প্ৰাচীন ভাৰতীয় সভ্যতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

ভাৰতত মানুহৰ বসবাসৰ ইতিহাস কেইবালাখো বছৰৰো প্ৰাচীন। প্ৰাচীন ভাৰতত আদিম মানৱৰ বহু পদচিহ্ন পোৱা গৈছে। ইজিপ্ত, ছুমেৰীয় আৰু ক্ৰীট সভ্যতাৰ পিছতেই ভাৰতীয় আৰু চৈনিক সভ্যতাৰ স্থান। খ্ৰীষ্ট পূৰ্ব আঢ়ৈ হাজাৰ বছৰ মানতেই ভাৰতৰ পশ্চিম প্ৰান্তৰ সিন্ধু উপত্যকাত প্ৰাচীন ভাৰতীয় নগৰ সভ্যতাৰ নিদৰ্শন পোৱা গৈছে। এই সভ্যতাত পৰিকল্পিত নগৰ গঠন, ৰাজহুৱা শস্য ভাণ্ডাৰ ইত্যাদি উল্লেখযোগ্য। এই সভ্যতাৰ মানুহে আহাৰ্য শস্যৰ খেতি-বাতি কৰাৰ উপৰি বস্ত্ৰৰ বাবে কপাহৰ খেতি কৰিছিল বুলি জনা যায়। কৃষিৰ ক্ষেত্ৰত কৃত্ৰিম জলসিঞ্চনৰ ব্যৱস্থা আৰু উন্নত পশুপালনৰ ব্যৱস্থা আছিল। এই সভ্যতাৰ মানুহে সোণ, তাম আৰু ব্ৰঞ্জ সামগ্ৰী সাজিছিল। উল্লেখযোগ্য যে, এই সভ্যতাৰ কপাহী কাপোৰ মেচ'পটেমিয়ালৈ ৰপ্তানি হৈছিল। খ্ৰী: পূ: দুহাজাৰ অব্দত এই সভ্যতাৰ পতন হয়। পতনৰ কাৰণ আজিও অজ্ঞাত হৈয়ে আছে।

খ্ৰী:পূ: দুই সহস্ৰাব্দৰ পিছত ভাৰতলৈ আৰ্যসকলৰ আগমন হয়। আৰ্যসকলে ভাৰতত বসবাস কৰি আন এক কৃষি সভ্যতাৰ সৃষ্টি কৰে। এই সভ্যতাৰ মানুহবিলাকে প্ৰায় এহেজাৰ খ্ৰীষ্টপূৰ্বত লো আৱিষ্কাৰ কৰে। লোৰ দ্বাৰা নাঙলৰ ফাল সৃষ্টি কৰি কঠিন মাটি চহাই এই কৃষি বিপ্লৱ সফল কৰে। এই সময়তেই সমাজত শ্ৰেণী ব্যৱস্থাৰ উদ্ভৱ হয়। সৃষ্টি হ'ল ধৰ্মীয় ব্যৱস্থাও। পশ্চিমৰ সভ্যতাবিলাকৰ তুলনাত অধিক সংক্ৰামকভাৱে এই সময়ৰ ভাৰতীয় জীৱনধাৰাক ধৰ্মই প্ৰভাৱিত কৰিছিল।

গ্ৰীক আৰু ৰোমান সভ্যতাত বিভিন্ন শ্ৰেণীসমূহৰ কাৰ্যপন্থা আইনৰ দ্বাৰা নিৰ্দিষ্ট কৰি দিছিল। ৰাষ্ট্ৰই এই আইন কাৰ্যকৰী কৰিছিল। কিন্তু ধৰ্মপ্ৰভাৱিত ভাৰতত সমাজৰ বিভিন্ন শ্ৰেণীৰ জন্ম হয় সম্পূৰ্ণ স্বতন্ত্ৰভাৱে। ধৰ্ম আৰু ৰাষ্ট্ৰ উভয়েই বৰ্ণাশ্ৰম প্ৰথাৰ হাতত সমস্ত ক্ষমতা তুলি দিয়ে। পুৰোহিত, যোদ্ধা, কৃষক আৰু দাসসকলৰ কাৰ কি কাম সকলো নিৰ্দিষ্ট কৰি দিয়া হয়। এই শ্ৰেণীসমূহক কেৱল সামাজিকভাৱেই নহয় ধৰ্মীয়ভাৱেও স্বীকৃতি দিয়া হৈছিল।

