প্ৰস্থানত্ৰয়ী
প্ৰস্থানত্ৰয়ী (Sanskrit: प्रस्थानत्रयी), আক্ষৰিক অৰ্থত, তিনিটা উৎস(বা স্বতন্ত্ৰ)ৰদ্বাৰা জ্ঞানগত কৰ্তৃত্ব থকা ধৰ্মতত্ত্বৰ বিশেষকৈ বেদান্ত ধাৰাৰ,তিনিখন নীতিগত গ্ৰন্থক বুজোৱা হয়। ইয়াৰ ভিতৰত আছে:[1]
- উপদেশ প্ৰস্থান (নিষেধাজ্ঞামূলক গ্ৰন্থ) নামেৰে জনাজাত উপনিষদ আৰু শ্ৰুতিপ্ৰস্থান (প্ৰকাশৰ আৰম্ভণিৰ বিন্দু বা স্বতন্ত্ৰতা), বিশেষকৈ প্ৰধান উপনিষদ।
- সাধন প্ৰস্থান (ব্যাৱহাৰিক গ্ৰন্থ) নামেৰে জনাজাত ভাগৱত আৰু স্মৃতিপ্ৰস্থান (স্মৃত পৰম্পৰাৰ আৰম্ভণিৰ বিন্দু বা স্বতন্ত্ৰতা)।
- ব্ৰহ্মসূত্ৰ, সূত্ৰপ্ৰস্থান (প্ৰণয়নমূলক গ্ৰন্থ) বা ন্যায়প্ৰস্থান বা যুক্তিপ্ৰস্থান (যুক্তিকৰ গ্ৰন্থ বা যুক্তিৰ স্বতন্ত্ৰ) নামেৰে জনাজাত।
উপনিষদসমূহ দহ, বাৰ বা তেৰখন প্ৰধান গ্ৰন্থৰে গঠিত মুঠ ১০৮খন গ্ৰন্থ।[2] (কিছুমান পণ্ডিতে দহখন প্ৰধান গ্ৰন্থক মুখ্য উপনিষদ হিচাপে তালিকাভুক্ত কৰে, আনহাতে বেছিভাগেই বাৰ বা তেৰখনক প্ৰধান, আটাইতকৈ গুৰুত্বপূৰ্ণ উপনিষদ বুলি গণ্য কৰে[3][4][5])। দহখন উপনিষদ হ’ল ঈশ, কেন, কঠ, প্ৰশ্ন, মুণ্ডক, মাণ্ডুক্য, তৈত্তিৰিয়, ঐতৰেয়, চান্দোগ্য আৰু বৃহদাৰণ্যক।[উদ্ধৃতিৰ প্ৰয়োজন]
ভাগৱত মহাভাৰতৰ ভীষ্ম পৰ্বৰ অংশ।
ব্ৰহ্মসূত্ৰসমূহে (বেদান্ত সূত্ৰ বুলিও জনা যায়), উপনিষদ আৰু গীতাত শিকোৱা মতবাদসমূহ পদ্ধতিগত কৰি তুলিছে।
বেদান্তৰ পাঠ্যক্ৰমৰ প্ৰধান প্ৰতিষ্ঠাপক আদি শংকৰ, মাধৱাচাৰ্যই এই গ্ৰন্থসমূহৰ ওপৰত ভাষ্য (টীকা) ৰচনা কৰিছিল। ৰামনুজাচাৰ্যই উপনিষদৰ কোনো ভাষা (টীকা) ৰচনা কৰা নাছিল, বৰঞ্চ ব্ৰহ্মসূত্ৰ আৰু ভাগৱত বিষয়ত ভাষ্য (টীকা) ৰচনা কৰিছিল। ৰামানুজে প্ৰধান উপনিষদৰ ব্যক্তিগত টীকা ৰচনা নকৰিলেও তেওঁৰ শ্ৰী ভাষ্যত উপনিষদৰ বহু শ শ উদ্ধৃতি সন্নিৱিষ্ট কৰিছিল। ৰামানুজ বংশত তেওঁৰ এজন অনুগামী ৰংগৰামনুজে ১৬০০ চনৰ আশে-পাশে প্ৰায় সকলো প্ৰধান উপনিষদৰ ওপৰত টীকা লিখিছিল। বল্লাভাচাৰ্য আৰু নিম্বাৰ্কাচাৰ্যই ব্ৰহ্মসূত্ৰ আৰু ভাগৱত গীতাৰ ওপৰত ভাষ্য (টীকা) ৰচনা কৰিছিল যদিও উপনিষদৰ টীকা লিখা নাছিল। ৰামানুজৰ দৰে তেওঁলোকেও নিজৰ গ্ৰন্থত উপনিষদৰ বহু শ্লোক উদ্ধৃত কৰিছিল। বলদেৱ বিদ্যাভূষণে তেওঁৰ গোবিন্দ ভাষ্য আৰু গীতাভূষণ-টীকাত উপনিষদৰপৰা পদ উদ্ধৃত কৰিছিল যদিও পিছলৈ ১০খন উপনিষদৰ প্ৰতিটোৰ ওপৰত পৃথক পৃথক টীকা লিখিছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Vepa, Kosla. The Dhaarmik Traditions. Indic Studies Foundation.
- ↑ Original Upanishads spanned beyond 108 texts. However, only 108 texts remained during the oral transmission process across generations.
- ↑ Robert C Neville (2000), Ultimate Realities, SUNY Press, আই.এচ.বি.এন. 978-0791447765, page 319
- ↑ Stephen Phillips (2009), Yoga, Karma, and Rebirth: A Brief History and Philosophy, Columbia University Press, আই.এচ.বি.এন. 978-0231144858, pages 28-29
- ↑ Peter Heehs (2002), Indian Religions, New York University Press, আই.এচ.বি.এন. 978-0814736500, pages 60-88
- ↑ Srila Baladeva Vidyabhushana – Biography[1]