সমললৈ যাওক

প্ৰমিলা জয়পাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰমিলা জয়পাল

চৰকাৰী প্ৰতিচ্ছবি, ২০১৯
কংগ্ৰেছনেল প্ৰগ্ৰেছিভ ককাছৰ অধ্যক্ষা
কাৰ্যকাল
৩ জানুৱাৰী ২০১৯  ৩ জানুৱাৰী ২০২৫
Serving with মাৰ্ক পোকান (২০১৯–২০২১)
পূৰ্বসূৰী ৰাউল গ্ৰিহালভা
উত্তৰসূৰী গ্ৰেগ কাসাৰ
আমেৰিকাৰ প্ৰতিনিধি সদনৰ সদস্য
Member of the U.S. House of Representatives
from ৱাশ্বিংটন's ৭ম কংগ্ৰেছ জিলা district
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩ জানুৱাৰী ২০১৭
পূৰ্বসূৰী জিম মেকডাৰমট
ৱাশ্বিংটন ৰাজ্যিক চেনেটৰ সদস্য
Member of the U.S. House of Representatives
from ৱাশ্বিংটন's ৩৭তম বিধানসভা জিলা district
কাৰ্যকাল
১২ জানুৱাৰী ২০১৫  ১১ ডিচেম্বৰ ২০১৬
পূৰ্বসূৰী এডাম ক্লাইন
উত্তৰসূৰী ৰেবেঁকা সালদানা
ব্যক্তিগত তথ্য
জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৫
মাদ্ৰাছ (বৰ্তমান চেন্নাই), তামিলনাডু, ভাৰত
নাগৰিকত্ব ভাৰত (১৯৬৫–২০০০)
যুক্তৰাষ্ট্ৰ (২০০০–বৰ্তমান)
ৰাজনৈতিক দল ডেম’ক্ৰেটিক পাৰ্টি
দাম্পত্যসঙ্গী এলান প্ৰেষ্টন (বিবাহবিচ্ছেদ)
ষ্টিভ উইলিয়ামছন (২০০০–বৰ্তমান)
সন্তান
সম্বন্ধীয় মায়া জয়পাল (মাতৃ)
সুশীলা জয়পাল (ভগ্নী)
শিক্ষা জৰ্জটাউন বিশ্ববিদ্যালয় (বি.এ.)
নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয় (এম.বি.এ.)
স্বাক্ষৰ
ৱেবছাইট jayapal.house.gov
pramilaforcongress.com

প্ৰমিলা জয়পাল (ইংৰাজী: Pramila Jayapal; জন্ম ২১ ছেপ্টেম্বৰ, ১৯৬৫)[1] এগৰাকী আমেৰিকান ৰাজনীতিবিদ যিয়ে ২০১৭ চনৰপৰা ৱাশ্বিংটনৰ ৭ম কংগ্ৰেছ জিলাৰপৰা আমেৰিকাৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৫ চনৰপৰা ২০১৭ চনলৈকে ৱাশ্বিংটন ষ্টেটৰ চেনেটত ৩৭সংখ্যক বিধানসভা জিলাক প্ৰতিনিধিত্ব কৰা জয়পালে আমেৰিকাৰ প্ৰতিনিধি সদনত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী ভাৰতীয় আমেৰিকান মহিলা। জিলাখনৰ প্ৰথমগৰাকী মহিলা কংগ্ৰেছ সদস্য, তেওঁ ফেডাৰেল পৰ্যায়ত ৱাশ্বিংটনক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী এছিয়ান আমেৰিকান।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

জয়পালৰ জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৫ চনত ভাৰতৰ চেন্নাই চহৰত এটা মালয়ালি নায়াৰ পৰিয়ালত হৈছিল। তেওঁৰ মাতৃ মায়া জয়পাল এগৰাকী লেখিকা আৰু পিতৃ জয়পাল মেনন এজন বিপণন পেছাদাৰী আছিল।[2][3] শৈশৱৰ অধিকাংশ সময় তেওঁ ইণ্ডোনেছিয়া আৰু ছিংগাপুৰত কটাইছিল।[2] তেওঁ হিন্দী ভাষা ক’ব পাৰে যদিও মালয়ালম ভাষাত সম্পূৰ্ণ সাবলীল নহয়।[4]

