সমললৈ যাওক

পৰ্দিছ আহমদীহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰ্দিছ আহমদীহ

২০১৫ চনৰ ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আহমদীহ
স্থানীয় নাম پردیس احمدیه
জন্ম ২৯ জুন, ১৯৯২ (৩৪ বছৰ)
মাৰাঘেহ, পূব আজাৰবাইজান, ইৰান
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৬–বৰ্তমান

পৰ্দিছ আহমদীহ (ফাৰ্চী: پردیس احمدیه; জন্ম ২৯ জুন, ১৯৯২) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী।[1][2] তেওঁ ৰেড নেইল পলিচ (২০১৬) আৰু দ্য লায়ন স্কিন (২০২২–২০২৩) বোলছবি তথা ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে আটাইতকৈ বেছি পৰিচিত। ইৰান চিনেমা চেলিব্ৰেশ্যন বঁটাৰ মনোনয়ন লাভ কৰাৰ উপৰি তেওঁ এখন হাফেজ বঁটা আৰু এখন অৰ্বান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বঁটা আদিকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

২০০৭–২০১৫: কেৰিয়াৰৰ আৰম্ভণি

[সম্পাদনা কৰক]

১৫ বছৰ বয়সত পৰিচালক হামিদ নেমতুল্লাহৰ জৰিয়তে আফচিন চাদেঘীৰ সৈতে তেওঁৰ চিনাকি হয় আৰু তেওঁ ইমিটেটৰ অৱ দ্য ডেভিল (২০০৭) বোলছবিত অভিনয় কৰাৰ সুযোগ পায়।

পিছলৈ ২০১০ চনত তেওঁ বাটাৰফ্লাইজ আৰু ব্ৰোকেন নামৰ দুখন ছবিত অভিনয় কৰে।

তেওঁ ২০১১ চনৰ ড্ৰামা ধাৰাবাহিক দ্য ৰিকল-ত ফেৰেষ্টেহ চৰিত্ৰত অভিনয় কৰিছিল।

২০১২ চনৰপৰা ২০১৫ চনলৈকে তেওঁ তিনিখন ছবি আৰু এখন চুটি ছবিত অভিনয় কৰে, সেইসমূহ আছিল—হ্লাইডিং ইন দ্য অপেন (চুটি ছবি, ২০১২), এক্টৰ্চ ষ্টুডিঅ' (২০১৩), হেইল এণ্ড চান, আৰু দ্য গাৰ্লচ হাউচ (দুয়োখন ২০১৫)।[3][4]

২০১৬: প্ৰথম মুখ্য চৰিত্ৰ

[সম্পাদনা কৰক]

চৈয়দ জামাল চৈয়দ হাতামীৰ ৰেড নেইল পলিচ (২০১৬) বোলছবিত তেওঁ প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ পায়, য’ত অডিচন দিয়া ৫০০ গৰাকী অভিনেত্ৰীৰ মাজৰপৰা তেওঁক বাছনি কৰা হৈছিল।

এই ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমালোচকৰ প্ৰশংসাও বুটলিবলৈ সক্ষম হয়। ইয়াৰ ফলস্বৰূপে তেওঁ অৰ্বান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে আৰু ইয়াৰ উপৰি এখন হাফেজ বঁটা তথা ইৰান চিনেমা চেলিব্ৰেশ্যন বঁটাৰ বাবে মনোনীত হয়।

২০১৭–২০১৯: গুৰুত্বপূৰ্ণ ভূমিকা

[সম্পাদনা কৰক]

তেওঁ ফেৰেডাউন জেইৰানীৰ এচফিক্সিয়া (২০১৭) বোলছবিত নৱীদ মহম্মদজাদেহ আৰু এলনাজ শাকীৰদোষ্টৰ সৈতে অভিনয় কৰিছিল, যিয়ে তেওঁলৈ দ্বিতীয়টো হাফেজ বঁটাৰ মনোনয়ন কঢ়িয়াই আনিছিল।

২০১৯ চনত তেওঁ বাৰণ কোচাৰী, সাৰা বাহৰামী আৰু জামছিদ হাশেমপুৰৰ সৈতে ড্ৰামা ছবি ৰিপ্ৰেচন-ত অভিনয় কৰে।

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ দাৰিউশ মেহৰজুয়ী পৰিচালিত এ মাইনৰ ছবিৰ অভিনয় শিল্পী দলত যোগ দিয়ে। এই ছবিখন ২০২২ চনত প্ৰদৰ্শিত হৈছিল।

২০২০–বৰ্তমান: ব্যাপক স্বীকৃতি

[সম্পাদনা কৰক]

২০২০ চনত তেওঁ মৰ্তেজা ফাৰ্ছবাফ পৰিচালিত তুমান বোলছবিত অভিনয় কৰি সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰে আৰু ২১সংখ্যক হাফেজ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আঁজুৰি আনিবলৈ সক্ষম হয়।

পিছলৈ তেওঁ ৰেজা দৰমিচিয়ানৰ নো চয়েছ (২০২০) বোলছবিত গোলবাহাৰ নামৰ এগৰাকী ১৬বছৰীয়া গৃহহীন ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে ১১ বছৰ বয়সৰপৰাই কেঁচুৱা জন্ম দি বিক্ৰী কৰাৰ কাম কৰি আহিছে। এই ছবিখন ৩৩সংখ্যক টকিঅ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল।

তেওঁ ২০২১ চনৰ হৰৰ ড্ৰামা ধাৰাবাহিক দেম-ৰ পঞ্চমটো খণ্ডত তেওঁৰ নিয়মীয়া সহ-অভিনেতা মুজতবা পীৰজাদেহৰ সৈতে অভিনয় কৰিছিল।

