পৰমজিৎ খুৰানা
পৰমজিৎ খুৰানা | |
---|---|
জন্ম | ১৫ আগষ্ট, ১৯৫৬ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | পাঠদান আৰু গৱেষণা |
সক্ৰিয় হৈ থকা সময় | ১৯৮৩ চনৰ পৰা আজিলৈকে |
জনা যায় | উদ্ভিদ জৈৱ প্ৰযুক্তি, আণৱিক জীৱবিজ্ঞান, জিনমিক্স |
উল্লেখযোগ্য কৰ্ম | ঘেঁহু আৰু চেৰিবায়’টেকন’লজীৰ গৱেষণা |
পৰমজিৎ খুৰানা (ইংৰাজী: Paramjit Khurana; জন্ম ১৫ আগষ্ট ১৯৫৬) উদ্ভিদ জৈৱ প্ৰযুক্তি, আণৱিক জীৱবিজ্ঞান, জিনমিক্সৰ এজন ভাৰতীয় বিজ্ঞানী যি বৰ্তমান দিল্লীৰ দিল্লী বিশ্ববিদ্যালয়ৰ উদ্ভিদ আণৱিক জীৱবিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ বহুতো বঁটা লাভ কৰিছে আৰু ১২৫ খনতকৈও অধিক বৈজ্ঞানিক গৱেষণা-পত্ৰ প্ৰকাশ কৰিছে।[1]
জীৱনী
[সম্পাদনা কৰক]পৰমজিৎ খুৰানাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানত স্নাতক ডিগ্ৰী (বি.এছচি.) (১৯৭৫) মাষ্টাৰ অৱ ছায়েন্স ডিগ্ৰী (১৯৭৭) আৰু মাষ্টাৰৰ অৱ ফিলোচফি (১৯৭৮)ৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৮৩ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।[1]
১৯৮৩-৮৪ চনৰ ভিতৰত দিল্লী বিশ্ববিদ্যালয়ৰ ইউনিট ফৰ প্লাণ্ট চেল এণ্ড মলিকুলাৰ বায়’লজি ইউনিটত এড চাইন্টিষ্ট হিচাপে কাম কৰি খুৰাণাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৮৪ চনৰ পৰা ১৯৮৭ চনলৈকে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ খালছা মহাবিদ্যালয়ৰ উদ্ভিদ জীৱবিজ্ঞান বিভাগৰ অধ্যাপক আছিল। ১৯৮৭-৮৮ৰ সময়ত তেওঁ মিচিগান ষ্টেট ইউনিভাৰ্ছিটি (এমএছইউ), ইষ্ট লেঞ্চিং আমেৰিকাত গৱেষণা সহযোগী হিচাপে কাম কৰিছিল। আমেৰিকাৰ পৰা উভতি অহাৰ পিছত দিল্লী বিশ্ববিদ্যালয়, চাউথ কেম্পাছৰ উদ্ভিদ আণৱিক জীৱবিজ্ঞান বিভাগত তেওঁ অধ্যাপক (১৯৮৯-৯০) ৰিডাৰ (১৯৯০-৯৮) আৰু প্ৰাধ্যাপক (১৯৯৮ চনৰ পৰাই বৰ্তমানলৈকে) আৰু ২০০৪-০৭ সময়ছোৱাৰ এই বিভাগৰ মুৰব্বী আছিল।[2]
খুৰানাৰ কেৰিয়াৰৰ কৃতিত্বসমূহ হ’ল ঘেঁহু আৰু চেৰিবায়’টেকন’লজী, তুলনামূলক জিন’মিক্স, ঘেঁহুৰ জৈৱ প্ৰযুক্তিবিদ্যাত ভাৰতীয় ঘেঁহুৰ জিনীয় ৰূপান্তৰ, শস্যৰ চিষ্ট নেমাটোডৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতাৰ বাবে আৰু অজৈৱিক চাপ সহনশীলতাৰ বাবে, লৱণীয়তা আৰু খৰাং চাপৰ পৰিস্থিতি সহ্য কৰিব পৰা মালবেৰী ট্ৰেন্সজেনিকৰ বিকাশ, শস্য আৰু উদ্ভিদত মানসিক চাপ সহনশীলতালৈ নেতৃত্ব দিয়া ফলপ্ৰসূ জেনেটিক ইঞ্জিনিয়াৰিং কৌশল পৰিৱৰ্তিত জলবায়ুৰ পৰিস্থিতিত কৃষি বজাই ৰখা, ১১ বিধ ধানৰ ক্ৰম'জম, ৫ বিধ বিলাহীৰ ক্ৰম'জম আৰু নুনীৰ ক্ল'ৰ'প্লাষ্ট জিনমৰ ক্ৰমবিন্যাস। [1][2] অধ্যাপক হিচাপে তেওঁ ১০ গৰাকী পোষ্ট-ডক্টৰেট, ১৫ গৰাকী পিএইচডি, ৪ গৰাকী এম.ফিলধাৰী আৰু ২০ জন স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ গৱেষমা কাম তত্ত্বাৱধান কৰিছে।[1] তেওঁৰ মুখ্য অৱদান হৈছে সকলো বতৰত শস্য বিকশিত কৰা যিয়ে ভাৰতৰ উৎপাদনশীলতা বহুগুণে বৃদ্ধি কৰিব পাৰিব। তেওঁ পৰিৱৰ্তিত নুনী উৎপাদন কৰিছে যিটো অৱশিষ্ট ভূমিত খেতি কৰিব পাৰি। তেওঁ কয় যে পেচাদাৰী লক্ষ্যটো হ'লঃ "দহ বছৰ পাছত, মই এতিয়াও মোৰ পৰীক্ষাগাৰত কাম কৰি থাকিম। মই আশা কৰোঁ যে মোৰ সামগ্ৰীবোৰে সকলোকে উপকৃত কৰিব।"[2]
বঁটা
[সম্পাদনা কৰক]খুৰানাই আন্তৰ্জাতিক নাৰী দিৱস (২০১১)ৰ দিনা গন্তাৱায়া সংস্থাই প্ৰদান কৰা ‘সন্মান প্ৰমাণপত্ৰ’ আৰু ২০১১-২০১২ চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থাৰ অধ্যাপক অৰ্চনা শৰ্মা স্মাৰক বঁটা লাভ কৰে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Paramjit Khurana:Indian Fellow". Indian National Science Academy. Archived from the original on 20 November 2015. https://web.archive.org/web/20151120222154/http://www.insaindia.org/detail.php?id=P11-1547। আহৰণ কৰা হৈছে: 4 November 2015.
- ↑ 2.0 2.1 2.2 Punj, Deepshikha (10 September 2011). "On the Silk Route: Paramjit Khurana". India Today. http://indiatoday.intoday.in/story/indian-scientists-at-forefront-of-research-paramjit-khurana/1/150716.html। আহৰণ কৰা হৈছে: 4 November 2015.