প্ৰীতম চক্ৰৱৰ্তী
| প্ৰীতম | |
|---|---|
| জন্ম | প্ৰীতম চক্ৰৱৰ্তী ১৪ জুন, ১৯৭১ (৫৪ বছৰ)[1][2] কলিকতা, পশ্চিম বংগ, ভাৰত |
| শিক্ষা | প্ৰেছিডেন্সী কলেজ, কলিকতা |
| শিক্ষানুষ্ঠান | ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান |
| পেচা | কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, ৰেকৰ্ড প্ৰযোজক, বাদ্যযন্ত্ৰী, সংগীত পৰিচালক |
| সক্ৰিয় হৈ থকা সময় | ২০০১–বৰ্তমানলৈকে |
| জনা যায় | বলীউড চলচ্চিত্ৰ সংগীত পৰিচালনা |
| দাম্পত্যসঙ্গী | স্মীতা চক্ৰৱৰ্তী |
| সন্তান | ২ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-শ্ৰেষ্ঠ সংগীত পৰিচালনা, ২০২২ |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | বলীউডৰ সংগীত, ৰক সংগীত, পপ সংগীত, চুফী, বলীউড নৃত্য, বেলাড, ভাৰতীয় শাস্ত্ৰীয় সংগীত |
| বাদ্যযন্ত্ৰ |
|
| লেবেল | JAM8, টিপছ ইণ্ডাষ্ট্ৰীজ লিমিটেড, ছুপাৰ কেছেট ইণ্ডাষ্ট্ৰীজ টি-ছিৰিজ, য়শ ৰাজ মিউজিক, ইৰ'ছ ইণ্টাৰনেশ্যনেল, জী মিউজিক কোম্পানী, ছনি মিউজিক ইণ্ডিয়া, ছাৰেগামা |
প্ৰীতম চক্ৰৱৰ্তী (ইংৰাজী: Pritam Chakraborty; জন্ম: ১৪ জুন ১৯৭১) জনপ্ৰিয়ভাৱে প্ৰীতম নামেৰেও পৰিচিত৷ তেওঁ এজন ৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাৰতীয় সুৰকাৰ, বাদ্যযন্ত্ৰবাদক, সংগীত প্ৰযোজক আৰু গায়ক। পুণেস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা শব্দ অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰি টিভি ছিৰিয়েলৰ বাবে এড জিংগল সুৰকাৰ, শব্দ ডিজাইনাৰ আৰু থিম মিউজিক সুৰকাৰ হিচাপে কাম কৰে৷ পিছলৈ তেওঁ ২০০১ চনৰ হিন্দী ছবি তেৰে লিয়েত জীত গংগুলীৰ সৈতে সহ-সুৰকাৰ হিচাপে আত্মপ্ৰকাশ কৰে।
২০০৩ চনত মুক্তি পোৱা ষ্টাম্পড ছবিৰ জৰিয়তে একক সুৰকাৰ হিচাপে তেওঁ অভিষেক ঘটায়। কিন্তু ধূম (২০০৪)ৰ চাউণ্ডট্ৰেকটোৱেই (বিশেষকৈ শীৰ্ষ সংগীত) যিয়ে তেওঁক উদ্যোগটোত প্ৰথমবাৰৰ বাবে গুৰুত্বপূৰ্ণ পৰিচিতি দিছিল আৰু তেওঁক বছৰৰ শ্ৰেষ্ঠ ট্ৰেকৰ বাবে জি চিনে বঁটা দিয়াত সহায় কৰিছিল।
দুটা দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ ১২৫খনতকৈও অধিক বলীউড ছবিৰ সংগীত ৰচনা কৰিছে আৰু ২০২২ চনত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ৯টা ফিল্মফেয়াৰ বঁটাকে ধৰি বহুতো বঁটা লাভ কৰিছে।[3] তেওঁ প্ৰথমতে কেৱল চাউণ্ডট্ৰেকত কাম কৰিছিল আৰু বিশেষ ফিল্মছ আৰু যশ ৰাজ ফিল্মছ, ৰোমাণ্টিক ড্ৰামা বৰ্ফিৰ সৈতে একাধিক আৰম্ভণিৰ সহযোগিতা কৰিছিল৷ অনুৰাগ বসুৰ সৈতে তেওঁৰ প্ৰথমটো কাম আছিল বেকগ্ৰাউণ্ড স্কোৰ সুৰকাৰ হিচাপে, আৰু পিছলৈ তেওঁ ধৰ্ম প্ৰডাকচন, টি-ছিৰিজ ফিল্মছ আৰু নাদিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্টৰ সহযোগত নিজৰ সৃষ্টিৰাজি বৈচিত্ৰ্যময় কৰিছিল।
