প্ৰীথা ৰেড্ডী
| প্ৰীথা ৰেড্ডী | |
|---|---|
ভাৰত ২০১২ৰ ওপৰত বিশ্ব অৰ্থনৈতিক মঞ্চত প্ৰীতা ৰেড্ডী | |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | ষ্টেলা মাৰিছ কলেজ, চেন্নাই, মাদ্ৰাজ বিশ্ববিদ্যালয়। |
| পেচা | উপাধ্যক্ষ, এপ'ল' হাস্পতাল |
| আত্মীয়-স্বজন |
|
প্ৰীথা ৰেড্ডী ইংৰাজী: : Preetha Reddy ;ভাৰতৰ অন্যতম বৃহৎ স্বাস্থ্যসেৱা সংঘবদ্ধ সংস্থা এপ’ল’ হস্পিতালছৰ উপ-অধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। ২০১২ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ মেডট্ৰনিক নামৰ এখন চিকিৎসা-প্ৰযুক্তি প্ৰতিষ্ঠানৰ স্বতন্ত্ৰ সঞ্চালিকা হিচাপে ব’ৰ্ডলৈ নিৰ্বাচিত হয়।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ৰেড্ডী ডাঙৰ হোৱাৰ পাছত প্ৰায়েই দেউতাকৰ চিকিৎসালয়লৈ গৈ তেওঁৰ কাম-কাজ বোৰ নিৰীক্ষণ কৰিছিল।[1] চিকিৎসালয়ৰ পৰিবেশ, ৰোগীসকলৰ চিকিৎসা আৰু পৰিচৰ্যাৰ প্ৰক্ৰিয়াই তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। তেওঁ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়নশাস্ত্ৰত স্নাতক ডিগ্ৰী আৰু আনন্দমলাই বিশ্ববিদ্যালয়ৰ পৰা লোকপ্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2][3]শিক্ষা জীৱনৰ মাজতেই তেওঁ বিবাহ পাশত আৱদ্ধ হয়। বিবাহৰ পিছত, তেওঁৰ দেউতাকে তেওঁক এপোলো হাস্পতালত যোগদান কৰিবলৈ আহ্বান জনায়,[4] বিশেষকৈ তাৰ পাছতে যেতিয়া তেওঁৰ ভনীয়েক শোভনা হায়দৰাবাদলৈ স্থানান্তৰিত হয়। পিতৃৰ পথ অনুসৰণ কৰি, তেওঁ স্বাস্থ্যসেৱা ক্ষেত্ৰত আগবাঢ়িবলৈ সিদ্ধান্ত লয়।
তেওঁৰ তিনিগৰাকী ভগ্নী আছে, তেওঁলোক যথাক্ৰমে সুনীতা ৰেড্ডী, সংগীতা ৰেড্ডী, আৰু শ্বোবানা কামিনেনী, এওঁলোক সকলোৱে এপ’ল’ হাস্পতালত সঞ্চালক হিচাপে কাম কৰি আছে। তেওঁলোকৰ পিতৃ প্ৰথাপে ১৯৮৩ চনত এপ'ল'হস্পিতালছ প্ৰতিষ্ঠা কৰে আৰু এতিয়াও পৰিয়ালটোৰ মালিকানাধীন কোম্পানীটোৰ ৩৪ শতাংশ। [5][6]
কৰ্ম জীৱন
[সম্পাদনা কৰক]১৯৮৯ চনত ৰেডীয়ে এপ’ল’ হাস্পতালত যৌথ পৰিচালন সঞ্চালক হিচাপে যোগদান কৰে, তাৰ পিছত পৰিচালন সঞ্চালক পদলৈ পদোন্নতি লাভ কৰে। তেওঁৰ নিৰ্দেশনাত চিকিৎসালয়খনে বিচনাৰ সংখ্যা বৃদ্ধি কৰিছিল আৰু এপ'ল' চিকিৎসালয়ক ইয়াৰ গুণগত প্ৰমাণপত্ৰ লাভ কৰাত সহায় কৰিছিল।[1]
২০১২ চনত ৰেড্ডী চিকিৎসা প্ৰযুক্তি কোম্পানী মেডট্ৰনিকৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে ব'ৰ্ডলৈ নিৰ্বাচিত হয়।[7] দুবছৰৰ পিছত ৰেড্ডীয়ে পিতৃৰ পিছত এপ'ল' হাস্পতালৰ কাৰ্যবাহী উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।[8]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "The daughter who could take over the reins at Apollo". Business Standard. 14 July 2014. https://www.business-standard.com/article/companies/the-daughter-who-could-take-over-the-reins-at-apollo-114071401141_1.html। আহৰণ কৰা হৈছে: 17 November 2019.
- ↑ "Preetha Reddy: Healing touch". Business Standard. 20 July 2013. https://www.business-standard.com/article/specials/preetha-reddy-healing-touch-111012400130_1.html। আহৰণ কৰা হৈছে: 17 November 2019. "e chemistry graduate from the University of Madras who also has a post graduate degree in Public Administration got down to business"
- ↑ "Preetha Reddy to take the reins at Apollo". The Economic Times. 8 July 2009. https://economictimes.indiatimes.com/industry/healthcare/biotech/healthcare/preetha-reddy-to-take-the-reins-at-apollo/articleshow/4629259.cms?from=mdr। আহৰণ কৰা হৈছে: 17 November 2019.
- ↑ Varadarajan, Nitya (12 July 2009). "Preetha Reddy: Healthcare queen". businesstoday.in. https://www.businesstoday.in/magazine/features/preetha-reddy-healthcare-queen/story/4347.html। আহৰণ কৰা হৈছে: 17 November 2019.
- ↑ Gupta, Anish (5 November 2012). "How Preetha does it". fortuneindia.com. https://www.fortuneindia.com/people/how-preetha-does-it/100764। আহৰণ কৰা হৈছে: 17 November 2019.
- ↑ "Apollo Hospitals, a $2 billion health empire run by four sisters, makes a comeback". livemint.com. 21 November 2018. https://www.livemint.com/Companies/TVKn84bevLrCNfGD7cK3gO/Apollo-Hospitals-A-2-billion-health-empire-run-by-four-sis.html। আহৰণ কৰা হৈছে: 17 November 2019.
- ↑ "Medtronic turns eye to India with new board member and $6 million grant". 24 September 2012. https://medcitynews.com/2012/09/medtronic-turns-its-eyes-to-india-with-new-board-member-and-6-million-grant/। আহৰণ কৰা হৈছে: 17 November 2019.
- ↑ "Apollo Hospitals shuffles top management among Reddy sisters". vccircle.com. 2 July 2014. https://www.vccircle.com/apollo-hospitals-shuffles-top-management-among-reddy-sisters/। আহৰণ কৰা হৈছে: 17 November 2019.
- ↑ "ET Awards' Businesswoman of The Year: Preetha and Suneeta Reddy make their mark fair & square". The Economic Times. https://economictimes.indiatimes.com/news/company/corporate-trends/preetha-reddy-and-suneeta-reddy-sisters-reddy-make-their-mark-fair-square/articleshow/80741789.cms.
- ↑ "Suresh Vazirani Wins Iconic Personality of the Year Award - Times of India" (en ভাষাত). The Times of India. March 11, 2020. https://timesofindia.indiatimes.com/suresh-vazirani-wins-iconic-personality-of-the-year-award/articleshow/74570654.cms। আহৰণ কৰা হৈছে: 2021-12-02.