সমললৈ যাওক

পৰিচাৰিকা উৎপীড়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পৰিচাৰিকা উৎপীড়ণৰ পৰা পুনঃনিৰ্দেশিত)

পৰিচাৰিকাৰ উৎপীড়ন (ইংৰাজী: Maid abuse) হৈছে ঘৰুৱা কৰ্মী হিচাপে নিযুক্ত ব্যক্তি এগৰাকীৰ সৈতে বিশেষকৈ নিয়োগকৰ্তাৰ দ্বাৰা বা নিয়োগকৰ্তাৰ ঘৰুৱা সদস্যৰ দ্বাৰা কৰা দুৰ্ব্যৱহাৰ বা অৱহেলা। ই হৈছে কোনো কাৰ্যকৰণ অথবা কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বিফলতা যাৰ ফলত সেই কৰ্মচাৰীজনৰ ক্ষতি হয়।[1] ই শাৰীৰিক, যৌন, আৱেগিক আৰু অৰ্থনৈতিক উৎপীড়নকে ধৰি বহুতো ৰূপ ল'ব পাৰে। বেছিভাগ ক্ষেত্ৰতে অপৰাধী মহিলা নিয়োগকৰ্তা আৰু তেওঁলোকৰ সন্তানসকল হোৱা দেখা যায়।[2] এই উৎপীড়ন বিভিন্ন কাৰণত কৰা হ'ব পাৰে। যাৰ ভিতৰত ভুক্তভোগীৰ মাজত ভয় জন্মোৱা, তেওঁলোকক অনুশাসন কৰা, বা উৎপীড়কৰ দ্বাৰা বিচৰা ধৰণে কাম কৰা আদি প্ৰধান।[1]

দ্য ইউনাইটেড ষ্টেটছ হিউমেন ট্ৰেফিকিং হটলাইনে পৰিচাৰিকাৰ উৎপীড়নক এক প্ৰকাৰৰ মানৱ সৰবৰাহ বুলি বৰ্ণনা কৰে। তেওঁলোকৰ মতে এয়া হৈছে "কৰ্মকৰ্তাৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখা আৰু কৰ্মকৰ্তাজনক বিশ্বাস কৰাবলৈ বাধ্য কৰা যে কামটো অব্যাহত ৰখাৰ বাহিৰে তেওঁৰ আন কোনো উপায় নাই।"[3] ই যিকোনো ঠাইতে হ'ব পাৰে যদিও ছিংগাপুৰৰ ঘৰুৱা কৰ্মকৰ্তাসকলৰ মাজত ই সচৰাচৰ সংঘটিত হোৱা দেখা যায়।

পৰিচাৰিকাৰ উৎপীড়নৰ ঘটনাটো এক বিশ্বব্যাপী পৰিঘটনা যদিও ই বিশেষকৈ ছিংগাপুৰত প্ৰচলিত। ৰিচাৰ্চ এক্ৰছ বৰ্ডাৰৰ এক অধ্যয়ন অনুসৰি, ছিংগাপুৰৰ দহজন ঘৰুৱা কৰ্মচাৰীৰ ভিতৰত ছজনে কৰ্মক্ষেত্ৰত উৎপীড়নৰ সন্মুখীন হয়। চাৰিজনৰ ভিতৰত এজনে শাৰীৰিক হিংসাৰ প্ৰতিবেদনো দাখিল কৰে। ইয়াৰ উপৰিও, ছিংগাপুৰৰ সাতজনৰ ভিতৰত এজন পৰিচাৰিকাৰ এনে উৎপীড়নৰ সাক্ষী।[4]

দেশলৈ নিযুক্তি বিচাৰি অহা বিদেশী ঘৰুৱা কৰ্মকৰ্তাসকলৰ উৎপীড়নৰ অধিক আশংকা কৰা হয়। ছিংগাপুৰৰ নিযুক্তি আইনৰ অধীনত পৰিচাৰিকাসকল হৈছে একমাত্ৰ প্ৰব্ৰজনকাৰী কৰ্মকৰ্তা যাক সুৰক্ষা প্ৰদান কৰা হোৱা নাই আৰু সেয়ে বহু কৰ্মকৰ্তাই অপমানজনক পৰিস্থিতিৰ সন্মুখীন হয়। ছিংগাপুৰত বিদেশী ঘৰুৱা কৰ্মকৰ্তাৰ চুক্তিত বাহিৰত থাকি লোৱাৰ বিকল্পৰ অভাৱৰ বাবে বিদেশী পৰিচাৰিকাসকলে তেওঁ‌লোকৰ নিয়োগকৰ্তাৰ সৈতে একেটা গৃহতে বাস কৰে।[5] ছিংগাপুৰৰ বিদেশী ঘৰুৱা কৰ্মকৰ্তাসকলৰ সৈতে দুৰ্ব্যৱহাৰ অস্বাভাৱিক নহয়। তেওঁলোক শাৰীৰিক উৎপীড়নৰ লগতে[6][7] গোপনীয়তাত অনুপ্ৰৱেশ, আৰু ধৰ্ষণৰ লগতে যৌন নিৰ্যাতনৰো সন্মুখীন হয়।[8][9]

ছিংগাপুৰ

[সম্পাদনা কৰক]

