সমললৈ যাওক

প্ৰিয়া পল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিয়া পল
জন্ম ৩০ এপ্ৰিল, ১৯৬৭ (৫৯ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা দ্য পাৰ্ক হোটেলৰ অধ্যক্ষ।

প্ৰিয়া পল (ইংৰাজী: : Priya Paul জন্ম ১৯৬৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী, দ্য পাৰ্ক হোটেলছৰ সংঘবদ্ধ সংস্থা হোটেল পৰিচালনা কৰা আপীজে চুৰেন্দ্ৰ গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান আপীজে সুৰেন্দ্ৰ পাৰ্ক হোটেলৰ অধ্যক্ষ।[1][2]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

প্ৰিয়াই ৱেলছলী কলেজত অধ্যয়ন কৰিছিল। অধ্যয়ন সমাপ্ত কৰাৰ পিছত, ২১ বছৰ বয়সত "দ্য পাৰ্ক নিউ দিল্লী"ত এক বিপণন পৰিচালক হিচাপে নিজৰ পিতৃৰ অধীনত কাম কৰা আৰম্ভ কৰে। সুৰেন্দ্ৰ পালৰ মৃত্যুৰ পিছত, তেওঁ ১৯৯০ চনত আপীজে চুৰেন্দ্ৰ গ্ৰুপৰ আতিথ্য বিভাগৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে।[3]

পাৰিবাৰিক ব্যৱসায়

[সম্পাদনা কৰক]

প্ৰিয়া পলে এক ব্যৱসায়িক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল, যি প্ৰথমে ষ্টীলৰ বেপাৰ বাণিজ্য, উৎপাদন আৰু প্ৰস্তুতকৰণত জড়িত আছিল। পিছলৈ, পৰিয়ালৰ ব্যৱসায় শ্বিপিং খণ্ডলৈ বিৱৰ্তন ঘটে। তেওঁৰ পিতৃ সুৰেন্দ্ৰ পলে পৰৱৰ্তী সময়ত আতিথেয়তা , চাহ , ভূমি সম্পত্তি , বিত্ত , আৰু লজিষ্টিকছ আদি বিভিন্ন খণ্ডত ব্যবসায় সম্প্ৰসাৰিত কৰিছিল। বৰ্তমানে, এই পৰিয়াল কেন্দীক ব্যৱসায় প্ৰিয়া পাল, তেওঁৰ ভাতৃ আৰু ভগ্নীয়ে একেলগে পৰিচালনা কৰি আহিছে।[4]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]