প্ৰাচীন ভাৰতত ধৰ্মক শ্ৰেণীভেদৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ধৰ্মীয় ব্যৱস্থাৰ দ্বাৰা সাধাৰণ নিম্ন শ্ৰেণীক শোষণ কৰাৰ বাট নিষ্কণ্টক কৰি লৈছিল উচ্চ শ্ৰেণীৰ মানুহে। সেই সময়ৰ শ্ৰেষ্ঠ বৰ্ণ ব্ৰাহ্মণসকল আছিল ধৰ্মপ্ৰৱৰ্তক আৰু ৰক্ষক। তেওঁলোকে ধৰ্মৰ দ্বাৰা ঘোষণা কৰিছিল যে ব্ৰাক্ষণসকল হ'ল ঈশ্বৰৰ অংগ তেওঁলোক সমগ্ৰ পৃথিৱীৰ প্ৰভু। ব্ৰাহ্মণসকলে যি বিচাৰে অইন শ্ৰেণীৰ লোকসকলে সেই বস্তু তৎমুহূৰ্তে তেওঁলোকক প্ৰদান কৰিব লাগে। অন্যথাই তেওঁলোক শাস্তিৰ যোগ্য। ঈশ্বৰে বিশ্বৰ ৰক্ষাৰ বাবে ক্ষত্ৰিয়সকলক ৰজা কৰি পঠিয়াইছে বুলি ব্ৰাহ্মণসকলে ধৰ্মৰ দ্বাৰা ঘোষণা কৰি ৰজাসকলক ধৰ্মীয় তথা সামাজিক সুৰক্ষা দিছিল। এই বাবেই ৰজাসকলেও ব্ৰাহ্মণসকলক  সন্মান প্ৰদৰ্শন কৰিছিল।

গ্ৰীচ আৰু ৰোমত এই পৰিস্থিতি সম্পূৰ্ণ বেলেগ আছিল। তেওঁলোকৰ উচ্চ শ্ৰেণীৰ মানুহে চাবুক আৰু সামাজিক কৌশলৰ দ্বাৰা নিম্ন শ্ৰেণীৰ মানুহক শোষণ কৰিছিল। যাৰ বাবে নিম্ন শ্ৰেণীৰ মানুহে এটা সময়ত অতিষ্ঠ হৈ বিদ্ৰোহ কৰিছিল। কিন্তু ভাৰতীয় সুবিধাবাদী উচ্চ শ্ৰেণীৰ মানুহবিলাকে এই ব্যৱস্থা ধৰ্মীয় কৌশলৰ দ্বাৰা তেজত সুমুৱাই দিছিল যাৰ ফলত যুগ যুগ ধৰি উচ্চ শ্ৰেণীৰ মানুহে নিম্ন শ্ৰেণীৰ মানুহক বিনা প্ৰতিবাদে শাসন কৰিব পাৰিছিল।[1]

প্ৰাচীন ভাৰতীয় দৰ্শন[সম্পাদনা কৰক]

দৰ্শন আৰু অধ্যাত্মবাদৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতৰ অৱদান অনস্বীকাৰ্য। ভাৰতীয় দাৰ্শনিকসকলৰ সমান সমস্যাৰ গভীৰলৈ যাবলৈ সেই সময়ৰ কোনো সভ্যতাৰ মানুহেই সক্ষম হোৱা নাছিল। ভাৰতীয় দাৰ্শনিকসকলে বাস্তৱ জগতখনক মায়া বুলি অভিহিত কৰিছিল। ভাৰতীয় দাৰ্শনিকসকলৰ ভিতৰত একমাত্ৰ কপিলৰ সাংখ্য দৰ্শনতেই বস্তুবাদী দৃষ্টিভংগীৰ পৰিচয় পোৱা যায়। কপিলে কৈছিল যে প্ৰকৃত জ্ঞান লাভৰ দ্বাৰা আত্মাৰ মুক্তি হয়। সঠিক পৰ্যবেক্ষণ, অনুমিতি আৰু কথোপকথনৰ দ্বাৰা প্ৰকৃত জ্ঞান লাভ কৰিব পৰা যায়। সাংখ্যৰ দৰ্শনত ঈশ্বৰৰ কোনো স্থান নাই। কপিলৰ মতে এই বিশ্ব ঈশ্বৰৰ সৃষ্টি নহয়, প্ৰকৃতিৰ সৃষ্টি। প্ৰাকৃতিক শক্তিৰ দ্বাৰাহে এই বিশ্ব আৰু মানৱ জীৱনৰ ধাৰা নিয়ন্ত্ৰিত হৈছে।

