সমললৈ যাওক

প্ৰিচিলা মেইৰেলছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিচিলা মেইৰেলছ

মিছ আৰ্থ ২০০৪
জন্ম প্ৰিচিলা মেইৰেলছ ডি আলমেইডা
০৫ ছেপ্টেম্বৰ, ১৯৮৩ (৪২ বছৰ)
বেলেশ্ৰম, ব্ৰাজিল
অন্য নাম প্ৰিচিলা মেইৰেলছ
উচ্চতা ১.৭৮ মিটাৰ (U=ft}})
দাম্পত্যসঙ্গী জন এষ্ট্ৰাডা (বি. ২০১১; বিবি. ২০২৬)
সন্তান
'Beauty pageant titleholder'
Title মিছ গ্ল’ব ইণ্টাৰনেচনেল ২০০৩
মিছ আৰ্থ ২০০৪
Agency ষ্টাৰ মেজিক (২০০৫–বৰ্তমান)
Years active ২০০৩–বৰ্তমান
Hair color ব্ৰুনেট
Eye color মুগা
Major
competition(s)
  • মিছ গ্ল’ব ইণ্টাৰনেচনেল ২০০৩
  • (বিজয়ী)
  • মিছ আৰ্থ ২০০৪
  • (বিজয়ী)

প্ৰিচিলা মেইৰেলছ ডি আলমেইডা-এষ্ট্ৰাডা (ইংৰাজী: Priscilla Meirelles de Almeida-Estrada; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৮৩) এগৰাকী ব্ৰাজিলিয়ান মডেল, টেলিভিছন সঞ্চালক, অভিনেত্ৰী, পৰিৱেশবিদ আৰু সৌন্দৰ্য ৰাণী। তেওঁ ফিলিপাইনছত অনুষ্ঠিত মিছ আৰ্থ ২০০৪ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈছিল আৰু চতুৰ্থগৰাকী মিছ আৰ্থ হিচাপে পৰিগণিত হৈছিল। ইয়াৰ উপৰি তেওঁ মিছ গ্ল’ব ইণ্টাৰনেচনেল ২০০৩ প্ৰতিযোগিতাতো জয়লাভ কৰিছিল। মেইৰেলছে আগতে ফিলিপাইনৰ অভিনেতা তথা মডেল জন এষ্ট্ৰাডাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ব্ৰাজিলৰ আমাজন অঞ্চলৰ বেলেশ্ৰম ডু পাৰা চহৰত মেইৰেলছৰ জন্ম হৈছিল। তেওঁ ব্ৰাজিলৰ সৌন্দৰ্য প্ৰতিযোগিতাসমূহত ব্ৰাজিলৰ আমাজনাস ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল। তেওঁক মিছ আৰ্থ ব্ৰাজিল নিৰ্বাচিত কৰা হৈছিল আৰু ২০০৪ চনত আমাজনাস ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল।[1] তেওঁৰ পিতৃ লুইছ ক্লাডিঅ' আলমেইডা এজন বিজ্ঞাপন কোম্পানীৰ সৃষ্টিশীল সঞ্চালক আৰু মাতৃ মাৰ্চিয়া ৰেজিনা মেইৰেলছ এগৰাকী ব্যৱসায়ী।[2] তেওঁ পৰ্তুগীজ আৰু স্পেনিছ মূলৰ বংশোদ্ভৱ।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ফিলিপাইনৰ অভিনেতা তথা সঞ্চালক জন এষ্ট্ৰাডাই ২০০৯ চনৰ ১৫ জুলাইত মাকাটিৰ এলবাৰ্টছ ষ্টেক হাউচত মেইৰেলছক বিবাহৰ প্ৰস্তাৱ দিছিল।[4] তেওঁলোকে ২০১১ চনৰ ২৬ ফেব্ৰুৱাৰীত ফিলিপাইনছৰ লা ইউনিয়ন প্ৰদেশত বিবাহপাশত আবদ্ধ হয়। দম্পতীহালে ২০১১ চনৰ জুলাই মাহত তেওঁৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল আৰু ২০১২ চনৰ ২২ জানুৱাৰীত দ্য পেনিনছুলা মানিলাত তেওঁলোকৰ প্ৰথম সন্তানৰ বেবী শ্বাবাৰ অনুষ্ঠিত কৰিছিল।[5] ২০১২ চনৰ ৬ ফেব্ৰুৱাৰীত তেওঁ এগৰাকী কন্যা সন্তান ছাম্মান্তা আনেচকাৰ জন্ম দিয়ে।[6][7]

২০২৪ চনৰ ১৫ জুনত জন এষ্ট্ৰাডা আৰু মেইৰেলছে দ্য ব্ৰিটিছ স্কুল মানিলাত ছাম্মান্তা আনেচকাৰ স্নাতক অনুষ্ঠানত শ্ৰেণীৰ প্ৰথম সন্মানীয় স্থান লাভ কৰা উপলক্ষ্যে উপস্থিত আছিল।[8]

