প্ৰিয়া ডেভিদৰ
প্ৰিয়া ডেভিদৰ (ইংৰাজী: Priya Davidar) এগৰাকী ভাৰতীয় বৈজ্ঞানিক গৱেষক, সংৰক্ষণ জীৱবিজ্ঞানী, পণ্ডিত আৰু লেখিকা।[1][2] পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপিকা হিচাপে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰি ভাৰতৰ বিভিন্ন অঞ্চলত পৰিৱেশ গৱেষণা কৰি আহিছে।[2] তেওঁ হুইছপাৰ্ছ ফ্ৰম দ্য ৱাইল্ডকে (ই আৰ চি ডেভিডাৰৰ সৈতে সহ-লেখক ) ধৰি কেইবাখনো কিতাপ ৰচনা কৰিছে আৰু পেংগুইন ইণ্ডিয়া কিতাপৰদ্বাৰা এইবোৰ প্ৰকাশিত।[2][3] ২০১২ চনত তেওঁ আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ ফেলো নিৰ্বাচিত হয়।[4] বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে তেওঁ সক্ৰিয়ভাৱে জড়িত।[2] বৈজ্ঞানিক গৱেষণা পত্ৰিকাত তেওঁৰ প্ৰায় ১০০খন গৱেষণা-পত্ৰ প্ৰকাশ হৈছে।
আৰম্ভণি জীৱন আৰু পৰিয়াল
[সম্পাদনা কৰক]ডেভিডাৰ ডাঙৰ-দীঘল হৈছিল তামিলনাডুৰ উটিত, উটি প্ৰাণী আৰু উদ্ভিদৰ চহকী বৈচিত্ৰ্যৰ বাবে পৰিচিত ঠাই। ডাঙৰ হৈ অহাৰ লগে লগে বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ ক্ষতিৰ তেওঁ সাক্ষী হৈ পৰিছিল আৰু এই কথাই তেওঁক সংৰক্ষণৰ ক্ষেত্ৰখনত সোমাবলৈ প্ৰেৰণা দিছিল। তেওঁ কৈছিল, ঠাইৰ বাবে হোৱা প্ৰতিযোগিতাত আন প্ৰজাতিবোৰ মানুহৰ হাতত দ্ৰুতগতিত পৰাজিত হৈছে।[5]
ডেভিডাৰৰ পিতৃ ই.আৰ.চি. ডেভিডাৰ এজন সংৰক্ষণবিদ আৰু ভাতৃ মাৰ্ক ডেভিডাৰ ভাৰতৰ তামিলনাডুৰ মাছিনাগুডিত থকা ছিগুৰ নেচাৰ ট্ৰাষ্ট (SNT)ৰ অন্যতম প্ৰতিষ্থাপক; এই ট্ৰাষ্টে ৩০ একৰ ভূমিক বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰিত কৰিছে।[6]
ৰিম’ট চেন্সিঙৰ প্ৰশিক্ষণপ্ৰাপ্ত গৱেষণা বিজ্ঞানী জিন-ফিলিপ পুইৰাভ’ডৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকে বহু গৱেষণা-পত্ৰত যুগ্মভাৱে সহযোগিতা আগবঢ়াইছে।[5]
শিক্ষা
[সম্পাদনা কৰক]১৯৭৩ চনত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰপৰা বি.এছ.চি সম্পূৰ্ণ কৰে আৰু তাৰ পাছত ১৯৭৫ চনত একেখন বিশ্ববিদ্যালয়ৰপৰা এম এছ চি ডিগ্ৰী লাভ কৰে। ১৯৭৯ চনত বম্বে বিশ্ববিদ্যালয়ৰপৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত ১৯৮৫ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰপৰা এছ.এম. ডিগ্ৰী লাভ কৰে।[7]
ভাৰতৰ পক্ষী মানৱ হিচাপে জনাজাত প্ৰকৃতিবিদ চেলিম আলীৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰীৰ গৱেষণাৰ বাবে তেওঁ পতংগভোজী চৰাইৰদ্বাৰা অৰ্ধপৰজীৱী মিষ্টলেটৰ পৰাগযোগৰ কামৰ বিষয়ে অধ্যয়ন কৰিছিল।[5]
