সমললৈ যাওক

প্ৰলহাদ কেশৱ আত্ৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আচাৰ্য্য
প্ৰলহাদ কেশৱ আত্ৰে
জন্ম ১৩ আগষ্ট ১৮৯৮ চন
কোদিত খুৰদ, পুনে জিলা, মহাৰাষ্ট্ৰ
মৃত্যু ১৩ জুন, ১৯৬৯ (৭০ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা বৃটিছ ভাৰতীয় (1898–1947)
ভাৰত (১৯৪৭–১৯৬৯)
অন্য নাম আচাৰ্য আত্ৰে
শিক্ষা কলাৰ স্নাতক
শিক্ষানুষ্ঠান পুনে বিশ্ববিদ্যালয়
লণ্ডন বিশ্ববিদ্যালয়
পেচা লেখক, সম্পাদক, ৰাজনীতিবিদ, সমাজ কৰ্মী, পৰিচালক
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন
সংযুক্ত মহাৰাষ্ট্ৰ আন্দোলন
সন্তান Shirish Atre-Pai, Meena Deshpande
Member of Maharashtra Legislative Assembly
কাৰ্যকাল
১৯৬২ - ১৯৬৭ চন
পূৰ্বসূৰী position established
উত্তৰসূৰী Vaman Matkar
সমষ্টি দাদৰ
Member of Samyukta Maharashtra Samiti
কাৰ্যকাল
1959 -1960
উত্তৰসূৰী position abolished
স্বাক্ষৰ
[[File:|frameless|alt=]]


প্ৰলহাদ কেশৱ আত্ৰে (ইংৰাজী: Pralhad Keshav Atre) (জন্ম,১৩ আগষ্ট ১৮৯৮ – মৃত্যু,১৩ জুন ১৯৬৯), জনপ্ৰিয়ভাৱে আচাৰ্য আত্ৰে নামেৰে পৰিচিত, এজন বিশিষ্ট মাৰাঠী সাহিত্যিক, কবি, শিক্ষাবিদ, মাৰাঠা (এখন মাৰাঠী ভাষাৰ বাতৰি কাকত)ৰ প্ৰতিষ্ঠাপক–সম্পাদক চলচ্চিত্ৰ নিৰ্মাতা আৰু সৰ্বোপৰি এজন বিখ্যাত বক্তা।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৮৯৮ চনৰ ১৩ আগষ্টত পুনে জিলাৰ সাছৱাদৰ সমীপৰ কোডিট খুৰদ গাঁৱত মাৰাঠী দেশস্থ ঋগবেদী ব্ৰাহ্মণ পৰিয়ালত আত্ৰেৰ জন্ম হৈছিল। [1] দেউতাক কেৰাণী আৰু কিছুদিনৰ বাবে সাছৱাদ পৌৰসভাৰ সম্পাদক আছিল আৰু ককাক সাছৱাদৰ এম ই এছ ৱাঘিৰে হাইস্কুলত শিক্ষক আছিল। তেওঁ প্ৰাথমিক আৰু হাইস্কুল শিক্ষা সাছৱাদৰ এম ই এছ ৱাঘিৰে হাইস্কুলত সম্পূৰ্ণ কৰে। ১৯১৯ চনত ফাৰ্গুচন কলেজৰপৰা মেট্ৰিক পাছ কৰি পুনে বিশ্ববিদ্যালয়ৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক হোৱাৰ পিছত আত্ৰে স্কুলৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯২৮ চনত লণ্ডন বিশ্ববিদ্যালয়ৰপৰা টি.ডি.(শিক্ষক ডিপ্লমা) লাভ কৰে।[2] ভাৰতলৈ উভতি অহাৰ পূৰ্বে তেওঁ চাইৰিল বাৰ্টৰ অধীনত পৰীক্ষামূলক মনোবিজ্ঞান অধ্যয়ন কৰে আৰু হেৰ’ত অধ্যাপনা কৰে। [3]

চলচ্চিত্ৰ আৰু থিয়েটাৰৰ কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁৰ মাৰাঠী ছবি "শ্যামচি আয়ে" ১৯৫৪ চনত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[4] আত্ৰে সাতখন নাটক ৰচনা কৰিছিল; কিছুমানৰ কমেডী থিম আৰু আন কিছুমানৰ গুৰুতৰ থিম। সকলোকে ভাল সমাদৰ লাভ কৰিছিল। তেওঁৰ কমেডী নাট মৰুচি মাৱশীক পিছলৈ গোবিন্দ আৰু ৰবীনা টেণ্ডনে অভিনয় কৰা হিন্দী ছবি আণ্টী নং ১ (১৯৯৮)লৈ ৰূপান্তৰিত কৰা হয়। তেওঁৰ ছবি "মহাত্মা ফুলে" (১৯৫৫) ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।

