প্ৰিয়া ৰাজবংশ
প্ৰিয়া ৰাজবংশ | |
---|---|
![]() | |
জন্ম | বেৰা সুন্দৰ সিং ৩০ ডিচেম্বৰ, ১৯৩৬ (৮৮ বছৰ) ছিমলা, পঞ্জাৱ প্ৰভিঞ্চ, ব্ৰিটিছ ভাৰত (বৰ্তমান ছিমলা, হিমাচল প্ৰদেশ, ভাৰত) |
মৃত্যু | ২৭ মাৰ্চ, ২০০০ (৬৩ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৬৪-১৯৮৬ |
অংশীদাৰ | চেতন আনন্দ |
প্ৰিয়া ৰাজবংশ (জন্ম: বেৰা সুন্দৰ সিং; ইংৰাজী: Priya Rajvansh; ১৩০ ডিচেম্বৰ ১৯৩৬ – ২৭ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে নিজৰ কৰ্মজীৱনৰ সময়ছোৱাত কৰা মুষ্টিমেয় ছবিৰ ভিতৰত হীৰ ৰাঞ্জা (১৯৭০) আৰু হসঁতে জখম (১৯৭৩) আদি হিন্দী ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]প্ৰিয়া ৰাজবংশৰ জন্ম ছিমলাত বীৰা সুন্দৰ সিং নামেৰে হৈছিল। তেওঁৰ পিতৃ সুন্দৰ সিং বন বিভাগৰ কনজাৰ্ভেটৰ আছিল। ভায়েক কমলজিৎ সিং (গুলু) আৰু পদমজিৎ সিঙৰ তেওঁ সৈতে ছিমলাত ডাঙৰ-দীঘল হৈছিল। তেওঁ অকলেণ্ড হাউচত পঢ়াশুনা কৰিছিল, য’ত তেওঁ কেপ্তেইন আছিল। তেওঁ ছিমলাৰ কনভেণ্ট অফ জিছুছ এণ্ড মেৰীতো অধ্যয়ন কৰিছিল। ১৯৫৩ চনত ছিমলাৰ ছেইণ্ট বেদেছ কলেজৰ পৰা ইণ্টাৰমিডিয়েট উত্তীৰ্ণ হৈ ভাৰ্গৱ মিউনিচিপালিটি কলেজত (বিএমচি) নামভৰ্তি কৰে। এই সময়ছোৱাত ছিমলাৰ বিখ্যাত গেইটি থিয়েটাৰত কেইবাখনো ইংৰাজী নাটকত অভিনয় কৰে।
তেওঁৰ পিতৃ ৰাষ্ট্ৰসংঘৰ এচাইনমেণ্টত আছিল, গতিকে স্নাতক হোৱাৰ পিছত তেওঁ ব্ৰিটেইনৰ লণ্ডনত থকা ৰয়েল একাডেমী অৱ ড্ৰামেটিক আৰ্টত (RADA) যোগদান কৰে।[1][2][3]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Feeding on Priya's memories, Gullu lives on... The Tribune, 3 August 2002.
- ↑ Priya Rajvansh, the adored Shimlaite The Tribune, Chandigarh, 21 April 2000.
- ↑ Glamour girls from Himachal Pradesh The Tribune, 16 March 2007.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Remembering Priya Rajvansh at Rediff.com
- প্ৰিয়া ৰাজবংশ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- প্ৰিয়া ৰাজবংশ সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য