কাম
[সম্পাদনা কৰক]সংৰক্ষণ জীৱবিজ্ঞানী হিচাপে তেওঁৰ কামৰ বেছিভাগেই বন পৰিৱেশ বিজ্ঞান, পৰজীৱী জীৱবিজ্ঞান আৰু বিপন্ন প্ৰজাতিৰ সংৰক্ষণৰ ওপৰত আবদ্ধ।[1]
অৱসৰ নোলোৱালৈকে তেওঁ পণ্ডিচেৰী বিশ্ববিদ্যালয়ত পৰিৱেশ আৰু পৰিৱেশ বিজ্ঞান বিভাগত প্ৰায় তিনিটা দশক ধৰি কাম কৰিছিল।[1][5] বৰ্তমান তেওঁ এটা গৱেষণা প্ৰকল্পত কাম কৰি আছে য'ত তেওঁ "জৈৱ-ভৌগোলিক পৰিসৰত গছৰ বিতৰণ বিশ্লেষণ আৰু এছিয়ান হাতী আৰু নীলগিৰি তাহৰৰ দৰে বিপন্ন প্ৰজাতিৰ সংৰক্ষণ জিনীয় বিজ্ঞান অধ্যয়ন অন্তৰ্ভুক্ত।" [1]
১৯৭০ চনত ক্ষেত্ৰ জীৱবিজ্ঞানী হিচাপে কাম কৰা কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁ অন্যতম।[5] যিসকল বিজ্ঞানীয়ে কেৱল নিজৰ পৰীক্ষাগাৰৰ ভিতৰতে গৱেষণা কৰিছে, তেওঁলোক ক্ষেত্ৰভিত্তিক কামৰ লগত ভালদৰে খাপ নাখায়, পানামাৰ সহযোগী পোষ্টডক্টৰ এলিছন স্নোৱে মন্তব্য কৰিছিল, "প্ৰিয়া আছিল ... সকলো ব্যাৱহাৰিক অসুবিধাৰ বাবে অবিচলিত।" [5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 "Priya Davidar | PhD | Pondicherry University, Puducherry | Department of Ecology and Environmental Sciences" (en ভাষাত). ResearchGate. https://www.researchgate.net/profile/Priya_Davidar। আহৰণ কৰা হৈছে: 2019-02-16.
- 1 2 3 4 "Priya Davidar". Penguin Books India. http://www.penguinbooksindia.com/en/content/priya-davidar। আহৰণ কৰা হৈছে: 7 September 2015.
- ↑ "Dr Priya Davidar biography". Pondicherry University. http://www.pondiuni.edu.in/profile/dr-praviar-davidar। আহৰণ কৰা হৈছে: 15 March 2014.
- ↑ "Dr. Priya Davidar". ECOS. http://www.pondiuni.edu.in/profile/dr-praviar-davidar। আহৰণ কৰা হৈছে: 15 March 2014.
- 1 2 3 4 5 6 Venkatraman, Vijaysree (10 January 2014). "A Surveyor of Jungles" (en ভাষাত). Science | AAAS. https://www.science.org/content/article/surveyor-jungles। আহৰণ কৰা হৈছে: 2019-02-16.
- ↑ "Elephants Never Forget: The Touching Legacy of Tamil Nadu Conservationist Mark Davidar". scribol.com. http://scribol.com/environment/elephants-never-forget-the-touching-legacy-of-tamil-nadu-conservationist-mark-davidar। আহৰণ কৰা হৈছে: 7 September 2015.
- ↑ "Dr Priya Davidar biography". Pondicherry University. http://www.pondiuni.edu.in/profile/dr-praviar-davidar। আহৰণ কৰা হৈছে: 7 September 2015.