সমললৈ যাওক

প্ৰীতি পাটকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰীতি পাটকাৰ

প্ৰীতি পাটকাৰ
জন্ম মুম্বাই
অন্য নাম প্ৰীতি তাই, প্ৰীতি পাটকাৰ
শিক্ষানুষ্ঠান টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্সেছ, নিৰ্মলা নিকেতন কলেজ অৱ ছ’চিয়েল ৱৰ্ক
জনা যায় মুম্বাইৰ ৰেড লাইট জিলাৰ মহিলা আৰু শিশুৰ সৈতে তেওঁৰ কাম কৰে‍। ৰেড লাইট জিলাত কাম কৰা মহিলাৰ শিশুৰ বাবে বিশ্বৰ প্ৰথমটো নাইট কেয়াৰ চেণ্টাৰৰ ধাৰণা আৰু প্ৰতিষ্ঠা।

প্ৰীতি পাটকাৰ (ইংৰাজী: Priti Patkar) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ ভাৰতৰ মুম্বাইৰ ৰেড লাইট জিলাৰ ভিতৰৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ট্ৰেইলব্লেজাৰ হিচাপে কাম কৰা সংস্থা প্ৰেৰণাৰ সহ-প্ৰতিষ্ঠাপক আৰু পৰিচালকৰ পদত অধিষ্ঠিত। প্ৰীতি পাটকাৰৰ প্ৰচেষ্টাত প্ৰাথমিকভাৱে বাণিজ্যিক যৌন শোষণ আৰু সৰবৰাহৰ বলি হোৱাৰ বিপদাশংকা থকা শিশুসকলৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

প্ৰীতি পাটকাৰৰ জন্ম হৈছিল মুম্বাইত। তেওঁৰ দেউতাক চৰকাৰী চাকৰিয়াল আৰু মাকে ডে-কেয়াৰ কাৰ্যসূচী চলাইছিল।[1] তেওঁ মুম্বাইৰ দ্য টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্সেছৰ পৰা স্বৰ্ণ পদক বিজয়ী হিচাপে তেওঁ সামাজিক কামত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2] তেওঁ সমাজকৰ্মী প্ৰবীণ পাটকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[3]

সক্ৰিয়তা

[সম্পাদনা কৰক]

প্ৰীতি পাটকাৰে ৩০ বছৰতকৈও অধিক সময় ধৰি মানৱ সৰবৰাহ আৰু ব্যৱসায়িক যৌন শোষণৰ বলি হোৱা শিশু আৰু মহিলাসকলৰ সুৰক্ষা আৰু উদ্ধাৰৰ বাবে কাম কৰি আহিছে।[4] ১৯৮৬ চনত তেওঁ কামতিপুৰা ৰেড লাইট এৰিয়ালৈ মাষ্টাৰছ ইন ছ’চিয়েল ৱৰ্কৰ বাবে গৱেষণামূলক ভ্ৰমণৰ পিছত প্ৰেৰণা লাভ কৰে – য’ত তেওঁ একেটা ৰাস্তাতে তিনিটা প্ৰজন্মৰ মহিলাক গ্ৰাহক বিচৰা দেখা পাইছিল।[5]

মানৱ সৰবৰাহ আৰু বাণিজ্যিক যৌন শোষণৰ বলি হোৱা শিশু আৰু মহিলাসকলৰ সুৰক্ষা আৰু মৰ্যাদাৰ বাবে কেইবাটাও পথভংগকাৰী সামাজিক হস্তক্ষেপৰ সৈতে তেওঁ স্বীকৃতি লাভ কৰিছে।[6]

শিশুৰ যৌন শোষণ আৰু সৰবৰাহৰ বলি হোৱা শিশু আৰু মহিলাৰ অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে ভাৰতত সৰ্বাধিক সংখ্যক আইনী হস্তক্ষেপ আৰু ৰিট আৱে‍দনৰ কৃতিত্ব পাটকাৰৰ হাতত আছে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Priti Patkar Profile". Archived from the original on 12 May 2014. https://web.archive.org/web/20140512220203/http://philanthropyforum.org/members/priti-patkar/। আহৰণ কৰা হৈছে: 9 May 2014. 
  2. "Unsung heroes". Archived from the original on 13 May 2014. https://web.archive.org/web/20140513060515/http://www.infolona.com/news/unsung_heroes/find। আহৰণ কৰা হৈছে: 9 May 2014. 
  3. "Priti & Pravin Patkar". Archived from the original on 12 May 2014. https://web.archive.org/web/20140512221747/http://www.gitamritam.com/2012/patkar/। আহৰণ কৰা হৈছে: 9 May 2014. 
  4. "Saving children" (en ভাষাত). www.theweekendleader.com. Archived from the original on 15 February 2018. https://web.archive.org/web/20180215204016/http://www.theweekendleader.com/Heroism/2058/saving-children.html। আহৰণ কৰা হৈছে: 2018-02-19. 
  5. Mumbai, Arunima Rajan in (2014-11-26). "How Prerana's Priti Patkar has changed the lives of sex workers' children" (en ভাষাত). the Guardian. Archived from the original on 20 February 2018. https://web.archive.org/web/20180220033107/https://www.theguardian.com/cities/2014/nov/26/how-priti-patkar-and-prerana-changed-the-lives-of-children-of-sex-workers। আহৰণ কৰা হৈছে: 2018-02-19. 
  6. "Woman of substance". Archived from the original on 3 March 2016. https://web.archive.org/web/20160303215347/http://www.mumbaimirror.com/mumbai/others/Women-of-substance/articleshow/16109415.cms। আহৰণ কৰা হৈছে: 9 May 2014. 
  7. "Woman of Might". Archived from the original on 3 May 2014. https://web.archive.org/web/20140503153855/http://powai.info/2011/03/22/priti-patkar-of-powai-chief-of-ngo-prerana-is-a-woman-of-might/। আহৰণ কৰা হৈছে: 9 May 2014.