প্ৰাচী মিশ্ৰ
প্ৰাচী মিশ্ৰ | |
---|---|
![]() প্ৰাচী মিশ্ৰই আছিলোত 'ক্যুট্যুৰ কেবানাছ' অনুষ্ঠানত শোভা বঢ়াইছে | |
জন্ম | ১১ ফেব্ৰুৱাৰী, ১৯৮৮ (৩৭ বছৰ)[2] প্ৰয়াগৰাজ, উত্তৰ প্ৰদেশ, ভাৰত |
পেচা | মডেল, অভিনেত্ৰী, মালিক, শ্বক টেলেণ্ট মডেলিং এজেন্সীৰ পৰিচালন সঞ্চালক, ৰিয়েল এষ্টেট ব্ৰকাৰ |
দাম্পত্যসঙ্গী | মহত ৰাঘবেন্দ্ৰ (বি. ২০২০) |
সন্তান | ১ |
'Beauty pageant titleholder' | |
Title | ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১২[1] |
Major competition(s) |
|
প্ৰাচী মিশ্ৰ ৰাঘবেন্দ্ৰ (ইংৰাজী: Prachi Mishra; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় ৰিয়েল এষ্টেট ব্ৰকাৰ, অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।[2][3] তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১২-ৰ মুকুট পিন্ধিছিল আৰু মিছ আৰ্থ ২০১১-ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।[4] ফেমিনা মিছ ইণ্ডিয়া ২০১২-ৰ উপ-প্ৰতিযোগিতাৰ সময়ত তেওঁক মিছ কনজেনিয়েলিটিৰ মুকুট পিন্ধোৱা হৈছিল।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা প্ৰাচী ভাৰতৰ বিভিন্ন চহৰত বাস কৰিছিল। তেওঁ উত্তৰ প্ৰদেশৰ মথুৰা হিন্দুস্তান কলেজ অৱ ছায়েন্স এণ্ড টেকন'লজিৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। মহাৰাষ্ট্ৰৰ চিম্বায়’ছিছ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজ পুনেৰ পৰাও বেংকিং বিষয়ত স্নাতকোত্তৰ ডিপ্লমা সম্পূৰ্ণ কৰে।[1][5]
প্ৰাচীয়ে ২০১৭ চনত মাহাটৰ সৈতে ডেটিং আৰম্ভ কৰিছিল। দম্পতীহালে ২০১৯ চনৰ এপ্ৰিলত বাগদান কৰে আৰু ২০২০ চনৰ ১ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ পুত্ৰ আদিয়ামান ৰাঘবেন্দ্ৰৰ জন্ম হৈছিল ২০২১ চনৰ ৭ জুনত।
ফেমিনা মিছ ইণ্ডিয়া
[সম্পাদনা কৰক]ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিশ্ৰই ফেমিনা মিছ ইণ্ডিয়া আৰ্থ খিতাপ লাভ কৰে। ফেমিনা মিছ ইণ্ডিয়া ২০১২-ৰ উপ-প্ৰতিযোগিতাৰ সময়ত তেওঁক মিছ কনজেনিয়েলিটিৰ মুকুট পিন্ধোৱা হৈছিল। প্ৰাচী মিশ্ৰই ২০১১ চনত পুনেত ৰেডিঅ 'মিৰ্চি বিউটি কুইন বঁটাও লাভ কৰিছিল।
মিছ আৰ্থ ২০১২
[সম্পাদনা কৰক]ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত হোৱা মিছ আৰ্থ ২০১২ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিশ্ৰই। তেওঁ মিছ আৰ্থ ২০১২-ত গ্ৰুপ ১-ত মিছ ফ্ৰেণ্ডশ্বিপৰ বাবে সোণৰ পদক লাভ কৰিছিল আৰু মিছ কনজেনিয়েলিটি ২০১২-ৰ মুকুট লাভ কৰে।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Prachi Mishra - Profile". Archived from the original on 15 May 2013. https://web.archive.org/web/20130515062224/http://feminamissindia.indiatimes.com/photoshow/11777780.cms?curpg=8। আহৰণ কৰা হৈছে: 9 February 2013.
- ↑ 2.0 2.1 "Bigg Boss Tamil 2 fame Mahat Raghavendra celebrates wife Prachi Mishra's birthday". timesofindia.indiatimes.com. 2020-02-11. https://timesofindia.indiatimes.com/tv/news/tamil/bigg-boss-tamil-2-fame-mahat-raghavendra-celebrates-wife-prachi-mishras-birthday/articleshow/74083848.cms। আহৰণ কৰা হৈছে: 2020-06-04.
- ↑ "Prachi Mishra: ‘Growth is important for jobs… If we reach 8-9%, automatically there’ll be employment creation’:". Indianexpress. https://indianexpress.com/article/explained/prachi-mishra-economist-goldman-sachs-express-explained-6302998/। আহৰণ কৰা হৈছে: 2025-01-24.
- ↑ Kaur, Ravneet (2012-09-14). "Miss India | Femina Miss India 2012 - Miss India World - Indiatimes.com". Feminamissindia.indiatimes.com. http://feminamissindia.indiatimes.com/। আহৰণ কৰা হৈছে: 2012-09-18.
- ↑ Mazumdar, Arunima. "I know I will win: Prachi Mishra". Archived from the original on 21 November 2021. https://web.archive.org/web/20211121195501/https://beautypageants.indiatimes.com/news/I-know-I-will-win-Prachi-Mishra/articleshow/16968119.cms। আহৰণ কৰা হৈছে: 14 February 2025.
- ↑ "Prachi Mishra wins 'Miss Friendship' subtitle". Archived from the original on 19 April 2013. https://web.archive.org/web/20130419104455/http://feminamissindia.indiatimes.com/news/Prachi-Mishra-wins-Miss-Friendship-subtitle/articleshow/17334618.cms। আহৰণ কৰা হৈছে: 9 February 2013.