প্ৰায়েদিন লয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
13:59, 11 June 2015-ত Justabot123 (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (র-ৰ পেট কাটি ৰ কৰা হ'ল)

প্ৰভাকৰ শৰ্মা নেওগ (talk) 14:30, 26 এপ্ৰিল 2015 (UTC)

প্ৰায়েদিন লয় এনে কোনো পৰিবেশাৱেশিত অন্তঃজ জৈৱিক প্ৰক্ৰিয়া যাৰ প্ৰায় ২৪ ঘণ্টাৰ মূৰে মূৰে পুনৰাবৃত্তি হয়।[1] প্ৰায়েদিন জীৱন-ঘড়ীৰ দ্বাৰা চালিত এই লয় সমূহ উদ্ভিদ, প্ৰাণী, ভেকুঁৰ আৰু ছাইন-বেক্টেৰিয়াত বহুল-স্পষ্ট। ইংৰাজীত Circadian[2] rhythm বুলি জনাজাত এই প্ৰক্ৰিয়া সমূহৰ নামটো লেটিন circa অৰ্থাত প্ৰায় আৰু diem অৰ্থাত দিন শব্দৰ পৰা তৈয়াৰ কৰা হৈছে।

জীৱনৰ ভিন্ন লয় সমূহ সাময়িক, দৈনিক, জোৱাঁৰাৱেশিক, সাপ্তাহিক, ঋত্বিক আৰু বাৰ্ষিক হব পাৰে আৰু সময়ানিক-জীৱবিদ্যাত এই সমূহৰ অধ্যয়ন হৈছে।

জীৱনৰ প্ৰায়েদিন লয় সমূহ অন্তঃজ আৰু স্বধৃমান যদিও এইবোৰ স্হানীয় বাহ্যিক পৰিবেশৰ লগত খাপ খাই পৰিবলৈ স্বতঃযত্নপৰ। কালনিৰ্ণায়ক সৰ্গ বিশেষতঃ দিনৰ পোহৰ বা নৈশ-তমসাৰ লগত প্ৰায়েদিন লয় সমূহে সংগত কৰে। অন্তঃজ হোৱাৰ বাবে কালনিৰ্ণায়ক সৰ্গ সমূহৰ অভাৱনীয় তাৰতম্য ঘটিলে প্ৰায়েদিন লয় সমূহৰো সাময়িক ছন্দ-পতন ঘটে। দ্ৰুত-দ্ৰাঘিমান্তৰ আলস্য (Jet-lag)ৰ সমস্যা সমূহ এনে এক ছন্দ-পতনৰ অংশ বিশেষ।[3]

তথ্য সংগ্ৰহ