ছিংগাপুৰত এজন বিদেশী ঘৰুৱা কৰ্মীক উৎপীড়ন কৰাটো আইনবিৰোধী। জনশক্তি মন্ত্ৰণালয়ে কয় যে দোষী সাব্যস্ত হ'লে অপৰাধীসকলে কঠোৰ জৰিমনাৰ সন্মুখীন হয়। তেওঁক কাৰাৰুদ্ধ, কেনিং, বা ২০ হাজাৰ ডলাৰ (আমেৰিকান ডলাৰ) জৰিমনা বিহা হ'ব পাৰে।[10] অপৰাধীজনক বিদেশী ঘৰুৱা শ্ৰমিকৰ নিযুক্তিৰ পৰাও নিষিদ্ধ কৰা হয়।[11]

মালয়েছিয়া

[সম্পাদনা কৰক]

মালয়েছিয়াত নিৰ্যাতিত বিদেশী ঘৰুৱা কৰ্মীয়ে আইনী অভিযোগ দাখিল কৰিবৰ বাবে দেশক্খনত থাকিবলৈ ভিছা প্ৰাপ্ত কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰতো একেই ব্যৱস্থাৰ প্ৰচলন আছে।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 /content/playContent/1-s2.0-S1752928X08002497?returnurl=https://linkinghub.elsevier.com/retrieve/pii/S1752928X08002497?showall=true&referrer=https://pubmed.ncbi.nlm.nih.gov/ "ClinicalKey". www.clinicalkey.com. https://www.clinicalkey.com/#! /content/playContent/1-s2.0-S1752928X08002497?returnurl=https://linkinghub.elsevier.com/retrieve/pii/S1752928X08002497?showall=true&referrer=https://pubmed.ncbi.nlm.nih.gov/ আহৰণ কৰা হৈছে: 2021-07-03.
  2. Cheung, J. T. K.; Tsoi, V. W. Y.; Wong, K. H. K.; Chung, R. Y. (2019-01-01). "Abuse and depression among Filipino foreign domestic helpers. A cross-sectional survey in Hong Kong". Public Health খণ্ড 166: 121–127. doi:10.1016/j.puhe.2018.09.020. ISSN 1476-5616. PMID 30476780. https://pubmed.ncbi.nlm.nih.gov/30476780/.
  3. "Domestic Work" (en ভাষাত). National Human Trafficking Hotline. https://humantraffickinghotline.org/labor-trafficking-venuesindustries/domestic-work আহৰণ কৰা হৈছে: 2021-07-03.[সংযোগবিহীন উৎস]
  4. "Half of Singaporeans think domestic helpers should be paid less than SGD 600 a month" (en-SG ভাষাত). YouGov: What the world thinks. https://sg.yougov.com/en-sg/news/2019/11/11/half-singaporeans-think-domestic-helpers-should-be/ আহৰণ কৰা হৈছে: 2021-07-03.
  5. Welle (www.dw.com), Deutsche. "Singapore domestic workers 'suffer exploitation and abuse' | DW | 28.03.2019" (en-GB ভাষাত). DW.COM. https://www.dw.com/en/singapore-domestic-workers-suffer-exploitation-and-abuse/a-48101632 আহৰণ কৰা হৈছে: 2021-07-03.
  6. "Woman on trial for abusing maid; asked her to shower in front of her, assaulted her privates" (en ভাষাত). CNA. https://www.channelnewsasia.com/news/singapore/woman-on-trial-for-abusing-maid-asked-her-to-shower-in-front-of-12601714 আহৰণ কৰা হৈছে: 2021-07-03.
  7. "Woman asked maid to punch herself 50 times, strike her teeth with meat pounder until they 'dropped'" (en ভাষাত). CNA. https://www.channelnewsasia.com/news/singapore/maid-woman-punch-herself-strike-meat-pounder-12551084 আহৰণ কৰা হৈছে: 2021-07-03.
  8. "Man gets jail, caning for raping maid after asking her for massage" (en ভাষাত). CNA. https://www.channelnewsasia.com/news/singapore/man-gets-jail-caning-for-raping-maid-after-asking-her-for-12566998 আহৰণ কৰা হৈছে: 2021-07-03.
  9. hermes (2016-11-15). "First conviction in Singapore of employer raping maid" (en ভাষাত). The Straits Times. https://www.straitstimes.com/singapore/courts-crime/first-conviction-in-singapore-of-employer-raping-maid আহৰণ কৰা হৈছে: 2021-07-03.
  10. Goh, Gerome (2020-06-22). "Maid Abuse in Singapore: Getting Help and Legal Penalties" (en-US ভাষাত). SingaporeLegalAdvice.com. https://singaporelegaladvice.com/maid-abuse-singapore-get-help-penalties/ আহৰণ কৰা হৈছে: 2021-07-03.
  11. "Abuse and ill-treatment of a foreign domestic worker" (en ভাষাত). Ministry of Manpower Singapore. https://www.mom.gov.sg/passes-and-permits/work-permit-for-foreign-domestic-worker/employers-guide/abuse-and-ill-treatment আহৰণ কৰা হৈছে: 2021-07-03.
  12. "Swept Under the Rug" (en ভাষাত). Human Rights Watch. 2006-07-27. https://www.hrw.org/report/2006/07/27/swept-under-rug/abuses-against-domestic-workers-around-world আহৰণ কৰা হৈছে: 2021-07-03.