চাৰ্বাকৰ দৰ্শনে এই বস্তুবাদী দৰ্শনৰ ভেটি আৰু শক্তিশালী কৰে। চাৰ্বাকৰ দৰ্শন লোকায়ত নামেৰে পৰিচিত। চাৰ্বাকে সেই সময়ত এক বিতৰ্কৰ ধুমুহা সৃষ্টি কৰিছিল। তেওঁ কৈছিল যি অভিজ্ঞতা মানুহে ইন্দ্ৰিয়ানুভূতিৰ দ্বাৰা লাভ কৰা নাই সেই অভিজ্ঞতাৰ কোনো প্ৰকৃত অস্তিত্ব নাই। অৰ্থাৎ এই দৰ্শনে পৰোক্ষভাৱে ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰিলে। সাংখ্য আৰু লোকায়ত দৰ্শন আছিল প্ৰাচীন ভাৰতীয় দৰ্শনৰ ব্যতিক্ৰম। প্ৰাচীন ভাৰতত বস্তুবাদী আৰু ভাববাদী দুয়োবিধ দৰ্শনেই আছিল যদিও ভাববাদী দৰ্শনেই বেছি জনপ্ৰিয় হয়। ইয়াৰ কাৰণ হ'ল উচ্চ বৰ্ণৰ লোকসকলে কেৱল এই দৰ্শনৰেই পৃষ্ঠপোষকতা কৰিছিল নিজৰ সুবিধা আদায়ৰ কাৰণে। ভাববাদী দাৰ্শনিকসকলে কৈছিল এই বিশ্ব মায়া আৰু অজ্ঞেয়। উপনিষদত এই জগতৰ মায়া ত্যাগ কৰি প্ৰকৃত জ্ঞান লাভৰ বাবে অৰ্থাৎ ব্ৰহ্মজ্ঞান লাভৰ বাবে মানুহক ইহজীৱনৰ সকলো দুখ কষ্ট স্বীকাৰ কৰিবলৈ কৈছিল।[1]

নগৰ সভ্যতা[সম্পাদনা কৰক]

খ্ৰীঃ পূঃ আঢ়ৈ হাজাৰ বছৰত সিন্ধু উপত্যকাৰ মহেঞ্জোদাৰো আৰু হৰপ্পা আদি প্ৰাচীন নগৰীয়া সভ্যতাৰ বহু পিছত খ্ৰীঃ পূঃ প্ৰথম সহস্ৰাব্দৰ মাজ ভাগত ভাৰতত ভালেমান নগৰ গঢ়ি উঠে। এইবিলাকৰ ভিতৰত সৰ্ববৃহৎ আৰু উল্লেখযোগ্য আছিল পাটলিপুত্ৰ। পাটলিপুত্ৰ গংগাৰ পাৰত অৱস্থিত আৰু বহু কিলোমিটাৰ ব্যাপি বিস্তৃত। নগৰৰ কেউফালে গভীৰ খাৱৈ আৰু প্ৰাচীৰ আছিল। তিনিকুৰিতকৈও অধিক নগৰদ্বাৰ আছিল। নগৰৰ কেন্দ্ৰ স্থলত বিশালাকাৰ স্তম্ভ আছিল। বিভিন্ন প্ৰকাৰৰ কাৰুকাৰ্য-খচিত ভাস্কৰ্যৰে ভৰা অত্যন্ত সুন্দৰ আছিল ৰাজপ্ৰাসাদ। পাটলিপুত্ৰৰ উপৰি অন্যান্য নগৰসমূহো পৰিকল্পিত আৰু ধুনীয়া আছিল। নগৰক কেন্দ্ৰ কৰি বিভিন্ন হস্তশিল্প উদ্যোগ গঢ়ি উঠিছিল। নগৰৰ প্ৰায় সকলো ঠাইতে শিল কাঠ আৰু হাতী দাঁতত খোদাই আৰু অলংকৰণৰ কাম, অন্যান্য ধাতুৰ অলংকৰণ আৰু মৃৎশিল্পৰ কাম হৈছিল। শিল্পীসকলে ৰাজদৰবাৰৰ বিশেষ পৃষ্ঠপোষকতা লাভ কৰিছিল।

