পৰাণ কুমাৰ বৰুৱা
| পৰাণ কুমাৰ বৰুৱা | |
|---|---|
| জন্ম | ৮ এপ্ৰিল, ১৯৫৯ চন নগাঁও, অসম, ভাৰত |
| মৃত্যু | ১ জুলাই, ২০২৫ চন নগাঁও |
| ৰাষ্ট্ৰীয়তা | |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষানুষ্ঠান | আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় |
পৰাণ কুমাৰ বৰুৱা (ইংৰাজী: Paran Kumar Baruah) অসমৰ এগৰাকী সাহিত্যিক আছিল। তেওঁ সাহিত্যৰ বিভিন্ন দিশৰ লগতে সমালোচনা আৰু অনুবাদো কৰিছিল। তেওঁ কুৰিখনতকৈও অধিক কিতাপ লিখিছিল। এইবোৰৰ ভিতৰত “শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বৈষ্ণৱ ধৰ্ম’’ শীৰ্ষক গ্ৰন্থখনৰ বাবে তেওঁ ভীমৰাও আম্বেদকাৰ বঁটা লাভ কৰিছিল। ২০২৫ চনৰ জুলাই মাহত তেওঁৰ মৃত্যু হয়।
জন্ম
১৯৫৯ চনৰ ৮ নৱেম্বৰ পৰাণ কুমাৰ বৰুৱাৰ জন্ম হয়।[1] তেওঁৰ পিতৃৰ নাম হেমচন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম নিৰু বৰুৱা।
শিক্ষা
পৰাণ কুমাৰ বৰুৱাই নগাঁও মণ্টেশ্বৰী প্ৰাথমিক বিদ্যালয় আৰু ১নং আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেওঁ নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা মেট্ৰিক পৰীক্ষা পাছ কৰি নগাঁও মহাবিদ্যালয়ৰপৰা প্ৰাক্ স্নাতক শিক্ষা গ্ৰহণ কৰে আৰু নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1] তেওঁ ৰবীন্দ্ৰ বিশ্ব ভাৰতী (শান্তি নিকেতন)ৰপৰা পি.এইচ.ডি ডিগ্ৰী লাভ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
কৰ্মজীৱন
অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগত কৰ্মৰত আছিল (১৯৮৭-২০১৯)। দীৰ্ঘকাল অসম সাহিত্য সভাৰ লগতে নগাঁও জিলা সাহিত্য সভাৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰাক্তন ছাত্ৰ নেতা, অসমৰ জাতীয়তাবাদী আন্দোলন তথা ঐতিহাসিক অসম আন্দোলনৰ এগৰাকী সংগ্ৰামী আৰু নেতা হোৱাৰ উপৰি তেওঁ ১৯৮৫ চনত অসম গণ পৰিষদ দলৰ সৈতেও জড়িত হৈছিল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ প্ৰথমগৰাকী সাংস্কৃতিক সম্পাদক আৰু নগাঁও নগৰ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। নগাঁৱৰ সাংস্কৃতিক সংগঠন "কিশলয় সাংস্কৃতিক গোষ্ঠী"ৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি, অসম কবি সন্মিলনৰ পত্ৰিকা সম্পাদক, প্ৰধান সম্পাদক আৰু উপ-সভাপতি আছিল। নগাঁৱৰ ডছন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ বিশেষভাৱে আমন্ত্ৰিত সদস্য ২০২৫-২৭ লগতে