প্ৰিয়া ৰাজসেথুপথী
| প্ৰিয়া ৰাজসেথুপথী | |
|---|---|
| চিত্ৰ:File:Priya Rajasethupathy.jpg | |
| ক্ষেত্ৰ | স্নায়ুবিজ্ঞান |
| কৰ্মস্থান | ষ্টেনফৰ্ড বিশ্ববিদ্যালয় ৰকফেলাৰ বিশ্ববিদ্যালয় |
| শিক্ষানুষ্ঠান | কৰ্নেল বিশ্ববিদ্যালয়, বি এ, ২০০৪ কলম্বিয়া বিশ্ববিদ্যালয়, এম ডি-পি এইচ ডি, ২০১৩ |
| ডক্তৰেল পৰামৰ্শদাতা | এৰিক কাণ্ডেল |
| উল্লেখনীয় বঁটা | Searle Scholar, এন আই এইচ সঞ্চালকৰ নতুন উদ্ভাৱক বঁটা। |
প্ৰিয়া ৰাজসেথুপথী ইংৰাজী: : Priya Rajasethupathy ; এগৰাকী স্নায়ুবিজ্ঞানী আৰু ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা, তেওঁ স্নায়ু গতিবিদ্যা আৰু জ্ঞান গৱেষণাগাৰৰ নেতৃত্ব দিয়ে।
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]প্ৰিয়া ৰাজসেথুপাথী নিউয়ৰ্কৰ ব্ৰকপ'ৰ্টত ডাঙৰ-দীঘল হৈছিল।[1] ২০০৪ চনত তেওঁ কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা প্ৰাক-চিকিৎসা মনোনিৱেশৰ সৈতে জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[1][2] স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ এবছৰৰ বাবে ভাৰতলৈ গুচি যায় আৰু মানসিক ৰোগত আক্ৰান্ত লোকৰ সৈতে কাম কৰে, লগতে বাংগালুৰুৰ নেচনেল চেণ্টাৰ ফৰ বায়'লজিকেল ছায়েন্সত স্নায়ুবিজ্ঞানৰ গৱেষণাও কৰে।[3] ইয়াৰ পিছত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ত এমডি–পিএইচডি ডিগ্ৰী লাভ কৰে। নোবেল বঁটা বিজয়ী এৰিক কেণ্ডেলৰ মেণ্টৰশ্বিপত তেওঁ ডক্টৰেট ডিগ্ৰীৰ কাম কৰিছিল য’ত তেওঁ কেলিফৰ্ণিয়াৰ সাগৰীয় স্লাগ (Aplysia californica)ক আৰ্হি জীৱ হিচাপে ব্যৱহাৰ কৰিছিল যাতে স্নায়ুকোষত থকা সৰু সৰু নন-ক’ডিং আৰ এন এ অণুৱে স্মৃতিৰ গঠন আৰু সংৰক্ষণ কেনেকৈ নিয়ন্ত্ৰণ কৰে সেই কথা বুজিব পাৰে। ডক্টৰেট ডিগ্ৰীৰ সময়ছোৱাত তেওঁ মগজু-নিৰ্দিষ্ট আৰু অতি সংৰক্ষিত মাইক্ৰ' আৰ এন এ (miR-124) আৱিষ্কাৰ কৰে যিটো সাগৰীয় স্লাগৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ (CNS)ত প্ৰচুৰ পৰিমাণে থাকে আৰু যিটো চিনেপ্টিক প্লাষ্টিচিটি বা সময়ৰ লগে লগে স্নায়ুকোষীয় সংযোগ শক্তিশালী আৰু দুৰ্বল হোৱাৰ ক্ষমতা স্থাপনৰ বাবে গুৰুত্বপূৰ্ণ।[4][5] পিছলৈ ৰাজচেথুপেথীয়ে চি এন এছত সৰু নন-ক'ডিং আৰ এন এৰ এটা নতুন শ্ৰেণী চিনাক্ত কৰে – পি আৰ এন এ – যিবোৰ কেৱল বীজাণু কোষ আৰু জাৰ্মলাইন কলাতহে উপস্থিত বুলি ভবা হৈছিল।[6] তদুপৰি, তেওঁ দেখিলে যে piRNA সমূহে ডি এন এক এপিজেনেটিকভাৱে পৰিৱৰ্তন কৰি চিনেপ্টিক শক্তিৰ দীৰ্ঘস্থায়ী পৰিৱৰ্তন সক্ষম কৰিব পাৰে, যিয়ে দীৰ্ঘম্যাদী স্মৃতিশক্তি ৰক্ষাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে।
