সমললৈ যাওক

প্ৰীতি সপ্ৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰীতি সপ্ৰু

প্ৰীতি সপ্ৰু
জন্ম মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
অন্য নাম প্ৰীতি সপ্ৰু আহ্লোৱালিয়া
পেচা অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা
দাম্পত্যসঙ্গী Upvan Ahluwalia
সন্তান
আত্মীয়-স্বজন ৰীমা ৰাকেশ নাথ (ভগ্নী)
তেজ সপ্ৰু (ভাতৃ)


প্ৰীতি সপ্ৰু (ইংৰাজী: Priti Sapru) পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।[1] অভিনেতা বীৰেন্দ্ৰ, গুৰদাস মান আৰু ৰাজ বাব্বৰৰ সৈতে নিম্মো, কুৰবানী জাট দি আদি কেইবাখনো ছবিত তেওঁ অভিনয় কৰিছিল।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৫৭ চনৰ ২৪ ডিচেম্বৰত ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বেৰ এটা কাশ্মীৰী পৰিয়ালত প্ৰীতি সপ্ৰুৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ডি. কে. সপ্ৰু এজন প্ৰবীণ অভিনেতা আৰু ভাতৃ তেজ সপ্ৰুও এজন অভিনেতা। সপ্ৰুৰ পৰিয়ালটো আগতে বম্বেৰ জুহু সাগৰতীৰৰ সমীপৰ জুহু তাৰাৰ এটা ডাঙৰ বাংলোত বাস কৰিছিল। তেওঁৰ মাতৃৰ নাম হেমৱতী সপ্ৰু। অভিনেতা তেজ সপ্ৰু তেওঁৰ ভাতৃ, আৰু চিত্ৰনাট্যকাৰ ৰীমা ৰাকেশ নাথ তেওঁৰ ভগ্নী। তেওঁৰ ককাক ডোগ্ৰা ৰাজ্যৰ ‘কোষাধ্যক্ষ’ৰ পদত অধিষ্ঠিত আছিল। তেওঁ বম্বেৰ জুহুৰ ছেইণ্ট জোচেফ হাইস্কুলত নৱম মানলৈকে অধ্যয়ন কৰিছিল আৰু ১৩ বছৰ বয়সৰ পৰাই অভিনয় আৰম্ভ কৰিছিল।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৭৯ চনত সবৰী ছবিৰ জৰিয়তে প্ৰীতিয়ে অভিনয় জীৱন আৰম্ভ কৰিছিল, তাৰ পিছত লাৱাৰিছ (১৯৮১) আৰু অৱতাৰ (১৯৮৩) ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল। ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি ১৯৯২ চনত মুক্তি প্ৰাপ্ত চলচ্চিত্ৰ হীৰ ৰাঞ্জাতো তেওঁ অভিনয় কৰিছিল৷[4][5]

জম্মু আৰু কাশ্মীৰৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহায্য সংগ্ৰহ কৰা কাৰ্যত সপ্ৰু সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছিল। বালভৱন, কেথেৰিন হোম, প্ৰেমনিধি আদি এন জি অ’ৰ বাবে তেওঁ অনুদান আগবঢ়াইছে।

গুজৰাটবিজেপি প্ৰাৰ্থী হোৱাৰ পৰাই নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি অহা সপ্ৰুৱে পঞ্জাৱত অৰুণ জেটলী আৰু বিজয় চাম্পলাৰ সৈতে প্ৰচাৰ কাৰ্য চলাই আহিছে। সামাজিক কাম-কাজত সপ্ৰুৱে জেটলীৰ লগত থাকে যদিও সংগীতা অৰুণ জেটলীৰো ঘনিষ্ঠ সহযোগী হিচাপে গণ্য কৰা হয়। ৰাজনাথ সিঙে সপ্ৰুক বিজেপিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল, আৰু ২০১৪ চনৰ ২৩ ফেব্ৰুৱাৰীত পঞ্জাবত অনুষ্ঠিত হোৱা ফাতেহ ৰেলীৰ সময়ত তেওঁ আনুষ্ঠানিকভাৱে দলত যোগদান কৰিছিল। সপ্ৰুৱে পঞ্জাবত ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

২০১৮ চনত তেওঁ জম্মু আৰু কাশ্মীৰৰ শিখসকলক সংখ্যালঘুৰ মৰ্যাদা প্ৰদানৰ দাবীত সমৰ্থন কৰিছিল।[6]

  • পঞ্জাৱ ৰাজ্যিক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা
  • "মহিলা শিৰোমণি ১৯৯৮" - পঞ্জাবী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে
  • "পঞ্জাবী চলচ্চিত্ৰ ইতিহাসৰ প্ৰথম মহিলা পৰিচালক" - ফাৰ্ষ্ট লেডী বিমলা শৰ্মাৰ পৰা
  • "পঞ্জাবী ৰত্ন" ২০০২ - প্ৰেছ ক্লাব, ড° মনমোহন সিং (প্ৰাক্তন প্ৰধানমন্ত্ৰী), মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল, আৰু ক্ৰীড়া ব্যক্তি মিলখা সিঙ।
  • "পাঞ্জাৱ শিৰোমণি" - পটিয়ালা বিশ্ববিদ্যালয়ৰ পৰা
  • "হামদৰ্দ বঁটা" - অজিত দৈনিকৰ পৰা
  • পঞ্জাবী কিংবদন্তি বঁটা - ২০১৩ চনৰ নৱেম্বৰ মাহত ভাৰতীয় চিনেমাৰ ১০০ বছৰীয়া জয়ন্তী উদযাপন উপলক্ষত চেন্নাইৰ প্ৰণৱ মুখাৰ্জীৰ পৰা পাঞ্জাবী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Preeti Sapru honoured by President" (en ভাষাত). The Indian Express. 2013-09-25. https://indianexpress.com/article/entertainment/bollywood/preeti-sapru-honoured-by-president/। আহৰণ কৰা হৈছে: 2024-04-16. 
  2. "Imtiaz Ali, Saurabh Shukla, Preeti Sapru, KC Bokadia in Chandigarh for film fest". The Times of India. 2022-04-21. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/events/chandigarh/imtiaz-ali-saurabh-shukla-preeti-sapru-kc-bokadia-in-chandigarh-for-film-fest/articleshow/90987411.cms. 
  3. "Preeti Sapru". IMDb. 14 November 2023. https://www.imdb.com/name/nm0764667/bio/?ref_=nm_ov_bio_sm. 
  4. Mudgal, Shubha (6 April 2013). "More power to Heer". mint. Archived from the original on 22 February 2025. https://web.archive.org/web/20250222160310/https://www.livemint.com/Leisure/nWcN5ISlrVgfQJvjrENHbM/More-power-to-Heer.html। আহৰণ কৰা হৈছে: 24 February 2025. 
  5. Sarkar, Suparno (28 February 2018). "Sridevi funeral: Shocking similarities emerge between Hawa Hawai actress and murdered Priya Rajvansh". ibtimes.co.in. https://www.ibtimes.co.in/sridevi-funeral-shocking-similarities-emerge-between-hawa-hawai-actress-murdered-priya-rajvansh-762201. 
  6. Singh, Amarpal (19 April 2018). "Punjabi actress pushes for minority status for Sikhs in J&K" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/punjab/punjabi-actress-pushes-for-minority-status-for-sikhs-in-j-k/story-dfu6i5mEsKoyQWixs0b3gO.html। আহৰণ কৰা হৈছে: 14 December 2018.