জয়পালে জাকাৰ্তা ইণ্টাৰকালচাৰেল স্কুলত অধ্যয়ন কৰিছিল।[5] ১৯৮২ চনত, ১৬ বছৰ বয়সত, তেওঁ উচ্চশিক্ষাৰ বাবে যুক্তৰাষ্ট্ৰলৈ যায়। তেওঁ জৰ্জটাউন বিশ্ববিদ্যালয়ৰপৰা কলা শাখাত স্নাতক (বি.এ.) ডিগ্ৰী আৰু নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ কেলগ স্কুল অৱ মেনেজমেণ্টৰপৰা ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ (এম.বি.এ.) ডিগ্ৰী অৰ্জন কৰে।[6]

স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত জয়পালে পেইনৱেবাৰ সংস্থাত আৰ্থিক বিশ্লেষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তাত কৰ্মৰত অৱস্থাত তেওঁ চিকাগোৰপৰা থাইলেণ্ডলৈকে বিভিন্ন উন্নয়ন প্ৰকল্পত জড়িত আছিল। পিছলৈ তেওঁ এটা চিকিৎসা-সামগ্ৰী কোম্পানীত বিক্ৰী আৰু বিপণনত স্বল্পকাল কাম কৰে আৰু ১৯৯১ চনত ৰাজহুৱা খণ্ডলৈ আগবাঢ়ে।[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

জয়পাল পূৰ্বে এলান প্ৰেষ্টনৰ সৈতে বিবাহবন্ধনত আবদ্ধ হৈছিল।[8] ভাৰতত অকাল প্ৰসূতিৰ ফলত সন্তান জন্ম দিয়াৰ সময়ত তেওঁ সময়মতে যুক্তৰাষ্ট্ৰলৈ উভতি যাব নোৱাৰাত নিজৰ স্থায়ী বাসিন্দা মৰ্যাদা বজাই ৰাখিবলৈ অপাৰগ হয় আৰু সেই সময়ছোৱাত তেওঁৰ গ্ৰীণ কাৰ্ড বাতিল হয়।[9] তেওঁ ২০০০ চনত যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰে।[10]

তেওঁৰ ৰচিত গ্ৰন্থ ‘পিলগ্ৰিমেজ: ৱান উমেনছ ৰিটাৰ্ন টু আ চেঞ্জিং ইণ্ডিয়া’ ২০০০ চনৰ মাৰ্চ মাহত প্ৰকাশ পায়।[11][12]

বৰ্তমান তেওঁ স্বামী ষ্টিভেন আৰ. উইলিয়ামছনৰ সৈতে ছিয়েটল চহৰত বাস কৰে।[13] প্ৰেষ্টনৰ সৈতে পূৰ্ববিবাহৰপৰা তেওঁৰ কাশিকা নামৰ সন্তান আছে, যিয়ে নিজকে ট্ৰান্সজেণ্ডাৰ বুলি চিনাক্ত কৰে আৰু পূৰ্বতে নন-বাইনাৰী লিংগ হিচাপে পৰিচয় দিছিল।[14][15] তেওঁৰ মাইকেল নামৰ এজন সৎপুত্ৰও আছে।[16]

২০১৯ চনত জয়পালে ৰাজহুৱাভাৱে উল্লেখ কৰে যে মাতৃ আৰু গৰ্ভস্থ শিশুৰ স্বাস্থ্যজনিত ঝুঁকিৰ বাবে তেওঁ এটা গৰ্ভপাতৰ সিদ্ধান্ত লৈছিল।[17]

তেওঁৰ জ্যেষ্ঠ ভগ্নী সুসীলা জয়পালে ২০১৯ চনৰপৰা মাল্টনোমা কাউণ্টি আয়োগত কাৰ্যনিৰ্বাহ কৰি আহিছে।[18] ২০২৩ চনত আৰ্ল ব্লুমেনাউৰে ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ ঘোষণা কৰাৰ পাছত সুসীলাই অ'ৰেগনৰ তৃতীয় কংগ্ৰেছ জিলাৰপৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে।[19][20][21] অৱশেষত ডেম'ক্ৰেটিক প্ৰাথমিক নিৰ্বাচনত তেওঁ মেক্সিন ডেস্কটৰৰ হাতত পৰাস্ত হয়।[22]

২০২১ চনৰ ১১ জানুৱাৰীত জয়পালৰ কোভিড-১৯ পজিটিভ ধৰা পৰে। ৰোগ নিৰ্ণয়ৰ পিছত প্ৰকাশ কৰা এক বিবৃতিত তেওঁ ২০২১ চনৰ যুক্তৰাষ্ট্ৰীয় কেপিটল আক্ৰমণৰ সময়ত কংগ্ৰেছ সদস্যসকলক লকডাউন অৱস্থাতো মুখাৱৰণ পিন্ধিবলৈ অস্বীকাৰ কৰা কিছুমান ৰিপাব্লিকান সহকৰ্মীক সমালোচনা কৰে।[23]

