সমললৈ যাওক

প্ৰীতি গাংগুলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰীতি গাংগুলী
জন্ম ১৭ মে', ১৯৫৩
বম্বে, বম্বে ৰাজ্য, ভাৰত
মৃত্যু ০২ ডিচেম্বৰ, ২০১২ (৫৯ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম পালু
পেচা অভিনেত্ৰী
জনা যায় হিন্দী চিনেমাত কমিক ভূমিকা
পিতৃ-মাতৃ অশোক কুমাৰ
শোভা দেৱী
আত্মীয়-স্বজন গাংগুলী পৰিয়াল চাওক।

প্ৰীতি গাংগুলী (ইংৰাজী: : Preeti Ganguly ১৭ মে’ ১৯৫৩ – ২ ডিচেম্বৰ ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যিয়ে ১৯৭০ আৰু ১৯৮০ চনৰ দশকত বলীউডত বহুকেইটা কৌতুকমূলক চৰিত্ৰ অভিনয় কৰিছিল। তেওঁ প্ৰখ্যাত অভিনেতা অশোক কুমাৰৰ জীয়াৰী আৰু গাংগুলী পৰিয়ালৰ সদস্য আছিল।[1][2] তেওঁ বাসু চট্টোপাধ্যায়ৰ "খট্টা মিঠা" (১৯৭৮) ছবিখনত ফ্ৰেনি চেথ্না নামৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰত তেওঁ অমিতাভ বচ্চনৰ এগৰাকী অগ্নিমৰ্মী(ডাই-হাৰ্ড) অনুৰাগী ৰূপে অভিনয় কৰি ব্যাপক প্ৰশংসা বুতলিবলৈ সক্ষম হৈছিল।[3]

শৰীৰৰ প্ৰায় ৫০ কিলোগ্ৰাম ওজন হ্ৰাস কৰাৰ পিছত তেওঁৰ চলচ্চিত্ৰৰ প্ৰতি প্ৰয়োজনীয়তা কমি আহবলৈ ধৰে। তাৰপাছত, ১৯৯৩ চনত, তেওঁ মুম্বাইত তেওঁৰ পিতৃৰ নামেৰে ‘অশোক কুমাৰৰ নাটকীয় কলা একাডেমী’, ("Ashok Kumar's Academy of Dramatic Arts") নামেৰ এটা অভিনয় বিদ্যালয় স্থাপন কৰে, য'ত তেওঁ চলচ্চিত্ৰ প্ৰশংসা কৰা ক্লাছও লৈছিল।

বহু বছৰ পাছত, তেওঁ ইম্ৰান হাশমি অভিনীত "আশিক বনায়া আপনে" (২০০৫) ছবিখনত উপস্থিত হৈছিল।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

প্ৰীতি গাংগুলী গাংগুলী পৰিয়ালৰ অংশ আছিল, যি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত এক সুপ্ৰসিদ্ধ পৰিয়াল হিচাপে পৰিচিত। তেওঁৰ দেউতাক আছিল অশোক কুমাৰ, যিয়ে বলীউডৰ অন্যতম প্ৰতিথযশা অভিনেতা হিচাপে খ্যাতি লাভ কৰিছিল। তেওঁৰ ককায়েক আছিল কিশোৰ কুমাৰ, যি এজন কিংবদন্তী গায়ক, অভিনেতা, সংগীত পৰিচালক আৰু প্ৰযোজক আছিল। আন জন ককায়েক অনুপ কুমাৰ, জনপ্ৰিয় অভিনেতা আছিল। তেওঁৰ ভগ্নী সতি দেৱী, মুখাৰ্জী-সমৰ্থ পৰিয়ালৰ সদস্য ষষধৰ মুখাৰ্জীক বিবাহ কৰিছিল। ষষধৰ মুখাৰ্জী সুবোধ মুখাৰ্জীৰ ভাতৃ আছিল, যিজন বলীউডত প্ৰভাবশালী প্ৰযোজক হিচাপে পৰিচিত। পৰিয়াল সংযোগ হিচাবে তেওঁৰ ভগ্নী ৰূপা গাংগুলী, জনপ্ৰিয় অভিনেতা দেৱেন বর্মাক বিবাহ কৰিছিল।[5] তেওঁৰ ভাতৃ অৰূপ কুমাৰে কেৱল ১৯৬২ চনৰ "বেজুবান" চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু তাৰ পিছত চলচ্চিত্ৰ উদ্যোগৰ পৰা আঁতৰি যায়।

প্ৰীতি গাংগুলীৰ জীৱনৰ অন্তিম দিনসমূহ শান্তিপূৰ্ণভাৱে কটিছিল, যোৱা কিছু বছৰ তেওঁ অভিনয়ৰ পৰা আঁতৰি আছিল আৰু মুম্বাইত তেওঁৰ অভিনয় বিদ্যালয় "Ashok Kumar’s Academy of Dramatic Arts" পৰিচালনা কৰিছিল। তেওঁ ২০১২ চনৰ ২ ডিচেম্বৰ, মুম্বাইত হৃদৰোগে আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যুত বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছিল।[6]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]