স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ৰাজসেথুপাথীয়ে ২০১৩ চনত অপ্টোজেনেটিক্সৰ ক্ষেত্ৰৰ অগ্ৰণী কাৰ্ল ডেইচেৰথৰ পৰীক্ষাগাৰত পোষ্ট ডক্টৰেট ফেল'শ্বিপ আৰম্ভ কৰে।[7] তাত তেওঁ প্ৰিফ্ৰন্টেল কৰ্টেক্সৰ পৰা হিপ'কেম্পছলৈ মগজুৰ এক নতুন পথ আৱিষ্কাৰ কৰে যিটো স্মৃতিশক্তি উদ্ধাৰৰ বাবে প্ৰয়োজনীয়।[8][9] তেওঁ এন্দুৰক আৰ্হি জীৱ হিচাপে ব্যৱহাৰ কৰিছিল আৰু জীৱিত কলাত থকা ব্যক্তিগত নিউৰন নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ কৰিবলৈ অপ্টোজেনেটিক্সৰ কৌশল ব্যৱহাৰ কৰিছিল, জীৱিত কলাৰ ছবি তুলিবলৈ দুটা ফ'টন উত্তেজনা মাইক্ৰস্কোপি আৰু অক্ষত মগজুৰ ভলিউমেট্ৰিক জিন প্ৰকাশৰ প্ৰফাইল ব্যৱহাৰ কৰিছিল যাতে আচৰণৰ সময়ত জিন প্ৰকাশে মগজুৰ কাৰ্য্যকলাপ কেনেকৈ নিৰ্দেশনা দিয়ে সেয়া বুজিব পাৰে।[[10] ডক্টৰেট ডিগ্ৰীৰ পিছৰ কামে ছায়েন্স নিউজৰ পৰা স্বীকৃতি লাভ কৰে আৰু ২০১৫ চনত তেওঁক তেওঁলোকৰ প্ৰথম কেৰিয়াৰৰ শীৰ্ষ ১০ গৰাকী বিজ্ঞানীৰ ভিতৰত অন্যতম বুলি অভিহিত কৰে।[3]
গৱেষণা
[সম্পাদনা কৰক]২০১৭ চনত ৰাজসেথুপাথীক জনাথন এম নেলছন পৰিয়ালৰ সহকাৰী অধ্যাপক আৰু ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ লেবৰেটৰী অৱ নিউৰেল ডাইনেমিক্স এণ্ড কগনিচনৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।[8] তেখেতৰ লেবে স্মৃতিশক্তিসমূহ কেনেকৈ গঠন, সুস্থিৰ আৰু পুনৰ সংগঠিত হয় সেই বিষয়ে গৱেষণা অব্যাহত ৰাখে, স্নায়ু বৰ্তনী পৰ্যবেক্ষণ আৰু পৰিৱৰ্তন কৰি স্মৃতি সংৰক্ষণ বা উদ্ধাৰৰ প্ৰয়োজনীয় কাম কৰা জীৱ-জন্তুৰ আচৰণ নিৰীক্ষণ কৰি।[11] তেওঁৰ গৱেষণা এন আই এইচৰ সঞ্চালকৰ নতুন উদ্ভাৱক বঁটাৰ দ্বাৰা সমৰ্থিত, যিয়ে যুৱ বিজ্ঞানীসকলে পৰিচালিত উচ্চ বিপদজনক, উচ্চ পুৰস্কাৰযুক্ত প্ৰকল্পসমূহক সমৰ্থন কৰে আৰু পাঁচ বছৰৰ ভিতৰত ২৫ লাখ ডলাৰ বঁটা প্ৰদান কৰে।[12]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- হেৰল্ড এম ৱেইনট্ৰাব স্নাতক ছাত্ৰ বঁটা, ফ্ৰেড হাচিনছন কেন্সাৰ গৱেষণা কেন্দ্ৰ, ২০১২[13]
- শীৰ্ষ ১০ জন আৰম্ভণিৰ কেৰিয়াৰ বিজ্ঞানী, বিজ্ঞান বাতৰি, ২০১৫[3]
- এন আই এইচ সঞ্চালকৰ নতুন উদ্ভাৱক বঁটা, ২০১৭[10]
- ছিয়াৰ্ল স্কোলাৰ, ২০১৮[14]
- ক্লিংগেনষ্টাইন-চাইমনছ ফেলো, ছিমনছ ফাউণ্ডেশ্যন আৰু এষ্টাৰ এ আৰু জোচেফ ক্লিংগেনষ্টাইন ফাণ্ড, ২০১৮[15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Seek – Priya Rajasethupathy" (en-US ভাষাত). seek.rockefeller.edu. https://seek.rockefeller.edu/priya-rajasethupathy/। আহৰণ কৰা হৈছে: 2019-09-07.
