প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য
প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য অসমীয়া সাহিত্যৰ যুগ বিভাজনত খ্ৰীষ্টিয় চতুৰ্দশ শতিকাত ৰচনা কৰা সাহিত্য কৰ্মসমূহক প্ৰাক-শংকৰী যুগৰ সাহিত্য অভিধাটোৰ ভিতৰত ধৰা হয়। প্ৰাক-শংকৰী মানে শংকৰদেৱৰ সাহিত্য সৃষ্টিৰ আগৰছোৱা সময়। সত্যেন্দ্ৰনাথ শৰ্মাৰ যুগ বিভাজনৰ মতে এই সময়ছোৱাৰ অনুমাণিক সময় ১৩০০ ৰপৰা ১৪৯০।[1] এই যুগটোৰ সাহিত্যিকসকল হৈছে- হেম সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু মাধৱ কন্দলী।[2] মহেশ্বৰ নেওগে এই যুগৰ সাহিত্য সম্পৰ্কে উল্লেখ কৰিছে এনেদৰে- এই যুগৰ সাহিত্য কাব্য-সাহিত্য, আৰু তাৰ বিশেষ লক্ষণ অনুপ্ৰেৰণাৰফালৰপৰা ৰাজসিংহাসনৰ পৃষ্ঠপোষকতা, কাব্যিক উৎসৰফালৰপৰা ভাৰতীয় মহাকাব্য দুখনিত শৰণ, আৰু বিষয়-বস্তুৰ সম্পৰ্কত ইতিহাস-প্ৰীতি।[3] প্ৰকৃততে, মহামাণিক্য দুৰ্লভনাৰায়ণ, ইন্দ্ৰনাৰায়ণৰ পুণ্যোদ্যোগ আৰু কথাৰসাস্বাদৰ অনুৰাগেই শঙ্কৰ-পূৰ্ব অসমীয়া সাহ্যিতক তাৰ সত্তা দান কৰিছে।[4]
ইতিহাস
[সম্পাদনা কৰক]এই সময়ছোৱাতে অসমীয়া ভাষাই স্বকীয় বৈশিষ্ট্য লাভ কৰাৰ উপৰি উচ্চ সাহিত্যৰ ভাব প্ৰকাশ কৰিব পৰা ক্ষমতা অৰ্জন কৰে। মাধৱ কন্দলীৰ ভাষা আৰু বৰ্ণনাসৌষ্ঠবে প্ৰমাণ কৰে যে এক দীৰ্ঘকালীন সাহিত্যিক পৰম্পৰাৰ তেওঁ উত্তৰাধিকাৰী আছিল। এই কবিসকলৰ হাততে অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ বা সাধুভাষাই এটা নিৰ্দিষ্ট গঢ় লয়। এই সাহিত্যিক ঠাচেই পিছৰ বৈষ্ণৱ যুগৰ কবিসকলৰ হাতত পৰিপূৰ্ণতা লাভ কৰে। সৰ্বনামৰ বিভিন্ন ৰূপ, ক্ৰিয়াৰ বিভিন্ন কাল আৰু পুৰুষৰ বিভিন্ন ৰূপে নিৰ্দিষ্ট গঢ় লোৱা দেখা যায়। পিছৰ বৈষ্ণৱ যুগত পৰিহাৰ কৰা বা প্ৰয়োগ নথকা অপ্ৰচলিত বৈয়াকৰণ প্ৰয়োগ দুই-এজন কবিৰ ৰচনাত লক্ষ্য কৰা যায়।[5]
এই সময়ছোৱাৰ সাহিত্যকৃতিৰ ছন্দ প্ৰয়োগৰফালে দৃষ্টি কৰিলে দেখা যায় যে মাত্ৰাবৃত্তছন্দৰ ঠাইত আক্ষৰিক ছন্দৰ প্ৰৱৰ্তন। প্ৰত্যেক পৰ্ব আৰু চৰণত নিৰ্দিষ্টসংখ্যক আখৰৰ (ধ্বনিৰ) সংস্থাপনে ছন্দৰ প্ৰকৃতি নিৰ্দেশ কৰিবলৈ ধৰে। চৈধ্য আখৰীয়া পয়াৰ বা পদে প্ৰধান ছন্দৰূপে স্থান লয়। ত্ৰিপদী ছন্দৰ দুটা প্ৰধান ৰূপৰ যেনে দুলড়ী আৰু