প্ৰেম সিং তামাং
প্ৰেম সিং তামাং | |||||||||||||||||||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Tamang, প্ৰায় 2025 | |||||||||||||||||||||||||||||||||||||||||||||
| চিকিমৰ মুখ্যমন্ত্ৰী | |||||||||||||||||||||||||||||||||||||||||||||
পদাধিকাৰ | |||||||||||||||||||||||||||||||||||||||||||||
| কাৰ্যভাৰ গ্ৰহণ ২০১৯ চনৰ ২৭ মে' | |||||||||||||||||||||||||||||||||||||||||||||
| ৰাজ্যপাল | গংগা প্ৰসাদ লক্ষ্মণ আচাৰ্য্য ওম প্ৰকাশ মাথুৰ | ||||||||||||||||||||||||||||||||||||||||||||
| পূৰ্বসূৰী | পৱন কুমাৰ চামলিং | ||||||||||||||||||||||||||||||||||||||||||||
| Leader of the House in the Sikkim Legislative Assembly | |||||||||||||||||||||||||||||||||||||||||||||
পদাধিকাৰ | |||||||||||||||||||||||||||||||||||||||||||||
| কাৰ্যভাৰ গ্ৰহণ 27 May 2019 | |||||||||||||||||||||||||||||||||||||||||||||
| ৰাজ্যপাল | গংগা প্ৰসাদ লক্ষ্মন আচাৰ্য ওম প্ৰকাশ মাথুৰ | ||||||||||||||||||||||||||||||||||||||||||||
| Speaker | লাল বাহাদূৰ দাস অৰুণ কুমাৰ উপৰেতি মিংমা নৰ্বু শ্বেৰপা | ||||||||||||||||||||||||||||||||||||||||||||
| পূৰ্বসূৰী | পৱন কুমাৰ চামলিং | ||||||||||||||||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||||||||||||||||
| ব্যক্তিগত তথ্য | |||||||||||||||||||||||||||||||||||||||||||||
| জন্ম | ৫ ফেব্ৰুৱাৰী, ১৯৬৮ (৫৭ বছৰ) সোৰেং,চিকিম ৰাজ্য | ||||||||||||||||||||||||||||||||||||||||||||
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||||||||||||||||||||||||||||
| ৰাজনৈতিক দল | চিকিম ক্ৰান্তিকাৰী মৰ্চা | ||||||||||||||||||||||||||||||||||||||||||||
| আন ৰাজনৈতিক সম্পৰ্ক |
নেচনেল ডেম’ক্ৰেটিক এলায়েন্স ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট (২০১৩ লৈকে) | ||||||||||||||||||||||||||||||||||||||||||||
| দাম্পত্যসঙ্গী | কৃষ্ণা কুমাৰী ৰায় | ||||||||||||||||||||||||||||||||||||||||||||
| সন্তান | ২, আদিত্য তামাং (ৰাজনীতিবিদ) | ||||||||||||||||||||||||||||||||||||||||||||
| বাসস্থান | চিঙলিং, চিকিম, ভাৰত[1] | ||||||||||||||||||||||||||||||||||||||||||||
| শিক্ষা | দাৰ্জিলিং চৰকাৰী মহাবিদ্যালয়, (কলাৰ স্নাতক ১৯৮৮)[1] | ||||||||||||||||||||||||||||||||||||||||||||
| পেচা |
| ||||||||||||||||||||||||||||||||||||||||||||
| আন নাম | পি এচ গোলে | ||||||||||||||||||||||||||||||||||||||||||||
