প্ৰিয়ংকা বচ্চী
| প্ৰিয়ংকা বচ্চী | |
|---|---|
![]() | |
| জন্ম | দিল্লী, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০৫–বৰ্তমান |
প্ৰিয়ংকা বচ্চী (ইংৰাজী: Priyanka Bassi) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ জনপ্ৰিয় ধাৰাবাহিক লেফ্ট ৰাইট লেফ্টত কেডেট নয়না সিং আহলুৱালিয়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ মূলতঃ দিল্লীৰ বাসিন্দা আৰু তেওঁ বেৰীজনৰ থিয়েটাৰ গ্ৰুপতো যোগদান কৰিছিল।
টেলিভিছন কৰ্মজীৱন
[সম্পাদনা কৰক]২০০৫ চনত ভাৰতৰ দ্বিতীয়খন ইংৰাজী ভাষাৰ ধাৰাবাহিক বম্বে টকিংৰ জৰিয়তে প্ৰিয়ংকাই অভিনয় জীৱনৰ পাতনি মেলে।[1][2] তেওঁ বলীউডৰ এগৰাকী উচ্চাকাংক্ষী অভিনেত্ৰী শ্বীনা মালিকৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ অভিনয় সমাদৃত হৈছিল আৰু তেওঁ ২০০৬ চনৰ ইণ্ডিয়ান টেলী এৱাৰ্ডছৰ বাবে মনোনীত হৈছিল।[2]
২০০৬ চনৰপৰা তেওঁ লেফ্ট ৰাইট লেফ্ট ধাৰাবাহিকত নয়না সিং আহলুৱালিয়াৰ চৰিত্ৰত অভিনয় কৰে। এই চৰিত্ৰটোৰ বাবে তেওঁ ২০০৭ চনৰ আইটিএ (ITA) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাকে ধৰি কেইবাটাও বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁ ২০০৭ চনত 'আইডিয়া গ্লেমাৰ ষ্টাৰ অফ দ্য য়েৰ' বঁটা লাভ কৰে।[3]
২০০৮ চনত তেওঁ চনী টিভিত সম্প্ৰচাৰিত মিষ্টাৰ এণ্ড মিচেছ টিভিত অংশগ্ৰহণ কৰিছিল আৰু ছেমি ফাইনেলত উপনীত হৈছিল।
২০১০ চনৰ ডিচেম্বৰ মাহত তেওঁ ষ্টাৰ ৱানৰ (Star One) ৰং বদলতী ওঢ়নীৰ জৰিয়তে পুনৰ টেলিভিছনলৈ ঘূৰি আহে।[4]
২০১১ চনৰ এপ্ৰিল মাহত চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ ধাৰাবাহিক সূৰ্য দ্য ছুপাৰ কপত কায়া চেহগলৰ চৰিত্ৰত অভিনয় কৰে।[5]
২০১২ চনত তেওঁ ষ্টাৰ প্লাছৰ ৰিয়েলিটি শ্ব’ ছাৰ্ভাইভাৰৰ ভাৰতীয় সংস্কৰণত অংশ লৈছিল।[6] পঞ্চমটো খণ্ডত তেওঁ প্ৰতিযোগিতাৰপৰা বাহিৰ হয়।
২০১২ চনত তেওঁ জি টিভিত সম্প্ৰচাৰিত ফিয়েৰ ফাইলছৰ এটা খণ্ডত লায়লাৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০১৩ চনত প্ৰিয়ংকাই চলচ্চিত্ৰ আৰু টেলিভিছন নিৰ্মাণৰ ক্ষেত্ৰত খোজ পেলায় আৰু তেওঁৰ প্ৰডাকচন হাউচ স্থাপন কৰে। তেওঁ জেশ্বান কাদৰীৰ ফ্ৰাইডে টু ফ্ৰাইডে এণ্টাৰটেইনাৰ্ছ এণ্ড মিডিয়া প্ৰাইভেট লিমিটেড আৰু মেজিকেল চেভেনাচ প্ৰাইভেট লিমিটেডৰ অংশীদাৰ হিচাপে কাম কৰে।[7]
২০১৫ চনত তেওঁৰ প্ৰথম প্ৰযোজনা মেৰঠীয়া গেংষ্টাৰ ১৮ ছেপ্টেম্বৰত মুক্তি লাভ কৰে।[8]
২০১৯ চনত তেওঁ ফ্ৰাইডে টু ফ্ৰাইডে এণ্টাৰটেইনাৰ্ছ এণ্ড মিডিয়া প্ৰাইভেট লিমিটেডৰ অধীনত জি-ফাইভৰ (ZEE5) মূল ৱেব ছিৰিজ ভূত পূৰ্ব প্ৰযোজনা কৰে। জেশ্বান কাদৰীয়ে পৰিচালনা কৰা এই ৱেব ছিৰিজখনৰ জৰিয়তে তেওঁ প্ৰযোজক হিচাপে নিজৰ স্থিতি সবল কৰে।[9]
ৰিয়েলিটি শ্ব’
[সম্পাদনা কৰক]- ২০১২: ছাৰ্ভাইভাৰ ইণ্ডিয়া (ছিজন ১) — প্ৰতিযোগী হিচাপে।
মডেলিং