ছবিৰ সঘন প্ৰয়োগ দেখা যায়; কিন্তু ত্ৰিপদী বা লেছাৰীৰ প্ৰয়োগ বৈষ্ণৱ যুগতহে প্ৰৱৰ্তিত হয়। মাধৱ কন্দলীয়ে ৰামায়াণৰ স্থান বিশেষে ঝুমুড়ী ছন্দও ব্যৱহাৰ কৰিছে। মাধৱ কন্দলীৰ ৰচনাত ব্যৱহাৰ হোৱা ঝুমুড়ী ছন্দ প্ৰক্ষিপ্ত হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। ষোড়শ শতিকাৰ গীতিকাব্যকাৰ পীতাম্বৰ কবি আৰু সুকবি নাৰায়ণদেৱে সকলোপ্ৰকাৰ ছন্দকে লাছাড়ী বা লেছাড়ী আখ্যা দিছে; কিন্তু বৈষ্ণৱ কবিসকলৰ ৰচনাত লেছাড়ী একপ্ৰকাৰ 'দীৰ্ঘ ত্ৰিপদী' য'ত প্ৰত্যেক চৰণৰ পৰ্ব তিনিটাত ক্ৰমে ১০, ১১, ১৪টা আখৰ বা ধ্বনি থকে। চৰ্যাপদসমূহত অন্ত্যানুপ্ৰাসযুক্ত ছন্দৰ প্ৰয়োগ লক্ষ্য কৰা যায়। এই ৰীতিয়েই পৰৱৰ্তী অসমীয়া ছন্দৰ সাধাৰণ বিশেষত্বৰূপে প্ৰতিষ্ঠা লাভ কৰে।[4]
চতুৰ্দশ শতিকাৰ কবিসকলে কাব্য ৰচনাৰ প্ৰধানকৈ অনুপ্ৰেৰণা লাভ কৰিছিল সাময়িক ৰজাসকলৰপৰা। দুৰ্বোধ্য বা সহজবোধ্য নোহোৱা সংস্কৃত পুৰাণ-শাস্ত্ৰাদিত নিহিত থকা নৈতিক, ধাৰ্মিক, আধ্যাত্মিক আৰু কাব্যিক কথাবোৰ জানিবৰ উদ্দেশ্যে পণ্ডিতসকলক অনুবাদ কাৰ্যত ৰজাসকলে নিয়োগ কৰিছিল। ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ নিজৰ অনুসন্ধিৎসাৰ উপৰি হয়তো প্ৰজাসাধাৰণৰ শিক্ষা আৰু চিত্তবিনোদনৰ উদ্দেশ্যেও অনুবাদৰ দিহা কৰিছিল। পৃষ্ঠপোষক ৰজা বা ৰাজপুৰুষ কেইজন হ'ল- কমতাপুৰৰ ৰাজা দুৰ্লভনাৰায়ণৰ পুতেক ইন্দ্ৰনাৰায়ণ, শ্ৰীমন্ত তাম্ৰধ্বজ আৰু তেওঁৰ অনুজ আৰু বৰাহ ৰজা মহামাণিক্য়।[5]
ত্ৰয়োদশ চতুৰ্দশ শতিকাত প্ৰাচীন অসম এখন ৰাজ্য নাছিল, ভালেকেইখন সক সৰু ৰাজ্যত বিভক্ত আছিল। পশ্চিমাঞ্চলত কামৰূপৰ আৰু পাছত কমতা ৰাজ্যই বৰ্তমান কামৰূপৰ কিছু অঞ্চল, গোৱালপাৰা আৰু উত্তৰ বঙ্গৰ কিছু অঞ্চল সামৰি লৈছিল আৰু সময়ে সময়ে কিছু সংকুচিতো হৈছিল। এই ৰাজ্যৰ কেন্দ্ৰস্থান বা ৰাজধানী ত্ৰয়োদশ শতাব্দীৰ শেষৰফালে বৰ্তমান উত্তৰ বঙ্গৰ কমতাপুৰলৈ স্থানান্তৰিত হয় আৰু ১৪৯৮ খ্ৰীষ্টাব্দলৈকে কমতাপুৰেই অসমীয়া সাহিত্য চৰ্চাৰ কেন্দ্ৰস্থল হৈ থাকে। এই কালছোৱাৰ কোনো ধাৰাবাহিক প্ৰামাণিক ইতিহাস পুনৰগঠন কৰিবলৈ টান যদিও মোটামুটিভাবে কোন কোন ৰজাই ৰাজত্ব কৰিছিল 'কামৰূপৰ বুৰঞ্জী'; চৰিত-পুথি; মুছলমান ঐতিহাসিক ফাচী ৰচনাৰপৰা জানিব