পৰিচয় (গ্ৰন্থ)
অৱয়ব
| পৰিচয় | |
|---|---|
| চিত্ৰ:পৰিচয়.jpg | |
| লেখক | দণ্ডিনাথ কলিতা |
| দেশ | অসম, |
| ভাষা | অসমীয়া |
| বিষয় | উপন্যাস |
| প্ৰকাশ | ১৯৫০ |
| মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
| পৃষ্ঠা সংখ্যা | ১১৮ |
পৰিচয় (ইংৰাজী: Parichay) হৈছে অসমৰ সাহিত্যিক দণ্ডিনাথ কলিতাৰ দ্বাৰা লিখিত এখন সামাজিক উপন্যাস৷ উপন্যাসখন পোনপ্ৰথমবাৰৰ বাবে ১৯৫০ চনত প্ৰকাশিত হৈছিল৷
প্ৰণেতা
[সম্পাদনা কৰক]প্ৰধান প্ৰবন্ধ: দণ্ডিনাথ কলিতা
দণ্ডিনাথ কলিতা এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। 'সাধনা' উপন্যাসৰ বাবে তেখেতে ১৯২৮ চনত অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।
উপন্যাসখনৰ চমু পৰিচিতি
[সম্পাদনা কৰক]পৰিচয় এখন সামাজিক উপন্যাস৷ গ্ৰন্থখন লেখকৰ প্ৰথমখন উপন্যাস ফুলৰ[1]ৰ সময়তেই লিখা হৈছিল যদিও ১৯৫০ চনতহে প্ৰকাশ হয়৷ আৰম্ভণিতে ইয়াৰ নাম পদ্মাৱতী দিয়া হৈছিল৷ পাছত নাম সলোৱা হয়৷ গ্ৰন্থখনত লেখকে সংস্কাৰকামী চিন্তনত গুৰুত্ব দিছে৷
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "দণ্ডিনাথ কলিতা". অসমীয়া ক্লাৱ, তেজপুৰ. এপ্ৰিল, ২০১৫. পৃষ্ঠাসমূহ: ৮-১০. https://asomiyaclub1915.org/assets/booklets/third/DANDINATH%20KALITA.pdf। আহৰণ কৰা হৈছে: 6 November 2025.