সমললৈ যাওক

প্ৰিয়ংকা চতুৰ্বেদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিয়ংকা চতুৰ্বেদী
ৰাজ্যসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩ এপ্ৰিল ২০২০
পূৰ্বসূৰী ৰাজকুমাৰ ধূত
সমষ্টি মহাৰাষ্ট্ৰ
উপ-নেতা (শিৱ সেনা)
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৯, এপ্ৰিল
ব্যক্তিগত তথ্য
জন্ম ১৯ নৱেম্বৰ, ১৯৭৯ (৪৬ বছৰ)
ভাৰত
ৰাজনৈতিক দল শিৱ সেনা (২০২২ চনৰ পৰা)
আন ৰাজনৈতিক
সম্পৰ্ক
ভাৰতীয় জাতীয় কংগ্ৰেছ (২০১০-২০১৯)
শিৱ সেনা (১৯৬৬-২০২২) (২০১৯-২০২২)
দাম্পত্যসঙ্গী বিক্ৰম চতুৰ্বেদী (বি. ১৯৯৯)
বাসস্থান মুম্বাই
পেচা ৰাজনীতিক, স্তম্ভলেখক

প্ৰিয়ংকা বিক্ৰম চতুৰ্বেদী (ইংৰাজী: Priyanka Vickram Chaturvedi) (জন্ম ১৯ নৱেম্বৰ ১৯৭৯) মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য আৰু শিৱসেনাৰ (ইউ বি টি) উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু অন্যতম ৰাষ্ট্ৰীয় মুখপাত্ৰ আছিল।[1]

চতুৰ্বেদী তেহেলকা,[2] ডেইলী নিউজ এণ্ড এনালাইছিছ[3] আৰু ফাৰ্ষ্টপোষ্টৰ স্তম্ভলেখক।[4]দুটা এন জি অ’ৰ ন্যাসৰক্ষী হিচাপে তেওঁ শিশুৰ শিক্ষা, মহিলা সৱলীকৰণ আৰু স্বাস্থ্যৰ প্ৰসাৰৰ বাবে কাম কৰে। তেওঁ এটা কিতাপ পৰ্যালোচনা ব্লগো চলায় যিটো ভাৰতৰ এইজাতীয় শীৰ্ষ দহটা ব্লগৰ ভিতৰত অন্যতম।[5]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭৯ চনৰ ১৯ নৱেম্বৰত জন্মগ্ৰহণ কৰা চতুৰ্বেদী মুম্বাইত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পৰিয়ালটো উত্তৰ প্ৰদেশৰ মথুৰাৰ।[6] জুহুৰ ছেইণ্ট জোচেফ হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে[7] আৰু ১৯৯৯ চনত ভাইল পাৰ্লেৰ নাৰ্চী মঞ্জি কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[8] ১৯৯৯ চনৰ ১৯ নৱেম্বৰৰ পৰা বিক্ৰম চতুৰ্বেদীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁৰ দুটা সন্তান আছে।[9]

কৰ্মজীৱন

[সম্পাদনা কৰক]

চতুৰ্বেদীয়ে মিডিয়া, জনসংযোগ আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী এমপাৱাৰ কনচালটেণ্টছৰ সঞ্চালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অভাৱগ্ৰস্ত শিশুসকলক শিক্ষা প্ৰদানৰ বাবে দুখন বিদ্যালয় চলোৱা প্ৰয়াস চেৰিটেবল ট্ৰাষ্টৰ তেওঁ ন্যাসৰক্ষী। ২০১০ চনত,[5] তেওঁক আই এছ বিৰ ১০,০০০ মহিলা উদ্যোগী প্ৰমাণপত্ৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰী হিচাপে নিৰ্বাচিত কৰা হয়, যিটো মহিলা উদ্যোগীসকলৰ বাবে গোল্ডমেন চেক্স ফাউণ্ডেশ্যনৰ দ্বাৰা সমৰ্থিত এক বিশ্বব্যাপী পদক্ষেপ।[10]

চতুৰ্বেদীয়ে ৰাজ্যসভা টিভিত মেৰী কাহানী নামৰ এক সাক্ষাৎকাৰ অনুষ্ঠানৰ আয়োজন কৰে ।

ৰাজনীতি

[সম্পাদনা কৰক]

ভাৰতীয় জাতীয় কংগ্ৰেছ

[সম্পাদনা কৰক]