প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য, ভাৰতীয় ইতিহাস সংকলন সমিতি নগাঁও জিলাৰ প্ৰাক্তন সম্পাদক আৰু কাৰ্যকৰী সভাপতি, সংস্কৃত ভাৰতী নগাঁও জিলাৰ প্ৰাক্তন সভাপতি, পৰৱৰ্তী সময়ত নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি (২০০৫-০৭) আৰু সভাপতি (২০২০-২৩) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে শংকৰ মিছনৰ আজীৱন সভ্য, শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য, বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উপ সভাপতি আদিকে ধৰি বিভিন্ন সামজিক সংস্থাৰ সৈতে তেওঁ কাম কৰিছিল।[2]
১৯৭৮ চনতে তেওঁ অসম সাহিত্য সভাৰ সদস্য পদ গ্ৰহণ কৰিছিল। অকল অসমীয়া সাহিত্যই নহয় হিন্দী ভাষাত প্ৰকাশিত ৰাষ্ট্ৰীয় স্তৰৰ পত্ৰিকা পাঞ্চজন্য, সাহিত্য পৰিক্ৰমা, হিন্দুস্তান সমাচাৰ, কলিকতাৰ "দেশ-পত্ৰিকা" আদিতো তেওঁৰ কবিতা-প্ৰবন্ধ প্ৰকাশ পাইছিল। অসম সাহিত্য সভাৰ ৰহা বিশেষ বাৰ্ষিক অধিবেশনৰ কবি সন্মিলনৰ সভাপতি আছিল। সাহিত্য শিতানৰ সমান্তৰালকৈ সাংবাদিকতাৰ লগতে জাতীয়তাবাদী অসম আন্দোলনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধিনত গ্ৰেপ্তাৰ বৰণ কৰিছিল। ১৯৮১ চনত তেওঁ নিজৰ সম্পাদনাত "ৰাইডাং" নামৰ এখনি বাতৰি-কাকত প্ৰকাশ কৰি উলিয়াইছিল নগাঁওৰ পৰা।[উদ্ধৃতিৰ প্ৰয়োজন] লগতে নগাঁৱৰ পৰা ওলোৱা "সাতভনী" আলোচনীৰ প্ৰকাশৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৮৪ চনত নগাঁও আইন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক, ১৯৮৫ চনত সদৌ গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি আছিল। তেওঁ অসম গণ পৰিষদৰ নগাঁও নগৰ সমিতিৰ প্ৰতিস্থাপক সাধাৰণ সম্পাদক আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপাত্ৰ ডচনিয়ানত "মহান নেতা মলোটভ" শীৰ্ষক লেখাৰে সাহিত্য চৰ্চা আৰম্ভ কৰা পৰাণ কুমাৰ বৰুৱাদেৱ শৈশৱৰ পৰাই গণতন্ত্ৰ, আলোক আদি কাকতৰ শিশু শিতানত লিখিছিল। তদুপৰি তেওঁ ছাত্ৰ অৱস্থাৰে পৰা অসমীয়া কাকত, আমি অসমীয়া শৰাইঘটীয়া, আমি অসমীয়া লুইতপৰীয়া, নীলাচল, বুধবাৰ, অগ্ৰদূত, প্ৰকাশন পৰিষদৰ প্ৰকাশ আলোচনী, গৰীয়সী, প্ৰতিদিন, দৈনিক অসম আদি আলোচনী কাকতত লিখিছিল.[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৮২ চনত কোৰাছ প্ৰকাশনে প্ৰকাশ কৰা তেওঁৰ "কোন সেই গান্ধী" শীৰ্ষক গ্ৰন্থ খনত গান্ধীৰ সম্পৰ্কে বিতৰ্কমূলক লেখা অসমত এক বিবাদৰ তথা সমালোচনাৰ সন্মুখীন হৈছিল। এই গ্ৰন্থখন সেইসময়ত অসমৰ ৰাইজৰ মাজত গান্ধীৰ সম্পৰ্কে প্ৰকাশ পোৱা গতানুগতিক ৰচনাৰ পৰা ফালৰি কাটি অহা অসমীয়া সাহিত্যৰ প্ৰথম নিদৰ্শন আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