পাৰি। এইবোৰ বিৱৰণৰপৰা জনিব পাৰি যে ত্ৰয়োদশ শতিকাৰ মাজভাগৰপৰা পঞ্চদশ শতিকাৰ শেষলৈকে-ডেৰশ বছৰত কামৰূপ-কমতা ৰাজ্যত সন্ধ্যা, সিংহধ্বজ, প্ৰতাপধ্বজ, দুৰ্লভনাৰায়ণ, ধৰ্মনাৰায়ণ, ইন্দ্ৰনাৰায়ণ, তাম্ৰধ্বজ, ফিঙ্গুৱা, আৰিমত্ত, শুকাৰাঙ্ক, মৃগাঙ্ক, নীলধ্বজ, চক্ৰধ্বজ, নীলাম্বৰ আৰু দুৰ্লভেন্দ্ৰ আদি বহু ৰজা আৰু কেইবাটাও ৰাজবংশই ৰাজত্ব কৰিছিল। কিন্তু কোনো ৰাজবংশই সৰহদিন ৰাজত্ব কৰিব নোৱাৰিছিল। ৰজা আৰু ৰাজবংশৰ সঘন পৰিৱৰ্তনৰ ফলত সাহিত্য চৰ্চাৰ সুস্থিৰ বাতাৱৰণ গঢ়ি উঠা নাছিল। এই ৰজাসকলৰ মাজত দুই-এজনক সমসাময়িক অসমীয়া কবিয়ে উজ্জ্বল কৰি ৰাখি গৈছে। সেই কেইজন হ'ল দুৰ্লভনাৰায়ণ; পুতেক ইন্দ্ৰনাৰায়ণ আৰু তাম্ৰধ্বজ।[4]
হিন্দুধৰ্ম এই সময়ছোৱাত বিভিন্ন জনগোষ্ঠীৰ মাজত সোমাইছিল যদিও তেতিয়াও প্ৰধানকৈ ই ব্ৰাহ্মণ, কায়স্থ, কলিতা আদি উচ্চবৰ্ণৰ মাজতে আবদ্ধ আছিল বুলি ধাৰণা হয়। কিন্তু ৰজাসকলৰ পৃষ্থাপোষকতাই অন্যান্য জনগোষ্ঠীৰ মাজতো ইয়াক গ্ৰহণীয় কৰাত সহায় কৰিছিল। ইয়াৰ লগে লগে অসমীয়া ভাষাৰ গীতপদ ৰচনাৰ যোগেদি, দেশখনত সাহিত্যিক ভাষাৰূপে স্বীকৃতিৰ পথত আগবাঢ়ি যাবলৈ ধৰে। অসমীয়া ভাষাৰ এনে সৰ্বজনীন ৰূপৰ প্ৰতি লক্ষ্য ৰাখিয়েই কবিসকলে সংস্কৃত ভাষাৰ ওচৰ নাচাপি অসমীয়াত সৰ্বজনৱোধে গীতপদ ৰচনা কৰিবলৈ লৈছিল। জনসাধাৰণৰ মাজত কাব্যৰস বিতৰণ কৰাৰ মাধ্যমেদি নৈতিক জ্ঞান, তত্ত্বোপদেশ, ধৰ্মীয় উপদেশ আদি দান কৰি তেওঁলোকক ৰুচিসম্পন্ন কৰি তোলা কবিসকলৰ প্ৰধান উদ্দেশ্য আছিল যাতে প্ৰজাৰ মাজত শান্তি, শৃঙ্খলাভাব আৰু ৰাজভক্তি বৃদ্ধি পায়। মাধৱ কন্দলীৰ বিৱৰণৰপৰা জনা যায় যে ব্যাৱসায়িক ভিত্তিত বহতো ব্যাৱসায়িক সম্প্ৰাদায় বা গোষ্ঠী চতুৰ্দশ শতিকাত অসমত গঢ়ি উঠিছিল। তাৰে দুই-এটাক সমাজত হেয় চকুৰে চাইছিল। কিন্তু আৰ্থিক দিশত সমাজখন প্ৰধানকৈ আছিল কৃষিভিত্তিক।[5]
ষোড়শ শতিকাৰ বৈষ্ণৱ আন্দোলনে প্ৰান্তীয় মাতৃভাষাক মাধ্যমৰূপে লৈ যি সাহিত্যৰ ঢল বোৱাই জনসাধাৰণক কাব্যৰস পান কৰাইছিল আৰু লাগে লগে শাস্ত্ৰীয় জ্ঞানৰ পোহৰ বিলাইছিল, দৰাচলতে চতুৰ্দশ শতিকাৰ কবিসকলেই সেই বিষয়ত পথ-প্ৰদৰ্শক। কন্দলী, সৰস্বতী, কবিৰত্ন উপাধিধাৰী এই কবিসকলৰ সংস্কৃত ভাষা আৰু শাস্ত্ৰত যথেষ্ট