এই নগৰসমূহ বিশেষকৈ পাটলিপুত্ৰ শিক্ষা আৰু চিকিৎসাবিদ্যাৰ কেন্দ্ৰস্থান হৈ পৰিছিল। এই নগৰসমূহত শিল্প আৰু সাহিত্যৰ চৰ্চা হৈছিল।[1]

শিল্প-কলা আৰু সাহিত্য[সম্পাদনা কৰক]

ভাৰতত প্ৰচলিত প্ৰাচীনতম লিপি অৱলুপ্ত হৈ যোৱাৰ কথা ঐতিহাসিকসকলে কয়। লিপিৰ দৰেই ভাৰতীয় প্ৰাচীনতম শিল্প আৰু ভাস্কৰ্যও বিভিন্ন নগৰবিলাক ধ্বংস হোৱাৰ লগে লগে বিলুপ্ত হৈছে। খ্ৰীঃ পূঃ ৩য়-৪ৰ্থ শতিকাৰ পৰাহে শিলেৰে গঢ়া ভৱন আদিৰ নিৰ্দশন পোৱা গৈছে। ৪ৰ্থ শতিকাত কিন্তু ভাৰতত বিশাল সাম্ৰাজ্য গঢ়ি উঠিছে। এই সময়ত সম্ৰাট অশোকৰ ৰাজত্বত ভাৰতত সুন্দৰ সুন্দৰ প্ৰাসাদ স্মৃতিস্তম্ভ আদি নিৰ্মিত হয়। অশোকৰ দিনত একোটা শিলত কটা বিৰাট বিৰাট স্মৃতি-স্তম্ভসমূহে এতিয়াও সেই সময়ৰ গৌৰৱময় ভাস্কৰ্য শিল্পৰ স্বাক্ষৰ বহন কৰিছে। অশোকৰ দিনৰ স্তম্ভসমূহত চাৰিটা সিংহ মূৰ্তিয়ে চাৰিওফালে মুখ কৰি থাকি সমগ্ৰ ৰাজ্যতে সিংহ-দৃষ্টিৰে পহৰা দিয়াৰ যেন লাগে। এই সিংহ-মূৰ্তি থকা অশোক স্তম্ভই হ'ল বৰ্তমানৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক

প্ৰাচীন ভাৰতত পাহাৰ কাটি গুহাৰ সৃষ্টি কৰি তাত মন্দিৰ সজা হৈছিল। মন্দিৰৰ বেৰত বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি খোদিত কৰা হৈছিল। মন্দিৰৰ সমুখ ভাগৰ দেৱাল কাটি কৰা খিড়িকীৰে ভিতৰলৈ পোহৰ সোমাই আহি দেৱালত থকা দেৱ-দেৱীৰ মূৰ্তি উদ্ভাসিত কৰিছিল। এন্ধাৰ আৰু পোহৰৰ কৌশলেৰে দেৱ-দেৱীসমূহক জীৱন্তপ্ৰায় ৰূপত দেখা গৈছিল। ফল স্বৰূপে মানুহৰ মনত ঈশ্বৰৰ প্ৰতি ভয় ভাব আৰু ঐশ্বৰিক শক্তিৰ প্ৰতি বিশ্বাস জাগিছিল।

