সমললৈ যাওক

পৰস্কেভি কিৰিয়াজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰস্কেভি কিৰিয়াজী

পৰস্কেভি কিৰিয়াজী
জন্ম ২৭ মে', ১৮৮৬[1]
Manastir, Manastir Vilayet, Ottoman Empire
(present-day Bitola, North Macedonia)
মৃত্যু ১৭ ডিচেম্বৰ, ১৯৭০ (৮৪ বছৰ)
টিৰানা, আলবেনিয়া
সমাধিস্থল টিৰানা,
ৰাষ্ট্ৰীয়তা আলবেনিয়া
অন্য নাম পাৰাস্কেভি দি কিৰিয়াচ, পাৰাস্কেভি কিৰিয়াচ
নাগৰিকত্ব ওট্ট’ম’ন, আলবেনিয়া
শিক্ষা স্নাতকোত্তৰ
শিক্ষানুষ্ঠান আমেৰিকান কলেজ ফৰ গাৰ্লচ, কনষ্টাণ্টিপোল
পেচা শিক্ষাবিদ, প্ৰকাশক
উল্লেখযোগ্য কৰ্ম Yll'i Mëngjezit (The Morning Star), Boston, 1917–1920
পিতৃ-মাতৃ ধিমিটেৰ কিৰিয়েজি মাৰিয়া কিৰিয়েজি
আত্মীয়-স্বজন sister of Tashko Qiriazi, Kostandin Qiriazi, Theofania "Fanka" Qiriazi (Trajan), Gjerasim Qiriazi, Gjergj Qiriazi, Sevasti Qiriazi, Kristo Qiriazi, Naum Qiriazi, and Perikli "Pandi" Qiriazi[2][3]
বঁটা, সন্মান, পুৰস্কাৰ আদি People's Teacher
Honor of the Nation
Order for Patriotic Activity

স্বাক্ষৰ

পৰস্কেভি কিৰিয়াজী (ইংৰাজী: Parashqevi Qiriazi) জন্ম: ২৭ মে' ১৮৮৬[1] – মৃত্যু: ১৭ ডিচেম্বৰ ১৯৭০) কিৰিয়াজী পৰিয়ালৰ এগৰাকী আলবেনিয়ান শিক্ষয়িত্ৰী আছিল যিয়ে আলবেনিয়ান বৰ্ণমালা আৰু লিখিত আলবেনিয়ান ভাষাৰ শিক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। আলবেনিয়ান বৰ্ণমালাৰ ৰূপ নিৰ্ধাৰণ কৰা মানষ্টিৰৰ কংগ্ৰেছৰ মহিলা অংশগ্ৰহণকাৰী আছিল[4] আৰু মহিলা সংস্থা Yll' i Mengjesit ৰ প্ৰতিষ্ঠাপক আছিল।[5] পৰস্কেভি ১৯১৯ চনৰ পেৰিছ শান্তি সন্মিলনত আলবেনিয়ান-আমেৰিকান সম্প্ৰদায়ৰ সদস্য হিচাপেও অংশগ্ৰহণ কৰিছিল।[6] ১৮৯১ চনত মুকলি হোৱা কোৰ্চাত ছোৱালীৰ বাবে প্ৰথমখন আলবেনিয়ান স্কুলৰ পৰিচালক আছিল চেভাষ্টি কিৰিয়াজীৰ ভগ্নী।[7]

পৰস্কেভিৰ জন্ম হৈছিল মনাষ্টিৰত (বৰ্তমান বিটোলা, মানষ্টিৰ ভিলায়েট, অট্টোমান সাম্ৰাজ্যৰ (বৰ্তমানৰ উত্তৰ মেচিডোনিয়া)।[2] যেতিয়া তেওঁৰ বয়স মাত্ৰ ১১ বছৰ আছিল তেতিয়া তেওঁ আলবেনিয়াৰ ছোৱালীৰ বাবে প্ৰথমখন বিদ্যালয় ছোৱালীৰ বিদ্যালয় (আলবেনিয়ান::)ত তেওঁৰ ভাতৃ গ্জেৰাছিম কিৰিয়াজী আৰু ভগ্নী চেভাষ্টি কিৰিয়াজীক ছোৱালীক লিখিত আলবেনিয়ান ভাষা শিকোৱাত সহায় কৰিবলৈ আৰম্ভ কৰিছিল।[4] যি ১৮৯১ চনৰ ১৫ অক্টোবৰত মুকলি কৰা হয়।[2][8]

পিছলৈ কনষ্টেণ্টিনোপলৰ আমেৰিকান কলেজ ফৰ গাৰ্লছত অধ্যয়ন কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৮৮৭ চনত মুকলি হোৱা প্ৰথম আলবেনিয়ান বিদ্যালয় মেছনজেটৰ্জাত ভগ্নী চেভাষ্টিৰ সৈতে প্ৰাথমিক শিক্ষক হিচাপে কাম কৰিবলৈ কৰ্চেলৈ যায়।[9]