২০২২ চনৰ ৯ জুলাইত ছিয়েটলৰ বাসিন্দা ব্ৰেট ফ'ৰচেলে জয়পালৰ ছিয়েটলস্থিত গৃহৰ সন্মুখত আহি অশালীন শব্দ আৰু হত্যাৰ হুমকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হয়।[24] অধিক প্ৰমাণ সংগ্ৰহৰ পিছত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয়।[25] তেওঁ কেইবাবাৰো গৃহৰ সন্মুখেদি গাড়ী চলাই গৈ গালি-গালাজ কৰিছিল আৰু গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ হাতত এটা লোডেড পিষ্টল আছিল। তেওঁৰ বিৰুদ্ধে ফৌজদাৰী অনুসৰণ (ষ্টকিং)ৰ অভিযোগ আনি ১,৫০,০০০ ডলাৰৰ জামিনত মুকলি কৰা হয়।[26] ২০২৩ চনৰ জুন মাহত ফ'ৰচেলে দোষ স্বীকাৰ কৰি ৩৬৪ দিন কাৰাদণ্ড আৰু তাৰ পিছত ২৪ মাহ পৰ্যন্ত পৰ্যবেক্ষণাধীন শাস্তি লাভ কৰে।[27]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Office of the House Historian. "Jayapal, Pramila". Biographical Directory of the United States Congress. https://bioguide.congress.gov/search/bio/J000298.
  2. 1 2 "About". Pramila Jayapal. Archived from the original on February 4, 2015. https://web.archive.org/web/20150204075929/http://pramilajayapal.com/about/ আহৰণ কৰা হৈছে: February 3, 2015.
  3. "Indian American Congresswoman Pramila Jayapal's parents: 'She's interested in social justice'". Firstpost. November 19, 2016. https://www.firstpost.com/living/indian-american-congresswoman-pramila-jayapals-parents-shes-interested-in-social-justice-3112814.html/ আহৰণ কৰা হৈছে: November 20, 2016.
  4. Lakshmi, Padma (March 25, 2021). "Congresswoman Pramila Jayapal and Padma Lakshmi on Politics, Policy, and Purpose". Interview. https://www.interviewmagazine.com/culture/pramila-jayapal-padma-lakshmi-conversation আহৰণ কৰা হৈছে: August 9, 2025.
  5. "Jakarta Intercultural School proudly welcomes the return of one of their own". April 19, 2023. https://indonesiaexpat.id/education/jakarta-intercultural-school-proudly-welcomes-the-return-of-one-of-their-own/.
  6. "Pramila Moves to West Seattle". Pramila Jayapal. https://www.facebook.com/pramila.jayapal1/posts/10154898514503621 আহৰণ কৰা হৈছে: June 22, 2017.
  7. "About" (en ভাষাত). Congresswoman Pramila Jayapal. December 3, 2012. https://jayapal.house.gov/about.
  8. "Pramila Jayapal talks about her book 'Pilgrimage: One Woman's Return to a Changing India'" (en ভাষাত). India Today. June 25, 2001. https://www.indiatoday.in/magazine/society-and-the-arts/books/story/20010625-pramila-jayapal-talks-about-her-book-pilgrimage-one-womans-return-to-a-changing-india-775010-2001-06-24 আহৰণ কৰা হৈছে: April 16, 2023.
  9. "Rep. Pramila Jayapal Urges President Trump to Open Doors To Immigrants". News India Times. July 14, 2017. Archived from the original on November 15, 2020. https://web.archive.org/web/20201115164215/http://epaper.newsindia-times.com/2017_07_14/index.html#7. "Not only did she go through the gamut of visas, F1, F1B, etc., but she lost her Green Card when her child was born prematurely during a visit to India with her American husband, and could not come back to the U.S. on time to keep the permanent residence visa valid."
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "change" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. "Nonfiction Book Review: Pilgrimage: One Woman's Return to a Changing India by Pramila Jayapal". Publishers Weekly. http://www.publishersweekly.com/978-1-58005-032-6 আহৰণ কৰা হৈছে: April 29, 2016.
  12. Stephen, David (June 25, 2001). "Pramila Jayapal talks about her book Pilgrimage: One Woman's Return to a Changing India". India Today. https://www.indiatoday.in/magazine/society-and-the-arts/books/story/20010625-pramila-jayapal-talks-about-her-book-pilgrimage-one-womans-return-to-a-changing-india-775010-2001-06-24 আহৰণ কৰা হৈছে: April 29, 2016.