অজন্তা আৰু ইলোৰা গুহাৰ ভাস্কৰ্য কলা ইমান সূক্ষ্ম আৰু সুন্দৰ যে এনে ধৰণৰ চিত্ৰকলা ইউৰোপৰেনেছাঁৰ আগলৈকে পোৱা যোৱা নহৈছিল বুলি শিল্পীসকলে মন্তব্য কৰে। ঐতিহাসিকসকলে মন্তব্য কৰিছে যে অজন্তাৰ গুহা মন্দিৰবিলাক খ্ৰীঃ পূঃ দ্বিতীয় শতাব্দীৰ পৰা খ্ৰীঃ ৭ম শতাব্দীৰ ভিতৰত সজা। এই ভাস্কৰ্যসমূহ বুদ্ধ জাতক-গাথা বা পুৰাণৰ অৱলম্বনত সৃষ্টি কৰা।

প্ৰাচীন ভাৰতীয় শিল্পকলা কেৱল ভাৰতৰ মাজতেই সীমাবদ্ধ থকা নাছিল, মধ্য এছিয়া, চীন, জাপান, দক্ষিণ পূব এছিয়াতো বিয়পি পৰিছিল।

কৃষি ব্যৱস্থা, হস্তশিল্পৰ বিকাশ আৰু ৰাষ্ট্ৰৰ উদ্ভৱৰ ফলত খ্ৰীঃ পূঃ ৩য়-২য় সহস্ৰাব্দৰ অৱলুপ্ত লিপিৰ সলনি ভাৰতত নতুন লিপিৰ উদ্ভাৱন হ'ল। ফিনিছীয় বৰ্ণমালাৰ ভিত্তিতেই ভাৰতীয় লিপিৰ উদ্ভাৱন হয় বুলি কয়। লিপি আৱিষ্কাৰৰ ফলত শ শ বছৰ ধৰি যুগে যুগে পুৰুষানুক্ৰমে শ্ৰুতিৰ মাধ্যমেৰে বাগৰি অহা গাথা, কবিতা, পুৰাণ ইত্যাদি লিখিত হৈছিল। প্ৰাচীন ভাৰতীয়সকলে মুখে মুখে গাই অহা গীতসমূহৰ ভিত্তিতেই ৰামায়ণ আৰু মহাভাৰত নামৰ বিশ্ববিখ্যাত মহাকাব্য দুখন ৰচিত হৈছিল। এই দুই মহাকাব্যৰ উপৰি বহু উপাখ্যান, নীতিকথা আদি ৰচিত হৈছিল। বেদসমূহ প্ৰাচীন ভাৰতীয় সাহিত্যৰ ডাঙৰ অৱদান। বেদ হ'ল ভাৰতীয় আৰ্য সাহিত্যৰ প্ৰাচীনতম নিদৰ্শন। বেদৰ পৰা আৰ্যসকলৰ জীৱন আৰু সংস্কৃতিৰ বিষয়ে বিশদভাৱে জানিব পৰা গৈছে। গুপ্ত যুগত কালিদাসকে আদি কৰি ভালেমান সংস্কৃত কবিয়ে ভালেমান কাব্য গ্ৰন্থ ৰচনা কৰিছিল।[1]

শিক্ষা[সম্পাদনা কৰক]

প্ৰাচীন ভাৰতৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল নালন্দা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতীয় সভ্যতাৰ এক গৌৰৱোজ্জ্বল নিদৰ্শন। এই বিশ্ববিদ্যালয়ত ব্যাপক শিক্ষা ব্যৱস্থা আছিল। নালন্দা বিশ্ববিদ্যালয়ত কেৱল ভাৰতীয় ছাত্ৰই নহয়, তিব্বত, চীন আদি বিদেশৰ পৰাও ইয়ালৈ শিক্ষা লাভৰ বাবে ছাত্ৰ আহিছিল। সমাজত বৰ্ণভেদ থকাৰ বাবে ইয়াত সকলো শ্ৰেণীৰ মানুহে শিক্ষা গ্ৰহণৰ সুযোগ নাপাইছিল। মাথোঁন ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলেহে শিক্ষা লাভ কৰিব পাৰিছিল। নিম্ন শ্ৰেণীৰ লোকৰ বাবে বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ অছিল। পৃথিৱীৰ প্ৰাচীন শিক্ষানুষ্ঠানবিলাকৰ ভিতৰত নালন্দা উল্লেখযোগ্য। নালন্দাত ছাত্ৰ আৰু অধ্যাপকৰ বাবে ছাত্ৰাৱাস, অধ্যাপকাবাসৰ ব্যৱস্থা আছিল।[1]

