সমললৈ যাওক

প্ৰম্লোচা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰম্লোচা
সম্পৰ্ক অপ্সৰা
নিবাস দেৱলোক
সন্তান মৰিছ
হিন্দু পাঠ্য ব্ৰহ্ম পুৰাণ

প্ৰম্লোচা (সংস্কৃত: प्रम्लोचा, ৰোমানীকৃত: Pramlocā) হিন্দু পৌৰাণিক কাহিনীৰ এগৰাকী অপ্সৰা৷ কাহিনী সমূহত প্ৰম্লোচাক এগৰাকী সুন্দৰী, আকাশী কন্যা হিচাপে বৰ্ণনা কৰা হৈছে। কন্দু ঋষিৰ কাহিনীত এই অপ্সৰাৰ বৰ্ণনা পোৱা যায়।[1]

কিংবদন্তী

[সম্পাদনা কৰক]

ব্ৰহ্ম পুৰাণৰ বৰ্ণিত এটা কাহিনী অনুসৰি এবাৰ ঋষি কন্দৰ ঘোৰ তপস্যাৰ বাবে তিনিলোক জ্বলি যোৱাৰ উপক্ৰম হৈছিল৷ তেতিয়া দেৱৰাজ ইন্দ্ৰই ঋষিৰ তপস্যা ভংগ কৰিবলৈ প্ৰম্লোচাক নিয়োগ কৰিছিল। এই কামৰ বাবে ইন্দ্ৰই প্ৰম্লোচাক নিযুক্তি কৰাৰ কাৰণ আছিল প্ৰম্লোচাৰ সৌন্দৰ্য্য, যৌৱন, লাহি কঁকাল আৰু আকৰ্ষণীয় স্তন যুগল যাক লৈ প্ৰম্লোচাই সদায় গৌৰৱ কৰিছিল। ঋষিৰ শক্তিৰ প্ৰতি সচেতন হৈ অপ্সৰা প্ৰম্লোচা ভয়ভীত হৈ পৰে, আৰু এই কামৰ বাবে ইন্দ্ৰক মেনকা, উৰ্বশী বা ৰম্ভাক নিৰ্বাচন কৰিবলৈ অনুৰোধ কৰে। ইন্দ্ৰই তাইক আশ্বাস দিয়ে যে এই কামত তাইক কাম, বসন্ত আৰু মৃদু বতাহে সহায় কৰিব৷ ইন্দ্ৰৰ কথাত পতিয়ন গৈ প্ৰম্লোচাই সন্মতি প্ৰদান কৰে। গছ-গছনি, ফুল আৰু বিলৰে ভৰা কন্দু ঋষিয়ে ধ্যান কৰা অৰণ্যখনত গৈ প্ৰম্লোচা উপস্থিত হয়। তেওঁ কাম বানেৰে ঋষিক প্ৰহাৰ কৰাৰ সিদ্ধান্ত লয়৷[2] এই কাহিনীটো ব্ৰহ্ম পুৰাণত এনেদৰে বৰ্ণনা কৰা হৈছে, “তেওঁৰ পৰা নিচেই কাষত নদীৰ পাৰত থিয় হৈ কণ্ঠত কোকিলৰ মধুৰতা সানি সেই সুন্দৰী আকাশী ছোৱালীজনীয়ে আনন্দত গীত গাবলৈ ধৰিলে। কোকিলৰ অকাল অথচ মিঠা আৰু মনোমোহা স্বৰ এটা শুনা গ’ল আৰু বসন্তই নিজৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিলে। মলয়া পৰ্বতত তেওঁৰ বাসস্থানৰ ওচৰত এজাক মৃদু বতাহ বলিবলৈ ধৰিলে ফলত সুন্দৰ সুন্দৰ ফুলবোৰ লাহে লাহে তললৈ থুপি থুপিকৈ সৰি পৰিল। ফুলৰ কাম শৰ ধৰি তেওঁ ঋষিৰ কাষলৈ গৈ ঋষিৰ মন বিচলিত কৰি তুলিলে। গীতৰ মধুৰ স্বৰ শুনি ঋষি আচৰিত হ’ল আৰু কামৰ বানে তেওঁৰ মনটো জুৰুলা কৰিলে। ধুনীয়া ভ্ৰুযুক্ত ছোৱালীজনীৰ কাষলৈ তেওঁ আগবাঢ়ি গ’ল। সুন্দৰীক দেখি তেওঁ আচৰিত হোৱাৰ লগতে আনন্দিত হ’ল; তেওঁৰ চকু দুটা জিলিকি উঠিল। গোটেই শৰীৰত শিহৰণ অনুভৱ কৰিলে। তেওঁৰ শৰীৰৰ পৰা কাপোৰ খহি পৰিল। তেওঁ সম্পূৰ্ণৰূপে বিচলিত হৈ পৰিল।”