বুৎপত্তি আছিল। বাজ অনুগ্ৰহ লাভ কৰি জনসাধাৰণক শিক্ষা আৰু কাব্যানন্দ দান কৰি তেওঁলোকে শাস্ত্ৰজ্ঞানৰ সমুচিত প্ৰয়োগ কৰিছিল। নিজ দেশ, কাল আৰু পাত্ৰৰ উপযোগী কৰি কাব্য ৰচনা কৰাত যি ৰীতি আৰু কৌশল তেওঁলোকে অৱলম্বন কৰিছিল, পৰৱৰ্তী বৈষ্ণৱ কবিসকলে কাব্য ৰচনাৰ সেই ৰীতি আৰু কৌশলকেই বেছি সৌষ্ঠৱশালী কৰি তুলিলে।[4]
চতুৰ্দশ শতিকাৰ কবিকেইজনে ৰচনাৰ বিষয়-বস্তু গ্ৰহণ কৰিছিল ৰামায়ণ, মহাভাৰত আৰু দুই-এখন পুৰাণৰপৰা। পৰৱৰ্তী যুগত প্ৰাধান্য লাভ কৰা ভাগৱত পুৰাণ আৰু হৰিবংশৰ জনপ্ৰিয়তা বিশেষ দেখা নাযায়। এই যুগৰ প্ৰধানকৈ অনুবাদমূলক হ'লেও কবিসকলে দেশ আৰু পাত্ৰৰ উপযোগী কৰিবৰ কাৰণে ঠায়ে ঠায়ে নিজা ৰহণ নিদিয়াকৈ থকা নাই। পৰিৱেশ ৰচনাত বা পৰিস্থিতি চিত্ৰণৰ স্থানীয় ৰহণ (Local colour) দি পাঠকৰ মন অনুৰঞ্জন কৰাৰ প্ৰচেষ্টা বিশেষভাৱে দেখা যায়।[5]
এই সময়ছোৱাৰ কবি
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ সত্যেন্দ্ৰনাথ শৰ্মা (২০১৩). অসমীয়া ভাষাৰ উৎপত্তি সন্দৰ্ভত সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতামত. সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১১.
- ↑ "প্ৰাক-শংকৰী যুগৰ অসমীয়া সাহিত্য". www.sarothiasom.in. https://www.sarothiasom.in/2021/03/18/pre-shankari-assamese-literature/। আহৰণ কৰা হৈছে: 14 January 2026.
- ↑ "প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি – মাধৱ কন্দলীৰ এক চমু পৰিচয়". https://education.vikaspedia.in/viewcontent/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9aa9cd9f09be995-9b69829959f09c0-9af9c19979f0-9b69cd9f09c79b79cd9a0-9959ac9bf-2013-9ae9be9a79f1-9959a89cd9a69b29c09f0-98f995-99a9ae9c1-9aa9f09bf99a?lgn=as। আহৰণ কৰা হৈছে: 14 January 2026.
- ↑ 4.0 4.1 4.2 4.3 মহেশ্বৰ নেওগ (২০১৩). প্ৰাকশংকৰ যুগ সম্পৰ্কে মহেশ্বৰ নেওগৰ লেখা, অসমীয়া সাহিত্যৰ ৰূপৰেখা. পৃষ্ঠা. ৪৭.
- ↑ 5.0 5.1 5.2 5.3 সত্যেন্দ্ৰনাথ শৰ্মা (২০১৩). প্ৰাক্শংকৰী যুগ সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাৰ লেখা. সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ৫১.