২০২১ চনৰ ৩ ছেপ্টেম্বৰত ঘোষণা কৰা হৈছিল যে ৰূহুল্লাহ হেজাজী পৰিচালিত ফেণ্টাচী ড্ৰামা ধাৰাবাহিক লিলিজ টাৰ্ন-ত আহমদীহে লিলিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব।

২০২২ চনৰ ১০ জুনত ঘোষণা কৰা হয় যে জম্শিদ মেহমুদী পৰিচালিত অপৰাধধৰ্মী ড্ৰামা ধাৰাবাহিক দ্য লায়ন স্কিনত আহমদীহে শ্বাহাব হুছেইনী, হাদী হেজাজীফৰ আৰু পাণ্টেয়া বাহৰামৰ সৈতে সাহেল চৰিত্ৰত অভিনয় কৰিব।

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বঁটা প্ৰদান অনুষ্ঠানৰ নাম, প্ৰদান কৰা বছৰ, শ্ৰেণী, মনোনীত কৰ্ম আৰু মনোনয়নৰ ফলাফল
বঁটা বছৰ শ্ৰেণী মনোনীত কৰ্ম ফলাফল তথ্যসূত্ৰ
হাফেজ বঁটা ২০১৭ শ্ৰেষ্ঠ অভিনেত্ৰী – চলচ্চিত্ৰ ৰেড নেইল পলিচ মনোনীত [5]
২০১৮ এচফিক্সিয়া মনোনীত
२०२১ তুমান বিজয়ী [6]
২০২৩ শ্ৰেষ্ঠ অভিনেত্ৰী – ড্ৰামা টেলিভিছন ধাৰাবাহিক দ্য লায়ন স্কিন মনোনীত [7]
ইৰান চিনেমা চেলিব্ৰেশ্যন ২০১৭ শ্ৰেষ্ঠ মুখ‍্য অভিনেত্ৰী ৰেড নেইল পলিচ মনোনীত [8]
অৰ্বান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৭ শ্ৰেষ্ঠ অভিনেত্ৰী ৰেড নেইল পলিচ বিজয়ী [9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ".: Iranian Movie DataBase پرديس احمديه :.". ://sourehcinema.com. http://sourehcinema.com আহৰণ কৰা হৈছে: 2021-01-15.
  2. "پردیس احمدیه در "لامینور"" (fa ভাষাত). Archived from the original on 2022-04-07. https://web.archive.org/web/20220407232857/https://www.ilna.news/.
  3. "بیوگرافی پردیس احمدیه، بازیگر، با عکس و ناگفته‌های زندگی" (fa-IR ভাষাত). 2021-01-06. Archived from the original on 2021-11-29. https://web.archive.org/web/20211129225230/https://photokade.com/ আহৰণ কৰা হৈছে: 2021-11-26.
  4. "بیوگرافی جدید پردیس احمدیه و همسرش ستاره نوظهور + تصاویر". نازوب. 19 December 2018. https://nazweb.ir... আহৰণ কৰা হৈছে: 2021-11-26.
  5. filcin.com. "همه جوایز پردیس احمدیه" (fa ভাষাত). filcin.com | فیلسین. Archived from the original on 2021-11-16. https://web.archive.org/web/20211116091148/https://filcin.com/person/allawards/34634 আহৰণ কৰা হৈছে: 2021-11-16.
  6. "اعلام نامزدهای بخش سینمای بیست و یکمین جشن حافظ" (fa ভাষাত). خبرگزاری مهر | اخبار ایران و جهان | Mehr News Agency. 2021-11-16. https://www.mehrnews.com/news/5353113/اعلام-نامزدهای-بخش-سینمای-بیست-و-یکمین-جشن-حافظ আহৰণ কৰা হৈছে: 2021-11-16.
  7. "اعلام نامزدهای بخش تلویزیون بیست و دومین مراسم سینمایی تلویزیونی دنیای تصویر- اخبار سینما و تئاتر - اخبار فرهنگی تسنیم | Tasnim" (fa ভাষাত). خبرگزاری تسنیم | Tasnim. https://www.tasnimnews.com/fa/news/1402/07/05/2962506/%D8%A7%D8%B9%D9%84%D8%A7%D9%85-%D9%86%D8%A7%D9%85%D8%B2%D8%AF%D9%87%D8%A7%DB%8C-%D8%A8%D8%AE%D8%B4-%D8%AA%D9%84%D9%88%DB%8C%D8%B2%DB%8C%D9%88%D9%86-%D8%A8%DB%8C%D8%B3%D8%AA-%D9%88-%D8%AF%D9%8... আহৰণ কৰা হৈছে: 2023-09-27.
  8. "جشن خانه سینما نامزدهایش را شناخت + فیلم" (fa ভাষাত). ایسنا. 2017-09-03. https://www.isna.ir/news/96061206791/جشن-خانه-سینما-نامزدهایش-را-شناخت-فیلم আহৰণ কৰা হৈছে: 2021-11-16.
  9. "برندگان ششمین جشنواره فیلم شهر اعلام شد/ تولد ۹۰ سالگی ژاله علو" (fa ভাষাত). خبرگزاری مهر | اخبار ایران و جهان | Mehr News Agency. 2017-08-05. https://www.mehrnews.com/news/4050623/برندگان-ششمین-جشنواره-فیلم-شهر-اعلام-شد-تولد-۹۰-سالگی-ژاله-علو আহৰণ কৰা হৈছে: 2021-11-16.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]