প্ৰীতমে ২০১৬ চনত JAM8 প্ৰতিষ্ঠা কৰিছিল, যিটো এ এণ্ড আৰ মিউজিক প্ৰডাকচন প্লেটফৰ্ম। মুম্বাইত অৱস্থিত JAM8 ষ্টুডিঅ’ ভাৰতৰ অন্যতম উন্নত সংগীত নিৰ্মাণৰ সুবিধা আৰু ষ্টুডিঅ’। JAM8-এ ইয়াৰ অন্তৰ্ৱতী সুৰকাৰৰ সৈতে বিভিন্ন ছবিত সংগীতৰ যোগান ধৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]অনুৰাধা চক্ৰৱৰ্তী আৰু প্ৰবোধ চক্ৰৱৰ্তীৰ ঘৰত, এটি বঙালী পৰিয়ালত প্ৰীতমৰ জন্ম হৈছিল। আগতে সংগীত বিদ্যালয় চলাই থকা পিতৃৰ পৰা তেওঁ সংগীতৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ লাভ কৰিছিল আৰু স্কুলত থাকোঁতে গীটাৰ বজাবলৈ শিকিছিল।
ছেইণ্ট জেমছ স্কুললৈ গৈ প্ৰেচিডেন্সি কলেজৰ পৰা ভূতত্ত্বত স্নাতক ডিগ্ৰী লাভ কৰিছে। প্ৰীতম প্ৰেচিডেন্সীত পঢ়ি থকাৰ সময়ত নিৰপেক্ষ ৰাজনৈতিক মঞ্চ Independents' Consolidation-ৰ সৈতে জড়িত আছিল।[4] ১৯৯৪ চনত প্ৰীতমে পুনেৰ এফ টি আই আইত যোগদান কৰে আৰু তাৰ পৰাই তেওঁ চাউণ্ড ৰেকৰ্ডিং এণ্ড ইঞ্জিনিয়াৰিঙত শিক্ষা লয়৷
প্ৰীতমে তেওঁৰ প্ৰেচিডেন্সিৰ সতীৰ্থসকলৰ সৈতে "জোতুগ্ৰীহেৰ পাখি" নামৰ এটা বেণ্ড গঠন কৰে, যাৰ বাবে তেওঁ গীটাৰ বজায়।[5] সেই সময়তে তেওঁলোকে এটা কেছেট মুকলি কৰিছিল। প্ৰীতমে চন্দ্ৰবিন্দু নামৰ বাংলা বেণ্ড এটাত যোগদান কৰে। পিছলৈ প্ৰীতমে জেমছ, সুহাইল, সোহাম, আৰু এৰিক পিল্লাইৰ সৈতে লাইফ ইন এ... মেট্ৰ' নামৰ ছবিখনৰ সময়ত মেট্ৰ' বেণ্ডটো আৰম্ভ কৰে।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Pritam Chakraborty Turns 45 Today! Here's A Few Songs! – SirG.co". 14 June 2016. Archived from the original on 9 October 2016. https://web.archive.org/web/20161009125756/https://www.sirg.co/entertainment/pritam-chakraborty-45-today/। আহৰণ কৰা হৈছে: 6 October 2016.
- ↑ "Pritam Chakraborty Biography". cinemagigs. Archived from the original on 1 January 2016. https://web.archive.org/web/20160101203509/http://www.cinemagigs.com/2013/09/pritam-chakraborty-movie-list-biography.html। আহৰণ কৰা হৈছে: 19 November 2015.
- ↑ "70th National Film Awards: Rishab Shetty wins Best Actor for 'Kantara,' 'Aattam' bags Best Feature Film" (en-IN ভাষাত). The Hindu. 16 August 2024. https://www.thehindu.com/entertainment/movies/70th-national-film-awards-full-list-of-winners/article68531760.ece.
- ↑ "Pritam's breaking news". www.telegraphindia.com. https://www.telegraphindia.com/entertainment/celebrity-circus-pritams-breaking-news/cid/1813569। আহৰণ কৰা হৈছে: 25 October 2022.
- ↑ "The other Bong connection". The Telegraph. 20 March 2006. http://www.telegraphindia.com/1060320/asp/calcutta/story_5989775.asp.
- ↑ "Music of Metro". LiveMint. 29 March 2007. https://www.livemint.com/Consumer/qWKCGaY7Lai3WyLGuNFqOK/Music-of-Life-in-a-Metro-launched.html.