লেখা আৰু প্ৰকাশন

[সম্পাদনা কৰক]

আত্ৰে চাৰিখন মাৰাঠী কাকতৰ প্ৰতিষ্থাপক-সম্পাদক আছিল। দুজনৰ আয়ুস কম। কিন্তু বাকী দুটা মাৰাঠা আৰু (সাপ্তাহিক) নৱযুগে বহু বছৰ ধৰি চলিছিল বৃহৎ প্ৰচলনৰ সৈতে। তলত তেওঁৰ কিছুমান ৰচনা উল্লেখ কৰা হ’ল।

কবিতা সংকলনসমূহ: আত্ৰেৰ কিছুমান কবিতা মকৰান্দ আৰু কেশৱকুমাৰ ছদ্মনামেৰে প্ৰকাশ পাইছিল। জেণ্ডুচি ফুলে (১৯২৫) তেওঁৰ হাস্যৰস আৰু ছাৰ্ডনিক কবিতাৰ সংকলন। ইয়াত পৰম্পৰাগত কবিতা কৌশলৰ পেৰ’ডি কৰা হৈছে, বিশেষকৈ ৰবিকিৰণ মণ্ডলৰ অন্তৰ্গত কবিসকলৰ কৌশল। এই সংকলনটো মাৰাঠী ভাষাত আধুনিক ব্যংগৰ যুগৰ সূচনা কৰাৰ বাবে জনাজাত। বালকৱী (ত্ৰয়ম্বক বাপুজী থোম্ব্ৰে) আৰু গোবিন্দগ্ৰজ (ৰাম গণেশ গাডকাৰী)ৰ কবিতাৰ আধাৰত আত্ৰেৰ আন আন কবিতা গীতগংগা (১৯৩৫) সংকলনত আছে।

  1. অক্ৰৱ অৱতাৰ (अक्रावा अवतार) (১৯২০)
  2. জেন্দুচি ফুলে (জডুচি ফুলে) (১৯২৫)
  3. গীতগংগা (गीतगंगा) (১৯৩৫)
  4. পাঞ্চগাব্য (पंचगाव्य) (১৯৫৮)

উপন্যাস:

  1. মহাৰাষ্ট্ৰ মহৰা (महा) মহৰা) (১৯১৪)
  2. মহিত্যংচা শাপ (मोहनচাप) (১৯২১)
  3. চাংগুনা (চাंगुনা (১৯৫৪)

আত্মজীৱনীমূলক ৰচনা:

  1. মি কাছা ঝালো
  2. কাৰহেচে পানী

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰাজনৈতিক

[সম্পাদনা কৰক]
  • ১৯৫৬–৬০ চনৰ ভিতৰত সমযুক্ত মহাৰাষ্ট্ৰ সমিতিৰ সদস্য। আন্দোলনৰ বাবে ১৯৫৬ চনত প্ৰিভেনটিভ ডিটেনচন এক্টৰ অধীনত গ্ৰেপ্তাৰ হৈছিল।
  • দাদাৰ সমষ্টিৰপৰা মহাৰাষ্ট্ৰ বিধান সভাৰ সদস্য (১৮) ১৯৬২


