সমললৈ যাওক

পৰমজিৎ কৌৰ গুলছন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰমজিৎ কৌৰ গুলছন
Member of Parliament ফৰিদকোটৰ সদস্য
কাৰ্যকাল
২০০৯  ২০১৪
পূৰ্বসূৰী সুখবীৰ সিং বাদল
উত্তৰসূৰী সাধু সিং
Member of Parliament বাথিন্দাৰ সদস্য
কাৰ্যকাল
২০০৪  ২০০৯
পূৰ্বসূৰী ভন সিং ভৌৰা
উত্তৰসূৰী হৰছিমৰৎ কৌৰ বাদল
ব্যক্তিগত তথ্য
জন্ম ৪ জানুৱাৰী, ১৯৪৯ (৭৭ বছৰ)
আকালি জালাল, পঞ্জাব
ৰাজনৈতিক দল শিৰোমণি আকালি দল
দাম্পত্যসঙ্গী নিৰ্মল সিং
সন্তান ২গৰাকী জীয়েক
বাসস্থান বাথিন্দা
২২ ছেপ্তেম্বৰ, ২০০৬-ৰ তথ্য
উৎস:

পৰমজিৎ কৌৰ গুলশন (ইংৰাজী: Paramjit Kaur Gulshan, জন্ম-৪ জানুৱাৰী ১৯৪৯) ফৰিদকোটক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন সাংসদ আৰু শিৰোমণি আকালি দল (সংযুক্ত)ৰ সদস্য। চতুৰ্দশ লোকসভাত তেওঁ বাথিন্দাক প্ৰতিনিধিত্ব কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

পৰমজিৎ কৌৰে ১৯৪৯ চনত পঞ্জাবৰ বাথিণ্ডা জিলাৰ আকালি জালালত জন্মগ্ৰহণ কৰে৷ তেওঁ ১৯৭৮ চনত নিৰ্মল সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ নিৰ্মল সিঙে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ বৰ্তমান পঞ্জাৱৰ বাছি পাথানা বিধানসভাৰ সদস্য৷[1] পৰমজিৎ কৌৰে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লাভ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰী লাভ কৰে।

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

পৰমজিৎ কৌৰে ২০০৪ চনত বাথিন্দা লোকসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি সদনলৈ নিৰ্বাচিত হয়৷ ইয়াৰ পিছত ২০০৯ চনত তেওঁ ফৰিদকোটৰ পৰা সদনলৈ নিৰ্বাচিত হয় আৰু ২০১৪ চনলৈকে সদনত থাকে৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Detailed Profile". Government of India. Retrieved 2011-01-11. http://india.gov.in/govt/loksabhampbiodata.php?mpcode=4131

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]