প্ৰেৰণা
প্ৰেৰণা হৈছে যোৰহাট নগৰৰপৰা ৩ কিঃমিঃ দূৰৈৰ চিনামৰাত অৱস্থিত এটা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰ। এই স্বচ্ছাসেৱী অনুষ্ঠানটোৰ প্ৰতিষ্ঠা কৰিছিল আনোৱাৰ হুচেইন হাজৰিকা আৰু চায়েৰা ৰহমান।[1]
প্ৰতিষ্ঠা
[সম্পাদনা কৰক]যেতিয়া কোনো শিশু শাৰীৰিক বা মানসিকভাৱে বাধাগ্ৰস্ত হৈ জন্ম লয়, তেতিয়া পৰিয়ালৰ লোকসকল দুখত ভাগি পৰাতো স্বাভাৱিক। তেনে এক দুৰ্ভগীয়া পিতৃ-মাতৃ হ’ল আনোৱাৰ হুচেইন হাজৰিকা আৰু চায়েৰা ৰহমান। দ্বিতীয় সন্তান জাফ্ৰিৰ প্ৰতিবন্ধিকতাত তেওঁলোক ভাগি পৰা নাছিল। বৰং জীৱনৰ চৰম দুৰ্ভাগ্যকো প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি, জাফ্ৰিৰ দৰে আন আন প্ৰতিবন্ধী শিশু আৰু তেওঁলোকৰ পৰিয়ালৰ কথা চিন্তা কৰি প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰ প্ৰেৰণা প্ৰতিষ্ঠা কৰিলে। ১৯৯২ চনৰ ২৭ জুনত আনুষ্ঠানিকভাৱে এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ উদ্বোধন কৰা হৈছিল।[1]
উদ্দেশ্য
[সম্পাদনা কৰক]সদস্যসকলৰ বয়স আৰু সক্ষমতাৰ ওপৰত ভিত্তিত কৰি প্ৰতিবন্ধী শিশুসকলক বৃত্তিগত বা কাৰিকৰী প্ৰশিক্ষণৰ প্ৰথম পৰ্যায় হিচাপে লিখিবলৈ বা পঢ়িবলৈ শিকোৱাৰ উপৰি কম্পিউটাৰ, জেৰক্স, লেমিনেশ্যন, স্ক্ৰিণ প্ৰিণ্টিং, চিলাই মেচিন, ৰন্ধা-বঢ়া আদি অনেক হাতে কৰা বিদ্যাৰ প্ৰশিক্ষণ দি সদস্যজনক ভৱিষ্যতে এজন আত্ম-নিৰ্ভৰশীল ব্যক্তি হিচাপে সমাজত থিয় কৰোৱাৰ চেষ্টা কৰা হৈছে।[1]
বৰ্তমান
[সম্পাদনা কৰক]ছেৰিব্ৰিল পাল্ছি, মানসিক বাধাগ্ৰস্ততা, অ’টিজিম, শ্ৰৱণ বা দৃষ্টি শক্তিৰ দুৰ্বলতা আদিৰ উপৰি কুষ্ঠ, পলিঅ’, মৃগী বা মাংসপেশীৰ দুৰ্বলতাত ভোগা ৮ মহীয়া শিশুৰপৰা ২০বছৰীয়া প্ৰতিবন্ধীজনকো এই কেন্দ্ৰটোত জীয়াই থকাৰ প্ৰেৰণা দিয়া হয়। ইয়াত থকা ৭৬ জন সংস্যক পৰিচালনাৰ সুবিধাৰ বাবে অংকুৰ, প্লে’-১, প্লে-২, লেজাৰ লাৰ্ণিং ইউনিট, ফাংশ্যলেন একাডেমি, প্ৰি-ভকেশ্যনেল আদি কেইবাটাও ভাগত ভাগ কৰি লোৱা হৈছে।[1]
জনসাধাৰণৰ মাজত প্ৰচাৰ
[সম্পাদনা কৰক]জনসাধাৰণৰ মাজত প্ৰতিবন্ধীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰাবলৈ ‘প্ৰেৰণা’ই চেষ্টা চলাইছে। সেইদৰে এটি প্ৰতিবন্ধী শিশুৱে পৰিয়ালত ভোগ কৰিব পৰা সমস্যঅআ সমূহ আঁতৰ কৰি তেওঁলোকৰ জীৱন-যাত্ৰা সুচল কৰাৰ মানসেৰে অভিভাৱকসকলকো ‘প্ৰেৰণা’ই যোৰহাটৰ উপৰি ডিফু, সাপেখাটী, মাজুলী, ধেমাজি, গোলাঘাট আদি ঠাইত নিয়মীয়া প্ৰশিক্ষণ, পৰামৰ্শ আদি দি আহিছে। সেইদৰে ‘প্ৰেৰণা’ৰ বৰ্হি বিভাগতো অসমৰ বিভিন্ন ঠাইৰপৰা অহা কেইবাজনো প্ৰতিবন্ধী শিশুৱে বছৰটোৰ বিভিন্ন সময়ত আহি প্ৰশিক্ষণ লয়হি।
- প্ৰতিযোগিতা
প্ৰেৰণাত প্ৰতিবছৰে খেল-ধেমালি, ছবি অঁকা, ভেশছন আদি প্ৰতিযোগিতা পাতি ইয়াৰ সদস্যসকলক উৎসাহিত কৰা হয়। অনুষ্ঠানটোৰ বছৰেকীয়া বনভোজ বা শিক্ষামূলক ভ্ৰমণৰো কাৰ্যসূচী আয়োজন কৰা হয়। আনকি ভাৰতীয় শিশু পৰিষদে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰেৰণাৰ কেইবাটাও শিশুৱে পুৰস্কাৰো লাভ কৰি তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ২০০৮ চনৰ ৩০ আগষ্টত গুৱাহাটীৰ আশাদীপ নামৰ আন এক প্ৰতিবন্ধী শিশুৰ অনুষ্ঠানৰ সহযোগত প্ৰেৰণাই আয়োজন কৰা স্পেচিয়েল অলিম্পিক – ভাৰতৰ ফুটবল খেলত যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ মানসিকভাৱে বাধাগ্ৰস্ত কেইবাজনো শিশুৱে অংশ গ্ৰহণ কৰে।[1]
চৰকাৰী সাহায্য আৰু স্বীকৃতি
[সম্পাদনা কৰক]- ২০০৮ চনৰ ৯ জুন তাৰিখে অসমৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে নেশ্যনেল ট্ৰাষ্ট এক্টৰ ‘সমৰ্থ’ আঁচনিৰ অধীনত ‘প্ৰেৰণা’ৰ ৰেচ্পাইট কেয়াৰ চেণ্টাৰৰ শুভ উদ্বোধন কৰি ইয়াৰ দ্বিতীয় মহলাটো নিৰ্মাণৰ বাবে ১০ লাখ টকাৰ এক অনুদান আগবঢ়ায়।[1]
- ২০০৯ চনৰ ৩ ডিচেম্বৰ তাৰিখে চায়েৰা ৰহমানে ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা পাটিলৰপৰা প্ৰতিবন্ধীসকলৰ কামত কাম কৰা শ্ৰেষ্ঠ অনুষ্ঠানৰ শ্ৰেষ্ঠ বঁটাটো গ্ৰহণ কৰে।[1]