বিজ্ঞান-প্ৰযুক্তি[সম্পাদনা কৰক]

বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰতো প্ৰাচীন ভাৰতৰ অৱদান উল্লেখনীয়। প্ৰাচীন ভাৰতত ধৰ্ম আৰু বিজ্ঞানৰ এক নিবিড় সম্পৰ্ক আছিল। সেই সময়ত জ্যোতিবিজ্ঞানৰ ক্ষেত্ৰত যি অগ্ৰগতি হৈছিল তাৰ কাৰণ সেই সময়ত গ্ৰহ-নক্ষত্ৰসমূহক দেৱতা বুলি ধৰাটো। মানুহে ভাবিছিল গ্ৰহ, নক্ষত্ৰৰূপী এই দেৱতাসমূহৰ অৱস্থান পৰিৱৰ্তনৰ লগত ঋতু পৰিৱৰ্তন, খেতি-বাতিৰ সম্পৰ্ক আনকি মানুহৰ ওপৰতো ইয়াৰ শুভ-অশুভ প্ৰভাৱ পৰিছিল বুলি বিশ্বাস কৰিছিল।

প্ৰাচীন ভাৰতীয় বিজ্ঞান বুলি ক'লে মূলতঃ গণিত আৰু চিকিৎসাবিজ্ঞানৰ কথাকে ক'ব লাগিব। গণিতৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতীয় গণিতজ্ঞসকলৰ অৱদান বিশ্ববিখ্যাত। গণিতৰ তিনিটা গুৰুত্বপূৰ্ণ অৱদান হ'ল চিহ্ন আৰু প্ৰতীক ব্যৱহাৰৰ প্ৰণালী, দশমিক তথা ভগ্নাংশ পদ্ধতি আৰু শূন্যৰ ব্যৱহাৰ। ভাৰত হ'ল দশমিক পদ্ধতিৰ প্ৰৱৰ্তক। প্ৰখ্যাত ভাৰতীয় গণিতজ্ঞ আৰ্যভট্টই দশমিক পদ্ধতি জানিছিল। বৌদ্ধ ধৰ্মপ্ৰচাৰকসকলে ভাৰতৰ পৰা দশমিক পদ্ধতি চীন দেশলৈ বিয়পাইছিল। ঐতিহাসিকসকলৰ মতে খ্ৰীঃ পূঃ দ্বিতীয় শতাব্দীতেই ভাৰতত শূন্যৰ আৱিষ্কাৰ হয়। আৰম্ভণিৰে পৰা ভাৰতীয় গণিতজ্ঞসকলে শূন্যক এটা স্বতন্ত্ৰ সংখ্যা হিচাপে বিবেচনা কৰিছিল। আৰবসকলে বহু পিছত ভাৰতীয়সকলৰ পৰা শূন্যৰ ব্যৱহাৰ শিকে। পিছলৈ আৰবৰ পৰা পশ্চিমলৈ শূন্যৰ ব্যৱহাৰ বিয়পে। চিহ্ন আৰু প্ৰতীকৰ ব্যৱহাৰ ভাৰতীয়সকলৰ পৰা আৰবীয়সকলে শিকে। বীজগণিতৰ ক্ষেত্ৰতো ভাৰতীয়সকলেই বাটকটীয়া। খ্ৰীঃ পূঃ দ্বিতীয় শতিকাতেই ভাৰতীয়সকলে জ্যামিতিৰ ব্যৱহাৰিক প্ৰয়োগ আৰম্ভ কৰে। যজ্ঞত বেদী নিৰ্মাণ কৰিবলৈ জ্যামিতি ব্যৱহাৰ কৰা হৈছিল। এই সময়ৰ জ্যামিতি-বিষয়ক বিখ্যাত পুথিখন হ'ল 'সূৰ্য্য সিদ্ধান্ত'।