চতুৰ্বেদীয়ে ২০১০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে, ২০১২ চনত উত্তৰ-পশ্চিম মুম্বাইৰ পৰা ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হয়।

ছ’চিয়েল মিডিয়াত চতুৰ্বেদীৰ উল্লেখযোগ্য উপস্থিতি আছে আৰু টুইটাৰত বিৰোধী কংগ্ৰেছ দলৰ নীতি ৰক্ষাৰ বাবে পৰিচিত আছিল। নৰেন্দ্ৰ মোডীক মিছা কথা কোৱাৰ লগতে শৈক্ষিক প্ৰমাণপত্ৰৰ ভুৱা শপতনামা দাখিল কৰাৰ বাবে নৰেন্দ্ৰ মোডীক তেওঁ সমালোচনা কৰে। ইয়াৰ উপৰিও ইৰানীৰ পূৰ্বৰ টিভি ধাৰাবাহিক কিউকি চাছ ভি কভি বহু থিৰ থিমৰ পেৰ'ডি "কিউকি মন্ত্ৰী ভি কভি স্নাতক থি" বুলি গাই ইৰানীক ইতিকিং কৰে।[11]

২০১৯ চনৰ ১৭ এপ্ৰিলত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তেওঁক কৰা অনাকাংক্ষিত আচৰণৰ বাবে পূৰ্বে নিলম্বিত হোৱা কিছুমান দলীয় কৰ্মীক পুনৰ নিযুক্তি দিয়াৰ বিষয়ে টুইটাৰত তেওঁৰ হতাশা প্ৰকাশ কৰে, তাৰ পিছত তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি শিৱসেনাত যোগদান কৰে।[12]

শিৱসেনা আৰু শিৱসেনা (ইউবিটি)

[সম্পাদনা কৰক]

১৯ এপ্ৰিল ২০১৯ তাৰিখে উদ্ধৱ থাকৰে আৰু আদিত্য থাকৰেৰ উপস্থিতিত চতুৰ্বেদীয়ে শিৱসেনাত যোগদান কৰে। [13]

২০২২ চনৰ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট আৰু পৰৱৰ্তী সময়ত শিৱসেনাৰ বিভাজনৰ পিছত চতুৰ্বেদীয়ে উদ্ধৱ থাকৰে নেতৃত্বাধীন সেনাৰ শিৱসেনা (উদ্ধৱ বালাছাহেব থাকৰে) নামৰ ফৈদত যোগদান কৰে।

বিদেশত গতিবিধি

[সম্পাদনা কৰক]

যুক্তৰাজ্য

[সম্পাদনা কৰক]

২০১৫ চনত ব্ৰিটেইনৰ উচ্চ আয়োগ আৰু কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ’চিয়েশ্যন ইউ কেৰ দ্বাৰা নিৰ্বাচিত যুৱ ৰাজনৈতিক নেতাৰ প্ৰতিনিধি দলৰ সদস্য হিচাপে চতুৰ্বেদীয়ে তেওঁলোকৰ গণতন্ত্ৰ অধ্যয়ন আৰু তাক বুজিবলৈ লণ্ডন ভ্ৰমণ কৰিছিল। একে বছৰতে অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন আৰু জেইট ষ্টিফটুঙে যৌথভাৱে আয়োজন কৰা "এছিয়ান ফ'ৰাম অন গ্ল'বেল গভৰ্নেন্স" কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল।[5]

অষ্ট্ৰেলিয়া

[সম্পাদনা কৰক]

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত অষ্ট্ৰেলিয়ামেলবৰ্ণত প্ৰাক্তন মন্ত্ৰী উপদেষ্টা নীতিন গুপ্তাই আঁত ধৰা অনুষ্ঠানত চতুৰ্বেদীয়ে “ভাৰতীয় অৰ্থনীতিৰ ওপৰত বিমুদ্ৰাকৰণৰ প্ৰভাৱ” বিষয়ত ভাষণ দিছিল।[14]

পিছলৈ তেওঁ ভিক্টোৰিয়ান সংসদলৈও গৈছিল, একে ভ্ৰমণৰ সময়ত ভিক্টোৰিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় টেড বেইলিউ আৰু মন্ত্ৰী উপদেষ্টা মিষ্টাৰ নিটিন গুপ্তাৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হৈছিল।[15]

