সমললৈ যাওক

পৰিৱেশৰ বাবে সামান্য কাম (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰিৱেশৰ বাবে সামান্য কাম  
লেখক দীনেশ চন্দ্ৰ গোস্বামী
দেশ ভাৰতীয়
ভাষা অসমীয়া
বিষয় পৰিৱেশ বিষয়ক জনপ্ৰিয় বি‍জ্ঞানৰ গ্ৰন্থ
প্ৰকাশক অসম বুক ট্ৰাষ্ট‍, গুৱাহাটী -১, অসম
প্ৰকাশ ২০১৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৮১

পৰিৱেশৰ বাবে সামান্য কাম (ইংৰাজী: Pariveshar babe xamanya kam) ড° দীনেশ চন্দ্ৰ গোস্বামীৰ পৰিৱেশ বিষয়ক জনপ্ৰিয় বি‍জ্ঞানৰ এখন প্ৰবন্ধ সংকলন। ২০১৭ চনৰ আগষ্ট মাহত অসম বুক ট্ৰাষ্ট‍, গুৱাহাটী -১, অসমৰ পৰা সংকলনটি প্ৰকাশিত হয়।

বিষয়বস্তু

[সম্পাদনা কৰক]

লেখকে উজনি অসমৰ এক গৱেষণা প্ৰতি‍ষ্ঠানত যোগদান কৰাৰ পাছত তাত গছগছনি কম থকাত গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰে‍ আৰু সেই প্ৰচেষ্টাই সুদীৰ্ঘ পৰিক্ৰমাত সন্মুখীন হোৱা সংঘাত-বিদ্বেষ, অনাদৰ-অৱহেলাৰ ব্যাখ্যাৰ লগতে স্বপ্ৰণোদিত পৰিৱেশ-কৰ্মীৰ অসীম ত্যাগ আৰু আন্তৰিকতাপূৰ্ণ কামৰ কিছু বৰ্ণনা কিতাপখনত উল্লেখ কৰা হৈছে। লেখকে ফৰাছী লেখক জ্যাঁ জিঅ'নোৰ 'দা মেন হু প্লেণ্টেড ট্ৰিজ' নামৰ বিখ্যাত কিতাপখনৰ কাহিনীভাগো এই গ্ৰন্থত অনুবাদ কৰি দিছে।[1]

গ্ৰন্থখনৰ বিষয়সূচী

[সম্পাদনা কৰক]
  1. পৰিৱেশৰ বাবে সামান্য কাম
  2. গছৰ সংস্কৃতি‍
  3. প্ৰতিষ্ঠানৰ চৌহদত বৃক্ষৰোপণ
  4. গছৰ প্ৰতি প্ৰেম আৰু বিদ্বেষ
  5. বক্তৃতাৰে কৰ্মসূচীৰ আৰম্ভণি
  6. অণু বননি আৰু ক্ষুদ্ৰ বননি
  7. ফিৰিঙতি ঊষৰ মাটিত সেউজীয়া শোভা
  8. পৰম সন্তুষ্টি আৰু চৰম আঘাতৰ অভি‍জ্ঞতা
  9. হাবি‍-ভৰা চৌহদৰ মোহ
  10. সেউজী দ্বীপৰ কাহিনী
  11. গছ কটাৰ ওপৰত নিয়ন্ত্ৰণ
  12. বনৰীয়া পৰিৱেশৰ স্পৃহা
  13. বক্তৃতাৰ পৰিৱেশ, হিয়াৰ পৰিৱেশ
  14. আশা-পুলি ৰুই সুখ-ফল খোৱা মানুহজন
  15. এক ‘প্ৰাকৃতিক’ অৰণ্যৰ সৃষ্টি
  16. বিনন্দীয়া জগতৰ সৃষ্টি
  17. সন্তুষ্টিৰ অৰণ্য সৃষ্টি
  18. জ্ঞাত-অজ্ঞাত বৃক্ষমানৱসকলৰ অৰিহণা
  19. এজোপা গছৰ প্ৰকৃত মূল্য কিমান?
  20. নিৰাসক্ত সচেতনতাৰ আখৰা
  21. আপোনাৰ ভাগত কিমান গছ?
  22. গছৰ পৃথিৱীজোৰা বণ্টন আৰু তাৰ প্ৰভাৱ
  23. চীনত অভিলাষী সেউজ প্ৰকল্প
  24. বৃহৎ সেউজ প্ৰাচীৰৰ অৰিহণা
  25. মানুহে সৃষ্টি কৰা সৰু-বৰ বননি
  26. ডাক্তৰৰ উপহাৰ আৰু মাটি কিনি হাবি পতা দম্পতীৰ কথা
  27. প্লাষ্টিকৰ জঞ্জালৰপৰা পৰিত্ৰাণ কেনেকৈ?
  28. প্লাষ্টিক জাবৰে অনা বিপৰ্য্যয়
  29. পৃথিৱী পৰিষ্কাৰ কৰোঁ আহক
  30. ৰাষ্ট্ৰৰ দায়িত্ব আৰু নাগৰিকৰ কৰ্তব্য
  31. আমাৰ নিনাও ব্যক্তিগত অৰিহণা
  32. নগৰীয়া জীৱন আৰু নদীৰ মৃত্যু
  33. সভা-উৎসৱ-ধৰ্মকাৰ্য্যৰ কোৰ্হাল কমাওক
  34. ই-আৱৰ্জনাই নতুনকৈ অনা বিপদ
  35. মই যে কত-কিমান কৰিব পাৰোঁ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. গোস্বামী, ড° দীনেশ চন্দ্ৰ (আগষ্ট, ২০১৭). পৰিৱেশৰ বাবে সামান্য কাম. অসম বুক ট্ৰাষ্ট‍, গুৱাহাটী -১, অসম. পৃষ্ঠা. পাতনি‍.