সমললৈ যাওক

প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ

২০১৮ চনত ৱাৰিয়াৰ
জন্ম ২৮ অক্টোবৰ, ১৯৯৯ (২৬ বছৰ)
পুঙ্কুন্নম, কেৰালা, ভাৰত
শিক্ষানুষ্ঠান বিমলা কলেজ (বি কম)
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৮–বৰ্তমান

প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ (ইংৰাজী: Priya Prakash Varrier; জন্ম: ২৮ অক্টোবৰ ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মালয়ালম, তেলুগু, তামিল, কন্নড় আৰু হিন্দী ছবিত কাম কৰে।[1] ২০১৯ চনৰ মালয়ালম ছবি অৰু আদাৰ লাভত তেওঁৰ চকু টিপ মৰা দৃশ্যটো ভাইৰেল হৈ পৰিছিল, যাৰ ফলত তেওঁ ২০১৮ চনত গুগলত ভাৰতৰ আটাইতকৈ বেছি অনুসন্ধান কৰা ব্যক্তি হিচাপে পৰিগণিত হৈছিল।[2][3][4][5] ২০২৫ চনত তেওঁ তামিল একচন-কমেডী ছবি গুড বেড আগলীত অভিনয় কৰে।[6]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৯৯ চনৰ ২৮ অক্টোবৰত[7][8] কেৰালাৰ ত্ৰিছূৰৰ পুঙ্কুন্নমত কেন্দ্ৰীয় আবকাৰী বিভাগৰ কৰ্মচাৰী প্ৰকাশ ৱাৰিয়াৰ আৰু গৃহিণী প্ৰীতাৰ ঘৰত প্ৰিয়াৰ জন্ম হৈছিল।[7]

তেওঁ ত্ৰিছূৰৰ সন্দীপনী বিদ্যা নিকেতনৰপৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।[9][10] ২০১৮ চনত তেওঁ ত্ৰিছূৰৰ বিমলা কলেজত বাণিজ্য শাখাৰ স্নাতক (বি কম) পাঠ্যক্ৰমত নাম ভৰ্তি কৰে।[9]

কেৰিয়াৰ

[সম্পাদনা কৰক]

প্ৰিয়াৰ প্ৰথম চলচ্চিত্ৰখন আছিল এখন বিদ্যালয়ৰ পটভূমিত নিৰ্মিত ৰোমাণ্টিক ড্ৰামা অৰু আদাৰ লাভ। ইয়াত তেওঁ কেইবাজনো নৱাগত শিল্পীৰ সৈতে প্ৰিয়া নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল।[11] চিনেমাখনৰ "মাণিক্য মলাৰায় পূৱী" শীৰ্ষক গীতটো ইউটিউবত মুক্তি দিয়া হৈছিল য’ত ৱাৰিয়াৰে চকু টিপ মৰা দেখা গৈছিল। তেওঁৰ এই চকু টিপ মৰা দৃশ্যটো ভাইৰেল হৈ পৰে আৰু তেওঁ ৰাতাৰাতি চৰ্চালৈ আহে।[12]

২০১৯ চনত তেওঁ ফাইনেলছ ছবিৰ বাবে নৰেশ আয়াৰৰ সৈতে "নী মাজাবিল্লু পোলেন" গীতটোত কণ্ঠদান কৰে। তেওঁক আৰবাজ খানৰ সৈতে হিন্দী ছবি শ্ৰীদেৱী বংগলাত অভিনয়ৰ বাবে নিৰ্বাচন কৰা হৈছিল, যিখন ছবি প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ পৰিয়ালে দাখিল কৰা গোচৰ আৰু সমালোচনাৰ বাবে ২০২০ চনৰ জানুৱাৰী পৰ্যন্ত পষ্ট-প্ৰডাকচনতে আবদ্ধ হৈ আছিল। ছবিখন এতিয়ালৈকে মুক্তি পোৱা নাই।[13]

২০২১ চনত চেক ছবিৰ জৰিয়তে তেওঁ তেলেগু চিনামাত অভিষেক ঘটায়, য’ত তেওঁ নীতিন আৰু ৰাকুল প্ৰীত সিঙৰ বিপৰীতে এগৰাকী 'হানি ট্ৰেপাৰ'ৰ চৰিত্ৰত অভিনয় কৰিছিল।[14] তেওঁৰ প্ৰথম কানাড়া ছবি বিষ্ণুপ্ৰিয়া ২০২৫ চনত মুক্তি লাভ কৰে।

