প্ৰিয়ম্বদা দেবী
| প্ৰিয়ম্বদা দেবী | |
|---|---|
| চিত্ৰ:প্ৰিয়ম্বদা দেবী.png | |
| জন্ম | 1871 |
| মৃত্যু | ১৯৩৫ (বয়স ৬৩–৬৪) |
| পেচা | লেখিকা, শিক্ষয়িত্ৰী |
প্ৰিয়ম্বদা দেবী (ইংৰাজী: : Priyamvada Devi ; ১৮৭১-১৯৩৫) এগৰাকী বঙালী লেখিকা আৰু পৰোপকাৰী মহিলা আছিল।[1][2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]প্ৰিয়ম্বদা দেবী ১৮৭১ চনত গুণাইগাছা, পাবনা জিলা, বঙাল প্ৰেছিডেঞ্চী, ব্ৰিটিছ ৰাজত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ প্ৰসন্নময়ী এগৰাকী প্ৰসিদ্ধ লেখিকা আছিল। তেওঁৰ পিতৃ নাম কৃষ্ণকুমাৰ বাগচী আছিল। তেওঁৰ মমায়েক কেইজন হ’ল প্ৰমথ চৌধুৰী আৰু অশুতোষ চৌধুৰী, দুয়োজনেই জনপ্ৰিয় লেখক আছিল।
তেওঁ বেথুন স্কুল-ত অধ্যয়ন কৰিছিল আৰু কলকাতাৰ বেথুন কলেজৰ পৰা বি.এ. ডিগ্ৰী সম্পন্ন কৰিছিল।[2][3]
কৰ্ম জীৱন
[সম্পাদনা কৰক]১৮৯২ চনত দেৱীয়ে তাৰাদাস বেনাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ স্বামী এজন উকীল আছিল। ১৮৯৬ চনত তেওঁৰ পুত্ৰৰ মৃত্যু হয়, তাৰ পিছত তেওঁ সময় কটায়বলৈ লিখিবলৈ লয় আৰু তেওঁৰ দানশীল কামত নিয়োজিত হয়। ব্ৰহ্ম বালিকা শিক্ষাালয় (ব্ৰহ্ম বালিকা বিদ্যালয়)ত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। ভাৰত ষ্ট্ৰী-মহামণ্ডলৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই সময়ছোৱাত কেইবাখনো শিক্ষানুষ্ঠানতো কাম কৰিছিল। তেওঁ স্বপ্নবাসৱদত্ত অনুবাদ কৰিছিল যিখন সংস্কৃত নাট আছিল। বাইবেলৰ কিছু অংশ অনুবাদ কৰি ভক্তবাণী নামেৰে প্ৰকাশ কৰিছিল। তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহৰ ভিতৰত আছিল "জাপানৰ মহিলা", কাথা অ' উপকাথা, ঝিলেজাবগালে শিকাৰ অনাথ, পাভচুলাল, আৰু জাপানৰ গেইছাসকলৰ বিষয়ে লিখা ৰেনুকা নামৰ গ্ৰন্থ। তৰা, অংশু, ৰেণু, চম্পা অ' পাৰুল আদি কেইবাটাও কবিতাও ৰচনা কৰে।[2] তেওঁ চেৰিটিৰ বাবে নাটক পৰিচালনা কৰিছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Amin, S. N. (1996) (en ভাষাত). The World of Muslim Women in Colonial Bengal, 1876-1939. Brill. পৃষ্ঠা. 233. ISBN 9004106421. https://books.google.com/books?id=VcAfpv6x0m4C&dq=Priyamvada+Devi&pg=PA233.
- ↑ 2.0 2.1 2.2 Banerjee, Suresh Chandra. "Devi, Priyamvada" (en ভাষাত). Banglapedia. http://en.banglapedia.org/index.php?title=Devi,_Priyamvada। আহৰণ কৰা হৈছে: 12 November 2017.
- ↑ Sen, Skumar (1979) (en ভাষাত). History Of Bengali Literature. South Asia Books. পৃষ্ঠা. 300. ISBN 9788172011079. https://books.google.com/books?id=Em5oAAAAMAAJ&q=Priyamvada+Devi.
- ↑ Nāga, Kālidāsa (1951) (en ভাষাত). Bethune School & College centenary volume, 1849-1949. Bethune School & College. পৃষ্ঠা. 151. https://books.google.com/books?id=N5MhAQAAMAAJ&q=Priyamvada+Devi.