উপন্যাস, জীৱনী, আৰু ৰচনা

[সম্পাদনা কৰক]
  • ঘৰাবাহেৰ (১৯৩৪)
  • ব্ৰহ্মচা ভোপালা (১৯৩৫)
  • উদ্যচা সংসাৰ (১৯৩৬)
  • লাগনাচি বেদী (১৯৩৬)
  • মৰুচি মাৱাছি (১৯৪৭) এখন মাৰাঠী কমেডী নাটক
  • মি নাভেচলৈ (১৯৬২)
  • চাংগুনা (১৯৫৪)
  • বট্টাছি ৱা ইটাৰ কথা (১৯৫৪)
  • মহাত্মা জ্যোতিবা ফুলে (১৯৫৮)
  • সূৰ্য্যস্ত (১৯৬৪) (জৱাহৰলাল নেহৰুৰ জীৱনৰ ওপৰত)
  • সমধিৱাৰিল আশ্ৰু (১৯৫৬)
  • কেলিয়ানে দেশতন (১৯৬১)
  • ক্ৰান্তিকৰকাঞ্চে কুলপুৰুষ সাৱৰকাৰ (১৯৮৩)
  • আত্ৰে উৱাচ (১৯৩৭)
  • ললিত ৱাংমায়া (১৯৪৪)
  • হাছা অনি তালিয়া (১৯৫৮)
  • দলিতঞ্চে বাবা (ডা° আম্বেদকাৰক স্মৰণ কৰি)
  • মি কাছা ঝালো (১৯৫৩)
  • ব্ৰহ্মচাৰী (১৯৩৮)
  • বসন্তেনা (মাৰাঠী আৰু হিন্দী ১৯৪২)
  • শ্যামচি আই (চলচ্চিত্ৰ) (১৯৫৩)
  • প্ৰেমবীৰ (চিত্ৰনাট্যকাৰ)
  • ধৰ্মবীৰ (চিত্ৰনাট্যকাৰ)
  • ব্ৰেণ্ডিচি বাটালি (চিত্ৰনাট্যকাৰ)
  • পায়াচি দাসি (হিন্দী: চৰণোনৰ দাসী)। প্ৰযোজক।
  • মহত্মা ফুলে (চলচ্চিত্ৰ) (১৯৫৪)
  • পৰিন্দে (হিন্দী, প্ৰধান আত্ৰেৰ নামত পৰিচালক) (১৯৪৫)

সাংবাদিকতা

[সম্পাদনা কৰক]
  • Founder/Editor of (weekly) Sāptāhik Navyug (1940–1962) and Tukārām (1954)
  • Evening newspaper Jai Hind (1948)
  • Daily Marāthā (1956 – Till the end)
  • বেলগাঁওত ৩৮সংখ্যক "নাট্য সন্মিলন"ৰ সভাপতি (১৯৫৫)
  • দশম "মহাৰাশাত্ৰ পত্ৰকাৰ সন্মিলন"ৰ সভাপতি (১৯৫০)
  • বৰোদা, ইন্দোৰ, আৰু গোৱালিয়ৰত "আঞ্চলিক সাহিত্য সন্মিলন"ৰ সভাপতি।
  • তেওঁৰ সন্মানত সাছৱাদত "আচাৰ্য অত্ৰে ভৱন" এটা আছে।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত)

  • প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৩) – সৰ্বভাৰতীয় শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক – শ্যামচি আই [5]
  • দ্বিতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৪) – মাৰাঠী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক – মহাত্মা ফুলে।[6]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. The Illustrated Weekly of India, Volume 95. Bennett, Coleman & Company, Limited, at the Times of India Press. 1974. পৃষ্ঠা. 31. https://books.google.com/books?id=AsU7R69gqDIC. "Marathi literature is strewn with Deshastha writers. Some of the luminaries are B. S. Murdhekar, the neo classical poet and critic; the popular dramatists P. K. Atre, V.V.Shirwadkar; the poet and story writer G.D.Madgulkar popularly known as the "Modern Walmiki" of Maharashtra, Sahitya Akademi Award winners G. T. Deshpande, Laxmanshastri Joshi, S. N. Banhatti, V. K. Gokak and Mugali all belong to this community." 
  2. Jaquir Iqbal (October 2009). Sunita Deshpande. ed. Encyclopedic dictionary of Marathi literature. Global Vision Publishing House. পৃষ্ঠা. 37–38. ISBN 9788182202214. https://books.google.com/books?id=nrR9D_ydGwoC। আহৰণ কৰা হৈছে: 1 October 2009. 
  3. Ashish Rajadhyaksha; Paul Willemen (10 July 2014). Encyclopedia of Indian Cinema. Routledge. পৃষ্ঠা. 47. ISBN 9781135943189. https://books.google.com/books?id=SLkABAAAQBAJ&pg=PA47। আহৰণ কৰা হৈছে: 10 July 2014. 
  4. Awards IMDb
  5. "1st National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/1st_nff_1954.pdf। আহৰণ কৰা হৈছে: 21 August 2011. 
  6. "2nd National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/2nd_nff_1955.pdf। আহৰণ কৰা হৈছে: 10 March 2012. 
  • Prahlad Keshav Atre, by A. N. Pednekar. Sahitya Akademi Publications. আই.এচ.বি.এন. 81-260-1570-5.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]