সমললৈ যাওক

প্ৰিয়ংকা ইংলে

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰিয়ংকা হনুমন্ত ইংলে (ইংৰাজী: Priyanka Hanumant Ingle; জন্ম: ৩ অক্টোবৰ ২০০০)[1] মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় খো খো খেলুৱৈ। তেওঁ ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় খো খো দলৰ এগৰাকী অলৰাউণ্ডাৰ হিচাপে খেলে। তেওঁ ২০২৫ চনৰ জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত উদ্বোধনী খো খো বিশ্বকাপত বিজয়ী হোৱা ভাৰতীয় মহিলা দলৰ অধিনায়কত্ব কৰিছিল।[2][3]

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

ইংলে মহাৰাষ্ট্ৰৰ পুনেৰ বাসিন্দা। তেওঁৰ পিতৃ হনুমন্ত ইংলে বীড জিলাৰ কাইজ তালুকৰ এজন কৃষক। তেওঁ পুনেৰ ওচৰৰ পিম্পৰী-চিঞ্চৱাদৰ ৱাদমুখৱাড়ীত অৱস্থিত শ্ৰী সয়াজিনাথ মহাৰাজ বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ নিজৰ বিদ্যালয়ত পঞ্চম শ্ৰেণীত পঢ়ি থকাৰপৰাই খো খো খেলিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ প্ৰথম প্ৰশিক্ষক অবিনাশ কৰৱাণ্ডেৰপৰা প্ৰাৰম্ভিক শিক্ষা লাভ কৰে। তেওঁ এম.কম সম্পূৰ্ণ কৰি বৰ্তমান পুনেৰ আয়কৰ বিভাগত কৰ্মৰত হৈ আছে।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০২৫ চনৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰথম খো খো বিশ্বকাপত জয়ী হোৱা ভাৰতীয় মহিলা দলৰ নেতৃত্ব ইংলে দিছিল।[4][5] ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ত দক্ষিণ কোৰিয়া, ইৰান আৰু মালয়েছিয়াক, কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।[6] তেওঁলোকে ফাইনেলত নেপালক ৭৮-৪০ ব্যৱধানত পৰাস্ত কৰে।[7] তেওঁক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়।[8] ইয়াৰ পূৰ্বে ২০১৬ চনত এছিয়ান খো খো চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰা ভাৰতীয় দলটোৰো তেওঁ অংশ আছিল।[9]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০২২ চনত তেওঁক জ্যেষ্ঠ ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা ৰাণী লক্ষ্মীবাঈ বঁটা প্ৰদান কৰা হয়।[9]

২০২৫ চনৰ ২২ জুনত নাগপুৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে তেওঁক ফেমাছ এৱাৰ্ডছ ২০২৫ প্ৰদান কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://kheloindia.gov.in/uploads/Khelo%20India%20Athletes.pdf Archived 2025-05-15 at the Wayback Machine Serial number 157
  2. 1 2 "Priyanka Ingle, India's Kho Kho World Cup winning captain arrives in Pune to a grand welcome" (en ভাষাত). The Indian Express. 2025-01-24. https://indianexpress.com/article/cities/pune/priyanka-ingle-india-kho-kho-world-cup-winning-captain-pune-9797765/ আহৰণ কৰা হৈছে: 2025-03-08.
  3. "Skipper Priyanka Ingle calls winning Kho Kho World Cup "proud moment", says sport has reached "global level"" (en ভাষাত). ANI News. https://www.aninews.in/news/sports/others/skipper-priyanka-ingle-calls-winning-kho-kho-world-cup-proud-moment-says-sport-has-reached-global-level20250123015913/ আহৰণ কৰা হৈছে: 2025-03-08.
  4. IANS (2025-01-15). "Kho Kho World Cup: Indian women make history with 157-point rout of South Korea" (en ভাষাত). The Statesman. https://www.thestatesman.com/sports/kho-kho-world-cup-indian-women-make-history-with-157-point-rout-of-south-korea-1503386655.html আহৰণ কৰা হৈছে: 2025-03-08.
  5. Krishnan, Vivek (2025-01-09). "Pratik Waikar, Priyanka Ingle to lead Indian men's and women's teams at Inaugural Kho Kho World Cup" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/other-sports/kho-kho-world-cup-2025-prateek-waikar-priyanka-ingle-captains-india-squad-schedule-news/article69080630.ece আহৰণ কৰা হৈছে: 2025-03-08.
  6. "Indian Women create history at Kho Kho World Cup 2025 with commanding victory over rivals Nepal to secure coveted trophy" (en ভাষাত). The Tribune. 19 January 2025. https://www.tribuneindia.com/news/sports/indian-women-create-history-at-kho-kho-world-cup-2025-with-commanding-victory-over-rivals-nepal-to-secure-coveted-trophy/ আহৰণ কৰা হৈছে: 2025-03-09.
  7. "Indian women clinch Kho Kho World Cup 2025 with commanding win over Nepal in final". ianslive.in. 19 January 2025. https://ianslive.in/indian-women-clinch-kho-kho-world-2025-with-commanding-win-over-nepal-in-final--20250119194822 আহৰণ কৰা হৈছে: 2025-03-08.
  8. PTI (2025-01-19). "Fulfilling my responsibilities as captain feels amazing: Priyanka Ingle on India's Kho Kho World Cup win" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/incoming/india-kho-kho-world-cup-2025-winner-womens-team-watch-video-captain-priyanka-ingle/article69117367.ece আহৰণ কৰা হৈছে: 2025-03-08.
  9. 1 2 "Kho Kho World Cup 2025: Who is Priyanka Ingle? Know all about Indian women's team captain". www.msn.com. 10 January 2025. https://www.msn.com/en-in/sports/other/kho-kho-world-cup-2025-who-is-priyanka-ingle-know-all-about-indian-women-s-team-captain/ar-BB1relw9 আহৰণ কৰা হৈছে: 2025-03-08.