সাহিত্যিক অৱদান
ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি পুথিৰ অসমীয়া অনুবাদ আছিল তেওঁৰ উল্লেখযোগ্য অনুবাদ কৃতি।[3] তদুপৰি “গান্ধীৰ নন্দনতত্ত্ব:অনুসন্ধান আৰু আত্মপাঠ, বাণীৰ সংকলন:ৰাভাৰ আভা, ভাৰতবৰ্ষৰ অসুখ, নিছলা ওঁঠৰ বাঁহী, বহিৰাগত সমস্যা, বেজবৰুৱাৰ ছোভিয়েট প্ৰীতি, শ্ৰীমন্ত শংকৰদেৱ আৰু বৈষ্ণৱ ধৰ্ম, ৰবীন্দ্ৰনাথৰ উত্তৰণত বেজবৰুৱা, লক্ষ্মীনাথ:সম্বলপুৰৰ ৰেঙণি, সাহিত্যৰথীৰ দৃষ্টিত কৃপাবৰ বৰুৱা, ৰবীন্দ্ৰনাথ:অসমীয়া উপস্থিতি আৰু অৱস্থান প্ৰসংগ, পণ্ডিত দীনদয়াল উপাধ্যায়:জীৱন আৰু কৰ্মৰ সাধনা, অসমত বিবেকানন্দ, মাইলছ ব্ৰন্সন আৰু অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, শংকৰদেৱ চৰ্চা:ঊনৈছ শতিকাৰ বাংলা সাহিত্যত, ড° ডব্লিউ এল স্মিথৰ শংকৰদেৱ চৰ্চা আদি উল্লেখযোগ্য গ্ৰন্থ। বিষ্ণপ্ৰসাদ ৰাভা:বিদ্ৰোহ আৰু শিল্পৰ চিন্তা, সুৰেৰে বন্ধা, ইমান ধুনীয়া মুকুতাৰ মালা আদি তেওঁৰ সম্পাদিত গ্ৰন্থ।[2]
অনূদিত কাব্য সংকলন
বৰুৱাৰ অনূদিত কবিতা পুথি সমূহ:[4]
- গীতাঞ্জলি
- পুৱতি চৰাইৰ চুবুৰী
- লেনিনৰ কবিতা
- হিন্দী কাব্য সংকলন
- সোমনাথ চে অযোধ্যা তক্
প্ৰবন্ধ সংকলন
বৰুৱাৰ প্ৰবন্ধ সংকলন:[4]
- বহিৰাগত সমস্যা
- বেজবৰুৱাৰ ছোভিয়েট প্ৰীতি
- শ্ৰীমন্ত শংকৰদেৱ আৰু বৈষ্ণৱ ধৰ্ম
- ৰবীন্দ্ৰনাথৰ উত্তৰণত বেজবৰুৱা
- লক্ষ্মীনাথ:সম্বলপুৰৰ ৰেঙনি
- সাহিত্যৰথীৰ দৃষ্টিত কৃপাবৰ বৰবৰুৱা
- ৰবীন্দ্ৰনাথ:অসমীয়াৰ উপস্থিতি আৰু অৱস্থান প্ৰসংগ
- পণ্ডিত দীনদয়াল:জীৱন আৰু কৰ্ম সাধনা
- অসমত বিবেকানন্দ
- মাইলছ বন্সন আৰু অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম
- শঙ্কৰদেৱ চৰ্চা:ঊনৈছ শতিকাৰ বাঙলা সাহিত্যত
- ড° ডব্লিউ এল স্মিথৰ শংকৰদেৱ চৰ্চা
সম্পাদিত গ্ৰন্থ
বৰুৱাৰ সম্পাদিত গ্ৰন্থ।[4]
- বিষ্ণুপ্ৰসাদ ৰাভা:বিদ্ৰোহ আৰু শিল্পচিন্তা
- বাঁহীৰ সুৰেৰে বন্ধা (জয়ন্তী যুগৰপৰা সাম্প্ৰতিক যুগলৈ কবিতা সংকলন)
- ইমান ধুনীয়া মুকুতাৰ মালা (গীতিকবি মলিন চন্দ্ৰ বৰাৰ কবিতা সংকলন)
- লোহিত ভাৰতী (১০০জন অসমীয়া কবিৰ কবিতাৰ হিন্দী অনুবাদ)
- যুগদ্ৰষ্টা দীনদয়াল (১৫জন বিশিষ্ট লেখকৰ প্ৰবন্ধ সংকলন)
- বৈষ্ণৱ পণ্ডিত আচাৰ্য দয়াল কৃষ্ণ বৰাৰ ৰচনাৱলী (প্ৰথম খণ্ড)
বঁটা-সন্মান
বৰুৱাই জীৱিত কালত বিভিন্ন বঁটা-সন্মান লাভ কৰিছিল।[1]
- অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন
- ভীমৰাও আম্বেদকাৰ বঁটা[5][3]
- মাইকেল মধুসুদন বঁটা
- মলিন বৰা মেম'ৰিয়েল সংগীত সাধনালয়ৰ “মুকুতাৰ মালা বঁটা’’[6] -২০২৪
- তেওঁ নগাওঁ জিলা সাহিত্য সভাৰ সভাপতি আছিল।[3]
- লক্ষ্ণৌৰ নৱম ৰাষ্ট্ৰীয় যুৱ সাহিত্য অকাডেমি বঁটা-২০০৩
- মৰণোত্তৰভাৱে "সেৱা আৰু সাহিত্য সম্মান ২০২৫" বঁটা
- ৰবীন্দ্ৰ ৰত্ন পুৰস্কাৰ -২০২৪
- অসম কবি সন্মিলনে তেখেতক "কাব্যকেশৰী" উপাধি প্ৰদান কৰিছিল
- ভাৰতীয় হিন্দী সাহিত্যৰ কবি-সাহিত্যিক সমালোচক ড° সুহন পাল সুমনাক্ষৰে তেওঁৰ সাহিত্য সম্পৰ্কীয় গৱেষণা পত্ৰত বৰুৱাক "দলিত কবি" ৰূপে স্বীকৃতি দিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
মৃত্যু
১ জুলাইৰ নিশা প্ৰায় ১১ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নগাঁও চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।[2] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে।[3] তেওঁৰ মৃত্যুত মৃতকৰ প্ৰতি সন্মান জনাই অসম সাহিত্য সভা আৰু নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী ’কিশলয়’ৰ পতাকা তিনিদিনলৈ অৰ্দ্ধনমিত কৰি ৰখা হয়।[2]
তথ্যসূত্ৰ
- ↑ 1.0 1.1 1.2 "কলংপাৰ উকা কৰি গুচি গ’ল বিশিষ্ট কবি পৰাণ কুমাৰ বৰুৱা". https://dainikagradoot.in/blog/2025/07/02/paran-kumer-baruah-passed-away/। আহৰণ কৰা হৈছে: 3 July 2025.
- ↑ 2.0 2.1 2.2 2.3 "বিশিষ্ট কবি-সাহিত্যিক পৰাণ কুমাৰ বৰুৱাৰ দেহাৱসান". দৈনিক অসম: ২. ৩ জুলাই ২০২৫.
- ↑ 3.0 3.1 3.2 3.3 "উভতি নহাৰ বাটেৰে গ’লগৈ পৰাণ কুমাৰ বৰুৱা". https://www.asomiyapratidin.in/homepage/paran-boruah-pass-away-9455072। আহৰণ কৰা হৈছে: 3 July 2025.
- ↑ 4.0 4.1 4.2 বৰুৱা, পৰাণ কুমাৰ (২০২৪). গান্ধীৰ নন্দনতত্ত্ব:অনুসন্ধান আৰু আত্মপাঠ. বিৰিখ. পৃষ্ঠা. শেষ পৃষ্ঠা. ISBN 978-81-971953-9-6.
- ↑ "বিশিষ্ট সাহিত্যিক পৰাণ কুমাৰ বৰুৱাৰ দেহাৱসান". https://www.dainandinbartagroup.in/paran-kumar-boruah/#google_vignette। আহৰণ কৰা হৈছে: 3 July 2025.
- ↑ "নগাঁৱৰ কবি, অনুবাদক পৰাণ কুমাৰ বৰুৱাক 'মুকুতাৰ মালা' বঁটা প্ৰদান". https://www.asomiyapratidin.in/%E0%A6%A8%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%93/nagaon-poet-translator-paran-kumar-baruah-conferred-with-mukutar-mala-award-7588390। আহৰণ কৰা হৈছে: 3 July 2025.