২০২৫ চনত ৱাৰিয়াৰে ধনুৰদ্বাৰা পৰিচালিত নিলাভুকু এন মেল এন্নাদি কোবামৰ জৰিয়তে তামিল চিনামাত খোজ পেলায় য’ত তেওঁ প্ৰীতিৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত অজিত কুমাৰৰ গুড বেড আগলীত নিথ্যাৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত তেওঁক দেখা যায়, যিয়ে তেওঁৰ কেৰিয়াৰক যথেষ্ট গতি প্ৰদান কৰে আৰু দৰ্শকৰ ইতিবাচক সঁহাৰি লাভ কৰে। ছবিখনত আইকনিক গীত "থোট্টু থোট্টু পেচুম চুলতানা"ৰ তেওঁ কৰা ৰিক্ৰিয়েচনটো ভাইৰেল হোৱাৰ লগতে তেওঁৰ অভিনয়ে দৰ্শকক আকৰ্ষিত কৰিছে।[15][16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Priya Prakash Varrier Went Viral With A Wink. 'Can't Believe It,' She Tweets". NDTV. https://www.ndtv.com/entertainment/priya-prakash-varrier-went-viral-with-a-wink-cant-believe-it-she-tweets-1811672.
  2. "Year in Search 2018". Google Trends. https://trends.google.com/trends/yis/2018/IN/ আহৰণ কৰা হৈছে: 1 February 2020.
  3. "Priya Prakash Varrier beats Sunny Leone, Katrina Kaif, Deepika Padukone, Alia Bhatt on Google search  trends" (en-US ভাষাত). The Financial Express. 13 February 2018. http://www.financialexpress.com/entertainment/who-is-priya-prakash-varrier-beats-sunny-leone-katrina-kaif-deepika-padukone-alia-bhatt-google-search-trend-2018-oru-adaar-love/1064341/.
  4. Vivek Surendran (8 February 2018). "Priya Prakash Varrier garners 1 million followers on Instagram, co-actor crosses just a lakh". India Today. https://www.indiatoday.in/fyi/story/priya-prakash-varrier-garners-1-million-followers-on-instagram-co-actor-crosses-just-a-lakh-1167751-2018-02-12.
  5. "Who is internet's latest sensation Priya Prakash Varrier?". Hindustan Times. https://www.hindustantimes.com/regional-movies/who-is-internet-s-latest-sensation-priya-prakash-varrier/story-TQ9KO5gSm4YD97Mnco8YcP.html.
  6. "Beyond the wink: Priya Prakash Varrier's second viral wave with Good Bad Ugly". https://www.indiatoday.in/movies/regional-cinema/story/priya-prakash-varrier-viral-wink-thottu-thottu-pesum-sultana-good-bad-ugly-2707983-2025-04-12.
  7. 1 2 "Who is the wink sensation Priya Prakash Varrier's father? Ashish Vidyarthi?". Asianet News. https://newsable.asianetnews.com/entertainment/who-is-the-wink-sensation-priya-prakash-varriers-father-ashish-vidyarthi.
  8. "Happy Birthday Priya Prakash Varrier: Interesting facts about the sensational actress you may not know". The Times of India. 28 October 2020. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/happy-birthday-priya-prakash-varrier-interesting-facts-about-the-sensational-actress-you-may-not-know/photostory/78063501.cms আহৰণ কৰা হৈছে: 17 December 2021.
  9. 1 2 "Who is Priya Prakash Varrier? Know all about the girl who took over the internet with her killer 'wink'". The Times of India (Mumbai). 19 February 2018. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/who-is-priya-prakash-varrier-know-all-about-the-girl-who-took-over-the-internet-with-her-killer-wink/articleshow/62942972.cms.
  10. Dutta, Amrita (11 March 2018). "Priya Prakash Varrier: World Famous in Thrissur". The Indian Express. https://indianexpress.com/article/express-sunday-eye/priya-prakash-varrier-world-famous-in-thrissur-5092857/.
  11. George, Anjana (14 February 2019). "Oru Adaar Love Movie Review". The Times of India (Mumbai). https://timesofindia.indiatimes.com/entertainment/malayalam/movie-reviews/oru-adaar-love/movie-review/67991076.cms.
  12. The wink that stopped India. BBC. 11 March 2018. Event occurs at 00:01:26. Retrieved 2 February 2020. Some Muslim groups filed cases against Priya and the filmmakers
  13. "Wink queen Priya Prakash Varrier meets Navya Nair; clicks a selfie together". The Times of India (Mumbai). 27 January 2020. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/wink-queen-priya-prakash-varrier-meets-navya-nair-clicks-a-selfie-together/articleshow/73667120.cms.
  14. Adivi, Sashidhar (18 February 2021). "I like to identify myself as a performer : Priya Prakash". Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/180221/i-like-to-identity-myself-as-a-performer-priya-prakash.html আহৰণ কৰা হৈছে: 29 July 2021.
  15. "Priya Prakash Varrier Shares Sweet Note For Ajith Kumar's Good Bad Ugly, Calls Herself 'Ardent Fan Girl'". https://www.news18.com/movies/priya-prakash-varrier-shares-sweet-note-for-ajith-kumars-good-bad-ugly-calls-herself-ardent-fan-girl-ws-l-9296083.html.
  16. "Priya Prakash Varrier: From viral ‘Wink Girl’ to Tamil cinema’s rising star in ‘Good Bad Ugly’". https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/priya-prakash-varrier-from-viral-wink-girl-to-tamil-cinemas-rising-star-in-good-bad-ugly/photostory/120275046.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]