জ্যোতিবিজ্ঞানৰ ক্ষেত্ৰত আৰ্যভট্ৰ আৰু বৰাহ-মিহিৰৰ অৱদান প্ৰচুৰ। আৰ্যভট্ট বেবিলিয়ান পদ্ধতিৰে গ্ৰহ-নক্ষত্ৰ অৱস্থান নিৰ্ণয় কৰিছিল। এওঁ প্ৰথম বাৰৰ বাবে চন্দ্ৰগ্ৰহণ আৰু সৃৰ্যগ্ৰহণৰ কাৰণ আৱিষ্কাৰ কৰিছিল। আৰ্যভট্টই কৈছিল সূৰ্য স্থিৰ আৰু পৃথিৱী পৰিভ্ৰমী বুলি। বৰাহ-মিহিৰে কৈছিল চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে আৰু পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।

চিকিৎসাবিজ্ঞানৰ ক্ষেত্ৰতো প্ৰাচীন ভাৰতৰ অৱদান বহুত। ভাৰতীয় চিকিৎসাবিজ্ঞানৰ পুথি হ'ল আয়ুৰ্বেদ। আয়ুৰ্বেদত উল্লিখিত প্ৰখ্যাত ভাৰতীয় চিকিৎসাবিজ্ঞানী দুজন হ'ল সুশ্ৰুত আৰু চৰক। সুশ্ৰুতে অস্ত্ৰোপচাৰৰ ১২১ বিধ পদ্ধতি বৰ্ণনা কৰিছে। এইজন প্ৰাচীন ভাৰতীয় চিকিৎসাবিজ্ঞানীয়ে বীজাণু সম্পৰ্কীয় ৰোগৰ ক্ষেত্ৰত অতি শুদ্ধভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু উৎকৃষ্ট খাদ্যৰ বিষয়ে কৈছে। আনজন প্ৰাচীন ভাৰতীয় চিকিৎসাবিজ্ঞানী হ'ল চৰক। তেওঁৰ চৰক সংহিতাক ভেষজবিজ্ঞানৰ বিশ্বকোষ বুলিব পাৰি। এই সংহিতাত বিভিন্ন প্ৰকাৰৰ ৰোগৰ বৰ্ণনা, কাৰণ আৰু নিৰাময়ৰ উপায় আছে। চৰক সংহিতাত কেৱল চিকিৎসাবিজ্ঞানেই নহয় প্ৰাচীন ভাৰতীয় জীৱবিজ্ঞান, জীৱ-ৰসায়ন-বিজ্ঞানৰ বিষয়েও বহু কথা আছে।

প্ৰাচীন ভাৰতীয় প্ৰযুক্তি বুলি ক'লে ৰঙৰ উদ্ভাৱন আৰু লো-তীখাৰ উদ্ভাৱনকেই উল্লেখ কৰিব লাগিব। প্ৰাচীন ভাৰতীয় ৰসায়নবিদসকলে স্থায়ী উজ্জ্বল ৰঙ প্ৰস্তুত কৰা প্ৰণালী উদ্ভাৱন কৰিছিল। নীলা ৰঙৰ আৱিষ্কাৰ ভাৰততেই হৈছিল বুলি ঐতিহাসিকসকলে কয়। অজন্তাৰ গুহাচিত্ৰসমূহৰ ৰঙৰ উজ্জ্বলতাই প্ৰমাণ কৰে সেই সময়ৰ ৰাসায়নিক প্ৰযুক্তি কিমান উন্নত আছিল। তীখাৰ উৎপাদনৰ ক্ষেত্ৰ প্ৰাচীন ভাৰত পথিকৃৎ আছিল। ভাৰততেই শিল্পায়ণ পদ্ধতিৰে প্ৰথম তীখাৰ উৎপাদন আৰম্ভ হয়। প্ৰাচীন ভাৰতীয় কাৰিকৰসকলে যি ধৰণৰ তীখাৰ অস্ত্ৰ আদি প্ৰস্তুত কৰিছিল পৃথিৱীৰ কোনো দেশতেই তেনেদৰে তীখাৰ সঁজুলি প্ৰস্তুত কৰিব পৰা নাছিল।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 সূৰ্য্য হাজৰিকা : আধুনিক অসমীয়া বিশ্বকোষ, পৃষ্ঠা: ৪৮-৫২