প্ৰসন্ন কুমাৰ ডেকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

প্ৰসন্ন কুমাৰ ডেকা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক৷ তেওঁ ভালেসংখ্যক অসমীয়া উপন্যাস, গল্প, শিশু সাহিত্য, প্ৰবন্ধ আদি ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায়৷ ১৯৯৫ চনত অসম চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁলৈ সাহিত্যিক পেন্সন আগবঢ়ায়৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯২৮ চনৰ ১১ ফেব্ৰুৱাৰীত প্ৰসন্ন কুমাৰ ডেকাই সৰ্থেবাৰীৰ জমথেৰ চুপাত জন্মগ্ৰহণ কৰে৷

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৪০ চনৰ পৰাই তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰে৷ অসমীয়া উপন্যাস, গল্প, শিশু সাহিত্য, প্ৰবন্ধ আদি ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায়৷ ১৯৫৮ চনত তেওঁৰ অগতানুগতিক পত্ৰ উপন্যাস ‘প্ৰিয়তমাসু’ প্ৰকাশ পায়৷ তাৰোপৰি ‘ৰামধেনু’, ‘গৰীয়সী’, ‘প্ৰান্তিক’ আদি আলোচনী আৰু ‘আমাৰ অসম’, ‘আজিৰ অসম’ , ‘অসম বাণী’ আদি কাকতত ডেকাৰ ভালেমান লেখা প্ৰকাশ পাইছে৷ ১৯৭৬ চনত টিহুত অনুষ্ঠিত অসম সাহিত্য সভা ৰ স্মৃতিগ্ৰন্থখন তেওঁৰ সম্পাদনাত প্ৰকাশ পায়৷ তাৰোপৰি ১৯৯৫ চনত সৰ্থেবাৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৬১সংখ্যক অধিবেশনত তেওঁ আদৰণী সমিতিৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰে৷

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

গ্ৰন্থ[1][সম্পাদনা কৰক]

  • সাধুকথাৰ পুথি
  • জীৱন আৰু জেউতি
  • জীৱনৰ জীয়া কাহিনী
  • সাধু পুৰুষ শ্ৰীভক্তদাস আতৈ
  • মাক আৰু মৰম
  • জোন আৰু জুৰি
  • সৰা শেৱালিৰ সুবাস
  • মনোৰম মৰুভূমি
  • দেৱদূতী জোৱান আৰ্ক
  • ৰচনা প্ৰৱাহ

মৃত্যু[সম্পাদনা কৰক]

২০১৪ চনৰ ৮ আগষ্টৰ দিনা সৰ্থেবাৰীৰ নিজা বাসভৱনৰ সমীপৰ পুখুৰীত পৰি আকস্মিকভাৱে প্ৰসন্ন কুমাৰ ডেকাৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ৷

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

• ১৯৯৫ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন[1]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "আমাৰ অসম কাকতৰ ১০ আগষ্টত প্ৰকাশিত বাতৰি". ১০ আগষ্ট, ২০১৪. http://amarasom.glpublications.in/epapermain.aspx। আহৰণ কৰা হৈছে: 10 আগষ্ট 2014.