  13. "Pramila Jayapal" (en ভাষাত). Facebook. https://www.facebook.com/pramila.jayapal1/posts/10154898514503621 আহৰণ কৰা হৈছে: June 22, 2017.
  14. "About Me". https://jayapal.house.gov/about-me/ আহৰণ কৰা হৈছে: February 21, 2023.
  15. "Watch: Rep. Jayapal tearfully reveals child came out as gender nonbinary" (en ভাষাত). NBC News. https://www.nbcnews.com/video/rep-pramila-jayapal-reveals-her-child-came-out-as-gender-nonbinary-in-emotional-speech-1469960259508 আহৰণ কৰা হৈছে: June 14, 2019.
  16. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Jayapal About" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  17. Jayapal, Pramila (June 13, 2019). "Opinion | Rep. Pramila Jayapal: The Story of My Abortion" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2019/06/13/opinion/pramila-jayapal-abortion.html.
  18. Nakamura, Beth; Hammond, Betsy. "Jayapal sworn in as Oregon's first Indian American to hold elected county office". The Oregonian. https://www.oregonlive.com/politics/2019/01/jayapal-sworn-in-as-oregons-first-indian-american-to-hold-elected-office.html.
  19. "Portland's Susheela Jayapal Is Ready To Join Her Sister In Congress" (en-US ভাষাত). Yahoo News. November 1, 2023. https://news.yahoo.com/portlands-susheela-jayapal-ready-join-150047845.html আহৰণ কৰা হৈছে: April 15, 2024.
  20. "Susheela Jayapal, sister of Pramila, will run for Congress, resign from Multnomah County Commission seat, sources say" (en-US ভাষাত). The Seattle Times. October 31, 2023. https://www.seattletimes.com/nation-world/nation-politics/susheela-jayapal-sister-of-pramila-will-run-for-congress-resign-from-multnomah-county-commission-seat-sources-say/ আহৰণ কৰা হৈছে: April 15, 2024.
  21. Azi Paybarah (1 November 2023). "Rep. Pramila Jayapal’s sister looks to join her in Congress". https://www.washingtonpost.com/politics/2023/11/01/susheela-jayapal-sister-pramila/.
  22. VanderHart, Dirk (May 22, 2024). "Maxine Dexter easily winning race to replace U.S. Rep. Earl Blumenauer". Oregon Public Broadcasting. https://www.opb.org/article/2024/05/21/oregon-primary-election-3rd-congressional-district-morales-dexter-jayapal/.
  23. Traister, Rebecca (January 11, 2021). "Congresswoman Pramila Jayapal Has Tested Positive for Covid" (en-us ভাষাত). The Cut. https://www.thecut.com/2021/01/rep-jayapal-tests-positive-for-covid-after-capitol-riots.html.
  24. "Man accused in threats to kill Rep. Pramila Jayapal released" (en-US ভাষাত). Komo News. July 13, 2022. https://komonews.com/news/local/man-accused-in-threats-to-kill-rep-pramila-jayapal-released আহৰণ কৰা হৈছে: July 28, 2022.
  25. "Man accused of threatening to kill Rep. Pramila Jayapal charged with felony stalking" (en-US ভাষাত). Komo News. July 28, 2022. https://komonews.com/news/politics/man-accused-of-threatening-to-kill-rep-pramila-jayapal-charged আহৰণ কৰা হৈছে: July 28, 2022.
  26. Cramer, Ruby (September 8, 2022). "When a man with a pistol shows up outside a congresswoman's house: Rep. Pramila Jayapal (D-Wash.) recounts the night an armed man shouted at her and her husband outside their Seattle home — and how threats of political violence haunt and alter the lives of elected officials.". Washington Post. https://www.washingtonpost.com/politics/2022/09/08/congress-pramila-jayapal-threats-stalking/ আহৰণ কৰা হৈছে: September 8, 2022.
  27. "Man pleads guilty to stalking in case involving US Rep. Pramila Jayapal". King5. June 29, 2023. https://www.king5.com/article/news/crime/man-pleads-guilty-stalking-case-pramila-jayapal/281-ff7f9eb6-c7c8-495f-8b4d-0af6fd246a9d.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]