জুলাই মাহত এষ্ট্ৰাডাই ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত মেইৰেলছৰ সৈতে ‘পাৰস্পৰিক বিচ্ছেদ’ৰ কথা নিশ্চিত কৰিছিল। অৱশ্যে তেওঁ স্বামীৰ বক্তব্য অস্বীকাৰ কৰে আৰু অতিশয় মৰ্মাহত অনুভৱ কৰে।[9][10] অৱশ্যে ২০২৫ চনত মেইৰেলছে এষ্ট্ৰাডাৰপৰা পৃথক হোৱাৰ কথা নিশ্চিত কৰে,[11] যাৰ পিছত ২০২৬ চনত ব্ৰাজিলৰ আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Priscilla Meirelles fala da família, carreira bem sucedida e Peladão [Priscilla Meirelles speaks of the family, successful career and beauty pageants of Manaus]" (pt ভাষাত). Acritica from Manaus. 19 December 2015. Archived from the original on 9 December 2021. https://web.archive.org/web/20211209074335/https://www.acritica.com/channels/especiais/news/priscilla-meirelles-fala-da-familia-carreira-bem-sucedida-e-peladao আহৰণ কৰা হৈছে: 26 March 2026.
  2. Camposano, Jerni May H. (27 January 2008). "Star Dream Girl: Priscilla Meirelles". The Philippine Star. http://www.philstar.com/Article.aspx?articleId=41058&publicationSubCategoryId=89.
  3. "ENTREVISTA: Priscilla Meirelles fala como foi parar na 'Playboy' filipina [INTERVIEW: Priscilla Meirelles talks about how she ended up in the Filipino 'Playboy']" (pt ভাষাত). Ego. 28 May 2019. Archived from the original on 6 August 2020. https://web.archive.org/web/20200806140106/http://ego.globo.com/Gente/Noticias/0,,MUL387651-9798,00-ENTREVISTA+PRISCILLA+MEIRELLES+FALA+COMO+FOI+PARAR+NA+PLAYBOY+FILIPINA.html আহৰণ কৰা হৈছে: 26 March 2026.
  4. "Priscilla Meirelles says yes to John Estrada's proposal". Manila Bulletin. 17 July 2009. http://www.mb.com.ph/articles/211292/priscilla-meirelles-says-yes-john-estrada-s-proposal.
  5. "Priscilla Meirelles throws baby shower". ABS-CBN Corporation. 23 January 2012. Archived from the original on 26 January 2012. https://web.archive.org/web/20120126010705/http://www.abs-cbnnews.com/entertainment/01/23/12/priscilla-meirelles-throws-baby-shower.
  6. "Mereilles gives birth to baby girl". ABS-CBN Corporation. 6 February 2012. Archived from the original on 7 June 2012. https://web.archive.org/web/20120607212622/http://www.abs-cbnnews.com/entertainment/02/06/12/mereilles-gives-birth-baby-girl.
  7. NR, Ramos (7 February 2012). "John Estrada and Priscilla Meirelles now have child". Manila Bulletin. http://www.mb.com.ph/articles/350589/john-estrada-and-priscilla-meirelles-now-have-child.
  8. Pasajol, Anne (June 18, 2024). "John Estrada, Priscilla Meirelles proud of daughter Anechka's academic achievements". Philippine Daily Inquirer. https://entertainment.inquirer.net/562221/john-estrada-priscilla-meirelles-proud-of-daughter-anechkas-academic-achievements আহৰণ কৰা হৈছে: June 19, 2024.
  9. Roque, Nika (July 17, 2024). "Priscilla Meirelles 'shocked and disheartened' by John Estrada's statement: 'We remain married". GMA Integrated News. https://www.gmanetwork.com/news/lifestyle/familyandrelationships/913623/priscilla-meirelles-shocked-and-disheartened-by-john-estrada-s-statement-we-remain-marri/story/ আহৰণ কৰা হৈছে: July 17, 2024.
  10. Mallorca, Hannah (July 16, 2024). "John Estrada confirms 'mutual break' with Priscilla Meirelles". Philippine Daily Inquirer. https://entertainment.inquirer.net/566760/john-estrada-confirms-mutual-break-with-priscilla-meirelles আহৰণ কৰা হৈছে: July 17, 2024.
  11. Serato, Arniel (April 14, 2025). "Priscilla Meirelles closes door on John Estrada". PEP.ph. https://www.pep.ph/news/local/186308/priscilla-meirelles-john-estrada-not-getting-back-together-a718-20250414-lfrm2 আহৰণ কৰা হৈছে: April 14, 2025.
  12. "Priscilla Meirelles confirms divorce from John Estrada". GMA News. February 13, 2026. https://www.gmanetwork.com/news/lifestyle/familyandrelationships/976461/priscilla-meirelles-confirms-divorce-from-john-estrada/story/ আহৰণ কৰা হৈছে: February 13, 2026.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]