অপাৰেছন সেন্দূৰ

[সম্পাদনা কৰক]

২০২৫ চনৰ মে’-জুন মাহত ভাৰতৰ অপাৰেচন সিন্দুৰৰ পিছত, বিভিন্ন দেশ ভ্ৰমণ কৰা ভাৰতৰ বহু দলীয় প্ৰতিনিধি দলৰ চতুৰ্বেদী অংশ আছিল। [16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Congress's new media team to meet on Wednesday-Politics News – IBNLive Mobile". IBNlive. CNN-IBN. 28 May 2013. Archived from the original on 3 August 2014. https://web.archive.org/web/20140803204902/http://m.ibnlive.com/news/politics/congresss-new-media-team-to-meet-on-wednesday/394577-37.html। আহৰণ কৰা হৈছে: 26 January 2017. 
  2. "Tehelka " Priyanka Chaturvedi". Tehelka. 2013. Archived from the original on 9 October 2015. https://web.archive.org/web/20151009123632/http://blog.tehelka.com/author/priyankachaturvedi/। আহৰণ কৰা হৈছে: 26 January 2016. 
  3. "Priyanka Chaturvedi – DNA". Daily News and Analysis. 2013. http://www.dnaindia.com/columns/priyanka-chaturvedi। আহৰণ কৰা হৈছে: 30 September 2013. 
  4. "Latest News from Author Priyanka Chaturvedi". First Post (India). 2013. Archived from the original on 3 February 2021. https://web.archive.org/web/20210203054903/http://orak-www.firstpost.com/author/priyanka_chaturvedi। আহৰণ কৰা হৈছে: 30 September 2013. 
  5. 5.0 5.1 5.2 About Priyanka Chaturvedi
  6. "Priyanka Chaturvedi – Twitter". Twitter. 21 August 2013. https://www.twitter.com/priyankac19/status/237857511611432961। আহৰণ কৰা হৈছে: 30 September 2013. 
  7. "26/11 attack defining moment for Priyanka Chaturvedi". The Times of India. 20 April 2019. https://timesofindia.indiatimes.com/elections/news/26/11-attack-defining-moment-for-priyanka-chaturvedi/articleshow/68961676.cms. 
  8. "26/11 attack defining moment for Priyanka Chaturvedi". The Times of India. 20 April 2019. https://timesofindia.indiatimes.com/elections/news/26/11-attack-defining-moment-for-priyanka-chaturvedi/articleshow/68961676.cms. 
  9. "Expecting perfection in motherhood – Analysis – DNA". Daily News and Analysis. 16 September 2012. http://www.dnaindia.com/analysis/1741481/column-expecting-perfection-in-motherhood। আহৰণ কৰা হৈছে: 30 September 2013. 
  10. "Twiterrati turn TV Heroes". Times of India. 22 July 2013. http://epaper.timesofindia.com/Default/Layout/Includes/ETNEW/ArtWin.asp?From=Archive&Source=Page&Skin=ETNEW&BaseHref=ETM%2F2013%2F07%2F22&ViewMode=HTML&PageLabel=1&EntityId=Ar00103&AppName=1। আহৰণ কৰা হৈছে: 8 October 2013. 
  11. "Letter from the Polls by Nitin Gupta". The Indian Sun. 9 May 2019. https://www.theindiansun.com.au/2019/05/09/letter-from-the-polls/. 
  12. "Priyanka Chaturvedi quits Congress, joins Shiv Sena". The Hindu. 2019-04-19. https://www.thehindu.com/news/national/priyanka-chaturvedi-quits-congress/article61560522.ece. 
  13. Priyanka Chaturvedi quits Congress, joins Shiv Sena
  14. "Priyanka Chaturvedi talks Demon". The Indian Sun. 2 March 2017. https://www.theindiansun.com.au/2017/03/02/priyanka-chaturvedi-talks-demon-melbourne/. 
  15. "When Priyanka Chaturvedi visited Melbourne". The Indian Sun. 17 March 2020. https://www.theindiansun.com.au/2020/03/17/shiv-senas-rajya-sabha-nominee-priyanka-chaturvedi-visited-australia/. 
  16. "All party delegation in Brusells". Deccan Chronicle. 4 June 2025. https://www.deccanchronicle.com/nation/all-party-delegation-in-brussels-reaffirms-indias-resolve-against-cross-border-terrorism-1883281. 


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]