ঋষিয়ে সুন্দৰীৰ পৰিচয়ৰ বিষয়ে সোধাত তেওঁ নিজকে ঋষিৰ দাসী বুলি চিনাকি দিয়ে আৰু তেওঁৰ সকলো আদেশ পালন কৰিবলৈ ইচ্ছুক বুলি জনায়। সুন্দৰীৰ ৰূপত মোহিত হৈ কন্দুৱে তাইক হাতত ধৰি নিজৰ আশ্ৰমলৈ লৈ যায়। তপস্যা শক্তিৰ বলত ঋষিয়েও ঐশ্বৰিক অলংকাৰ পৰিধান কৰি সুন্দৰ ৰূপেৰে সজ্জিত হৈ যৌৱন ৰূপ ধাৰণ কৰে। বৈদিক কৰ্ম-কৰ্তব্য অৱহেলা কৰি তেওঁ আনন্দৰে সেই সুন্দৰীৰ লগত প্ৰেমত নিমগ্ন হৈ মন্দৰ উপত্যকাত এশ বছৰ অতিবাহিত কৰে৷ তাৰ পিছত অপ্সৰা স্বৰ্গলৈ উভতি যোৱাৰ অনুমতি বিচাৰে যদিও তেওঁ সুন্দৰীক আৰু কিছুদিন থাকিবলৈ আদেশ দিয়ে আৰু এনেদৰে আৰু এটা শতিকা পাৰ হয়। এই সময়ছোৱাৰ পিছত যেতিয়া সুন্দৰীয়ে পুনৰ ঘূৰি যোৱাৰ অনুৰোধ আওৰাই তেওঁ পুনৰ কেইদিনমানৰ বাবে তাইৰ সংগ বিচাৰে। ঋষিৰ ভয়ংকৰ অভিশাপৰ ভয়ত সুন্দৰী তেওঁৰ লগত থাকিবলৈ বাধ্য হয়। এদিন ঋষিয়ে তেওঁৰ গধূলিৰ প্ৰাৰ্থনা সন্ধ্যাবন্দন কৰিবলৈ খৰখেদাকৈ জুপুৰীৰ পৰা ওলাই আহে আৰু তেতিয়া অপ্সৰাই উপলব্ধি কৰে যে ঋষিয়ে পাৰ হৈ যোৱা সময়খিনি এদিন বুলিহে বিশ্বাস কৰিছিল৷[3] তেতিয়া প্ৰম্লোচাই ঋষিৰ আগত প্ৰকাশ কৰে যে তাই অহাৰ নশ সাত বছৰ ছমাহ তিনিদিন পাৰ হৈ গ’ল। তেওঁৰ প্ৰেমৰ কাৰ্যকলাপে যে তেওঁৰ তপস্যাৰ শক্তি নিৰ্বাপিত কৰিছে, সেই কথা উপলব্ধি কৰি তেওঁ সুন্দৰীক বহিষ্কাৰ কৰে৷ সেই সময়ত যে সুন্দৰী গৰ্ভৱতী সেই কথা ঋষিয়ে গম নাপায়ছিল। ভয়তে প্ৰম্লোচা জুপুৰিৰ পৰা দৌৰি ওলাই আহে আৰু গৰ্ভত থকা ভ্ৰুণটো ঘাম হৈ অপ্সৰাৰ ভৰিয়েদি ওলাই আহে৷ গছ আৰু চন্দ্ৰৰ পোহৰে ভ্ৰুণটোক পোষণ দিয়ে। এনেদৰে জন্মহোৱা এই সন্তানেই মৰিছ, যি পৰৱৰ্তী সময়ত প্ৰচেতাছৰ পত্নী, আৰু দক্ষৰ মাতৃ ৰূপে জনাজাত হয়।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2013-05-25). "Kandu" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-brahma-purana/d/doc57582.html। আহৰণ কৰা হৈছে: 2022-08-04. 
  2. www.wisdomlib.org (2018-03-29). "Narrative of Sage Kaṇḍu [Chapter 69"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/brahma-purana-english/d/doc216140.html। আহৰণ কৰা হৈছে: 2022-08-04. 
  3. www.wisdomlib.org (2019-01-28). "Story of Kaṇḍu" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241679.html। আহৰণ কৰা হৈছে: 2022-08-04. 
  4. www.wisdomlib.org (2018-03-29). "Narrative of Sage Kaṇḍu [Chapter 69"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/brahma-purana-english/d/doc216140.html। আহৰণ কৰা হৈছে: 2022-08-04.