পুনৰাবৃত্তি কৰি বাৰে বাৰে পোৱা একে ফল, আৰু নিৰ্দিষ্টতা (সন্দেহহীনতা) আদি।[16]

অনুমান হ'ল আগৰ সত্য আৰু পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি যুক্তিৰে নতুন সিদ্ধান্তত উপনিত হোৱা। “ধোঁৱা দেখিছোঁ, সেয়ে জুই আছে”: এই ধৰণৰ উদাহৰণে ইয়াক বাস্তৱায়িত কৰে।[17][18]

প্ৰাচীন ভাৰতীয় যুক্তিবিদ্যাই অনুমানৰ ভিতৰতে প্ৰস্তাৱ, কাৰণ, উদাহৰণ আদি ধাপৰ কথা আৰু “ব্যাপ্তি” (কাৰণ-চিহ্নৰ অনিবাৰ্য-সংযোগ)ৰ দৰে কঠোৰতা-চৰ্তৰ কথাও আলোচনা কৰে।[19]

শব্দপ্ৰমাণ হ'ল বিশ্বাসযোগ্য ব্যক্তিৰ সাক্ষ্য, পাঠ-শাস্ত্ৰ বা বিশেষজ্ঞ-জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰা।[20] যুক্তিটো সৰল: মানুহে সকলো কথা নিজে প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিব নোৱাৰে; সময়-শক্তি সীমিত, সেয়ে শিক্ষক, সমাজ, পৰম্পৰা, বা “বিশ্বাসযোগ্য উৎস”ৰ পৰা জ্ঞান লাভ কৰিব লাগে।[20][7] কিন্তু “বিশ্বাসযোগ্য” কাক ক’ম? এই বিষয় লৈ বিভিন্ন হিন্দু দৰ্শনৰ মাজত তীব্ৰ মতভেদ আছে।[21]

উপমান, অৰ্থাপত্তি, অনুপলব্ধি

[সম্পাদনা কৰক]

উপমান হ'ল তুলনা-উপমাৰ জৰিয়তে নতুন বস্তু চিনাক্ত কৰা। অৰ্থাপত্তি হ'ল পৰিস্থিতিৰ পৰা বাধ্যতামূলক অনুমান জাতীয় উপস্থাপন। অনুপলব্ধি হ'ল “অনুপস্থিতি”ৰ দ্বাৰা জ্ঞান, যেনে “এই কোঠাত টেকেলি নাই” আদি নঞাৰ্থক-প্ৰমাণ।[6][7]

কোনো কোনো দৰ্শনে এই সকলোকে স্বতন্ত্ৰ প্ৰমাণ জ্ঞান অক্ৰে; কিছুমান দৰ্শনে কয় যে এই প্ৰমাণকেইটা আচলতে প্ৰত্যক্ষ, অনুমান আৰু শব্দৰ ভিতৰৰ পৰাই ওলায়, আৰু সেয়ে পৃথক প্ৰমাণ বুলি ধৰা উচিত নহয়।[22][23]

বিভিন্ন পৰম্পৰাত গ্ৰহণযোগ্যতা

[সম্পাদনা কৰক]

চাৰ্বাক মতত কেৱল প্ৰত্যক্ষই নিশ্চিত; অন্য সকলো পদ্ধতি বিভ্ৰান্তি-প্ৰৱণ বুলি ধৰা হয়।[17][24]

বৈশেষিক দৰ্শনে প্ৰত্যক্ষ আৰু অনুমান গ্ৰহণ কৰে বুলি উল্লেখ আছে।[25]

সাংখ্য-যোগ আৰু বেদান্ত দৰ্শনৰ কোনো কোনো শাখাই প্ৰত্যক্ষ-অনুমান-শব্দ, এই তিনিটাক মূল প্ৰমাণ জ্ঞান কৰে।[25]

ন্যায় দৰ্শনে চাৰিটা (প্ৰত্যক্ষ, অনুমান, উপমান, শব্দ) গ্ৰহণ কৰে বুলি কোৱা হয়।[25]