প্ৰেম সিং তামাং ইংৰাজী: Prem Singh Tamang (জন্ম ৫ ফেব্ৰুৱাৰী ১৯৬৮), পি.এছ.গোলে নামেৰে বেছি পৰিচিত।[2] প্ৰেম সিং তামাং এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন শিক্ষক আৰু তেখেতে ২০১৯ চনৰ ২৭ মে’ৰপৰা চিকিমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৯ চনৰপৰা তেওঁ চিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্থাপক আৰু নেতা হিচাপে আছিল। ২০১৯ চনৰপৰা চিকিম বিধানসভাত পকলোক-কামৰাং আৰু ২০০৯ চনৰপৰা ২০১৯ চনলৈ আপাৰ বুৰ্টুক, ১৯৯৪ চনৰপৰা ২০০৯ চনলৈ চাকুঙক প্ৰতিনিধিত্ব কৰিছিল। এছ কে এম দল গঠন কৰাৰ পূৰ্বে তেওঁ ছিকিম ডেম’ক্ৰেটিক দলৰ(SDF) বিশিষ্ট সদস্য আছিল।[3][4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৬৮ চনৰ ৫ ফেব্ৰুৱাৰীত নেপালী ভাষী কালু সিং তামাং আৰু ধন মায়া তামাঙৰ ঘৰত তামাঙৰ জন্ম হয়। [3] তেওঁৰ ঘৰ পশ্চিম চিকিমৰ চিংলিং বুষ্টিত। [5] ১৯৮৮ চনত তেওঁ দাৰ্জিলিং চৰকাৰী মহাবিদ্যালয়ৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[1] স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্ত হয়। প্ৰেম সিং তামাঙে কৃষ্ণা ৰায়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। [6] তেওঁলোকৰ এজন পুত্ৰ আছে। তেওঁৰ পুত্ৰ ৰাজনীতিবিদ আদিত্য তামাং। পুত্ৰ আদিত্যই ছ'ৰেং-চাকুঙৰ সমষ্টিৰপৰা চিকিম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। [7][8]২০২৪ চনত নেপালী ভাষাৰ দৈনিক 'হিমালয় দৰ্পণ'এ তামাঙক ২০২৪ চনৰ গোৰ্খা গৌৰৱ সন্মান প্ৰদান কৰে। [9]
ৰাজনৈতিক কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৯০ চনত চিকিম চৰকাৰৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ অধীনত স্নাতক শিক্ষক হিচাপে নিযুক্তি লাভ কৰি ১৯৯৩ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।
সামাজিক কাম-কাজ আৰু ৰাজনীতিৰ প্ৰতি থকা সক্ৰিয় আগ্ৰহৰ বাবে তেওঁ চৰকাৰী সেৱাৰপৰা পদত্যাগ কৰি এছডিএফৰ ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। পশ্চিম চিকিমৰ ছ’ৰেং-চাকুং সমষ্টিৰপৰা এছডিএফৰ প্ৰাৰ্থী হিচাপে ১৯৯৪ চনত চিকিম বিধানসভালৈ নিৰ্বাচিত হয়। এছডিএফ দলৰ সৈতে জড়িত হৈ থকাৰ সময়ত তেওঁ ৰাজ্যিক যুৱ আহ্বায়ক আৰু উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।
চিকিম চৰকাৰত কৰ্মজীৱন
[সম্পাদনা কৰক]চিকিম চৰকাৰত একেৰাহে তিনিটা কাৰ্যকাল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৪ চনৰপৰা ১৯৯৯ চনলৈকে পশুপালন, ধৰ্মীয় পৰিক্ৰমা আৰু উদ্যোগ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেখেতে ১৯৯৯ চনৰপৰা ২০০৪ চনলৈকে উদ্যোগ আৰু পশুপালন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪ চনৰপৰা ২০০৯ চনলৈকে নিৰ্মাণ আৰু গৃহ নিৰ্মাণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০০৯ চনত বুৰটুক সমষ্টিৰপৰা নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁ উদ্যোগ বিভাগৰ অধ্যক্ষ হিচাপে মনোনীত হয়। অৱশ্যে তেওঁ অধ্যক্ষৰ পদ গ্ৰহণ কৰা নাছিল। নিজাকৈ দল চিকিম ক্ৰান্তিকাৰী মৰ্চা প্ৰতিষ্ঠা কৰাৰ পাছত ২০১৪ চনত বুৰটুক সমষ্টিৰপৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।
চিকিম ক্ৰান্তিকাৰী মৰ্চা পাৰ্টি
