সমললৈ যাওক

প্ৰেমানা প্ৰেমাদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰেমানা প্ৰেমাদী

২০১৯ চনত প্ৰেমাদী
জন্ম ১৩ জুলাই, ১৯৬৪ (৬২ বছৰ)
সুৰাবায়া, পূব জাভা, ইণ্ডোনেছিয়া
ক্ষেত্ৰ জ্যোতিৰ্বিজ্ঞান, জ্যোতিৰ্পদাৰ্থ বিজ্ঞান
কৰ্মস্থান বান্দুং ইনষ্টিটিউট অৱ টেকন'লজী
বচা মানমন্দিৰ
শিক্ষানুষ্ঠান বান্দুং ইনষ্টিটিউট অৱ টেকন'লজী
টেক্সাছ বিশ্ববিদ্যালয়, অষ্টিন
ডক্তৰেল পৰামৰ্শদাতা ৰিচাৰ্ড মাটজনৰ

প্ৰেমানা ৱাৰ্দয়ন্তী প্ৰেমাদী (ইংৰাজী: Premana Wardayanti Premadi; জন্ম ১৩ জুলাই ১৯৬৪) এগৰাকী ইণ্ডোনেছিয়ান জ্যোতিৰ্বিজ্ঞানী। তেওঁ বান্দুং ইনষ্টিটিউট অৱ টেকন'লজীৰ এগৰাকী অধ্যাপক। তেওঁ ২০১৮ চনৰ পৰা বচা মানমন্দিৰৰ (Bosscha Observatory) মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৬৪ চনৰ ১৩ জুলাইত পূব জাভাৰ সুৰাবায়াত প্ৰেমাদীৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃ প্ৰেমাদী এজন শল্য চিকিৎসক আৰু মাতৃ সোৱাৰ্নি প্ৰেমাদী এগৰাকী নাৰ্ছ আছিল।[2] তেওঁ ১৯৮৮ চনত বান্দুং ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা জ্যোতিৰ্বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ১৯৯৬ চনত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ জ্যোতিৰ্পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ইণ্ডোনেছিয়ান মহিলা।

কৰ্মজীৱন

[সম্পাদনা কৰক]

টেক্সাছত ডক্টৰেট সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ইণ্ডোনেছিয়ালৈ উভতি আহে আৰু বান্দুং ইনষ্টিটিউট অৱ টেকন'লজীত জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপনা আৰম্ভ কৰে। ২০১৮ চনত তেওঁ পশ্চিম জাভাৰ লেম্বাঙত অৱস্থিত বচা মানমন্দিৰৰ মুৰব্বী হয়। তেওঁৰ নেতৃত্বত মানমন্দিৰটোৱে সৌৰ পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰিও তেওঁ তিমুৰত টিমাউ মানমন্দিৰ নিৰ্মাণৰ কামৰ সৈতেও জড়িত হৈ আছে। তেওঁ ২০০৭ চনত 'ইউনিভাৰ্ছ এৱেৰনেছ'ৰ ইণ্ডোনেছিয়ান শাখা গঠন কৰি কণ কণ শিশুসকলক জ্যোতিৰ্বিজ্ঞানৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা লৈ আহিছে।[3]

২০০১ চনৰ পৰা ২০১০ চনলৈকে তেওঁ ইণ্ডোনেছিয়ান জ্যোতিৰ্বিজ্ঞান সংস্থাৰ অধ্যক্ষ আছিল। ২০২৩ চনৰ আগষ্ট মাহত তেওঁ বান্দুং ইনষ্টিটিউট অৱ টেকন'লজীত বিশ্বব্ৰহ্মাণ্ডৰ গাঁথনি বিৱৰ্তন বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

প্ৰেমাদী বান্দুং ইনষ্টিটিউট অৱ টেকন'লজীৰ গণিতৰ প্ৰবক্তা য়ুদী সুহাৰ্যদীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০১০ চনত তেওঁৰ দেহত 'এ এল এছ' (ALS) ৰোগ ধৰা পৰে। ইয়াৰ পিছত তেওঁ ইণ্ডোনেছিয়ান এ এল এছ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে আৰু বৰ্তমান ইয়াৰ অধ্যক্ষ হিচাপে কাম কৰি আছে।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১৯৬০ চনত চি জে ভান হাউটেনে আৱিষ্কাৰ কৰা ১২৯৩৭ প্ৰেমাদী নামৰ গ্ৰহাণুটো ২০১৭ চনত তেওঁৰ সন্মানত নামকৰণ কৰা হয়।[4] গ্ৰহাণু এটা নিজৰ নামেৰে নামকৰণ কৰা তেওঁ ইণ্ডোনেছিয়াৰ প্ৰথমগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানী।[5] ২০২৩ চনত তেওঁক ৰয়েল এষ্ট্ৰ’নমিকেল ছচাইটিৰ সন্মানীয় ফেল’শ্বিপ প্ৰদান কৰা হয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Berkenalan dengan Sosok Perempuan Kepala Observatorium Boscha" (id ভাষাত). liputan6.com. 28 November 2019. https://www.liputan6.com/lifestyle/read/4121685/berkenalan-dengan-sosok-perempuan-kepala-observatorium-boscha?page=2.
  2. "Sains, Religi, dan Manusia di Mata Premana Wardayanti Premadi, Doktor Astrofisika Wanita Pertama Indonesia" (id ভাষাত). Femina (Indonesia). 17 June 2017. https://www.femina.co.id/profile/sains-religi-dan-manusia-di-mata-premana-wardayanti-premadi?p=4.
  3. Aisyah, Novia (16 January 2023). "Kepala Observatorium Bosscha Raih Penghargaan Bergengsi Bidang Astronomi" (id-ID ভাষাত). detikedu. Archived from the original on 22 October 2023. https://web.archive.org/web/20231022184031/https://www.detik.com/edu/edutainment/d-6518651/kepala-observatorium-bosscha-raih-penghargaan-bergengsi-bidang-astronomi.
  4. "12937 Premadi (3024 P-L)". JPL Small-Body Database. https://ssd.jpl.nasa.gov/tools/sbdb_lookup.html#/?sstr=12937&view=OPDA আহৰণ কৰা হৈছে: 19 October 2023.
  5. "Kisah Astronom Wanita Pertama RI yang Diabadikan di Asteroid" (id-ID ভাষাত). CNN Indonesia. 3 September 2021. https://www.cnnindonesia.com/teknologi/20210903185611-199-689528/kisah-astronom-wanita-pertama-ri-yang-diabadikan-di-asteroid.
  6. "Honorary Fellowship - Dr. Premana Premadi". Royal Astronomical Society. https://ras.ac.uk/sites/default/files/2023-01/Honorary%20Fellowship%20-%20Dr.%20Premana%20Premadi.pdf আহৰণ কৰা হৈছে: 19 October 2023.