- ↑ Cui, Yang; Rajasethupathy, Priyamvada; Hess, George P. (2004-12-01). "Selection of Stable RNA Molecules that Can Regulate the Channel-Opening Equilibrium of the Membrane-Bound γ-Aminobutyric Acid Receptor". Biochemistry খণ্ড 43 (51): 16442–16449. doi:10.1021/bi048667b. ISSN 0006-2960. PMID 15610038.
- ↑ 3.0 3.1 3.2 Wayman, Erin (2016-03-06). "Priya Rajasethupathy: Memories mark DNA" (en ভাষাত). Science News. https://www.sciencenews.org/article/priya-rajasethupathy-memories-mark-dna। আহৰণ কৰা হৈছে: 2018-12-28.
- ↑ Rajasethupathy, Priyamvada; Fiumara, Ferdinando; Sheridan, Robert; Betel, Doron; Puthanveettil, Sathyanarayanan V.; Russo, James J.; Sander, Chris; Tuschl, Thomas et al. (2009-09-24). "Characterization of small RNAs in Aplysia reveals a role for miR-124 in constraining synaptic plasticity through CREB". Neuron খণ্ড 63 (6): 803–817. doi:10.1016/j.neuron.2009.05.029. ISSN 1097-4199. PMID 19778509.
- ↑ Fischbach, Soren J.; Carew, Thomas J. (2009-09-24). "MicroRNAs in memory processing". Neuron খণ্ড 63 (6): 714–716. doi:10.1016/j.neuron.2009.09.007. ISSN 1097-4199. PMID 19778498.
- ↑ Moazed, Danesh (April 2012). "A piRNA to Remember". Cell খণ্ড 149 (3): 512–514. doi:10.1016/j.cell.2012.04.008. PMID 22541425.
- ↑ Gorman, James (2014-04-21). "Brain Control in a Flash of Light" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2014/04/22/science/mind-control-in-a-flash-of-light.html.
- ↑ 8.0 8.1 "Neurobiologist interested in memory to join Rockefeller faculty" (en ভাষাত). News. https://www.rockefeller.edu/news/4703-neurobiologist-interested-in-memory-to-join-rockefeller-faculty-3। আহৰণ কৰা হৈছে: 2018-12-30.
- ↑ Rajasethupathy, Priyamvada; Sankaran, Sethuraman; Marshel, James H.; Kim, Christina K.; Ferenczi, Emily; Lee, Soo Yeun; Berndt, Andre; Ramakrishnan, Charu et al. (2015-10-29). "Projections from neocortex mediate top-down control of memory retrieval". Nature খণ্ড 526 (7575): 653–659. doi:10.1038/nature15389. ISSN 1476-4687. PMID 26436451.
- ↑ 10.0 10.1 "NIH Director's New Innovator Award Program – 2017 Award Recipients | NIH Common Fund". commonfund.nih.gov. 18 September 2018. Archived from the original on 2022-02-17. https://web.archive.org/web/20220217192143/https://commonfund.nih.gov/newinnovator/awardrecipients17। আহৰণ কৰা হৈছে: 2018-12-28.
- ↑ "Priya Rajasethupathy" (en ভাষাত). Our Scientists. https://www.rockefeller.edu/our-scientists/heads-of-laboratories/1141-priya-rajasethupathy। আহৰণ কৰা হৈছে: 2018-12-30.
- ↑ "Project Information – NIH RePORTER – NIH Research Portfolio Online Reporting Tools Expenditures and Results". projectreporter.nih.gov. Archived from the original on 2019-01-08. https://web.archive.org/web/20190108204933/https://projectreporter.nih.gov/noaccess.cfm। আহৰণ কৰা হৈছে: 2018-12-30.
- ↑ "Recipients of the Harold M. Weintraub Graduate Student Award". Fred Hutch. http://www.fredhutch.org/en/labs/basic-sciences/weintraub-award/recipients.html। আহৰণ কৰা হৈছে: 2018-12-28.
- ↑ "Searle Scholars Program : Priya Rajasethupathy (2018)". www.searlescholars.net. https://www.searlescholars.net/person/684। আহৰণ কৰা হৈছে: 2018-12-31.
- ↑ "The Esther A. & and Joseph Klingenstein Fund, Inc.". www.klingfund.org. Archived from the original on 2019-12-07. https://web.archive.org/web/20191207200612/http://www.klingfund.org/fellows/fellows_alpha.php। আহৰণ কৰা হৈছে: 2018-12-31.