১৯০৮ চনত তেওঁ মনাষ্টিৰৰ কংগ্ৰেছৰ অংশগ্ৰহণকাৰী আছিল আৰু তাত অংশগ্ৰহণ কৰা একমাত্ৰ মহিলা আছিল।[4]

১৯০৯ চনত তেওঁ প্ৰাথমিক বিদ্যালয়ৰ বাবে এটা এবেচেডাৰিয়াম প্ৰকাশ কৰে। যদিও মনাষ্টিৰৰ কংগ্ৰেছে নতুন বৰ্ণমালাৰ বিষয়ে সিদ্ধান্ত লৈছিল, তথাপিও তাইৰ এবেচেডাৰীত বৰ্ণমালাৰ দুটা সংস্কৰণ উপস্থিত আছিল, যাৰ পৰা বুজা যায় যে কংগ্ৰেছৰ সহমত এতিয়াও কিমান ভংগুৰ আছিল। কিন্তু এবেচেডাৰিয়ামৰ লগতে তেওঁ নতুন আলবেনিয়ান বৰ্ণমালাৰ প্ৰতিৰক্ষাৰ ওপৰত কিছুমান অতি পৰিচিত পদ প্ৰকাশ কৰে:[10]

তেওঁ দক্ষিণ আলবেনিয়াৰ বেলেগ বেলেগ গাঁৱৰ শিশু আৰু নৈশ বিদ্যালয়ৰ বাবে পাঠদানৰ আয়োজন কৰাৰ বাবে আৰু স্থানীয় পুথিভঁৰালসমূহ সংগঠিত কৰাত সহায় কৰাৰ বাবেও পৰিচিত।[9]

১৯০৯ চনত তেওঁ Yll' i Mëngjesit এছ'চিয়েচন (আলবেনিয়ান: মৰ্নিং ষ্টাৰ) প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাইছিল[11] আৰু পিছলৈ যেতিয়া তেওঁ আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল, তেতিয়া তেওঁ ১৯১৭ চনৰ পৰা ১৯২০ চনলৈকে একে নামৰ সাময়িকীখন প্ৰকাশ কৰি গৈছিল। [5]প্ৰতি পষেকৰ মূৰে মূৰে প্ৰকাশ পোৱা আলোচনীখনত আলবেনিয়ান ৰাজনীতি, সমাজ, ইতিহাস, ভাষাবিজ্ঞান, সাহিত্য আৰু লোককথাৰ ওপৰত প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছিল।[9]

১৯১৪ চনত গ্ৰীকে চহৰখন দখল কৰাৰ ফলস্বৰূপে তেওঁ ভনীয়েকৰ সৈতে আলবেনিয়া এৰি ৰোমানিয়ালৈ যায়।[8]

পিছলৈ তেওঁ আমেৰিকালৈ যায় আৰু আলবেনিয়ান-আমেৰিকান সম্প্ৰদায়ৰ সদস্য হয়, যাৰ হৈ ১৯১৯ চনত আলবেনিয়ানসকলৰ অধিকাৰ প্ৰতিনিধিত্ব কৰিবলৈ পেৰিছৰ শান্তি সন্মিলনত অংশগ্ৰহণ কৰে।[4][12]

