সমললৈ যাওক

প্ৰমিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰমিলা
জন্ম August 1956
তিৰুচিৰাপল্লী, তামিলনাডু
ৰাষ্ট্ৰীয়তা ভাৰতীয়, যুক্তৰাষ্ট্ৰ
পেচা চলচ্চিত্ৰ অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭২- ১৯৯০
দাম্পত্যসঙ্গী Paul Schlacta (m.1993)
সন্তান কোনো সন্তান নাই

টি. এ. প্ৰমিলা (ইংৰাজী: Prameela ) দক্ষিণ ভাৰতীয় ছবিৰ এগৰাকী প্ৰবীণ অভিনেত্ৰী। ১৯৭০ আৰু ১৯৮০ দশকত মালয়ালম আৰু তামিল চলচ্চিত্ৰৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিছিল আৰু কম সংখ্যক কানাড়া আৰু তেলেগু ছবিতো অভিনয় কৰিছিল। গ্লেমাৰাছ চৰিত্ৰৰ বাবে তেওঁ বিখ্যাত আছিল। ৫০ খনতকৈও অধিক মালয়ালম ছবিত অভিনয় কৰিছে। ১৯৬৮ চনৰ মালয়ালম ছবি "ইন্সপেক্টৰ"ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত ভৰি থয়। ১৯৭৩ চনত মুক্তি পোৱা তামিল ছবি অৰংগেত্ৰমত তেওঁ বৃহৎ সফলতা লাভ কৰে। এজন আমেৰিকান ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত বসতি কৰিবলৈ লয়। তেওঁ এগৰাকী ৰোমান কেথলিক আৰু মাতৃভাষা তামিল।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তামিলনাডুৰ তিৰুচিৰাপল্লীত তেওঁৰ জন্ম হৈছিল। অমল দাস আৰু সুশীলাৰ চাৰিটা সন্তানৰ ভিতৰত তেওঁ দ্বিতীয় আছিল; তেওঁৰ জ্যেষ্ঠ ভাতৃ চিজাৰ, এগৰাকী ভগ্নী ছুইটী আৰু এজন কনিষ্ঠ ভাতৃ প্ৰভু। চলচ্চিত্ৰ জীৱনৰ বাবে পৰিয়ালটো চেন্নাইলৈ স্থানান্তৰিত হয়। তেওঁ প্ৰাথমিক শিক্ষা চেন্নাইৰ শাৰদা বিদ্যালয়ত কৰিছিল আৰু ট্ৰিচিৰ হলি ৰিডিমাৰ্ছ গাৰ্লছ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। ১৯৬৮ চনত মুক্তি পোৱা ইনস্পেক্টৰ ছবিত ১২ বছৰ বয়সত অভিনয়ৰে তেওঁৰ অভিষেক ঘটিছিল। দক্ষিণ ভাৰতীয় চাৰিটা ভাষাৰ প্ৰায় ২৫০খন ছবিত অভিনয় কৰিছে।

পল স্কালাক্টাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁ কেলিফৰ্ণিয়াত বসতি স্থাপন কৰিবলৈ যায়। দম্পতীহালৰ কোনো সন্তান নাই।[2][3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]