সমললৈ যাওক

পৰ্বতঝোৰা বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰ্বতঝোৰা বিধানসভা সমষ্টি
সমষ্টি নং- ৫ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাকোকৰাঝাৰ জিলা
লোকসভা সমষ্টিকোকৰাঝাৰ
প্ৰতিস্থা২০২৩
সংৰক্ষণনাই (মুক্ত আসন)
বিধান সভাৰ সদস্য
পদাধিকাৰী
মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখ
দল কংগ্ৰেছ
মিত্ৰগোট অসম সন্মিলিত মৰ্চা
নিৰ্বাচিত বছৰ২০২৬

পৰ্বতঝোৰা বিধানসভা সমষ্টি (ইংৰাজী: Parbatjhora Assembly constituency) ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়। ই অসম বিধানসভাৰ ৫ নম্বৰ সমষ্টি।

ভৌগোলিক অৱস্থিতি আৰু প্ৰশাসন

[সম্পাদনা কৰক]

পৰ্বতঝোৰা বিধানসভা সমষ্টি অসমৰ নামনি অসম বিভাগৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত। এই সমষ্টিটো কোকৰাঝাৰ লোকসভা সমষ্টিৰ এক অংশ। ই এটা সংৰক্ষণবিহীন মুক্ত আসন, অৰ্থাৎ এই সমষ্টিটো অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত নহয়।

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। সেই অনুসারে পূৰ্বৰ কিছুমান অঞ্চল পুনৰাই সামৰি ৫ নম্বৰ সমষ্টি হিচাপে এই পৰ্বতঝোৰা বিধানসভা সমষ্টিটোৰ সৃষ্টি কৰা হয়। ২০২৬ চনত এই সমষ্টিটোত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

এই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ ৰেজাউল কৰিমক ৯,০২২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি পৰ্বতঝোৰা সমষ্টিৰ প্ৰথমজন বিধায়ক হিচাপে নিৰ্বাচিত হয়।


২০২৬ চনৰ নিৰ্বাচন

[সম্পাদনা কৰক]
২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: পৰ্বতঝোৰা
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
কংগ্ৰেছ মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখ ৭৭,১২৮ ৪৬.৯৫ নতুন সমষ্টি
বিপিএফ ৰেজাউল কৰিম ৬৮,১০৬ ৪১.৪৬ নতুন সমষ্টি
ইউপিপিএল আয়ুব হুছেইন মণ্ডল ৮,৯২০ ৫.৪৩ নতুন সমষ্টি
এআইইউডিএফ আবু তাহেৰ বেপাৰী ৫,৬৪১ ৩.৪৩ নতুন সমষ্টি
নটা ওপৰৰ এটাও নহয় ১,৩৭৩ ০.৮৪ নতুন সমষ্টি
সংখ্যাগৰিষ্ঠ ৯,০২২ ৫.৪৯ নতুন সমষ্টি
মুঠ ভোটদান ১,৬৪,২৭৭ নতুন সমষ্টি
ছুইং নতুন সমষ্টি -

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]