[সম্পাদনা কৰক]২০০৯ চনৰ ২১ ডিচেম্বৰত চিকিমৰ কৰ্মচাৰীৰদ্বাৰা পৰিচালিত ৰোলু পিকনিক অনুষ্ঠানৰ পিছত গোলায়ে এছডিএফ দলৰ বিৰোধী বিধায়ক হৈ পৰে। শাসকীয় দলে ৰোলু পিকনিকত অংশগ্ৰহণ কৰা চৰকাৰী কৰ্মীসকলক কাৰণ দেখুৱাই জাননী আহ্বান কৰে।
এই ঘটনাৰ পিছত গোলেই ২০১৩ চনৰ ৪ ফেব্ৰুৱাৰীত পশ্চিম ছিকিমৰ ছ’ৰেঙত এছডিএফৰ বিৰোধিতা কৰা ছিকিম ক্ৰান্তিকাৰী মৰ্চা প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়। ২০১৩ চনৰ ৬ ছেপ্টেম্বৰত তেওঁ আনুষ্ঠানিকভাৱে এছডিএফ দলৰ সকলো কৰ্তব্যৰপৰা পদত্যাগ কৰি এছ কে এম দলৰ সভাপতি হয়। ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত গোলায়ৰ নেতৃত্বত চিকিম ৰাজ্যিক বিধানসভাৰ বত্ৰিছখন আসনৰ ভিতৰত দহখন আসন লাভ কৰিছিল দলটোৱে। মুঠতে ২০১৪ চনৰ নিৰ্বাচনত চিকিমত মুঠ ভোটৰ ৪২% গোলাইৰ দলে অংশগ্ৰহণ কৰিছিল।
২০১৭ চনৰ ১৩ জানুৱাৰীত ১৯৯৪ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত এছডিএফৰ সৈতে থকাৰ সময়ত চৰকাৰী ধনৰ অপব্যৱহাৰৰ বাবে ২০১৬ চনৰ ২৮ ডিচেম্বৰত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁক চিকিম বিধানসভাৰপৰা অযোগ্য ঘোষণা কৰা হয়।[10] ২০১৭ চনত চিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি চিকিমৰ মূল বিৰোধী নেতা হিচাপে পৰিগণিত হয়। ২০১৮ চনৰ ১০ আগষ্টত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁক মুকলি কৰি দিয়াৰ সময়ত ব্যাপক সমাৱেশ ঘটিছিল।
চিকিমৰ মুখ্যমন্ত্ৰী
[সম্পাদনা কৰক]২০১৯ চনৰ বিধানসভা নিৰ্বাচনত গোলেই চিকিম ক্ৰান্তিকাৰী মৰ্চাৰ নেতৃত্বত বিধানসভাৰ ৩২খন আসনৰ ভিতৰত ১৭খন আসনত জয়লাভ কৰে যিয়ে অৱশেষত পৱন কুমাৰ চামলিঙৰ নেতৃত্বত চিকিম ডেম'ক্ৰেটিক ফ্ৰণ্টৰ ২৪বছৰীয়া শাসনৰ অন্ত পেলায়। [11] ২০১৯ চনৰ ২৪ মে'ত এছ কে এমৰ মুখপাত্ৰ জেকব খালিঙে কয় যে গোলেই ৰাজ্যখনৰ চৰকাৰৰ নেতৃত্ব দিব যদিও সাংবিধানিক বিশেষজ্ঞসকলৰ মতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত তেওঁক দোষী সাব্যস্ত হোৱাটোৱে তেওঁক চিকিমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে।[12]
২০১৯ চনৰ ২৭ মে'ত বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা গোলেই চিকিম ৰাজ্যৰ ষষ্ঠ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। [13][14][15] উপ-নিৰ্বাচনত গোলেই ১০,৮১১টা ভোট লাভ কৰি পকলোক-কামৰাঙৰপৰা জয়লাভ কৰি মুঠ ভোটৰ ৮৪% ভোট লাভ কৰে।
২০২৪ চনৰ চিকিম বিধানসভাৰ নিৰ্বাচনত ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ নেতৃত্বত গোলেই ৫৮.৩৮% ভোটৰ শতাংশৰে ৩২খন আসনৰ ভিতৰত ৩১খন আসনত জয়লাভ কৰে। [16][17]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Prem Singh Tamang(SKM):Constituency- UPPER BURTUK(EAST) - Affidavit Information of Candidate". myneta.info. https://myneta.info/sikkim2014/candidate.php?candidate_id=106। আহৰণ কৰা হৈছে: 27 May 2019.