মীমাংসা আৰু অদ্বৈত বেদান্তত ছয়োটা উপযোগী আৰু কেতিয়াবা বিশ্বাসযোগ্য বুলি ধৰা হয়।[7]

বৌদ্ধ প্ৰমাণ পৰম্পৰা

[সম্পাদনা কৰক]

বৌদ্ধ পৰম্পৰাত “প্ৰমাণবাদ” বুলিলে যুক্তি আৰু জ্ঞানতত্ত্বৰ সেই ধাৰা বুজোৱা হয় যি ডিঙনাগ আৰু ধৰ্মকীৰ্তিৰ দৰে দাৰ্শনিকৰ নামৰ সৈতে বিশেষভাৱে জড়িত।[26]

সাধাৰণতে বৌদ্ধ চিন্তাত দুটা প্ৰমাণ মূলতঃ গ্ৰাহ্য: প্ৰত্যক্ষ আৰু অনুমান। শাস্ত্ৰ-সাক্ষ্যৰ কথাও আলোচিত যদিও তাক প্ৰত্যক্ষ আৰু অনুমানৰ ভিতৰতেই বুজি লোৱা হয়, সাধাৰণতে।[27][28]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Köln University, Spoken Sanskrit Dictionary: “pramANa”
  2. James G. Lochtefeld, “Pramana”, The Illustrated Encyclopedia of Hinduism, Vol. 2, pp. 520–521
  3. Karl Potter (2002), Presuppositions of India’s Philosophies, pp. 25–26
  4. 1 2 DPS Bhawuk (2011), “Spirituality and Indian Psychology”, p. 172
  5. Andrew J. Nicholson (2013), Unifying Hinduism, pp. 149–150
  6. 1 2 3 Gavin Flood (1996), An Introduction to Hinduism, p. 225
  7. 1 2 3 4 5 Eliott Deutsche (2000) in Perrett (ed.), Philosophy of Religion: Indian Philosophy Vol. 4, pp. 245–248; John A. Grimes (1996), p. 238
  8. P. Bilimoria (1993), “Pramāṇa epistemology”, pp. 137–154
  9. Monier-Williams Dictionary entry: “pramā”
  10. John A. Grimes (1996), A Concise Dictionary of Indian Philosophy, pp. 237–238
  11. Köln University, Spoken Sanskrit Dictionary: “pramAtR”, “prameya”
  12. A. B. Keith (1925), The Religion and Philosophy of the Veda and Upanishads, Part II, p. 482
  13. S. C. Vidyabhusana (1971), A History of Indian Logic, p. 23
  14. MM Kamal (1998), “The Epistemology of the Carvaka Philosophy”, pp. 13–16
  15. B. Matilal (1992), Perception: An Essay in Indian Theories of Knowledge
  16. Karl Potter (1977), “Meaning and Truth”, pp. 160–172
  17. 1 2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; kamal নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  18. James Lochtefeld, “Anumana”, Illustrated Encyclopedia of Hinduism, Vol. 1, pp. 46–47
  19. Karl Potter (2002), Presuppositions of India's Philosophies.
  20. 1 2 M. Hiriyanna (2000), The Essentials of Indian Philosophy, p. 43
  21. P. Bilimoria (1988), Śabdapramāṇa: Word and Knowledge, pp. 1–30
  22. DM Datta (1932), The Six Ways of Knowing, pp. 221–253
  23. D. Sharma (1966), “Abhāva versus Anupalabdhi”, pp. 291–300
  24. Ramkrishna Bhattacharya (2010), “What the Cārvākas Originally Meant?”, pp. 529–542
  25. 1 2 3 John A. Grimes (1996), p. 238
  26. Tom J. F. Tillemans (2011), “Buddhist Epistemology (pramāṇavāda)”, Oxford Handbook chapter
  27. Daniel Perdue (1992), Debate in Tibetan Buddhism, pp. 19–20
  28. Lati Rinbochay & Elizabeth Napper (1981), Mind in Tibetan Buddhism, pp. 115–119