[সম্পাদনা কৰক]অভিনয়ৰ উপৰি প্ৰিয়ংকাই সন্তুৰ আৰু বিএছএল চুটিংছ আদিকে ধৰি কেইবাটাও ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছে। তেওঁ চন্নী সিঙে কণ্ঠদান কৰা জনপ্ৰিয় 'পৰা হোজা চনীয়ে' আদিকে ধৰি বহুতো সংগীত ভিডিঅ'ত অভিনয় কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Zee Café ready with 'Bombay Talking'". Televisionpoint.com. 9 November 2005. Archived from the original on 7 March 2012. https://web.archive.org/web/20120307130305/http://www.televisionpoint.com/news/newsfullstory.php?id=1131537586। আহৰণ কৰা হৈছে: 26 December 2010.
- 1 2 "Interview >"I always knew I could make it big in the industry"". Tellychakkar.com. 17 November 2005. http://www.tellychakkar.com/y2k5/nov/17nov/interview_priyanka.php। আহৰণ কৰা হৈছে: 26 December 2010.
- ↑ "ITA Awards Winners List – Bollywood Movie News". IndiaGlitz. Archived from the original on 11 December 2007. https://web.archive.org/web/20071211210109/http://www.indiaglitz.com/channels/hindi/article/35211.html। আহৰণ কৰা হৈছে: 26 December 2010.
- ↑ "Priyanka Bassi to make her comeback". Tellychakkar.com. 18 November 2010. http://www.tellychakkar.com/news/priyanka-bassi-make-her-comeback। আহৰণ কৰা হৈছে: 26 December 2010.
- ↑ "Priyanka Bassi tough Cookie". Archived from the original on 30 April 2011. https://web.archive.org/web/20110430200532/http://www.indya.com/gallery/indyagallery.aspx?p=Priyanka-Bassi-is-a-tough-cookie&aid=2788। আহৰণ কৰা হৈছে: 26 December 2010.
- ↑ "Survivor goes on floor". Archived from the original on 4 September 2012. https://archive.today/20120904184349/http://www.hindustantimes.com/Survivor-goes-on-floors/Article1-710839.aspx। আহৰণ কৰা হৈছে: 11 June 2011.
- ↑ "Actor Priyanka Bassi and Writer Zeishan Quadri team up as Producers". Tellychakkar. 27 February 2015. http://www.tellychakkar.com/tv/tv-news/actor-priyanka-bassi-and-writer-zeishan-quadri-team-producers-150227.
- ↑ "urag Kashyap is all for Zeishan Quadri's 'Meeruthiya Gangsters'". IndiaGlitz. 30 July 2015. Archived from the original on 1 April 2016. https://web.archive.org/web/20160401062557/http://www.indiaglitz.com/anurag-kashyap-is-all-for-zeishan-quadris-meeruthiya-gangsters-hindi-news-138832.html। আহৰণ কৰা হৈছে: 31 March 2026.
- ↑ Paharia, Rashmi (2019-05-11). "Review of Zee5's Bhoot Purva- A horrendously bad horror comedy" (en-US ভাষাত). IWMBuzz. https://www.iwmbuzz.com/digital/editorial-digital/review-zee5s-bhoot-purva-horrendously-bad-horror-comedy/2019/05/11। আহৰণ কৰা হৈছে: 2021-06-09.