- ↑ https://www.hindustantimes.com/india-news/ps-golay-takes-oath-as-chief-minister-of-sikkim/story-P396D3TqPMTgbxPkLpTADI.html
- ↑ 3.0 3.1 "PS Golay takes oath as chief minister of Sikkim" (en ভাষাত). Hindustan Times. 27 May 2019. https://www.hindustantimes.com/india-news/ps-golay-takes-oath-as-chief-minister-of-sikkim/story-P396D3TqPMTgbxPkLpTADI.html.
- ↑ "Prem Singh Tamang sworn in as Sikkim Chief Minister for second consecutive term". The Hindu. PTI. 10 June 2024. https://www.thehindu.com/elections/sikkim-assembly/prem-singh-tamang-sworn-in-as-sikkim-chief-minister-for-second-consecutive-term/article68273820.ece.
- ↑ https://myneta.info/sikkim2014/candidate.php?candidate_id=106
- ↑ "Sikkim CM Prem Singh Tamang's wife tests positive for Covid-19". Mint. 23 September 2020. https://www.livemint.com/politics/news/sikkim-cm-prem-singh-tamang-s-wife-tests-positive-for-covid-19-11600847116266.html.
- ↑ "SKM ends Chamling's 25-year rule in Sikkim". Business Standard India. Press Trust of India. 24 May 2019. https://www.business-standard.com/article/pti-stories/skm-ends-chamling-s-25-year-rule-in-sikkim-119052400152_1.html.
- ↑ "Sikkim Assembly Elections: SKM Ends Chamling's 25-Year Rule". The Wire. PTI. 24 May 2019. https://thewire.in/politics/sikkim-assembly-elections-skm-ends-chamlings-25-year-rule.
- ↑ Acharya, Prashant (14 July 2024). "Sikkim CM honoured with Gorkha Gaurav Samman" (en ভাষাত). Sikkim Express. https://www.sikkimexpress.com/news-details/sikkim-cm-honoured-with-gorkha-gaurav-samman.
- ↑ "MLA disqualified from assembly: Corruption case: Convicted Sikkim MLA disqualified from assembly" (en ভাষাত). The Times of India. 13 January 2017. https://timesofindia.indiatimes.com/city/guwahati/corruption-case-convicted-sikkim-mla-disqualified-from-assembly/articleshow/56514070.cms.
- ↑ "SKM ends Chamling's 25-year rule in Sikkim". Business Standard. Press Trust of India. 24 May 2019. https://www.business-standard.com/article/pti-stories/skm-ends-chamling-s-25-year-rule-in-sikkim-119052400152_1.html.
- ↑ Singh, Shiv Sahay (24 May 2019). "SKM all set to take power in Sikkim". The Hindu. https://www.thehindu.com/elections/sikkim-assembly/skm-all-set-to-take-power-in-sikkim/article27240186.ece.
- ↑ "Prem Singh Tamang Sworn In As New Sikkim Chief Minister". NDTV. Press Trust of India. 27 May 2019. https://www.ndtv.com/india-news/prem-singh-tamang-sworn-in-as-new-sikkim-chief-minister-2043446.
- ↑ Singh, Shiv Sahay (27 May 2019). "P. S. Golay sworn in as Sikkim Chief Minister". The Hindu. https://www.thehindu.com/elections/sikkim-assembly/ps-golay-sworn-in-as-sikkim-chief-minister/article27259921.ece.
- ↑ "P. S. Golay sworn in as Sikkim chief minister". The Economic Times. Press Trust of India. 27 May 2019. https://economictimes.indiatimes.com/news/elections/lok-sabha/india/p-s-golay-sworn-in-as-sikkim-chief-minister/articleshow/69515570.cms.
- ↑ "In Sikkim, a Golay wave sweeps SKM to power". The Indian Express. 3 June 2024. https://indianexpress.com/article/opinion/columns/sikkim-elections-skm-victory-golay-wave-9367657/.
- ↑ "Sikkim CM Prem Singh Tamang wins from Poklok Kamrang seat, BJP bags two seats". The Economic Times. Press Trust of India. 24 October 2019. https://m.economictimes.com/news/politics-and-nation/sikkim-cm-prem-singh-tamang-wins-from-poklok-kamrang-seat-bjp-bags-two-seats/articleshow/71740255.cms.