১৯২১ চনত পৰশকেভি আলবেনিয়ালৈ উভতি যায়, তাৰ পিছত তেওঁ তাত থকা ৰাজনৈতিক পৰিঘটনাসমূহ আগ্ৰহেৰে অনুসৰণ কৰে, জাতীয় আকাংক্ষাৰ প্ৰতি দৃষ্টি হেৰুৱাই পেলোৱা নাছিল। তেখেতে তেখেতৰ ভগ্নী চেভাষ্টি আৰু ভায়েক ক্ৰিষ্টো ডাকোৰ সহযোগত টিৰানা আৰু কামেজত থকা পৰিয়ালৰ নামেৰে "কাইৰিয়াছ" নামৰ মহিলা প্ৰতিষ্ঠানটোৰ অন্যতম প্ৰতিষ্ঠাপক আৰু পৰিচালক হৈছিল।[13]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 U.S. Department of Labor Naturalization Service, Declaration of Intention, 1918, p. 315, no. 88315 (signed by Paraskevi Kyrias 12 December 1918).
  2. 2.0 2.1 2.2 Elsie, Robert (2001). A Dictionary of Albanian Religion, Mythology, and Folk Culture. প্ৰকাশক Library of Congress: New York University Press. পৃষ্ঠা. 97–212. ISBN 0-8147-2214-8. https://books.google.com/books?id=aAtQZ0vjf5gC&q=Parashqevi+Qiriazi&pg=PA211। আহৰণ কৰা হৈছে: 2014-10-22. 
  3. Sevasti Qiriazi-Dako. Jeta ime (Shkup: ITSHKSH, 2016), p. 327–330
  4. 4.0 4.1 4.2 4.3 "Parashqevi Qiriazi". www.kolonja.com. Archived from the original on 24 March 2011. https://web.archive.org/web/20110324214614/http://www.kolonja.com/rreth-kolonjes/37-kolonja/292-parashqevi-qiriazi-e-vetmja-grua-e-kongresit-te-manastirit.html। আহৰণ কৰা হৈছে: 2 March 2025. 
  5. 5.0 5.1 Prifti, Peter (1978). Socialist Albania since 1944: domestic and foreign developments, Volume 23. The MIT Press. পৃষ্ঠা. 90. ISBN 0-262-16070-6. https://books.google.com/books?id=u4S4AAAAIAAJ&q=parashqevi+qiriazi। আহৰণ কৰা হৈছে: 2010-10-05. 
  6. Toska, Teuta. Parashqevi Qiriazi dhe viti i saj 1919. Tirana: ISSHP, 2020, আই.এচ.বি.এন. 978-9928-4519-7-2
  7. Young, Antonia; Hodgson, John; Bland William B.; Young Nigel (1997). Albania. প্ৰকাশক National Library of Australia: Clio Press. পৃষ্ঠা. 48. ISBN 1-85109-260-9. https://books.google.com/books?id=-s0UAQAAIAAJ&q=parashqevi+qiriazi। আহৰণ কৰা হৈছে: 2014-10-22. 
  8. 8.0 8.1 de Haan, Francisca; Daskalova Krasimira; Loutfi Anna (2006). A Biographical Dictionary of Women's Movements and Feminisms in Central, Eastern, and South Eastern Europe, 19th and 20th Centuries. Central European University Press. পৃষ্ঠা. 454–457. ISBN 9789637326394. https://books.google.com/books?id=hsgQjbgBOAkC&q=parashqevi+qiriazi&pg=PA454। আহৰণ কৰা হৈছে: 2014-10-22. 
  9. 9.0 9.1 9.2 "Parashqevi Qiriazi". www.kolonja.com. Archived from the original on 27 January 2010. https://web.archive.org/web/20100127044146/http://www.kolonja.com/personazh/180-parashqevi-qiriazi.html। আহৰণ কৰা হৈছে: 2 March 2025. 
  10. Lloshi, Xhevat (2008) (sq ভাষাত). Rreth Alfabetit i Shqipes. প্ৰকাশক National Library of Albania: Logosa. পৃষ্ঠা. 183. ISBN 978-9989-58-268-4. https://books.google.com/books?id=9_gXTda0HS8C&q=parashqevi+qiriazi&pg=PA183। আহৰণ কৰা হৈছে: 2014-10-22. 
  11. Universiteti Shtetëror i Tiranës (1975). Problems of the struggle for the complete emancipation of women. প্ৰকাশক National Library of Albania. পৃষ্ঠা. 127. https://books.google.com/books?id=bDgqAAAAYAAJ&q=parashqevi+qiriazi+1919। আহৰণ কৰা হৈছে: 2014-10-22. 
  12. Ingrid Sharp, Matthew Stibbe (14 February 2011). Aftermaths of War: Women's Movements and Female Activists, 1918–1923. History of Warfare. 63. BRILL. পৃষ্ঠা. 184. ISBN 978-9004191723. https://books.google.com/books?id=_ElYvzVbxCsC&q=qiriazi&pg=PA190. "Parashqevi Qiriazi was a member of the delegation the organization sent to Paris" 
  13. Sabile Keçmezi-Basha (sq ভাষাত), Parashqevi Qiriazi, diplomatja e vetme grua në Konferencën e Paqes në Paris, kosova-sot.info, archived from the original on 2015-09-27, https://web.archive.org/web/20150927111419/http://www.kosova-sot.info/kulture/parashqevi-qiriazi-diplomatja-e-vetme-grua-ne-konferencen-e-paqes-ne-paris, আহৰণ কৰা হৈছে: 2014-10-22, "Parashqevi Qiriazi, u kthye në atdhe më 1921, edhe më tej ajo ndoqi me interes dhe mbështeti zhvillimet politike në Shqipëri, pa pushuar së shkruari për çështjen kombëtare. Në ndërkohë u bë një nga themelueset dhe drejtueset kryesore të Institutit Femëror "Kyrias" në Tiranë e Kamëz (1922–1933), duke e shndërruar institucionin në një nga shkollat e mesme më serioze në Shqipëri. Për shkak të qëndrimit të saj antifashist, më 15 tetor 1943 u internua nga Gestapoja në kampin Anhalt (Banjicë). I mbijetoi vdekjes dhe pas mbarimit të luftës u kthye në atdhe. Më 17 dhjetor 1970, vdiq në Tiranë."